তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
৬০ খনতকৈও অধিক দেশৰ পৰা প্ৰায় ১ লাখ পঞ্জীয়নৰ সৈতে বিশ্বজোৰা আন্দোলনত পৰিণত ক্ৰিয়েট ইন ইণ্ডিয়া প্ৰত্যাহ্বান
Posted On:
18 APR 2025 4:32PM
|
Location:
PIB Guwahati
বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন সন্মিলনৰ অধীনত ফ্লেগশ্বিপ পদক্ষেপ হিচাপে আৰম্ভ কৰা ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চিআইচি) ছিজন ১-এ ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈকে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত এক দৰ্শনীয় চূড়ান্ত অনুষ্ঠানৰ বাবে সাজু হৈছে ।এতিয়া ৩২টা প্ৰত্যাহ্বানৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে বন্ধ হৈ পৰিছে আৰু চিআইচিয়ে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। ইয়াত ১১০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীকে ধৰি প্ৰায় ১ লাখ পঞ্জীয়ন হৈছে। এই প্ৰত্যাহ্বানসমূহে ৬০খনতকৈও অধিক দেশৰ পৰা প্ৰতিযোগীক আকৰ্ষণ কৰিছে, যিয়ে এই অগ্ৰণী পদক্ষেপৰ বিশ্বব্যাপী আবেদন আৰু প্ৰসাৰৰ কথাই প্ৰতিফলিত কৰিছে। এই ব্যতিক্ৰমী প্ৰতিভাৰ মাজৰে পৰা ৭৫০ গৰাকী চূড়ান্ত প্ৰতিযোগীক ৱেভছ ২০২৫ ৰ অংশ হিচাপে এনিমেচন, কমিক্স, এআই, এক্সআৰ, গেমিং, সংগীত আৰু অধিক ক্ষেত্ৰত উদ্ভাৱনৰ বৈশিষ্ট্যযুক্ত বিশেষভাৱে নিৰ্বাচন কৰা প্লেটফৰ্ম ক্ৰিয়েটস্ফিয়াৰত তেওঁলোকৰ সৃষ্টিশীল দক্ষতা আৰু সৃষ্টিৰাজি প্ৰদৰ্শন কৰাৰ সুযোগ দিয়া হ’ব। অনুষ্ঠানৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হ'বলগীয়া ৰেড কাৰ্পেট অনুষ্ঠানত এই প্ৰত্যাহ্বানসমূহৰ বিজয়ীসকলক সন্মানীয় ‘ৱেভছ ক্ৰিয়েটৰ এৱাৰ্ড ’ প্ৰদান কৰা হ’ব।

ৱেভছৰ ক্ৰিয়েট’স্ফিয়াৰত উল্লেখযোগ্য বিশ্বব্যাপী বহু প্ৰতিযোগী অংশগ্ৰহণৰ সাক্ষী হ’ব৷ ইয়াত ৪৩ গৰাকী আন্তঃৰাষ্ট্ৰীয় চূড়ান্ত প্ৰতিযোগীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব, যিয়ে সৃষ্টিশীলতাৰ এই উদযাপনত সঁচাকৈয়ে আন্তঃৰাষ্ট্ৰীয় মাত্ৰা প্ৰদান কৰিব। এই চূড়ান্ত প্ৰতিযোগীসকলে আৰ্জেণ্টিনা, নেপাল, জাৰ্মানী, বাৰ্মুডা , আমেৰিকা, গ্ৰীচ, ইণ্ডোনেছিয়া, ইউনাইটেড কিংডম, কানাডা, ইটালী, লাওছ, থাইলেণ্ড, তাজিকিস্তান, ইজিপ্ত, শ্ৰীলংকা, ৰাছিয়া, মালদ্বীপ, মালয়েছিয়া আৰু জাপানকে ধৰি ২০খনতকৈও অধিক দেশক প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে শ্ৰীলংকা, নেপাল আৰু তাজিকিস্তানে ৬ জনকৈ চূড়ান্ত প্ৰতিযোগীৰ অৱদান আগবঢ়াইছে, তাৰ পিছতে ইণ্ডোনেছিয়া আৰু মালদ্বীপৰ পৰা ৫ জনকৈ আৰু মৰিচাছৰ পৰা ৪ জনকৈ প্ৰতিযোগী উজলি উঠিছে। আমেৰিকাক ২ জন চূড়ান্ত প্ৰতিযোগীয়ে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ৰাছিয়া, কানাডা, আৰ্জেণ্টিনা, লাওছ, মালয়েছিয়া, বাৰ্মুডা, ইজিপ্ত, থাইলেণ্ড, আৰু ইউনাইটেড কিংডমৰ ১ জনকৈ চূড়ান্ত প্ৰতিযোগী আছে। এই বৈচিত্ৰ্যময় আন্তঃৰাষ্ট্ৰীয় উপস্থিতিয়ে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ বিশ্বব্যাপী আবেদন আৰু ক্ৰমবৰ্ধমান প্ৰসাৰৰ দিশটোকে আলোকপাত কৰিছে।
