তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ২০২৫ ত সংবাদমাধ্যম আৰু মনোৰঞ্জন খণ্ড সম্পৰ্কীয় আভাস প্ৰদান কৰা প্ৰতিবেদন মুকলি কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে, বিশ্বৰ সৃষ্টিশীলতাৰ শক্তিকেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানৰ কথা বিষয়ত কৰিলে আলোকপাত
Posted On:
04 MAY 2025 1:50PM
|
Location:
PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে কালি মুম্বাইত চলি থকা ৱেভছ শীৰ্ষ সন্মিলনত ভাৰতৰ গতিশীল আৰু দ্ৰুতগতিত বিকশিত হোৱা সংবাদ মাধ্যম আৰু মনোৰঞ্জন পৰিৱেশ তন্ত্ৰৰ এক বিস্তৃত আভাস সামূহিকভাৱে উপস্থাপন কৰা পাঁচখন উল্লেখযোগ্য প্ৰতিবেদন প্ৰকাশ কৰে।
প্ৰখ্যাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে প্ৰস্তুত কৰা এই প্ৰতিবেদনসমূহে সৃষ্টিকৰ্তা অৰ্থনীতি, বিষয়বস্তু উৎপাদন, আইনী কাঠামো, লাইভ ইভেণ্ট উদ্যোগ, আৰু তথ্য সমৰ্থিত নীতি সমৰ্থনৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।
সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ বিষয়ত পৰিসংখ্যাগত হাতপুথি ২০২৪-২৫
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰস্তুত কৰা পৰিসংখ্যাগত হাতপুথিখনে তথ্য-আধাৰিত নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে এক অপৰিহাৰ্য সম্পদ হিচাপে কাম কৰিছে। ই খণ্ডগত ধাৰা, দৰ্শকৰ আচৰণ, ৰাজহ বৃদ্ধিৰ ধৰণ আৰু আঞ্চলিক তথা ৰাষ্ট্ৰীয় ধাৰাসমূহক প্ৰতিফলিত কৰিছে । ভৱিষ্যতৰ নীতি নিৰ্ধাৰণ আৰু উদ্যোগ সম্পৰ্কীয় কৌশলসমূহৰ বিষয়ে মানুহক জ্ঞাত কৰিবলৈ আৰু পথ প্ৰদৰ্শন কৰিবলৈ এই হাতপুথিখন প্ৰস্তুত কৰা হৈছে। যাতে ইয়াক অভিজ্ঞতাভিত্তিক প্ৰমাণ আৰু ব্যৱহাৰিক বাস্তৱতাৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰ কৰিব পাৰি। হাতপুথিখনৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে:

পি আৰ জি আইত পঞ্জীয়ন কৰা প্ৰকাশনসমূহ: ১৯৫৭ চনত ৫,৯৩২ৰ পৰা ২০২৪–২৫ চনত ১৫৪,৫২৩লৈ বৃদ্ধি পাইছে, যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰ (CAGR) ৪.৯৯%।
প্ৰকাশন বিভাগে প্ৰকাশ কৰা কিতাপ: ২০২৪–২৫ চনত শিশু সাহিত্য, ইতিহাস, স্বাধীনতা সংগ্ৰাম, বিজ্ঞান, পৰিৱেশ, জীৱনী আদি বিষয়ৰ ওপৰত ১৩০ খন কিতাপ প্ৰকাশ পাইছিল।
দূৰদৰ্শন ফ্ৰি ডিছ: ২০০৪ চনত ৩৩টা চেনেলৰ পৰা ২০২৫ চনত ৩৮১টা চেনেললৈ সম্প্ৰসাৰিত হয়।
ডিটিএইচ সেৱা: ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত ১০০% ভৌগোলিক কভাৰেজ লাভ কৰিছে।
অল ইণ্ডিয়া ৰেডিঅ' (AIR):
এতিয়া ভাৰতৰ জনসংখ্যাৰ ৯৮% (২০২৫ চনৰ মাৰ্চ মাহলৈকে) পোৱা গৈছে।
২০০০ চনত ১৯৮টাৰ পৰা ২০২৫ চনত ৫৯১টালৈ বৃদ্ধি পায়।
