প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
Posted On:
08 APR 2025 1:25PM by PIB Guwahati
হিতাধিকাৰী - ছাৰ, আজি মই মোৰ এটা কাহিনী ক’বলৈ বিচাৰিছো। কেনেকৈ এটা পোহনীয়া জন্তুৰ চখৰ পৰা মই আজি এগৰাকী উদ্যোগীলৈ উত্তৰণ হ'লোঁ তাৰেই কথা ক’বলৈ ওলাইছো। মোৰ ব্যৱসায়িক উদ্যোগৰ নাম K9 World, য'ত আমি সকলো ধৰণৰ পোহনীয়া জন্তুৰ সামগ্ৰী, ঔষধ আৰু পোহনীয়া জন্তু যোগান ধৰো। ছাৰ, মুদ্ৰা ঋণ লাভ কৰাৰ পিছত আমি আমাৰ সেৱা বহু পৰিমাণে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিলো। আমাৰ এটা মূল পদক্ষেপ আছিল পোহনীয়া জন্তুৰ ব’ৰ্ডিঙৰ সুবিধা আৰম্ভ কৰা। ভ্ৰমণ কৰিবলগীয়া পোহনীয়া জন্তুৰ গৰাকীৰ বাবে এইটোৱে এক বৃহৎ সহায় কৰিছে—এতিয়া তেওঁলোকে নিজৰ পোহনীয়া জন্তুবোৰক মৰমেৰে যত্ন লোৱা হ’ব বুলি জানি আমাৰ লগত নিৰাপদ, ঘৰুৱা পৰিৱেশত এৰি দিব পাৰিছে। ছাৰ, জীৱ-জন্তুৰ প্ৰতি মোৰ প্ৰেম সঁচাকৈয়ে বিশেষ। মই খাওঁ বা নাখাওঁ কোনো কথা নাই, কিন্তু জীৱ-জন্তুবোৰক খুৱাবই লাগিব আৰু সিহঁতৰ যত্ন লোৱাটো মোৰ বাবে সৰ্বোপৰি। এইটো কেৱল ব্যৱসায় নহয়—এইটো এটা আবেগ, যিটো মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে।
প্ৰধানমন্ত্ৰী - তেন্তে, ঘৰৰ সকলোৱে নিশ্চয় আপোনাৰ পৰা বিৰক্ত হৈ পৰিছে?
হিতাধিকাৰী - ছাৰ, মোৰ কুকুৰবোৰৰ সঠিক যত্ন ল’বলৈ মই আনকি সিহঁতৰ লগত পৃথকে পৃথকে থকাৰ ব্যৱস্থাও কৰিছো—কেৱল সিহঁতৰ এটা শান্তিপূৰ্ণ, নিবেদিত ঠাই থকাটো নিশ্চিত কৰিবলৈ। ই এটা সম্পূৰ্ণ পৃথক চেটআপ, সিঁহতৰ আৰাম আৰু মংগলৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে৷ লগতে আপোনাক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো ছাৰ। আপোনাৰ সহায়ৰ বাবেই মোৰ দৰে ইমানবোৰ পশুপ্ৰেমী আৰু বেচৰকাৰী সংস্থাৰ কৰ্মীয়ে মুক্তভাৱে আৰু কোনো বাধা নোহোৱাকৈ আমাৰ কাম-কাজ আগবঢ়াই নিব পাৰিছো। আপোনালোকৰ উৎসাহে পশু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা লোকসকলৰ বাবে এক নিৰাপদ স্থানৰ সৃষ্টি কৰিছে। ছাৰ, মোৰ বাসগৃহত আমাৰ এটা সহজ নিয়ম আছে— যদি আপুনি পশুপ্ৰেমী নহয়, তেন্তে আপোনাক অনুমতি দিয়া নহয়।
প্ৰধানমন্ত্ৰী - ইয়ালৈ অহাৰ পিছত আপুনি যথেষ্ট প্ৰচাৰ লাভ কৰিব নহয় নে?
হিতাধিকাৰী - নিশ্চয়, ছাৰ!