ভাৰতৰ পৰা প্ৰত্যাহ্বানসমূহত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ উৎসাহী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে৷ প্ৰত্যাহ্বানসমূহৰ মাজেৰে প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিযোগীৰ তালিকাখনে উল্লেখযোগ্য আঞ্চলিক প্ৰতিনিধিত্বৰ কথা প্ৰতিফলিত কৰিে৷ পূবৰ অসম আৰু মেঘালয়ৰ পৰা পশ্চিমৰ গুজৰাট আৰু উত্তৰৰ হিমাচল প্ৰদেশৰ পৰা দক্ষিণৰ কেৰালালৈকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসকলে ইয়াত ভাগ লোৱা দেখা গৈছে।

যুৱক-যুৱতীসকলৰ শক্তিক উদযাপন কৰি ক্ৰিয়েট ইন ইণ্ডিয়া প্ৰত্যাহ্বানসমূহক প্ৰধানকৈ ২০ বছৰ বয়সৰ ভিতৰৰ যুৱ সমল সৃষ্টিকৰ্তাই গতি প্ৰদান কৰিছে৷ যিসকল কলেজীয়া ছাত্ৰ-ছাত্ৰী, কেৰিয়াৰৰ আৰম্ভণিৰ পেছাদাৰী আৰু কিশোৰ-কিশোৰী উদ্ভাৱক। আটাইতকৈ কম বয়সীয়া চূড়ান্ত প্ৰতিযোগীগৰাকীৰ বয়স মাত্ৰ ১২ বছৰ আৰু আটাইতকৈ বয়সীয়ালগৰাকীৰ বয়স ৬৬ বছৰ৷ এই কথাই অনুষ্ঠানটোৰ বয়সক অতিক্ৰম কৰাৰ ভাবনাকেই প্ৰদৰ্শন কৰি সকলোকে ইয়াত অন্তৰ্ভুক্তকৰণেৰে সৃষ্টিশীল মঞ্চ প্ৰদান কৰিছে।
ক্ৰিয়েট ইন ইণ্ডিয়া পদক্ষেপে তৃণমূল পৰ্যায়ৰ উদ্ভাৱনক উজলাই তোলাৰ লগতে উদ্দেশ্য আৰু অংশগ্ৰহণৰ বৈচিত্ৰ্যক উদযাপন কৰিছে। ইনোভেট ২ এডুকেট চেলেঞ্জৰ জৰিয়তে শিক্ষাক সুলভ কৰি তোলাৰ পৰা আৰম্ভ কৰি “মেক দ্য ৱৰ্ল্ড ৱেৰ খাদী”ৰ জৰিয়তে ভাৰতৰ বস্ত্ৰ উদ্যোগক পুনৰুজ্জীৱিত কৰালৈকে এই প্ৰত্যাহ্বানসমূহে পৰম্পৰা আৰু প্ৰযুক্তিক আধাৰ কৰি প্ৰস্তুত কৰা হৈছে৷ “ইণ্ডিয়া: এ বাৰ্ডছ আই ভিউ”-এ গল্প কথন আৰু সম্প্ৰদায়ৰ সবলীকৰণৰ বাবে ড্ৰ’ন প্ৰযুক্তি ব্যৱহাৰ কৰি চলচ্চিত্ৰ নিৰ্মাতা আৰু ড্ৰ’ন দিদিসকলৰ আকাংক্ষাক আকাশৰ পৰা গ্ৰহণ কৰা দৃশ্যৰ জৰিয়তে প্ৰতিফলিত কৰিছে৷
ৱেভছ ২০২৫ৰ বাবে উত্তেজনাই চৰম শিখৰত উপনীত হোৱাৰ লগে লগে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ভাৰতৰ সৃষ্টিশীল উচ্চাকাংক্ষাৰ এক শক্তিশালী প্ৰকাশ হিচাপে আত্মপ্ৰকাশ কৰিছে৷ এই প্ৰত্যাহ্বানে প্ৰতিভাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিছে আৰু বিশ্ব সংবাদ মাধ্যম তথা মনোৰঞ্জনৰ পৰিৱেশত দেশৰ উত্থানশীল নেতৃত্বৰ কথা পুনৰ সুদৃঢ় কৰি তুলিছে। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীৰ অংশগ্ৰহণেৰে সজীৱ হৈ পৰা ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ-এ এক গতিশীল বিশ্বজনীন মঞ্চ গঢ় দিছে, , যিয়ে অঞ্চল আৰু প্ৰজন্মৰ মাজত অুৰণিত হোৱা কণ্ঠস্বৰক শক্তিশালী কৰি তুলিছে আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী-“ৱেভছ প্ৰতিখন ঘৰ আৰু প্ৰতিটো হৃদয়ত উপনীত হ’ব লাগে”ক সঁচা অৰ্থত মূৰ্ত কৰি তুলিছে ৷
*****
PIB TEAM WAVES 2025 | Dharmendra Tewari/ Navin Sreejith | DM
Release ID:
(Release ID: 2122730)
| Visitor Counter:
71
Read this release in:
Odia
,
Marathi
,
Punjabi
,
Telugu
,
Malayalam
,
Bengali
,
English
,
Urdu
,
Hindi
,
Nepali
,
Gujarati
,
Tamil
,
Kannada