ব্যক্তিগত উপগ্ৰহ টিভি চেনেল: ২০০৪–০৫ চনত ১৩০ৰ পৰা ২০২৪–২৫ চনত ৯০৮লৈ বৃদ্ধি।
২০০১ চনত ব্যক্তিগত এফ এম ষ্টেচন ৪ৰ পৰা ২০২৪ চনৰ ভিতৰত ৩৮৮টালৈ বৃদ্ধি পায়; প্ৰতিবেদনত ২০২৫ চনৰ ৩১ মাৰ্চলৈকে ৰাজ্যভিত্তিক তথ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
কমিউনিটি ৰেডিঅ' ষ্টেচন (চি আৰ এছ): ২০০৫ চনত ১৫ৰ পৰা ২০২৫ চনত ৫৩১লৈ সম্প্ৰসাৰিত, ৰাজ্য/জিলা/স্থান-ভিত্তিক বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে।
চলচ্চিত্ৰ প্ৰমাণপত্ৰ: ১৯৮৩ চনত ৭৪১ খনৰ পৰা ২০২৪–২৫ চনত ৩,৪৫৫ খনলৈ বৃদ্ধি পায় আৰু ২০২৪–২৫ চনলৈকে মুঠ ৬৯,১১৩ খন ছবি প্ৰমাণিত হয়।
চলচ্চিত্ৰ খণ্ডৰ উন্নয়ন: বঁটা, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, আৰু এন এফ ডি চিৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।
ডিজিটেল মিডিয়া আৰু সৃষ্টিকৰ্তা অৰ্থনীতি: ৱেভছ অটিটি, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজিছ (আইআইচিটি) প্ৰতিষ্ঠা, আৰু ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চিআইচি)ৰ অধীনত কৃতিত্বসমূহ সামৰি লয়।
উল্লেখনীয় কাৰ্যসূচী : পি আৰ জি আই, আকাশবাণী, দূৰদৰ্শন, ইনছাট ভিত্তিক টিভি সেৱা, আৰু ব্যক্তিগত এফ এম ৰেডিঅ' স্থাপনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ খণ্ডত উল্লেখযোগ্য অগ্ৰগতি।
দক্ষতা সম্পৰ্কীয় পদক্ষেপ: মন্ত্ৰালয়ৰ অধীনত প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ তথ্য সন্নিবিষ্ট কৰা হৈছে।
ব্যৱসায় কৰাৰ সহজতা: সংবাদ মাধ্যম আৰু বিষয়বস্তু সৃষ্টিকৰ্তাসকলৰ বাবে সৰলীকৃত আৰু স্বচ্ছ প্ৰক্ৰিয়াসমূহ সহজ কৰি তুলিবলৈ ৰূপায়িত ব্যৱস্থাসমূহ।
‘কন্টেন্টৰ পৰা বাণিজ্যলৈ: ভাৰতৰ সৃষ্টিকৰ্তা অৰ্থনীতিৰ মেপিং’ - বষ্টন কনছালটিং গ্ৰুপ (বিচিজি)ৰ প্ৰতিবেদন
প্ৰতিবেদনখনে ডিজিটেল যুগত ভাৰতৰ সমল সৃষ্টিকৰ্তা অৰ্থনীতিৰ অভূতপূৰ্ব পৰিসৰ আৰু প্ৰভাৱৰ বিষয়ত আলোকপাত কৰিছে। ২ৰ পৰা ২৫ লাখ সক্ৰিয় ডিজিটেল সমল সৃষ্টিকৰ্তাৰ সৈতে ভাৰত এতিয়া বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা সমল সৃষ্টিকৰ্তা পৰিৱেশ তন্ত্ৰৰ আগশাৰীৰ দেশ হৈ পৰিছে । এই সমল সৃষ্টিকৰ্তাসকলে ইতিমধ্যে বাৰ্ষিক গ্ৰাহকৰ ব্যয়ত ৩৫০ বিলিয়ন ডলাৰতকৈ অধিক প্ৰভাৱ পেলাইছে—এই সংখ্যা ২০৩০ চনৰ ভিতৰত তিনিগুণ আৰু ১ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব বুলি অনুমাণ কৰা কৰা হৈছে।
প্ৰতিবেদনখনে অংশীদাৰসকলক সংখ্যাগত ধাৰণাৰ বাহিৰলৈ চাবলৈ আহ্বান জনাইছে আৰু গল্প বৰ্ণনাকাৰী, সংস্কৃতিৰ নতুন ৰূপকাৰ আৰু অৰ্থনৈতিক চালক হিচাপে সমল সৃষ্টিকৰ্তাৰ বিৱৰ্তনশীল ভূমিকাক স্বীকাৰ কৰিবলৈ আহ্বান জনাইছে। ব্যৱসায়ীসকলৰ বাবে এই পৰিৱৰ্তনৰ অৰ্থ হ'ল লেনদেনৰ ক্ষেত্ৰত বিশ্বাস আৰু সৃষ্টিশীলতা শিপাই থকা দীৰ্ঘম্যাদী অংশীদাৰিত্ব গঢ়ি তোলা।