প্ৰধানমন্ত্ৰী - আপোনাৰ হোষ্টেলটো বৰ সৰু হৈ যাব।
হিতাধিকাৰী - আগতে য'ত মই মাহে ২০ হাজাৰ টকা উপাৰ্জন কৰিছিলোঁ ছাৰ, এতিয়া মই মাহে ৪০ৰ পৰা ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো।
প্ৰধানমন্ত্ৰী - গতিকে এতিয়া আপুনি এটা কাম কৰক, বেংকৰ মানুহৰ সৈতে কথা পাতক।
হিতাধিকাৰী - হয় ছাৰ
প্ৰধানমন্ত্ৰী - যি সময়ত আপুনি ঋণ লাভ কৰে, তেওঁলোকক ফোন কৰি আপোনাৰ সকলো বস্তু দেখুৱাওক আৰু তেওঁলোকক ধন্যবাদ দিয়ক, বেংকৰ সেই মানুহবোৰক কওক যে চাওক, আপোনালোকে মোক বিশ্বাস কৰিছিল আৰু মই এই কামটো কৰি পেলালো, যিটো কাম বহুতে কৰিবলৈ সাহস নকৰে, আপুনি মোক ঋণটো দিয়া বাবেই আজি চাওক মই কেনেকৈ কাম কৰি আছো।
হিতাধিকাৰী - নিশ্চয়, ছাৰ।
প্ৰধানমন্ত্ৰী - তেওঁলোকৰো মনবোৰ ভাল লাগিব যে হয়, তেওঁলোকেও কিছু ভাল কামেই কৰিলে বুলিও অনুভৱ হ’ব।
হিতাধিকাৰী - তেওঁ প্ৰধানমন্ত্ৰীৰ অনুপম আভাই সৃষ্টি কৰা নিস্তব্ধতাৰ পৰিৱেশ নাইকিয়া কৰি পেলালে আৰু আমাৰ সকলোৰে লগত বন্ধুৰ দৰেকৈ মিলি গ’ল। ইয়াৰ পৰা আমি দুটা কথা নিশ্চিত হ’লো যে প্ৰধানমন্ত্ৰী বৰ আকৰ্ষণীয় ব্যক্তিত্বৰ লোক আৰু দ্বিতীয়টো হৈছে তেওঁ এগৰাকী অতি ভাল শ্ৰোতা।
হিতাধিকাৰী - মই গোপকৃষ্ণন, মুদ্ৰা ঋণেৰে লাভৱান্বিত হোৱা কেৰালাৰ এগৰাকী উদ্যোগী। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই মোক এজন সফল উদ্যোগীলৈ ৰূপান্তৰিত কৰিছে। চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ লগতে পৰিয়াল আৰু কাৰ্যালয়লৈ নবীকৰণযোগ্য শক্তিৰ সমাধান আনি মোৰ ব্যৱসায়টোৱে লাভৱান হৈ আছে।
প্ৰধানমন্ত্ৰী- ডুবাইৰ পৰা উভতি আহোঁতে আপোনাৰ পৰিকল্পনা কি আছিল?
হিতাধিকাৰী - মই উভতি আহিছিলোঁ আৰু মুদ্ৰা ঋণৰ বিষয়ে বিভিন্ন তথ্য জানিবলৈ পাইছিলো, তাৰ পিছতেই সেই কোম্পানীটোৰ পৰা পদত্যাগ কৰিছিলোঁ।
প্ৰধানমন্ত্ৰী- গতিকে, তাত থকাৰ সময়তে আপুনি এই বিষয়ে জানিবলৈ পাৰিছিল?
হিতাধিকাৰী - হয়। আৰু পদত্যাগ কৰাৰ পিছত ইয়ালৈ আহিলোঁ আৰু তাৰ পিছত মুদ্ৰা ঋণৰ বাবে আবেদন কৰি এই কামটো আৰম্ভ কৰিলোঁ।
প্ৰধানমন্ত্ৰী- ঘৰ এটাৰ ওপৰত সূৰ্য ঘৰ সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে?
হিতাধিকাৰী - এতিয়া সৰ্বাধিক দুদিন লাগে, ছাৰ।
প্ৰধানমন্ত্ৰী- আপুনি এটা ঘৰৰ কাম দুদিনত সম্পূৰ্ণ কৰি দিয়ে?
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী- আপুনি চাকৰি এৰি আহি হয়তো চিন্তিত হৈছিল যে ধনবোৰ পৰিশোধ কৰিব নোৱাৰিলে কি হ’ব, মা-দেউতাইও হয়তো আপোনাক কথা শুনাব যে আপুনি কিয় ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছে, কি কি হ’ব এতিয়া..এনেধৰণৰ কথাবোৰে আমনি কৰিছিল নে?
হিতাধিকাৰী - মা অলপ চিন্তাত আছিল যদিও ভগৱানৰ কৃপাত সকলো ঠিক হৈ গ’ল।
প্ৰধানমন্ত্ৰী- পি এম সূৰ্য ঘৰৰ পৰা এতিয়া বিনামূলীয়া বিদ্যুৎ লাভ কৰা লোকসকলৰ কেনে প্ৰতিক্ৰিয়া, কাৰণ কেৰেলাত ঘৰবোৰ চাপৰ, গছবোৰ ওখ, ৰ’দৰ পোহৰ অতি কম, বৰষুণো হৈ থাকে, গতিকে তেওঁলোকৰ কেনে অনুভৱ?
