WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ত ভাৰতৰ লাইভ ইভেণ্টছ অৰ্থনীতিৰ বিষয়ত শ্বেতপত্ৰ মুকলি কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে

 Posted On: 03 MAY 2025 5:46PM |   Location: PIB Guwahati

 

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা  সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে “ভাৰতৰ লাইভ ইভেণ্টছ অৰ্থনীতি: এক কৌশলগত বৃদ্ধিৰ আৱশ্যকতা” শীৰ্ষক শ্বেতপত্ৰ  উন্মোচন কৰে। এয়া হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশত আৰু ৱেভছ ২০২৫ৰ অন্যতম জ্ঞানমূলক  অংশীদাৰ ইভেণ্টএফএকিউছ মিডিয়াই প্ৰস্তুত কৰা প্ৰথমখন শ্বেতপত্ৰ।

 

উন্মোচনী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব  শ্ৰীযুত সঞ্জয় জাজু, জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা শ্ৰীযুত আৰ. কে জেনা, ; শ্ৰীমতী ড. মীনু বাত্ৰা, যুটীয়া সচিব  আৰু যুটীয়া সচিব (সম্প্ৰচাৰ) শ্ৰী পৃথুল কুমাৰ ইভা লাইভ আৰু ইভেণ্টএফএকিউছৰ পৰিচালন সঞ্চালক শ্ৰী দীপক চৌধুৰীও অনুষ্ঠানত  উপস্থিত থাকে।

 

শ্বেতপত্ৰখনে ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা লাইভ মনোৰঞ্জন উদ্যোগৰ এক বিস্তৃত বিশ্লেষণ উপস্থাপন কৰে, উদীয়মান ধাৰা, বৃদ্ধিৰ ট্ৰেজেক্টৰী, আৰু খণ্ডটোৰ অবিৰত বিৱৰ্তনৰ বাবে কৌশলগত পৰামৰ্শসমূহৰ বিষয়ত  আলোকপাত কৰে।

 

ভাৰতৰ লাইভ ইভেণ্টৰ পৰিৱেশ ৰূপান্তৰিত হৈছে—এটা খণ্ডিত খণ্ডৰ পৰা দেশৰ সাংস্কৃতিক আৰু সৃষ্টিশীল অৰ্থনীতিৰ এক গাঁথনিগত আৰু প্ৰভাৱশালী স্তম্ভলৈ এয়া বিস্তাৰিত হৈছে ২০২৪ চনৰ পৰা ২০২৫ চনলৈকে এটা সংজ্ঞায়িত  বিন্দুত উপনীত হৈছে।  আহমেদাবাদ আৰু মুম্বাইত অনুষ্ঠিত  কল্ডপ্লেৰ দৰে আন্তঃৰাষ্ট্ৰীয়  পৰিবেশনে ভাৰতক  বিশ্বজুৰি  এনে অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হোৱাৰ সংকেত দিছে।

 

এই খণ্ডৰ মূল ধাৰাসমূহৰ ভিতৰত আছে ইভেণ্ট টুৰিজিমৰ উত্থান। প্ৰায় ডেৰ লাখ লোক  লাইভ মিউজিক ইভেণ্টৰ  অভিজ্ঞতাৰে পুষ্ট হয়। এই কথাই  এক শক্তিশালী সংগীত-পৰ্যটন অৰ্থনীতিৰ উত্থানৰ ইংগিত দিয়ে। প্ৰিমিয়াম টিকটিং ছেগমেণ্টসমূহ—যেনে ভিআইপি অভিজ্ঞতা, কিউৰেটেড প্ৰৱেশ আৰু বিলাসী আতিথ্য— আদি খণ্ডই বছৰৰ পিছত বছৰ ধৰি ১০০%তকৈ অধিক বৃদ্ধিৰ সাক্ষী হৈছে।  যিবোৰ খণ্ডই  ক্ৰমান্বয়ে অভিজ্ঞতাৰে পুষ্ট লোকক সামৰি লৈছে। বহু চহৰত  ভ্ৰমণ আৰু আঞ্চলিক উৎসৱৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই  টায়াৰ-২ চহৰৰ পৰা বহু লোকৰ  অংশগ্ৰহণ বৃদ্ধি কৰিছে।

 

এই ধাৰাই  চাকৰি আৰু প্ৰতিভা বিকাশৰ বিষয়ত খণ্ডটোৰ বৰ্ধিত প্ৰভাৱতো প্ৰতিফলিত  কৰিছে। লাইভ মনোৰঞ্জন এতিয়া ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিৰ পাৰ্শ্ব ঘটনা হৈ থকা নাই, ই এক  কৌশলগত প্ৰক্ৰিয়া হৈ পৰিছে।  যিয়ে নিয়োগক উদ্দীপিত কৰিছে আৰু দক্ষতাৰ বিকাশক আগুৱাই লৈ  গৈছে। বৰ্তমানৰ পৰিৱেশত  এনে খণ্ডসমূহে  প্ৰায় ২০০০ৰ পৰা ৫,০০০টাকৈ অস্থায়ী চাকৰিৰ সৃষ্টি কৰিছে।যিয়ে জীৱিকাৰ সমৰ্থন আৰু গতিশীল কৰ্মশক্তিৰ লালন-পালনত খণ্ডটোৰ ক্ৰমবৰ্ধমান ভূমিকাকে আলোকপাত কৰিছে।

 

এই অনুষ্ঠানত তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ষ্টেটিষ্টিক্যাল হেণ্ডবুক অন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ছেক্টৰ ২০২৪–২৫, বষ্টন কনছালটিং গ্ৰুপ (বিচিজি)ৰ ‘ফ্ৰম কন্টেন্ট টু কমাৰ্চ: মেপিং ইণ্ডিয়াছ ক্ৰিয়েটৰ ইকনমি’, আৰ্নষ্ট এণ্ড ইয়ঙৰ ‘এ ষ্টুডিঅ’ কল্ড ইণ্ডিয়া’, আৰু ‘লিগেল কাৰেণ্টছ: এ ৰেগুলেটৰী হেণ্ডবুক অন ইণ্ডিয়াছ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ছেক্টৰ ২০২৫’কে ধৰি গুৰুত্বপূৰ্ণ প্ৰতিবেদনসমূহো উন্মোচন কৰা হয়

 

কেন্দ্ৰীভূত বিনিয়োগ, নীতিগত সমৰ্থন আৰু আন্তঃগাঁথনিগত উন্নীতকৰণৰ জৰিয়তে ভাৰতে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি শীৰ্ষ পাঁচটা লাইভ মনোৰঞ্জনৰ গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে নিজকে পৰিগণিত কৰিব পাৰিব বুলি এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে। ইয়াৰ ফলত অৰ্থনৈতিক বৃদ্ধি, নিয়োগ সৃষ্টি, পৰ্যটনৰ বিকাশ আৰু বৰ্ধিত বিশ্ব সাংস্কৃতিক সম্পৰ্কক অধিক উন্নীত কৰিব বুলি ধাৰণা কৰা হৈছে। 

 

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

 

* * *

PIB TEAM WAVES 2025 | Rajith/ Ritu/ Darshana | 165


Release ID: (Release ID: 2126656)   |   Visitor Counter: 5