WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ ৰ ‘দ্য আৰ্ট অব এক্টিং’ত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'লে বিশিষ্ট অভিনেতা আমিৰ খানে

“৩-৪ মাহলৈকে মই কেৱল চিত্ৰনাট্যৰ সৈতে ব্যস্ত থাকো” - আমিৰ খান

“যিমান সততা বজাই ৰাখিব সিমানেই ভাল প্ৰদৰ্শন কৰিব পাৰিব” - আমিৰ খান

 Posted On: 03 MAY 2025 6:08PM |   Location: PIB Guwahati

 

আজি ৱেভছ ২০২৫ ক্ৰিয়েট’স্ফিয়াৰ মঞ্চত ‘দ্য আৰ্ট অব এক্টিং’ঙ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে জনপ্ৰিয় তথা বিশ্ষ্ট অভিনেতা আমিৰ খানে। তেওঁ নানান সাধাৰণ কিন্তু অগতানুগতিক টিপছেৰে বহুতৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়। আমিৰ খানে  আজিৰ এই অনুষ্ঠানত কেতবোৰ ব্যৱহাৰিক পৰামৰ্শ  আগবঢ়োৱাৰ লগতে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি হোৱা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে।  প্ৰবীণ অভিনেতাগৰাকীয়ে কয় , "মই কোনো প্ৰশিক্ষিত অভিনেতা নহয়। মই নেচনেল স্কুল অৱ ড্ৰামালৈ যাব বিচাৰিছিলো, কিন্তু নোৱাৰিলোঁ। নিজৰ মতে কথাবোৰ শিকি লৈছো, যিবোৰে মোক সহায় কৰিছে ।"

ছবি নিৰ্মাণৰ ভৱিষ্যতৰ বিষয়ে মন্তব্য কৰি  আমিৰ খানে কয় যে এআই প্ৰযুক্তিয়ে কোনো এক দৃশ্যত অভিনেতাজনৰ নথকাকৈয়ে   ছবিৰ শ্বুটিং কৰিবলৈ সক্ষম হৈছে! এআই আৰু প্ৰযুক্তিয়ে পিছৰ দৃশ্যটোত অভিনেতাজনক যোগ কৰিবলৈ সক্ষম হয়

 

বছৰ বছৰ ধৰি ভাৰতীয় চিনেমাক বহু স্মৰণীয় চৰিত্ৰ উপহাৰ দিয়া বহুমুখী  প্ৰতিভাৰ অভিনেতাগৰাকীয়ে কয় যে এজন অভিনেতাৰ বাবে প্ৰথম আৰু প্ৰধান কাম হ’ল চৰিত্ৰটোৰ মাজত সোমাই পৰা ।অভিনেতাগৰাকীয়ে কয়, "মই চিত্ৰনাট্যৰ সৈতে বহু সময় কটাওঁ। চিত্ৰনাট্যখন বাৰে বাৰে পঢ়ো। চিত্ৰনাট্য ভাল হ'লে চৰিত্ৰটো বুজাত সহজ হয়, চৰিত্ৰটোৰ  শাৰীৰিক আবেদন , অন্তৰ্নিহিত মনোভাৱ আদি সকলো কথাই চিত্ৰনাট্যতেই প্ৰকাশ পায়"। ইয়াৰ উপৰি পৰিচালকৰ সৈতে চৰিত্ৰ আৰু কাহিনীৰ বিষয়ত  আলোচনা কৰিলেও এটা ধাৰণা পোৱা যায় বুলি অভিনেতাগৰাকীয়ে কয়।

 

নিজৰ কঠোৰ পৰিশ্ৰমী স্বভাৱৰ বিষয়ে উল্লেখ কৰি  খানে কয় , "মোৰ স্মৃতিশক্তি দুৰ্বল। গতিকে, মই সংলাপ হাতেৰে লিখি লওঁ।মই প্ৰথমে কঠিন দৃশ্যবোৰ লওঁ।সংলাপবোৰ মুখস্থ হ'ব লাগিব।প্ৰথম দিনা মই মাত্ৰ ইয়াকে লৈ কাম কৰো।মই  ৩-৪ মাহ ধৰি  প্ৰতিদিনে এই কাম কৰো, তাৰ পিছত চৰিত্ৰটো মোৰ ভিতৰত সোমাই যায়। সংলাপবোৰ আপোনাৰ মনপুতঃ হ'ব লাগিব।আপুনি সংলাপবোৰৰ গৰাকী হ'ব লাগিব।যেতিয়া সেইবোৰ লিখা হৈছিল তেতিয়া সেইবোৰ আনৰ আছিল,  পিছলৈ আপোনাৰ সংলাপ  হৈ পৰিব লাগিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/3-8-15E3J.jpg