হিতাধিকাৰী - এইটো ইনষ্টল কৰাৰ পিছত তেওঁলোকৰ বিজুলী বিল মাহে ২৪০-২৫০ টকাৰ ভিতৰত আহে। আগতে ৩০০০ টকা দিয়া সকলে এতিয়া ২৫০ টকাৰ বিল লাভ কৰে।
প্ৰধানমন্ত্ৰী- এতিয়া মাহে কিমান উপাৰ্জন কৰে? আপোনাৰ একাউণ্টত কিমান মান ধন থাকে?
হিতাধিকাৰী - মই ইমান ধন লাভ কৰো….
প্ৰধানমন্ত্ৰী- নাই নাই, চিন্তা কৰিব নালাগে, আয়কৰৰ মানুহ ঘৰলৈ নাহে দিয়ক।
হিতাধিকাৰী - মই আঢ়ৈ লাখকৈ টকা পাই আছো, ছাৰ।
প্ৰধানমন্ত্ৰী - বিত্তমন্ত্ৰী মোৰ কাষতে বহি আছে। মই তেখেতক ক’ম যে ইনকাম টেক্সৰ মানুহ যেন আপোনাৰ ঘৰলৈ নাহে।
হিতাধিকাৰী - আঢ়ৈ লাখতকৈও বেছি পাও, ছাৰ।
হিতাধিকাৰী - সপোন আমি শুই থকা অৱস্থাত দেখা বস্তু নহয়, সপোন হৈছে সেয়া যিয়ে আমাক শুবলৈ নিদিয়ে। বিপদ আৰু অসুবিধাও থাকিব অজস্ৰ, কিন্তু তাৰ মাজতে সংগ্ৰাম কৰা সকলেহে সফলতা লাভ কৰিব।
হিতাধিকাৰী - মই হাউচ অৱ পুচকাৰ প্ৰতিষ্ঠাপক। আগতে ঘৰতে ৰান্ধিছিলোঁ আৰু সোৱাদো ভাল আছিল, গতিকে সকলোৱে পৰামৰ্শ দিলে যে মই কেফে ক্ষেত্ৰখনত সোমাব লাগে। তাৰ পিছত ইয়াৰ ওপৰত অলপ চিন্তা চৰ্চা কৰি গম পালোঁ যে লাভৰ হাৰো দেখোন ভাল, গতিকে খাদ্যৰ খৰচ আদি পৰিচালনা কৰিলে সফল ব্যৱসায় চলাব পাৰি বুলি মনতে মনস্থ কৰিলো।
প্ৰধানমন্ত্ৰী - এজন যুৱক, এটা প্ৰজন্ম, কিছু শিক্ষা লাভ কৰাৰ পিছত তেওঁলোকে ভাবে যে নাই, নাই, মই চাকৰি এটা লৈ নিগাজি হৈ লম, মই কোনো ৰিস্ক নলওঁ। কিন্তু আপোনাৰ হাতত ৰিস্ক লোৱাৰ ক্ষমতা আছে।
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী - গতিকে আপোনাৰ নিশ্চয় ৰায়পুৰত বন্ধু আছে, কৰ্পৰেট জগততো বন্ধু আছে, ছাত্ৰ সমাজতো বন্ধু থাকিব লাগিব। তেওঁলোকৰ মাজত এই বিষয়ে কি আলোচনা হৈছে? তেওঁলোকে কি কি প্ৰশ্ন কৰে? তেওঁলোকে কি ভাবে? তেওঁলোকে এই কাম কৰিব পাৰিবনে? তেওঁলোকে এই কামটো কৰা উচিত নে, তেওঁলোকেও আগবাঢ়ি আহিব বিচাৰে নেকি?
