WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ বাজাৰ ২০২৫- এ ২৫০ কোটি টকাতকৈও অধিক টকাৰ চুক্তি লাভ কৰাৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দুৱাৰ মুকলি কৰিছে: সঞ্জয় জাজু, সচিব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

 Posted On: 02 MAY 2025 9:33PM |   Location: PIB Guwahati

 

 

 

ৱেভছ শীৰ্ষ সন্মিলনৰ ফ্লেগশ্বিপ কাৰ্যসূচী  গ্ল’বেল মাৰ্কেট ইনিচিয়েটিভ ৱেভছ বাজাৰে সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এক শক্তিশালী অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে। সীমান্তৰ সিপাৰৰ বিনিয়োগকাৰী, ক্ৰেতা  আৰু সহযোগীসকলৰ সৈতে সমল সৃষ্টিকৰ্তাসকলক সংযোগ কৰিবলৈ আৰ্হি প্ৰস্তুত  কৰা ৱেভছ বাজাৰে নতুন দুৱাৰ মুকলি কৰি দিছে। ৱেভছ বাজাৰে ভাৰতক কন্টেন্ট কমাৰ্চৰ বাবে এক কৌশলগত কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে। আজি মুম্বাইৰ ৱেভছৰ অনুষ্ঠানত উপস্থিত থাকি   তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব  সঞ্জয় জাজুৱে জনোৱা মতে,ৱেভছ বাজাৰ  ২০২৫ ২৫০ কোটি টকাতকৈও অধিক টকাৰ চুক্তি লাভ কৰাৰ লগতে বহু  আন্তঃৰাষ্ট্ৰীয় সহযোগিতা উন্মোচন কৰিছে।

 

ৱেভছ বজাৰে ইয়াৰ উদ্বোধনী সংস্কৰণত ২২খনতকৈও অধিক দেশৰ আগশাৰীৰ দেশ তথা সংস্থাক একত্ৰিত কৰিছে—য’ত দক্ষিণ কোৰিয়া, জাপান, আমেৰিকা, জাৰ্মানী, ৰাছিয়া, নেদাৰলেণ্ড, আৰু নিউজিলেণ্ডকে ধৰি আছিল—আৰু ৯৫ জন বিশ্বব্যাপী ক্ৰেতা আৰু ২২৪ জন বিক্ৰেতাই অংশগ্ৰহণ কৰিছে মূল ক্ৰেতাসকলৰ ভিতৰত আছে নেটফ্লিক্স, এমাজন প্ৰাইম ভিডিঅ’, মেটা, ডিজনী ষ্টাৰ, জি এণ্টাৰটেইনমেণ্ট, বানিজয় এছিয়া, ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী, চ’নী এল আই ভি, ৱাই আৰ এফ, ধৰ্ম, জিঅ’ ষ্টুডিঅ’, ৰটাৰডেম ফিল্ম ফেষ্টিভেল, আৰু ৰাছলেক মিডিয়া।

 

ভিউইং ৰুম আৰু মাৰ্কেট স্ক্ৰীনিং:

 

১১৫ গৰাকী  চলচ্চিত্ৰ নিৰ্মাতাই আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলক তেওঁলোকৰ  সম্পূৰ্ণ কৰা কাম উপস্থাপন কৰে।১৫ জনৰ ষ্টেণ্ডআউট প্ৰজেক্টক ভিউইং ৰুমৰ পৰা শীৰ্ষ হিচাপে নিৰ্বাচন  কৰা হয় আৰু সেইবোৰৰ লাইভ প্ৰদৰ্শন কৰা হয়। এই ছবি নিৰ্মাতাসকলক বহু প্ৰশংসিত কাষ্টিং পৰিচালক মুকেশ ছাব্ৰাই, অভিনেতা টাইগাৰ শ্ৰফে সম্বৰ্ধনা জনায়। লগতে মাৰ্কেট স্ক্ৰীনিংছ, প্ৰতিভাৱান চলচ্চিত্ৰ নিৰ্মাতাৰ ১৫টা উল্লেখযোগ্য আৰু প্ৰশংসিত প্ৰকল্প প্ৰদৰ্শন কৰা হয়।

 

পিচ ৰুম: ১০৪টা প্ৰকল্প দাখিলৰ ভিতৰত ১৬টা কিউৰেট কৰা প্ৰকল্পক লাইভ পিচ কৰিবলৈ নিৰ্বাচিত কৰা হৈছে, যিয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ সৃষ্টিকৰ্তাসকলক ৱেভছ বজাৰৰ দিনতকৈ অধিক সময়ৰ ভিতৰত উদ্যোগৰ অংশীদাৰসকলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ এক মঞ্চ প্ৰদান কৰিছিল।

 

বি টু বি ক্ৰেতা-বিক্ৰেতা বজাৰ: ৱেভছ বজাৰে ১মে’ৰ–৩ মে’লৈ অনুষ্ঠিত হোৱা এফ আই চি চি আই (ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী)ৰ সহযোগত ভাৰতৰ প্ৰথম  বি টু বি ক্ৰেতা-বিক্ৰেতা বৈঠক আৰম্ভ কৰে, যাৰ ফলত লক্ষ্য নিৰ্ধাৰণ কৰা চুক্তি আৰু সৃষ্টিশীল ব্যৱসায়িক বিকাশ সাধন সম্ভৱ হয়।

 

