WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভএক্স ২০২৫-এ প্ৰসাৰিত কৰিলে যোগ্যতাৰ মাপকাঠী, আবেদনৰ সময়সীমা ২১ এপ্ৰিললৈ বৃদ্ধি


ফ্লেগশ্বিপ মিডিয়া-টেক ষ্টাৰ্টআপ ইভেণ্টে নতুনত্বৰ দুৱাৰ মুকলি কৰিব আৰু দেশজুৰি আগ্ৰহ বৃদ্ধি কৰিব

 Posted On: 16 APR 2025 5:47PM |   Location: PIB Guwahati

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতীয় ইণ্টাৰনেট আৰু মোবাইল এছ’চিয়েশ্যনৰ সহযোগত সংবাদ মাধ্যম আৰু মনোৰঞ্জন প্ৰযুক্তিৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ অৰ্থে  ভাৰতৰ অগ্ৰণী প্লেটফৰ্ম  ৱেভএক্স ২০২৫ৰ বাবে দুটা ডাঙৰ  ঘোষণা কৰিছে। অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰিবলৈ আৰু উদ্ভাৱনক উৎসাহ যোগোৱাৰ অৰ্থে  যোগ্যতাৰ মাপকাঠী সম্প্ৰসাৰণ কৰা হৈছে আৰু আবেদনৰ সময়সীমাও বৃদ্ধি কৰা হৈছে।

 

২০১৬ চনৰ পৰা অন্তৰ্ভুক্ত কৰা ষ্টাৰ্টআপসমূহে এতিয়া ৱেভএক্স ২০২৫ বাবে আবেদন কৰাৰ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ দ্বাৰা পূৰ্বৰ মাপকাঠীসমূহত  এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটোৱা হৈছে, যি মাপকাঠীয়ে পূৰ্বে ২০২০ বা তাৰ পিছত প্ৰতিষ্ঠা হোৱা ষ্টাৰ্টআপসমূহৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। এই পদক্ষেপে অংশগ্ৰহণকাৰীসকলক আৰু অধিক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।বিশেষকৈ মিডিয়া-টেক খণ্ডত স্থিতিস্থাপকতা, বৃদ্ধি আৰু প্ৰভাৱৰ অভিলেখ  থকাসকলক আকৰ্ষণ কৰিব।

 

সমগ্ৰ দেশৰ উদ্যোগীসকলৰ প্ৰবল আগ্ৰহ আৰু অনুৰোধৰ প্ৰতি সঁহাৰি জনাই আবেদনৰ সময়সীমা ২০২৫ চনৰ ২১ এপ্ৰিললৈও বৃদ্ধি কৰা হৈছে।এই সম্প্ৰসাৰণে উচ্চাকাংক্ষী মিডিয়া-টেক উদ্ভাৱকসকলক তেওঁলোকৰ প্ৰস্তাৱ দাখিল কৰিবলৈ আৰু ৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণ কৰাৰ সুযোগ নিশ্চিত কৰিবলৈ অতিৰিক্ত সময় প্ৰদান কৰিব।

 

ৱেভছ ২০২৫ শীৰ্ষ সন্মিলনৰ সময়ত মে’ আৰু মে’ত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰতৱেভএক্স ২০২৫  অনুষ্ঠিত হ’ব। বিশ্ব অডিঅ'-ভিজুৱেল বিনোদন সন্মিলনৰ (WAVES) এটা  অংশ ৱেভএক্স ২০২৫-এ  গেমিং, এনিমেচন, এক্সআৰ, মেটাভাৰ্ছ, জেনেৰেটিভ এআই, আৰু কন্টেন্ট প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত কাম কৰা ষ্টাৰ্টআপসমূহৰ বাবে এটা হাই-ষ্টেক মঞ্চ হিচাপে কাম কৰিব।নিৰ্বাচিত ষ্টাৰ্টআপসমূহে বন্ধ কোঠাৰ অধিৱেশনত অংশগ্ৰহণ কৰিব পাৰিব আৰু শীৰ্ষ ভেঞ্চাৰ কেপিটেল ফাৰ্ম আৰু হাই-প্ৰফাইল এঞ্জেল বিনিয়োগকাৰীৰ সৈতে সংযোগ স্থাপন  কৰিব পাৰিব। উদ্যোগৰ আগশাৰীৰ বিশেষজ্ঞসকলৰ দ্বাৰা মেণ্টৰশ্বিপ, বিশ্বব্যাপী অংশীদাৰসকলৰ সৈতে পৰিচিত হোৱা আৰু বিশিষ্ট প্ৰযুক্তি আৰু সংবাদ মাধ্যম কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰাৰ সুযোগৰ দ্বাৰাও তেওঁলোকে লাভাৱান্বিত হ’ব।

 

ৱেভএক্স ২০২৫ কেৱল উদীয়মান ধাৰণাসমূহৰ প্ৰদৰ্শন হিচাপে নহয়, ডিজিটেল যুগত বিষয়বস্তু কেনেকৈ সৃষ্টি, প্ৰদান আৰু মুদ্ৰাকৰণ কৰা হয় সেই বিষয়সমূহক সামৰিও ইয়াক  এক কৌশলগত মঞ্চ হিচাপে প্ৰস্তুত কৰা হৈছে।

 

অফিচিয়েল ৱেভএক্স পৰ্টেলত https://wavex.wavesbazaar.com ৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব।

 

ৱেভছৰ  বিষয়ে

 

ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ মে’ৰ পৰা মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ  অনুষ্ঠান (WAVES)।আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড খণ্ডত  অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন  প্ৰদান কৰিছে।ৱেভছে  ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ),ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।Have কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক

আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন  কৰক (অতিশীঘ্ৰে আহি আছে!)।

পিআইবি টীম ৱেভছৰ  শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক

আহক, আমাৰ যাত্ৰাৰ সংগী হওঁক!ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক

* * *

PIB TEAM WAVES 2025 | Edgar/ Darshana |DM  


Release ID: (Release ID: 2122537)   |   Visitor Counter: 16