হিতাধিকাৰী - ছাৰ, বৰ্তমান মোৰ বয়স ২৩ বছৰ, গতিকে মোৰ ৰিস্ক লোৱাৰ ক্ষমতাও আছে আৰু সময়ো আছে, পিছে এই সময়ত যুৱক-যুৱতীসকলে অনুভৱ কৰে যে তেওঁলোকৰ হাতত ধন নাই, কিন্তু তেওঁলোক চৰকাৰী আঁচনিবোৰৰ বিষয়ে অৱগত নহয়, গতিকে মোৰ ফালৰ পৰা মই তেওঁলোকক এটা পৰামৰ্শ দিব বিচাৰিছো, কিছু গৱেষণা কৰক, চিন্তা-চৰ্চা কৰক, যেনেকৈ মুদ্ৰা ঋণ আছে, একেদৰে পিএম ইজিপি ঋণো আছে, আন বহুতো ঋণৰ সুবিধা আছে যিবোৰ আপুনি বন্ধক অবিহনে পাব পাৰে, গতিকে যদি আপোনাৰ সপোন আছে, সম্ভাৱনা আছে তেন্তে আপুনি চাকৰিৰ ধাৰণা বাদ দিব পাৰে কাৰণ আপোনাৰ বাবে আকাশৰ কোনো সীমা নাই। আপুনি ব্যৱসায় কৰিব পাৰে আৰু যিমান বিচাৰে সিমান বিকাশ লাভ কৰিব পাৰে।
হিতাধিকাৰী - চিৰিবোৰ ছাদলৈ যাব বিচৰাসকলৰ বাবে হওক, আমাৰ গন্তব্যস্থান আকাশ, আমি নিজেই নিজৰ বাটটো বনাব লাগিব। মই এম ডি, মুদাছিৰ নাক্কাছবন্দ, বেক মাই কেক, বাৰামুল্লা কাশ্মীৰৰ গৰাকী। আমি সফল ব্যৱসায়েৰে চাকৰি প্ৰত্যাশীৰ পৰা এতিয়া চাকৰি সৃষ্টিকৰ্তা হৈ পৰিছো। আমি বাৰামুল্লাৰ দুৰ্গম অঞ্চলৰ ৪২ গৰাকী ব্যক্তিক স্থায়ী চাকৰিৰ ব্যৱস্থা কৰি দিছো।
প্ৰধানমন্ত্ৰী - আপুনি ইমান ক্ষীপ্ৰতাৰে আগবাঢ়িছে! বেংকে ঋণ দিয়াৰ আগতে আপোনাৰ অৱস্থা কেনে আছিল?
হিতাধিকাৰী - ছাৰ, সামগ্ৰিকভাৱে এয়া আছিল ২০২১ চন। তাৰ পূৰ্বে মোৰ হাতত লাখ-কোটি টকা নাছিল, আছিল মাথো কেইহাজাৰমান টকা।
প্ৰধানমন্ত্ৰী - তোমাৰ প্ৰতিষ্ঠানত ইউপিআই ব্যৱহাৰ কৰা নে?
হিতাধিকাৰী - ছাৰ, আমি সন্ধিয়া নগদ ধন গণিবলৈ ল’লেই মনটো বেয়া লাগি যায়, কাৰণ ৯০% লেনদেন ইউ পি আইৰ জৰিয়তেই হয়, আৰু আমাৰ হাতত মাত্ৰ ১০% হে নগদ ধন থাকে।
হিতাধিকাৰী - আচলতে মই তেওঁক অতি ভদ্ৰ লোক হিচাপেই পাইছিলোঁ আৰু তেওঁক আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যেন নালাগিছিল, আৰু এনে লাগিছিল যেন কোনোবা আমাৰ লগতে বহি আছে আৰু আমাক পথ প্ৰদৰ্শন কৰি আছে, তেনে নম্ৰতা দেখিবলৈ পাইছিলো তেওঁৰ মাজত।
প্ৰধানমন্ত্ৰী - সুৰেশ, আপুনি এই তথ্য ক’ৰ পৰা পালে, আপুনি আগতে কি কাম কৰিছিল, আপুনি এতিয়া পৰিয়ালত কি কাম কৰি আছে?
হিতাধিকাৰী - ছাৰ, মই ইতিমধ্যেই এটা কামত নিয়োজিত হৈ আছিলো।
প্ৰধানমন্ত্ৰী - ক’ত?
হিতাধিকাৰী - বাপীত, আৰু সেয়া আছিল ২০২২ চনৰ কথা, মই ভাবিছিলো যে এই চাকৰিটোৰে মোৰ আৰু একো উন্নতি নহ’ব, গতিকে মই নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলো।
প্ৰধানমন্ত্ৰী - আপুনি জীৱিকা উপাৰ্জনৰ বাবে দৈনিক ৱাপীলৈ ৰে’লযোগে যাত্ৰা কৰিছিল, ৰেলত আপুনি যি বন্ধুত্ব গঢ়ি তোলে সেয়া আচৰিত, গতিকে এই....
