তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ, ২০২৫-ত বলিউডৰ কিংবদন্তি মনোজ কুমাৰক গভীৰ শ্ৰদ্ধা নিবেদন
আৱেগ, অন্তৰ্দৃষ্টি আৰু চিনেমেটিক লিগেচিৰে “মনোজ কুমাৰক স্মৰণঃ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদী” শীৰ্ষক অধিবেশনৰ সামৰণি
Posted On:
01 MAY 2025 5:47PM
|
Location:
PIB Guwahati
ৱেভছ, ২০২৫-ত “মনোজ কুমাৰক স্মৰণঃ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদী” (Remembering Manoj Kumar: Ace Filmmaker, True Nationalist) শীৰ্ষক অধিবেশনৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট আৰু দেশপ্ৰেমী ব্যক্তিত্বলৈ শ্ৰদ্ধা নিবেদন কৰা হয়। বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা পডকাষ্টাৰ ময়ংক শেখৰে আঁত ধৰা এই অধিবেশনত চলচ্চিত্ৰ আৰু সাহিত্য জগতৰ আগশাৰীৰ ব্যক্তিসকলক সমবেতকৰণেৰে কিংবদন্তি অভিনেতা, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ লিগেচি সন্দৰ্ভত আলোকপাত কৰা হয়।
১৯৩৭-ত জন্ম গ্ৰহণ কৰা হৰিকৃষণ গিৰি গোস্বামী আৰু পৰৱৰ্তী সময়ত মনোজ কুমাৰ নামেৰে জনাজাত হোৱা তেওঁৰ জীৱন পৰিক্ৰমা তেওঁৰ চলচ্চিত্ৰৰাজিৰ দৰেই নাটকীয় আৰু প্ৰেৰণাদায়ক আছিল। বিভাজনৰ সময়ত বিতাড়িত হৈ তেওঁ বহু সপোন লৈ বম্বেলৈ আহিছিল যদিও চলচ্চিত্ৰ জগতখনত কোনো সুযোগ লাভ কৰা নাছিল। প্ৰথমে উৰ্দুত চিত্ৰনাট্য লিখা এগৰাকী কাহিনী কথক কুমাৰে এক সুকীয়া চিনেমেটিক কণ্ঠৰ সূচনা কৰিছিল — মূলসুঁতিৰ আবেদনক ৰাষ্ট্ৰীয়তাবাদ আৰু সামাজিক বিবেকৰ গভীৰ অনুভূতিৰে সংমিশ্ৰিত কৰিছিল।
অভিনেতা তথা মনোজ কুমাৰৰ পুত্ৰ কুনাল গোস্বামীয়ে স্মৃতি ৰোমন্থনেৰে অধিবেশনৰ আৰম্ভণিতে কয়, "বিভাজনৰ সময়ত দেউতাই সকলোখিনি হেৰুৱাইছিল যদিও কেতিয়াও তেওঁৰ দৃষ্টি হেৰুওৱা নাছিল। শৰণাৰ্থী শিবিৰত আশ্ৰয় গ্ৰহণৰপৰা আৰম্ভ কৰি উৰ্দুত উল্লেখযোগ্য কাহিনীৰ চিত্ৰনাট্য ৰচনালৈকে তেওঁৰ এই যাত্ৰাই প্ৰাণোচ্ছলতাৰ সাক্ষ্য বহন কৰে। তেওঁ ভগত সিঙৰ মাতৃক ‘শ্বহীদ’ৰ প্ৰিমিয়াৰলৈ আনিছিল। তেওঁ ৰাষ্ট্ৰীয়তাবাদৰ অনুভূতিৰেও গভীৰভাৱে সংপৃক্ত ব্লকবাষ্টাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, যি এক বিৰল কৃতিত্ব।”
