উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মুম্বাইত বিনিয়োগকাৰীৰ সৈতে মত বিনিময় কৰে; আম্বানী, বিৰলা, টাটাৰ উত্তৰ-পূৰ্বাঞ্চললৈ আগ্ৰহ প্ৰকাশ

Posted On: 01 MAY 2025 9:06AM by PIB Guwahati

 

  • কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই কয়, “ইয়াৰ লক্ষ্য হৈছে ৮খন ৰাজ্যক একেলগে অন্তৰ্ভুক্ত কৰি ভাৰতৰ বিকাশশীল ক্ষেত্ৰৰূপে অঞ্চলটোৰ উন্নয়ন সাধন কৰা।”
  • উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি উদ্যোগৰ নেতাসকলে গভীৰ আগ্ৰহ প্ৰকাশ কৰে।
  • অহা ২৩-২৪ মে’ত ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টমেণ্ট ছামিট-২০২৫।

 

কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ অধ্যক্ষতাত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্যে উদ্যোগৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে (৩০ এপ্ৰিল, ২০২৫) মুম্বাইত মুকেশ আম্বানী (ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ), কুমাৰ মংগলম বিৰলা (আদিত্য বিৰলা গ্ৰুপ) আৰু এন চন্দ্ৰশেখৰন (টাটা ছন্স)কে ধৰি আগশাৰীৰ উদ্যোগপতিসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। এই বৈঠককেইখন ২০২৫ চনৰ ২৩-২৪ মে’ত দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিনিয়োগ সন্মিলন “ৰাইজিং নৰ্থ-ইষ্ট ছামিট ২০২৫”ৰ পূৰ্বে চলি থকা যোগাযোগৰ অংশ আছিল।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই উত্তৰ-পূবক দেশৰ বাবে বিকাশৰ নতুন ইঞ্জিন হিচাপে স্থান দিয়াৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ কৌশলগত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে আঠখন ৰাজ্যক এক ঐক্যবদ্ধ উন্নয়নৰ লক্ষ্যত একত্ৰিত কৰা।" তেওঁ লগতে অঞ্চলটোৰ বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভূমিকাতো গুৰুত্ব আৰোপ কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে ড’নাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়েও উদ্যোগপতিসকলৰ সৈতে আলোচনা কৰে, যাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চ গঠন, প্ৰতিখন ৰাজ্যত বিনিয়োগ প্ৰোৎসাহন সংস্থা (আইপিএ) স্থাপনৰ লগতে অন্যান্য বিষয়সমূহো আছে।

 

ড’নাৰ মন্ত্ৰালয়ৰ পৰিসাংখ্যিক উপদেষ্টা শ্ৰী ধৰ্মবীৰ ঝাই উত্তৰ-পূবৰ আঠোখন ৰাজ্যত থকা গুৰুত্বপূৰ্ণ বিনিয়োগৰ সুযোগবোৰ উপস্থাপন কৰে।

 

এই মত বিনিময় কৃষিভিত্তিক উদ্যোগ, বস্ত্ৰশিল্প আৰু পৰ্যটনকে ধৰি অঞ্চল-নিৰ্দিষ্ট বিকাশ খণ্ডসমূহৰ ওপৰত কেন্দ্ৰীভূত আছিল।

 

ৰাইজিং নৰ্থ-ইষ্ট ছামিট ২০২৫-এ অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰিবলৈ মূল অংশীদাৰ, বিনিয়োগকাৰী আৰু নীতি নিৰ্ধাৰকসকলক এখন মঞ্চত একত্ৰিত কৰি এই গতি অব্যাহত ৰাখিব আৰু ২০২৫ চনৰ ২৩-২৪ মে’ত দিল্লীৰ ভাৰত মণ্ডপমত এই সন্মিলনখন অনুষ্ঠিত হ’ব।

*****

Samrat/Allen/KD


 


(Release ID: 2125715) Visitor Counter : 19