হিতাধিকাৰী - ছাৰ, মই ছিলভাছাত থাকো আৰু আগতে বাপীত কাম কৰিছিলো, কিন্তু এতিয়া মোৰ কাম কেৱল ছিলভাছাত।
প্ৰধানমন্ত্ৰী - মই জানো সিঁহত সকলো আপ-ডাউন গেং, কিন্তু এতিয়া তেওঁলোকে নিশ্চয় সুধিছে যে আপুনি ইমান উপাৰ্জন কৰিবলৈ কেনেকৈ আৰম্ভ কৰিলে, কি কৰি আছে আচলতে? তেওঁলোকৰ কোনোবাই মুদ্ৰা ঋণ লৈ ক’ৰবালৈ যাবলৈ মন কৰে নেকি?
হিতাধিকাৰী - হয় ছাৰ, শেহতীয়াকৈ মই ইয়ালৈ আহি থাকোঁতে মোৰ এজন বন্ধুৱেও মোক একেই কথা কৈছিল যে যদি সম্ভৱ হয় তেন্তে মুদ্ৰা লোনৰ বাবে তেওঁক অলপ গাইড কৰিব লাগে।
প্ৰধানমন্ত্ৰী - সৰ্বপ্ৰথমে মোৰ ঘৰলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আমাৰ শাস্ত্ৰত কোৱা হৈছে যে যেতিয়া আলহী ঘৰলৈ আহে আৰু তেওঁলোকৰ পদধূলি ঘৰত পৰিলে ঘৰখন নিৰ্মল হৈ পৰে। গতিকে, মই আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছো। আপোনালোক সকলোৰে কিছু অভিজ্ঞতা নিশ্চয় আছে, কিছুমানৰ হয়তো নিজৰ কাম কৰি থাকোঁতে অতি আৱেগিক অভিজ্ঞতা হৈছে। কোনোবাই যদি মোক কিবা ক’বলৈ মন যায় তেন্তে শুনিব বিচাৰিম।
হিতাধিকাৰী - ছাৰ, যিহেতু আপুনি মন কী বাতত কথা কয় আৰু শুনে, পোনপ্ৰথমে মই আপোনাক এই কাহিনী ক’বলৈ বিচাৰিছো। আপোনাৰ সন্মুখত থিয় হৈ আছে এখন অতি সৰু চহৰ ৰায়েবৰেলীৰ এগৰাকী মহিলা ব্যৱসায়ী, যিটো আপোনাৰ সহায় আৰু সহযোগিতাৰে এম এছ এম ই সমূহ যে ইমানেই উপকৃত হৈছে তাৰ প্ৰমাণ, ইয়ালৈ অহাটো মোৰ বাবে এক অতি আৱেগিক মুহুৰ্ত আৰু আমি আপোনাক প্ৰতিশ্ৰুতি দিছো যে আমি একেলগে ভাৰতক এখন বিকশিত ভাৰত কৰি তুলিম, যিদৰে আপুনি সহযোগিতা আগবঢ়াই আছে আৰু এমএছএমইবোৰক নিজৰ শিশুৰ দৰে আদৰ কৰিছে, আমি চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰাত সমস্যাৰ সন্মুখীন হৈছিলোঁ নেকি, বা পুঁজিৰ সন্দৰ্ভত বিভিন্ন কথাৰ খেয়াল ৰাখিছে…
প্ৰধানমন্ত্ৰী - নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰে নেকি?
হিতাধিকাৰী - নাই-নাই ছাৰ এইটো কথাই মোৰ মনলৈ আহিছিল বাবে আপোনাৰ সমূখত ব্যক্ত কৰিলো,কাৰণ মই অনুভৱ কৰিছিলো যে আগতে মই এইবোৰ সমস্যাৰ সন্মুখীন হৈছিলো। যেতিয়াই মই ঋণ আদিৰ বাবে গৈছিলো বেংকলৈ গৈছিলো তেতিয়াই মই বিমুখ হৈ উভতি আহিছিলো।
প্ৰধানমন্ত্ৰী - কওকচোন, আপুনি কি কৰে?
হিতাধিকাৰী - বেকাৰী - বেকাৰী।
প্ৰধানমন্ত্ৰী - বেকাৰী?
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী - বৰ্তমান আপুনি কিমান টকা উপাৰ্জন কৰে?
হিতাধিকাৰী - ছাৰ, মোৰ মাহিলী টাৰ্ণঅভাৰ ২.৫ৰ পৰা ৩ লাখ টকা হয়গৈ।
প্ৰধানমন্ত্ৰী - আচ্ছা, আৰু আপোনাৰ অধীনত কিমানগৰাকী লোকে কাম কৰি আছে?