অভিনেতাসকলৰ বাবে কি কাম কঠিন ? আমিৰ খানে কয় যে এজন অভিনেতাই প্ৰতিদিনে একে আৱেগিক ঢৌৰ মাজত থাকি  দৃশ্যৰ পুনৰাবৃত্তি  কৰে।আমিৰ খানে  উদীয়মান অভিনেতাসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ টিপছ দিয়ে, সেয়া হৈছে – “আপুনি যিমানেই সততা বজাই ৰাখিব সিমানেই ভাল অভিনয় কৰিব পাৰিব”।

 

 আমিৰ খানে নিজৰ দৃশ্যবোৰৰ অনুশীলন কেনেকৈ কৰে?

 

উত্তৰত তেওঁ কয়  “মই শ্বট দিয়াৰ আগতে দৃশ্যবোৰ কল্পনা কৰি লওঁ। দৃশ্যৰ অনুশীলন কৰি থাকোঁতে মই কেতিয়াও আইনালৈ নাচাওঁ।”

 

আমিৰ খানৰ সকলো ছবিৰ  ভিতৰত ব্যক্তিগতভাবে প্ৰিয় কোনখন? বহুতে অনুমান কৰা মতেই সেই ছবি খন হৈছে  ‘তাৰে জমিন পৰ’ । কাৰণ ছবি খনে  বহু অভিভাৱকক সন্তানৰ প্ৰতি ধৈৰ্য্যশীল হ'বলৈ, তেওঁলোকক সমৰ্থন কৰিবলৈ আৰু সৰু সৰু ল’ৰা-ছোৱালীৰ প্ৰতি সহানুভূতিশীল হ’বলৈ শিকাইছিল!

 

ছবি জগতত প্ৰথম খোজ পেলোৱাসকলৰ বাবে প্ৰবীণ অভিনেতাগৰাকীয়ে আৰু কি কি টিপছ দিয়ে?

 

"যেতিয়া মই আৱেগক ব্যৱহাৰ কৰো , তেতিয়া সেই আৱেগ  চিত্ৰনাট্যৰ পৰা আহিব লাগিব। চিত্ৰনাট্যখনক প্ৰথমে  বিশ্বাস কৰিব লাগিব। কেতিয়াবা ছবিবোৰত এনেকুৱা দৃশ্য থাকে যিবোৰ বিশ্বাস কৰিব নোৱাৰা ধৰণৰ। কিন্তু অভিনেতা এগৰাকীয়ে তেনে দৃশ্যও  আপোনাৰ সন্মুখত বিশ্বাসযোগ্য কৰি তুলিব পাৰিব লাগিব৷ অভিনেতা এগৰাকীয়ে  দৰ্শকক যি দেখুওৱা হৈছে সেই বিষয়ে পতিয়ন নিয়াব পাৰিব লাগিব "।

ভাল চিত্ৰনাট্য কি? আমিৰ খানে কয়, “এখন ভাল চিত্ৰনাট্যৰ এটা স্পষ্ট বাৰ্তা থাকে। কাহিনী নিৰ্বাচনৰ  প্ৰথম দহ শতাংশ কাহিনীৰ পৰা  আহিব লাগে। নহ’লে দৰ্শকৰ আগ্ৰহ হেৰাই যাব”।

 

আমিৰ খানে চলচ্চিত্ৰ প্ৰকল্পৰ সৈতে জড়িত সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ টিপছ দিলে এইবুলি  – “দৃশ্যই যি দাবী কৰে তাকেই কৰক, আৰু তেনে সময়ত  কেৱল নিজৰ কামৰ কথা নাভাবিব”।

 

 

অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে আমিৰ খানক সম্বৰ্ধনা জনায়

https://static.pib.gov.in/WriteReadData/userfiles/image/3-8-2WHTF.jpg

Aamir Khan felicitated by Union Information and Broadcasting Secretary Sanjay Jaju

 

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

* * *

PIB TEAM WAVES 2025 | Rajith/ Sriyanka/ Darshana |DM


Release ID: (Release ID: 2126657)   |   Visitor Counter: 5