ইয়াত পেজ ৩, চান্দনী বাৰ আৰু ফেশ্বন-ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক মধুৰ ভণ্ডাৰকৰে মনোজ কুমাৰৰ চিনেমেটিক কৌশলৰাজিক স্মৰণেৰে কয় যে তেওঁৰ গীতৰ দৃশ্যগ্ৰহণৰ ধৰণ অবিশ্বাস্য আছিল। ভণ্ডাৰকৰে লগতে কয় যে মনোজ কুমাৰৰ চলচ্চিত্ৰসমূহত ৰাষ্ট্ৰীয়তাবাদ আৰু সামাজিক বাস্তৱবাদৰ প্ৰতিফলন ঘটিছিল, যি মনোভাৱক তেওঁ নিজৰ কৰ্মত প্ৰতিধ্বনিত কৰিবলৈ অহৰহ চেষ্টা কৰিছিল। “চান্দনী বাৰ-ত একাধিক দিশত মনোজ কুমাৰৰ আদৰ্শৰাজিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ প্ৰয়াস কৰা হৈছিল”, ভণ্ডাৰকৰে কয়।
জ্যেষ্ঠ লেখক তথা গীতিকাৰ ডঃ ৰাজীৱ শ্ৰীবাস্তৱে ইয়াত এটা আমোদজনক কথা ব্যক্ত কৰেঃ
“দিল্লীত অনুষ্ঠিত ‘শ্বহীদ’ৰ প্ৰদৰ্শন অনুষ্ঠানত তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে অংশগ্ৰহণেৰে মনোজ কুমাৰক তেওঁৰ শ্ল’গান ‘জয় জোৱান জয় কিষাণ’ৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ কৈছিল। ইয়াতে অনুপ্ৰাণিত হৈ মনোজ কুমাৰে নিশা মুম্বাইলৈ ৰেল যাত্ৰাত উপকাৰ-ৰ কাহিনীটো ৰচনা কৰিছিল। মনোজ কুমাৰৰ জীৱন আছিল সাধাৰণ লোকৰ সৈতে কথা পতাৰ এক চিনেমেটিক যাত্ৰা। এইদৰে তেওঁৰ মনোভাৱে ৱেভছ-ৰ উদ্দেশ্যকে প্ৰতিফলিত কৰে।”
প্ৰবীণ স্তম্ভলেখক আৰু জীৱনীকাৰ ভাৰতী এছ. প্ৰধানে কয়ঃ
“তেওঁৰ বিশাল সাফল্যৰাজিৰ পিছতো পৰৱৰ্তী ছবিখনৰ সপোন দেখিছিল। সেয়াই আছিল তেওঁৰ মনোভাৱ — সদায় আগলৈ চোৱা।”
এক জীৱন্ত লিগেচি
ভাৰত কুমাৰ নামেৰেও পৰিচিত মনোজ কুমাৰে পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাকে প্ৰমুখ্য কৰি অসংখ্য সন্মান লাভ কৰিছে। তেওঁৰ চলচ্চিত্ৰসমূহ — শ্বহীদ, পূৰব ঔৰ পশ্চিম, ৰুটি কপড়া ঔৰ মকান, উপকাৰ, ক্ৰান্তি — কেৱল চিনেমেটিক লেণ্ডমাৰ্কেই নহয়, বৰঞ্চ সাংস্কৃতিকভাৱেও মাইলৰ খুঁটি আছিল। দৰ্শকৰ হাতচাপৰি আৰু দেশপ্ৰেমক কাব্যিক তথা কাহিনী কথনক উচ্চমানৰ কৰি তোলা এগৰাকী ব্যক্তিৰ প্ৰতি সামূহিকভাৱে কৃতজ্ঞতা প্ৰকাশেৰে অধিবেশনখনিৰ সামৰণি পৰে।
* * *
PIB TEAM WAVES 2025 | Rajith/ AthiraThampi/ Lakshmipriya/ Darshana | 125
Release ID:
(Release ID: 2126308)
| Visitor Counter:
24