হিতাধিকাৰী - ছাৰ, আমাৰ ৭-৮ জনীয়া গ্ৰুপ এটা আছে।
প্ৰধানমন্ত্ৰী - বাৰু।
হিতাধিকাৰী - হয় ছাৰ।
হিতাধিকাৰী - ছাৰ, মোৰ নাম লৱকুশ মেহৰা, আৰু মই মধ্যপ্ৰদেশৰ ভোপালৰ বাসিন্দা৷ আগতে মই আন কাৰোবাৰ বাবে কাম কৰিছিলো, কিন্তু সেই সময়ছোৱাত মই সদায় কেৱল এজন কৰ্মচাৰীৰ দৰে অনুভৱ কৰিছিলো। ছাৰ, আপুনি মুদ্ৰা ঋণ আঁচনিৰ জৰিয়তে আমাক আশ্বাস আৰু সৱলীকৰণৰ অনুভূতি দিলে, আৰু আজি মই গৌৰৱেৰে কওঁ যে মই এজন উদ্যোগী হৈ পৰিছো। যদিও মই এম বি এ ডিগ্ৰীধাৰী, তথাপি ঔষধ উদ্যোগৰ বিষয়ে মোৰ কোনো পূৰ্ব জ্ঞান নাছিল। মই মোৰ ব্যৱসায়িক যাত্ৰা ২০২১ চনত আৰম্ভ কৰিছিলো। প্ৰথমতে বেংকৰ কাষ চাপিছিলো আৰু মুদ্ৰা ঋণ আঁচনিৰ অধীনত ৫ লাখ টকাৰ কেছ ক্ৰেডিট (CC) লাভ কৰিছিলো। স্বীকাৰ কৰো যে মই নাৰ্ভাছ হৈ পৰিছিলো, কাৰণ এইটোৱেই আছিল প্ৰথমবাৰৰ বাবে ইমান উল্লেখযোগ্য আৰ্থিক সাহায্য, আৰু মই নিশ্চিত নাছিলো যে মই সেইটো ঘূৰাই দিব পাৰিম নে নাই। ফলত মই আগতে অনুমোদিত ধনৰ পৰা মাত্ৰ ৩ৰ পৰা ৩.৫ লাখ টকাহে ব্যৱহাৰ কৰিছিলোঁ। আজি সেই একেটা মুদ্ৰা ঋণ ৫ লাখৰ পৰা ৯.৫ লাখ টকালৈ বৃদ্ধি পাইছে, প্ৰথম বছৰত ১২ লাখ টকাৰ মোৰ টাৰ্ণঅভাৰ এতিয়া ৫০ লাখৰ ওপৰলৈ বৃদ্ধি পাইছে। এই ৰূপান্তৰে মোৰ জীৱন সলনি কৰি পেলাইছে।
প্ৰধানমন্ত্ৰী - আপোনাৰ নিশ্চয় আন বন্ধুও আছে, যিয়ে ভাবিছে যে এইটোও এটা জীৱন-ধাৰণৰ পদ্ধতি।
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী - মুঠতে, মুদ্ৰা যোজনা মোডীক প্ৰশংসাৰ বাবে নহয়, মুদ্ৰা যোজনাই মোৰ দেশৰ যুৱক-যুৱতীসকলক নিজৰ ভৰিৰ ওপৰত থিয় হৈ শিৰোন্নত কৰি ৰাখিবলৈ সাহস দিছে, মই কিয় জীৱিকা উপাৰ্জনৰ বাবে ঘূৰি ফুৰিম, মই ১০ জন লোকক জীৱিকাৰ ব্যৱস্থা কৰিম।
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী - এইটো এটা আমেজ সৃষ্টিৰ বাবে, আপোনাৰ চৌপাশৰ মানুহে সেয়া অনুভৱ কৰেনে?
হিতাধিকাৰী - হয় ছাৰ। মোৰ গাঁও - বাচাৱনী ভূপালৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগত। তাত কমেও দুই-তিনিজনে অনলাইন ডিজিটেল দোকান খুলিছে, কোনোবাই ফটো ষ্টুডিঅ’ৰ বাবে এক বা দুলাখকৈ ঋণ লৈছে আৰু মই তেওঁলোককো সহায় কৰিছো ছাৰ। আনকি মোৰ বন্ধুসকল ছাৰ...