আৰ্নষ্ট এণ্ড ইয়ঙৰ ‘এ ষ্টুডিঅ’ কল্ড ইণ্ডিয়া’ – ভাৰতক গ্ল’বেল কন্টেন্ট হাব হিচাপে কল্পনা কৰা হৈছে
এই প্ৰতিবেদনখনে ভাৰতক কেৱল কন্টেন্ট-গ্ৰাহকৰ দেশ হিচাপেই নহয়, বিশ্বৰ আগত এক আটকধুনীয়া ষ্টুডিঅ’ হিচাপেও উপস্থাপন কৰিছে। ই ভাৰতৰ শক্তিসমূহৰ বিষয়ত আলোকপাত কৰিছে — ভাষিক বৈচিত্ৰ্য, সাংস্কৃতিক সমৃদ্ধি, আৰু প্ৰযুক্তিগতভাৱে নিপুণ প্ৰতিভাৰ কথাই ইয়াত স্থান পাইছে — যিয়ে দেশখনক সীমা অতিক্ৰম কৰি বিয়পি পৰিব পৰা কাহিনী সৃষ্টি কৰিব পৰা দেশ হিচাবে স্থান দিছে।
ভাৰতে এনিমেচন আৰু ভিএফএক্স সেৱাত ৪০%ৰ পৰা ৬০% ব্যয়ৰ সুবিধা প্ৰদান কৰিছে, যিটো বৃহৎ, দক্ষ কৰ্মশক্তিৰ দ্বাৰা সমৰ্থিত এক উদ্যোগৰ কথাই কৈছে। প্ৰতিবেদনত ভাৰতীয় গল্প কথনে আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণ বৃদ্ধি কৰাৰ কথাও কোৱা হৈছে। ভাৰতীয় অ’টিটি কন্টেন্টৰ ওপৰত ২৫% পৰ্যন্ত দৰ্শন এতিয়া বহিঃদেশৰ দৰ্শকৰ পৰাই আহিছে। এই পৰিঘটনাটো কেৱল বাণিজ্যিক ক্ষেত্ৰতে সীমাবদ্ধ নহয়—ই সাংস্কৃতিক উন্নয়নৰো এক মুহূৰ্তক প্ৰতিনিধিত্ব কৰিছে, য’ত ভাৰতৰ কাহিনীয়ে মহাদেশসমূহৰ মাজত আৱেগিক আৰু সাংস্কৃতিক সংযোগ গঢ়ি তুলিছে।
‘লিগেল কাৰেণ্টছ: এ ৰেগুলেটৰী হেণ্ডবুক অন ইণ্ডিয়াছ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ছেক্টৰ ২০২৫’
সৃষ্টিশীলতাক নিয়ন্ত্ৰণৰ স্পষ্টতাৰে পৰিপূৰক হ’ব লাগিব বুলি স্বীকাৰ কৰি খৈতান এণ্ড কোম্পানীয়ে সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে এখন বিশদ আইনী আৰু নিয়ন্ত্ৰণমূলক হাতপুথি প্ৰস্তুত কৰিছে। প্ৰযোজক, ষ্টুডিঅ', প্ৰভাৱশালী প্লেটফৰ্মৰ বাবে ব্যৱহাৰিক গাইড হিচাপে প্ৰস্তুুত কৰা এই হাতপুথিখনে কেইবাটাও মূল আইনী বিষয় যেনে:
ঘৰুৱা আৰু বিদেশী উভয় সত্তাৰ বাবে অনুসৰণ নীতি
আন্তঃৰাষ্ট্ৰীয় উৎপাদনৰ বাবে উদগনিমূলক আঁচনি
প্ৰভাৱশালী বিপণন আৰু ডিজিটেল বিষয়বস্তুৰ চাৰিওফালে আইনী কাঠামো
জি এছ টিকে ধৰি গেমিং খণ্ডত সংজ্ঞা আৰু কৰৰ প্ৰভাৱ
চেলিব্ৰিটিৰ অধিকাৰ সুৰক্ষা
এআই-উৎপন্ন বিষয়বস্তুৰ নৈতিক বিবেচনা আৰু নিয়ন্ত্ৰণমূলক চিকিৎসা
এই হাতপুথিখনৰ উদ্দেশ্য হৈছে অংশীদাৰসকলক সৃষ্টিশীল অৰ্থনীতিত আত্মবিশ্বাসী, অনুসৰণমূলক আৰু দায়িত্বশীলভাৱে জড়িত হ'ব পৰাকৈ সজ্জিত কৰা।
ভাৰতৰ লাইভ ইভেণ্টছ উদ্যোগ বিষয়ক শ্বেতপত্ৰ
