তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
বৈশ্বিক আই পি পৰিস্থিতিতন্ত্ৰক ৰূপান্তৰিত কৰাটো প্ৰয়োজন; আই পিয়ে সকলো দেশৰ বাবে নিয়োগ, উন্নয়ন আৰু উদ্ভাৱনৰ অনুঘটক হিচাপে কাম কৰে: ডাৰেন টাং, ডব্লিউআইপিঅ’ৰ সঞ্চালক প্ৰধান
ৱেভছ ২০২৫ত “দৃশ্য-শ্ৰাব্য শিল্পী আৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ বাবে আইপি আৰু কপিৰাইটৰ ভূমিকা” সম্পৰ্কীয় অধিবেশনে অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাৰ সূচনা কৰে
Posted On:
01 MAY 2025 8:06PM
|
Location:
PIB Guwahati
মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত চলিত বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন চমুকৈ (ৱেভছ)ত আজি “দৃশ্য-শ্ৰাব্য শিল্পী আৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ বাবে আইপি আৰু কপিৰাইটৰ ভূমিকা” শীৰ্ষক এক পেনেল আলোচনা অনুষ্ঠিত হয়। এই অধিবেশনত বিশ্বৰ মনোৰঞ্জন, আইনী আৰু সৃষ্টিশীল উদ্যোগৰ প্ৰভাৱশালী ব্যক্তিসকলক একত্ৰিত কৰি ডিজিটেল যুগত সৃষ্টিকৰ্তাসকলক সবলীকৰণৰ ক্ষেত্ৰত বৌদ্ধিক সম্পত্তি (আইপি) অধিকাৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়।
পেনেলে বিকশিত আইনী পৰিৱেশটোক উল্লেখ কৰাৰ লগতে বিশেষকৈ এনে পৰিৱেশক আৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ বাবে যিসকলৰ কাম অকৰ্তৃত্বশীল ব্যৱহাৰ আৰু শোষণৰ প্ৰতি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে, তেওঁলোকৰ বাবে আইপি অধিকাৰৰ সজাগতা আৰু সুৰক্ষাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

জ্যেষ্ঠ অধিবক্তা শ্ৰী অমিত দত্তই অধিৱেশনৰ আঁত ধৰি বিশেষজ্ঞ আৰু সৃষ্টিশীল ব্যক্তিসকলৰ বিশিষ্ট পেনেলৰ আলোচনাক আগবঢ়াই নিয়ে। পেনেলত বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাৰ (ডব্লিউআইপিঅ’) সঞ্চালক প্ৰধান ডাৰেন টাঙে নীতিৰ কাঠামো আৰু বিশ্বৰ শিল্পীসকলৰ বাবে সুৰক্ষা শক্তিশালী কৰাৰ বাবে ডব্লিউআইপিঅ’ৰ প্ৰচেষ্টাৰ ওপৰত এক বৈশ্বিক দৃষ্টিভংগী উপস্থাপন কৰে। তেওঁ কয় যে বিগত ৫ দশকত ভাৰতৰ আইপি যাত্ৰা অসাধাৰণ আৰু ইয়াৰ সৃষ্টিশীল অৰ্থনীতি ব্যাপক হাৰত বৃদ্ধি পাইছে। তেওঁ কয় যে আই পিয়ে সকলো দেশৰ বাবে নিয়োগ, উন্নয়ন আৰু উদ্ভাৱনৰ অনুঘটক হিচাপে কাম কৰাৰ বাবে বিশ্বৰ আইপি পৰিস্থিতিতন্ত্ৰক ৰূপান্তৰিত কৰাৰ প্ৰয়োজন আছে। ডব্লিউআইপিঅ’ৰ সৃষ্টিশীল অৰ্থনীতি ডাটা মডেলৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ নীতি নিৰ্ধাৰক, অৰ্থনীতিবিদ আৰু সৃষ্টিকৰ্তাসকলক সৃষ্টিশীল অৰ্থনীতি জুখিবলৈ উন্নত মেট্ৰিক বিচাৰি উলিওৱাত সহায় কৰা হৈছে। প্ৰশংসিত পৰিচালক আৰু নাট্যকাৰ ফিৰোজ আব্বাছ খানে থিয়েটাৰৰ দশক দশক ধৰি লাভ কৰা অভিজ্ঞতা আৰু মৌলিক সৃষ্টিশীল ৰচনাসমূহক সুৰক্ষা দিয়াৰ প্ৰত্যাহ্বানসমূহৰ পৰা অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে। তেওঁ কয় যে আই পি মানৱ মৰ্যাদাৰ বিষয় আৰু সমাজে প্ৰথম আৰু প্ৰধানকৈ শিল্পীৰ কৰ্মৰাজিক সন্মান কৰিব লাগিব। প্ৰখ্যাত চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰযোজক ষ্টিভ ক্ৰনে দৃশ্য-শ্ৰাব্য গল্প কোৱাৰ দিশত বিনিয়োগ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কপিৰাইটৰ গুৰুত্ব আৰু এক বৈশ্বিক মান বলবৎকৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কপিৰাইট কেৱল ধনৰ কথা নহয় বৰঞ্চ সৃষ্টিকৰ্তাৰ কামক শোষণৰ পৰা ৰক্ষা কৰা। প্ৰবীণ চিত্ৰনাট্যকাৰ অঞ্জুম ৰাজাৱলীয়ে সৃষ্টিশীল প্ৰক্ৰিয়া আৰু ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰা বিষয়বস্তু অৰ্থনীতিত লেখকসকলে নিজৰ অধিকাৰ বুজি পোৱা আৰু দাবী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। তেওঁ কয় যে আজিৰ তাৰিখত সকলো বস্তু অতি সুলভ আৰু ইয়াত বাধা থাকিব লাগে। সমগ্ৰ অধিৱেশনত পেনেলিষ্টসকলে কপিৰাইটৰ মালিকীস্বত্ব, অনুজ্ঞাপত্ৰ, নৈতিক অধিকাৰ, এআইৰ প্ৰভাৱ আৰু ক্ৰমান্বয়ে ডিজিটেল হৈ অহা জগতখনত প্ৰৱেশ আৰু সুৰক্ষাৰ মাজৰ ভাৰসাম্যতাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে।
* * *
PIB TEAM WAVES 2025 | Rajith/ Poushali /Barnali / Darshana |131/DB
Release ID:
(Release ID: 2126032)
| Visitor Counter:
7