প্ৰধানমন্ত্ৰী - কাৰণ এতিয়া আপোনালোকৰ পৰা মোৰ আশা এয়াই যে আপোনালোকে মানুহক কেৱল কৰ্মসংস্থাপন দিয়াই নহয়, কোনো গেৰাণ্টি অবিহনে বেংকৰ পৰা টকা পাইছে বুলিও কওক, ইয়াৰ বাবে ঘৰত বহি থাকিলেই নহ’ব, বেংকৰ মানুহক কথাবোৰ বাৰম্বাৰ কওক।
হিতাধিকাৰী - এই মুদ্ৰা ঋণৰ বাবেই শেহতীয়াকৈ ৬ মাহ আগতে ৩৪ লাখ টকাৰে মই নিজাকৈ ঘৰ এটা কিনিছো।
প্ৰধানমন্ত্ৰী - বঢ়িয়া।
হিতাধিকাৰী - আগতে ৬০-৭০ হাজাৰ টকা দি কাম এটা কৰিছিলোঁ, আজি মাহে ১.৫ লাখতকৈও অধিক টকা উপাৰ্জন কৰিছো ছাৰ।
প্ৰধানমন্ত্ৰী - সুন্দৰ, আপোনাক বহু বহু অভিনন্দন।
হিতাধিকাৰী - আৰু এই সকলোবোৰ আপোনাৰ বাবেই সম্ভৱ হৈছে। অশেষ ধন্যবাদ ছাৰ।
প্ৰধানমন্ত্ৰী - আপোনাৰ কষ্টৰ ফল এয়া, ভাই।
হিতাধিকাৰী - মোডী জীৰ লগত কথা পতাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পতা যেন একেবাৰেই অনুভৱ হোৱা নাছিল। এনে লাগিল যেন আমাৰ নিজৰ পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যই আমাৰ লগত কথা পাতিছে, যিয়ে সঁচাকৈয়ে আমাৰ যত্ন লয়। তেওঁ ধৈৰ্য্যৰে আমাৰ সমগ্ৰ যাত্ৰাৰ কথাবোৰ শুনিছিল, মুদ্ৰা ঋণ আঁচনিৰ জৰিয়তে আমি কেনেকৈ সফল হৈছিলো সেইবোৰো শুনিছিল। তেওঁ আমাক যিদৰে আঁচনিখনৰ বিষয়ে সজাগতা বিয়পাই দিবলৈ উৎসাহিত কৰিছিল যাতে অধিক লোকক শক্তিশালী কৰি নিজাকৈ উদ্যোগ আৰম্ভ কৰিব পাৰে—সেয়া আছিল গভীৰভাৱে প্ৰেৰণাদায়ক।
হিতাধিকাৰী - মই গুজৰাটৰ ভাৱনগৰৰ পৰা আহিছো।
প্ৰধানমন্ত্ৰী - আপোনাক আটাইতকৈ কম বয়সীয়া যেন লাগিছে।
হিতাধিকাৰী - হয় ছাৰ।
প্ৰধানমন্ত্ৰী - এই গোটেই মানুহখিনিৰ ভিতৰত নেকি?
হিতাধিকাৰী - মই চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰু চাৰি মাহ আছে…
প্ৰধানমন্ত্ৰী - আপুনি পঢ়িও আছে আৰু উপাৰ্জনো কৰি আছে নেকি?
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী - বঢ়িয়া!
হিতাধিকাৰী - মই আদিত্য টেক লেবৰ প্ৰতিষ্ঠাপক, য'ত মই থ্ৰীডি প্ৰিন্টিং, ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং, ৰেপিড প্ৰ'ট'টাইপিং, আৰু কিছুমান ৰবটিক্স প্ৰজেক্টৰ কাম কৰো। মেকাট্ৰনিক্সৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ হোৱাৰ বাবে মোৰ মূল আগ্ৰহ হৈছে অটোমেচন আৰু উন্নত প্ৰযুক্তি। এই আবেগক মই এটা মুদ্ৰা ঋণৰ সহায়ত ব্যৱসায়লৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিলো। বৰ্তমান মোৰ বয়স ২১ বছৰ। যেতিয়া মই প্ৰথমবাৰৰ বাবে মোৰ উদ্যোগ আৰম্ভ কৰাৰ কথা ভাবিছিলো, তেতিয়া প্ৰায়ে শুনিছিলো যে ঋণ লোৱাটো অত্যন্ত কঠিন হ’ব—বিশেষকৈ মোৰ বয়সত। বহু লোকে কৈছিল, “প্ৰথমে চাকৰি এটা লৈ লোৱা, দুবছৰমানৰ অভিজ্ঞতা লৈ লোৱা, তেতিয়া হয়তো ঋণৰ বাবে যোগ্য হ’বা।” কিন্তু সেইটোৱে মোক নিৰুৎসাহিত কৰিবলৈ নিদিলোঁ৷ মই থকা ভাৱনগৰৰ সৌৰাষ্ট্ৰ গ্ৰামীণ বেংকলৈ গলো আৰু তেওঁলোকৰ সৈতে মোৰ ধাৰণাটো শ্বেয়াৰ কৰিলোঁ৷ তেওঁলোকে মোক মুদ্ৰা আঁচনিৰ অধীনত কিশোৰ শিতানৰ বিষয়ে অৱগত কৰিলে, য’ত ৫০ হাজাৰৰ পৰা ৫ লাখ টকালৈকে ঋণ প্ৰদান কৰাৰ ব্যৱস্থা আছে। মই আবেদন কৰি ২ লাখ টকা পাইছিলোঁ, যিটোৰে মোৰ উদ্যোগটো আৰম্ভ কৰিবলৈ যথেষ্ট। কলেজ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অলপ জটিল হৈছে৷ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ক্লাছত থাকোঁ, আৰু উইকেণ্ডত ভাৱনগৰৰ পৰা কাম কৰি পেণ্ডিং প্ৰজেক্ট সম্পূৰ্ণ কৰো। আৰু আজি মই মাহে ৩০ হাজাৰৰ পৰা ৩৫ হাজাৰ টকা উপাৰ্জন কৰিছো, ছাৰ।
প্ৰধানমন্ত্ৰী - আচ্ছা!
