তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতত সমল সৃষ্টিকৰ্তাৰ বাবে পৰিৱেশ ৰচনা কৰাটো চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ, এইক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ, ক'লে ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে
ৱেভছ ২০২৫ত ভাৰতৰ মনোৰঞ্জন অৰ্থনীতিৰ বিষয়ত আলোকসন্ধানী প্ৰতিবেদন মুকলি কৰিলে মোছন পিকাৰ্ছ এছোচিয়েচনে
Posted On:
03 MAY 2025 8:55PM
|
Location:
PIB Guwahati
মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলনৰ তৃতীয় দিনা মোছন পিকাৰ্ছ এছোচিয়েচনে ভাৰতৰ চলচ্চিত্ৰ, টেলিভিছন আৰু ষ্ট্ৰীমিং খণ্ডৰ ৰাষ্ট্ৰীয় অৰ্থনীতিত পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ত আলোকপাত কৰি এক বিস্তৃত প্ৰতিবেদন উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান আৰু মোছন পিকাৰ্ছ এছোচিয়েচনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া চাৰ্লছ ৰিভকিন উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ মুৰুগানে মোছন পিকাৰ্ছ এছোচিয়েচনৰ বিশ্বব্যাপী নেতৃত্বক প্ৰশংসা কৰে আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ ওপৰত ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কথা স্বীকাৰ কৰে। ড০ মুৰুগানে কয়, ‘আৰ আৰ আৰ আৰু বাহুবলীৰ দৰে ছবিয়ে প্ৰমাণ কৰিছে যে ভাৰতীয় কাহিনীয়ে ভাষা আৰু ভূগোলৰ মাজত সীমাৰেখা ৰখা নাই৷

তেওঁ নীতি, উৎপাদন সম্পৰ্কীয় উদগনি আৰু শক্তিশালীভাবে বৌদ্ধিক সম্পত্তি সুৰক্ষাৰ দ্বাৰা সমৰ্থিত সমল সৃষ্টিকৰ্তা-প্ৰথম নীতিৰে পৰিৱেশতন্ত্ৰ সৃষ্টিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শেহতীয়াকৈ পাইৰেচি বিৰোধী সংস্কাৰৰ উদ্ধৃতি দি তেওঁ ডিজিটেল যুগত সমল সৃষ্টিকৰ্তাৰ অধিকাৰ সুৰক্ষিত কৰাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
তেওঁ লগতে কয়, ‘চিনেমা কেৱল এটা অৰ্থনৈতিক বৃদ্ধিৰ ইঞ্জিন নহয়, ই এক গুৰুত্বপূৰ্ণ কূটনৈতিক আৰু সাংস্কৃতিক সেঁতু। ভাৰতে চলচ্চিত্ৰ সংস্থাৰ সৈতে অংশীদাৰিত্ব গভীৰ কৰি বিশ্বজুৰি সন্মানীয় আৰু নিৰাপদ সৃষ্টিশীল উদ্যোগ এটা সহ-সৃষ্টি কৰিবলৈ আগ্ৰহী।
চাৰ্লছ ৰিভকিনে এয়া দেশৰ মনোৰঞ্জন উদ্যোগৰ বাবে “গুৰুত্বপূৰ্ণ মুহূৰ্ত” বুলি অভিহিত কৰি ভাৰতৰ সৈতে মোছন পিকাৰ্ছ এছোচিয়েচনৰ চলি থকা অংশীদাৰিত্বৰ বিষয়ে প্ৰকাশ কৰে। ৰিভকিনে কয় যে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি অসাধাৰণ বৃদ্ধিৰ বাবে সাজু হৈছে, আৰু মোছন পিকাৰ্ছ এছোচিয়েচনে এই যাত্ৰাক সমৰ্থন কৰি গৌৰৱ অনুভৱ কৰিছে।

প্ৰতিবেদন উন্মোচন কৰাৰ পিছত প্ৰতিবেদনৰ মূল তথ্যসমূহ উল্লেখ কৰি ৰিভকিনে কয় যে ভাৰতীয় চলচ্চিত্ৰ, টিভি আৰু ষ্ট্ৰীমিং উদ্যোগসমূহে ২৬ লাখ চাকৰি সৃষ্টিৰ কথা সমৰ্থন কৰে আৰু বাৰ্ষিক অৰ্থনৈতিক উৎপাদন অনুসৰি ৬০ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধিৰ কথাও কয়৷তেওঁ লগতে কয় যে মোছন পিকাৰ্ছ এছোচিয়েচনৰ সদস্য ষ্টুডিঅ’সমূহে বিনিয়োগ, অংশীদাৰিত্ব আৰু ভৱিষ্যতমুখী নীতিৰ পোষকতাৰ জৰিয়তে ভাৰতৰ মনোৰঞ্জন খণ্ডৰ বৃদ্ধিৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ।
ৰিভকিনে মোছন পিকাৰ্ছ এছোচিয়েচনৰ লক্ষ্য আৰু সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৃষ্টিশীল অৰ্থনীতিৰ দৃষ্টিভংগীৰ মাজৰ সংহতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি গল্প কথন, দৃশ্যৰ প্ৰভাৱ আৰু বিশ্বব্যাপী বিষয়বস্তুৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতৰ শক্তিৰ বিষয়ত আলোকপাত কৰে।
মোছন পিকাৰ্ছ এছোচিয়েচনৰ প্ৰতিবেদনৰ মূল আলোকপাতসমূহ ভিডিঅ’ উপস্থাপন কৰাৰ অন্তত অধিৱেশনৰ সামৰণি মৰা হয়৷ এই অনুষ্ঠানে সহযোগিতা, উদ্ভাৱন আৰু অন্তৰ্ভুক্তি বৃদ্ধিৰ দ্বাৰা ভৱিষ্যতৰ বাবে নীতি নিৰ্ধাৰক আৰু বিশ্ব সংবাদ মাধ্যমৰ শীৰ্ষ ব্যক্তিসকলৰ মাজত দৃষ্টিভংগীৰ ভাগ-বতৰাৰ সংকেত দিয়ে।
For official updates on realtime, please follow us:
On X :
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
On Instagram:
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
* * *
PIB TEAM WAVES 2025 | Rabee/ Riyas/ Darshana | 169
Release ID:
(Release ID: 2126897)
| Visitor Counter:
9