তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ' বঁটা প্ৰদান
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে ১২টা কমিউনিটি ৰেডিঅ' ষ্টেচনক অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে বঁটাৰে সন্মানিত কৰে
কমিউনিটি ৰেডিঅ’ হৈছে দেশৰ চুকে-কোণে থকা নাগৰিকসকলৰ ওচৰলৈ যোৱাৰ এক আহিলা; ই সকলোৰে কল্যাণৰ হকে গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে: ড° এল মুৰুগান
মুম্বাইত ৱেভছ ২০২৫ত অনুষ্ঠিত হ'ল অষ্টম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ' সন্মিলন
Posted On:
03 MAY 2025 4:26PM
|
Location:
PIB Guwahati
আজি মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলনl কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত অষ্টম ৰাষ্ট্ৰীয় সামূহিক ৰেডিঅ’ সন্মিলন অনুষ্ঠিত হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে এই অনুষ্ঠানত ১২টা অসাধাৰণ কমিউনিটি ৰেডিঅ’ ষ্টেচনক দশম ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ বঁটাৰে সন্মানিত কৰে।

এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ এল মুৰুগানে বিজয়ীসকলক অভিনন্দন জনাই কয় যে এই ৰাষ্ট্ৰীয় সন্মিলনৰ লক্ষ্য হৈছে উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু প্ৰভাৱৰ জৰিয়তে ভাৰতৰ কমিউনিটি মিডিয়াৰ পৰিৱেশ শক্তিশালী কৰা। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে কমিউনিটি ৰেডিঅ’ হৈছে দেশৰ চুকে-কোণে থকা নাগৰিকসকলৰ ওচৰলৈ যোৱাৰ এক উত্তম আহিলা। দেশজুৰি কমিউনিটি ৰেডিঅ’সমূহে কোনো নহয় কোনো কল্যাণমূলক উদ্দেশ্যৰে সেৱা আগবঢ়াই আহিছে আৰু ভাৰতীয় পৰম্পৰা তথা সংস্কৃতিৰ প্ৰসাৰকে ধৰি বহু ভাল কামত সহায় কৰি আহিছে৷ কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপসমূহ দেশৰ সকলো প্ৰান্তলৈ লৈ গৈছে। এই ষ্টেচনসমূহে বিভিন্ন সম্প্ৰদায় আৰু গোটৰ বাবে কল্যাণমূলক কাৰ্য্যকলাপৰ এক নতুন মাত্ৰা সংযোজন কৰিছে, যেনে মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ লগতে অন্যান্য লোকৰ কল্যাণ সাধনৰ বিষয় আদি।
ৱেভছ ২০২৫ৰ প্ৰথম সংস্কৰণৰ বিষয়ে উল্লেখ কৰি ড° এল মুৰুগানে কয় যে এই সন্মিলনৰ পৰা নতুন ধাৰণা বিকশিত হ’ব আৰু সৃষ্টিশীল অৰ্থনীতিৰ বৃদ্ধিৰ বাট সুগম হৈ পৰিব৷ তেওঁ লগতে কয় যে সৃষ্টিশীল অৰ্থনীতি হৈছে এক উদিত খণ্ড, যিয়ে অনাগত দিনত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব।


চাৰিটা ভিন্ন বিষয়বস্তুৰ অধীনত বঁটা প্ৰদান কৰা কমিউনিটি ৰেডিঅ’ ষ্টেচনৰ তালিকা
এই উপলক্ষে্য আয়োজিত অনুষ্ঠনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু, যুটীয়া সচিব (সম্প্ৰচাৰ) শ্ৰীযুত পৃথুল কুমাৰ আৰু এন এফ ডি চিৰ এম ডি, আৰু আই আই এম চিৰ উপাচাৰ্য ড° অনুপমা ভাটনগৰ আদি বিশিষ্ট ব্যক্তিসকল অন্যতম আছিল৷
এই সন্মিলনত দেশৰ ৪০০ৰো অধিক কমিউনিটি ৰেডিঅ’ (চি আৰ) ষ্টেচনৰ প্ৰতিনিধিক একেখন মঞ্চত একত্ৰিত কৰি আলোচনা আৰু সহযোগিতাৰ মনোভাব গঢ় দিয়াৰ সুযোগ প্ৰদান কৰা হয়। বৰ্তমান সমগ্ৰ দেশতে ৫৩১ টা কমিউনিটি ৰেডিঅ’ ষ্টেচন আছে। সন্মিলনত জনসংযোগ আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কমিউনিটি ৰেডিঅ’ৰ গুৰুত্বপূৰ্ণ ভূমিকা তথা সামাজিক উন্নয়নত এনে ৰেডিঅ’ৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰা হয়৷


****
PIB Team WAVES 2025 Rajith/LekshmiPriya/Sriyanka/CShekhar | DM
Release ID:
(Release ID: 2126573)
| Visitor Counter:
18
Read this release in:
Marathi
,
English
,
Hindi
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Urdu
,
Odia
,
Malayalam