ভাৰতৰ লাইভ ইভেণ্টছ উদ্যোগ বিষয়ক প্ৰকাশিত শ্বেতপত্ৰখনে এই খণ্ডৰ শক্তিশালী বৃদ্ধি আৰু পৰিৱৰ্তিত গ্ৰাহকৰ গতিশীলতাৰ কথা আলোকপাত কৰিছে। বছৰৰ পিছত বছৰ ধৰি ১৫% বৃদ্ধিৰ হাৰৰ সৈতে এই উদ্যোগটোৱে কেৱল ২০২৪ চনত ১৩ বিলিয়ন ১৩ বিলিয়ন ৰাজহ সংযোজন কৰে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰায় ডেৰ লাখ অনুৰাগীয়ে এতিয়া চহৰৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছে, যিয়ে ভাৰতত ইভেণ্ট ভিত্তিক পৰ্যটনৰ উত্থানক আৰু অধিক শক্তিশালী কৰি তুলিছে। প্ৰিমিয়াম আৰু নিৰ্বাচিত অভিজ্ঞতাৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে শ্বিলং বদোদৰা, জামছেদপুৰৰ দৰে টায়াৰ-২ চহৰসমূহে সাংস্কৃতিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।
এই গতিধাৰাক সমৰ্থন আৰু উন্নীত কৰিবলৈ শ্বেতপত্ৰখনে নিম্নলিখিত দিশসমূহৰ বিষয়ে উল্লেখ কৰিছে :
ইভেন্ট আন্তঃগাঁথনি উন্নীত কৰা হৈছে
অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াসমূহ সুশৃংখলিত আৰু সৰলীকৃত কৰা হৈছে
শক্তিশালী আৰু অধিক স্বচ্ছ সংগীত অধিকাৰৰ কাঠামো গঠন
এম এছ এম ই আৰু সৃষ্টিশীল অৰ্থনীতি নীতিৰ অধীনত লাইভ ইভেণ্ট খণ্ডৰ আনুষ্ঠানিক স্বীকৃতি।
প্ৰতিবেদনখনে ভাৰতক কেৱল বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ দৰ্শক হিচাপে নহয়, আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰ এক মূল মঞ্চ হিচাপে কল্পনা কৰিবলৈ আহ্বান জনাইছে৷
এই প্ৰতিবেদন উন্মোচনী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু; শ্ৰী আৰ.কে. জেনা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা; শ্ৰীমতী ড. মীনু বাত্ৰ, যুটীয়া সচিব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়; আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা এন এফ ডি চিৰ এম ডিৰ যুটীয়া সচিব শ্ৰী পৃথুল কুমাৰ উপস্থিত থাকে। অংশীদাৰসকলক প্ৰতিনিধিত্ব কৰি বষ্টন কনছালটিং গ্ৰুপৰ পৰিচালন সঞ্চালক আৰু অংশীদাৰ শ্ৰী বিপিন গুপ্তা, বষ্টন কনছালটিং গ্ৰুপৰ অংশীদাৰ শ্ৰীমতী পায়েল মেহতা; শ্ৰী আশীষ ফেৰৱানী, অংশীদাৰ, আৰ্নষ্ট এণ্ড ইয়ং; শ্ৰী অমিয়া স্বৰূপ, অংশীদাৰ, আৰ্নষ্ট এণ্ড ইয়ং; খৈতান এণ্ড কোম্পানীৰ প্ৰযুক্তি তথা সংবাদ মাধ্যমৰ অংশীদাৰ শ্ৰীমতী তনু বেনাৰ্জী; শ্ৰী ঈশান জোহৰী , অংশীদাৰ খৈতান এণ্ড কোম্পানী; শ্ৰী বিনোদ জনাৰ্ধন, পৰিচালক, ইভেণ্টছফাক লাইভ আদিয়ে৷ মুম্বাইত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ইভেণ্টছফাক লাইভৰ শ্ৰী দীপক চৌধুৰীয়েও অংশগ্ৰহণ কৰে৷
For official updates on realtime, please follow us:
On X :
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
On Instagram:
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
* * *
PIB TEAM WAVES 2025 | Rajith/ Lekshmipriya /Darshana | 173
Release ID:
(Release ID: 2126888)
| Visitor Counter:
15