আৰম্ভণিৰ ব্যৱসায়িক ফলাফল

 

ৱেভছ বাজাৰে বজাৰৰ প্ৰথম ডেৰ দিনৰ ভিতৰতে সমগ্ৰ ছবি, সংগীত, এনিমেচন, ৰেডিঅ', আৰু ভিএফএক্স খণ্ডত ২৫০ কোটি টকাৰ  লেনদেন নিশ্চিত কৰে। আগন্তুক দুদিনত এই সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে ৪০০ কোটি টকাৰো  অধিক টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

 

উল্লেখযোগ্য চুক্তি আৰু বিশেষ ঘোষণাসমূহ মে’, ২০২৫ তাৰিখে

 

টপ চেলেক্টছৰ ছবি খিদকী গাওনে এছিয়ান চিনেমা ফাণ্ডৰ সৈতে পোষ্ট প্ৰডাকচন আৰু ভিএফএক্স চুক্তি লাভ কৰিছে। এছিয়ান চিনেমা ফাণ্ড (এচিএফ) হৈছে বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এক সহায়ক কাৰ্যসূচী,  যিয়ে কল্পকাহিনী আৰু তথ্যচিত্ৰ দুয়োটা প্ৰকল্পকে ধৰি এছিয়ান ছবিৰ বাবে ধন আগবঢ়ায়।

ভাৰত-ইউৰোপীয় এনিমেচন এলায়েন্স (€৩০ মিলিয়ন)

ব্ৰডভিজন পাৰ্চপেক্টিভছ (ভাৰত) আৰু ফেব্ৰিক ডি’ইমেজছ গ্ৰুপ (ইউৰোপ)-এ চাৰিটা এনিমেটেড ফিচাৰৰ বাবে কোটি ইউৰোৰ সহ-প্ৰডাকচন চুক্তি ঘোষণা কৰে। ৭–৮ মিলিয়ন ইউৰোৰ বাজেটত নিৰ্মিত প্ৰতিটো শিৰোনাম ভাৰত-ফ্ৰান্স আৰু ভাৰত-বেলজিয়াম চুক্তিৰ কাঠামোৰ অধীনত প্ৰস্তুত কৰা হ’ব। ভাৰতৰ পৰা আন্তঃৰাষ্ট্ৰীয় এনিমেচন সহযোগিতাৰ বাবে এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰি মাৰ্ক মাৰ্টেন্স (চি অ’ অ’, এফ ডি আই গ্ৰুপ) আৰু শ্ৰীৰাম চন্দ্ৰশেকৰণে (ব্ৰডভিছনৰ প্ৰতিষ্ঠাপক আৰু চি অ’) এই মিত্ৰতা আনুষ্ঠানিকভাৱে গঢ়ি তোলে।

 

ভাৰত–ইউ কে সহ-উৎপাদন বুজাবুজি চুক্তি স্বাক্ষৰ

 

আমাণ্ডা গ্ৰুম (প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, দ্য ব্ৰীজ, ইউ কে) আৰু মুঞ্জল শ্ৰফে (সহ-প্ৰতিষ্ঠাপক, গ্ৰেফিটি ষ্টুডিঅ’, ভাৰত) ভাৰতৰ ঔপনিৱেশিক ইতিহাস অন্বেষণ কৰা বাস্তৱিক ধাৰাবাহিকৰ স্লেট সহ-বিকাশৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ফিল্ম বজাৰৰ পৰা বছৰ বছৰ ধৰি সহযোগিতাৰ মাজেৰে বিকশিত হোৱা আৰু কন্টেন্ট ইণ্ডিয়াত চূড়ান্ত কৰা এই অংশীদাৰিত্ব আন্তঃৰাষ্ট্ৰীয় গল্প কথনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

 

টিভি আছাহীৰ উদ্যোগত "শ্বিন চান ইণ্ডিয়া ইয়েৰ" 

টিভি আছাহীয়ে ভাৰতত ফ্ৰেঞ্চাইজিৰ অপৰিসীম জনপ্ৰিয়তাক উদযাপনৰ বাবে “শ্বিন চান ইণ্ডিয়া ইয়েৰ ” ঘোষণা কৰে।

এই পদক্ষেপৰ মূল বিষয়সমূহৰ  ভিতৰত আছে:

 

মে’ত শ্বিন চান: আৱাৰ ডাইনোছৰ ডায়েৰী থিয়েটাৰত মুক্তি  লাভ কৰিব

দীপাৱলী ২০২৫ চনত মুক্তি পাব  দ্বিতীয়খন ছবি দ্য স্পাইচি কাছুকাবে ডান্সাৰছ ইন ইণ্ডিয়া

এনিমে ইণ্ডিয়া (আগষ্ট) আৰু মেলা মেলা জাপান (ছেপ্টেম্বৰ)ত অনুৰাগীৰ আকৰ্ষণৰ  অনুষ্ঠান হ'ব

এই পদক্ষেপে বিশ্ব এনিমে পৰিৱেশতন্ত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাক আৰু অধিক শক্তিশালী  কৰি তুলিব আৰু ভাৰত-জাপান সাংস্কৃতিক সম্পৰ্কক অধিক টনকিয়াল কৰিব৷ 

* * *

PIB TEAM WAVES 2025 | Rajith/ Nikita/ LekshmiPriya/ Darshana | 157


Release ID: (Release ID: 2126582)   |   Visitor Counter: 11