সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্ব ঐতিহ্য দিৱস উপলক্ষ্যে ১৮ এপ্ৰিল ২০২৫ত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ অধীনস্থ কীৰ্তিচিহ্ন দৰ্শনৰ বাবে দৰ্শকে দিব নালাগে প্ৰৱেশ মাচুল

Posted On: 17 APR 2025 4:44PM by PIB Guwahati

ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে এই কথা ঘোষণা কৰিছে যে ১৮ এপ্ৰিলত বিশ্বজুৰি উদযাপন কৰিবলগীয়া ‘আন্তঃৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু ঐতিহ্যমণ্ডিত স্থান দিৱস’ উপলক্ষে্য সমগ্ৰ ভাৰতবৰ্ষৰ ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ অধীনস্থ কীৰ্তিচিহ্নসমূহ দৰ্শনৰ বাবে দৰ্শকৰ পৰা কোনো মাচুল লোৱা নহ’ব।

এই পদক্ষেপৰ লক্ষ্য হৈছে দৰ্শনাৰ্থীসকলক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য অন্বেষণ কৰিবলৈ উৎসাহিত কৰা। ৩,৬৯৮টা কীৰ্তিচিহ্ন আৰু ঐতিহ্যমণ্ডিত স্থান নিজৰ  অধীনত ৰখা  ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে দেশৰ ঐতিহাসিক উত্তৰাধিকাৰ আৰু স্থাপত্যৰ আশ্চৰ্য্যৰ সৈতে দৰ্শনাৰ্থীৰ পুনৰ সংযোগ স্থাপনৰ অৰ্থে সুযোগ আগবঢ়াইছে। 

এইবাৰৰ ‘কীৰ্তিচিহ্ন আৰু ঐতিহ্যমণ্ডিত স্থানৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস’ৰ বিষয়বস্তু  হৈছে ‘দুৰ্যোগ আৰু সংঘাতৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হোৱা ঐতিহ্য।’ য'ত ঐতিহ্য ক্ষেত্ৰসমূহক প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগ, ভাবুকি বা সংঘাতৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হ'ব।

 

প্ৰৱেশ মাচুল ৰেহাই দি ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে আমাৰ ঐতিহ্যৰ সংৰক্ষণ আৰু পৰিচালনাৰ গুৰুত্বৰ লগতে সেইবোৰক অধিক হাৰত মানুহৰ মাজলৈ প্ৰসাৰিত কৰাৰ আশা কৰিছে৷  লগতে নাগৰিকে আমাৰ ঐতিহ্য সংৰক্ষণ কৰি ৰখাত কেনেকৈ সক্ৰিয় ভূমিকা ল’ব পাৰে সেই বিষয়তো আলোকপাত কৰা হ'ব।

 

আমাৰ সংবিধানত নিৰ্ধাৰিত মৌলিক কৰ্তব্য অনুসৰি এই অমূল্য ঐতিহ্য ক্ষেত্ৰসমূহ সুৰক্ষিত কৰি ৰখাটো  আমাৰ সকলোৰে সামূহিক দায়িত্ব।

 

****

 

Sunil Kumar Tiwari/DM


(Release ID: 2122548) Visitor Counter : 38