গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষাধীন উচ্চ-স্তৰীয় কমিটিয়ে ২০২৪ত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত মণিপুৰলৈ ১৫৩.৩৬ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনায়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ কাষত থিয় হৈছে
২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ-ৰ অধীনত ২৮ ৰাজ্যলৈ ২০,২৬৪.৪০ কোটি টকা আৰু এনডিআৰএফ-ৰ অধীনত ১৯ ৰাজ্যলৈ ৫,১৬০.৭৬ কোটি টকা মুকলি কৰি দিয়ে
Posted On:
29 APR 2025 6:23PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষাধীন এখন উচ্চ-স্তৰীয় কমিটিয়ে (HLC) ২০২৪ত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত মণিপুৰলৈ ১৫৩.৩৬ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় দুৰ্য্যোগ সাহায্য পুঁজিৰপৰা (NDRF) আগবঢ়োৱা এই সাহায্য বৰ্ষটোৰ বাবে ৰাজ্যিক দুৰ্য্যোগ সাহায্য পুঁজিত (SDRF) উপলব্ধ ৫০% অপেনিং বেলেঞ্চৰ লগ লাগিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ কাষত থিয় হৈছে।
ইতিমধ্যে ৰাজ্যসমূহে নিষ্পত্তি কৰা এছডিআৰএফ-লৈ কেন্দ্ৰই ৰাজ্যসমূহলৈ আগবঢ়োৱা পুঁজিৰ অতিৰিক্তভাৱে এই সাহায্য আগবঢ়োৱা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ-ৰ অধীনত ২৮ ৰাজ্যলৈ ২০,২৬৪.৪০ কোটি টকা আৰু এনডিআৰএফ-ৰ অধীনত ১৯ ৰাজ্যলৈ ৫,১৬০.৭৬ কোটি টকা মুকলি কৰি দিয়ে। ইয়াৰ উপৰিও ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন পুঁজিৰ পৰা (SDMF) ১৯ ৰাজ্যলৈ ৪৯৮৪.২৫ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ প্ৰশমন পুঁজিৰ পৰা (NDMF) ০৮ ৰাজ্যলৈ ৭১৯.৭২ কোটি টকাও মুকলি কৰি দিয়া হৈছে।
একেদৰে, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফ-ৰ অধীনত ০১ ৰাজ্যলৈ ৮৯৫.৬০ কোটি টকা আৰু এনডিআৰএফ-ৰ অধীনত ০৭ ৰাজ্যলৈ ৯২৯.৬৩৩ কোটি টকা মুকলি কৰি দিছে।
*****
RK/VV/RR/PS/SB
(Release ID: 2125279)
Visitor Counter : 23