হিতাধিকাৰী - হয় ছাৰ।
প্ৰধানমন্ত্ৰী - তোমাৰ সৈতে আৰু কিমান মানুহে কাম কৰে?
হিতাধিকাৰী - বৰ্তমান মই নিজেই ঘৰৰ পৰাই কাম কৰো।
প্ৰধানমন্ত্ৰী - তুমি সপ্তাহৰ দুদিন কাম কৰা?
হিতাধিকাৰী - মই ঘৰৰ পৰাই কাম কৰো, ঘৰত মোৰ মা-দেউতা থাকে, তেওঁলোকেও মাজে সময়ে মোক সহায় কৰি দিয়ে। মই মুদ্ৰা ঋণৰ জৰিয়তে আৰ্থিক সহায় পাইছো ঠিকেই, কিন্তু আপুনি নিজকে বিশ্বাস কৰিব লাগিব, আপোনাক ধন্যবাদ ছাৰ!
হিতাধিকাৰী - বৰ্তমান আমি গৌৰৱেৰে মানালীত নিজাকৈ ব্যৱসায় চলাই আছো। প্ৰথম অৱস্থাত মোৰ স্বামীয়ে শাক-পাচলিৰ বজাৰত কাম কৰিছিল। আমাৰ বিয়া হোৱাৰ পিছত মই তেওঁৰ লগত যাবলৈ আৰম্ভ কৰিলোঁ আৰু এদিন, তেওঁক ক’লোঁ, “আন কাৰোবাৰ বাবে কাম কৰাৰ সলনি আমি নিজৰ দোকানখন কিয় খুলিব নোৱাৰো?” সেই চিন্তাই সকলো সলনি কৰি পেলালে। আমি এটা সৰু শাক-পাচলিৰ দোকানৰ পৰা আৰম্ভ কৰিলোঁ আৰু লাহে লাহে গ্ৰাহকে আমাক বিশ্বাস কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে আমাক আৰু অধিক বস্তু ৰাখিবলৈ ক’বলৈ ধৰিলে—যেনে আটা, চাউল আৰু অন্যান্য প্ৰয়োজনীয় বস্তু। আমি খোজৰ পিছত খোজ সম্প্ৰসাৰণ কৰিলোঁ। আমোদজনক কথাটো হ’ল পঞ্জাৱ নেশ্যনেল বেংকৰ কিছুমান কৰ্মচাৰীয়ে আগতে আমাৰ দোকানৰ পৰা শাক-পাচলি কিনিছিল। এদিন আকস্মিকভাৱে আড্ডা মাৰি থাকোঁতে তেওঁলোকক কিছু কথা সুধিলোঁ। এইটো ২০১২-১৩ চনৰ কথা, তাৰ পিছত মই ক'লোঁ...'
প্ৰধানমন্ত্ৰী - আপুনি কৈছে যে এই কথা ২০১২-২০১৩ চনৰ, যদি কোনো সাংবাদিকে এই বিষয়ে জানিবলৈ আহে তেতিয়া তেওঁ ক’ব যে আপুনি পূৰ্বৰ চৰকাৰক গালি-গালাজ কৰিছে।
হিতাধিকাৰী - এদিন আকস্মিকভাৱে তেওঁলোকক সুধিলোঁ, “আমাৰ দোকানখন ডাঙৰ কৰিবলৈ যদি টকাৰ প্ৰয়োজন হয়, তেন্তে আমি সহায় পাব পাৰোনে?” প্ৰথম অৱস্থাত তেওঁলোকে নহ’ব বুলি ক’লে আৰু সুধিলে যে আমাৰ কোনো সম্পত্তি জামিন হিচাপে দিব পৰা অৱস্থাত আছে নেকি? মই ক’লোঁ আমাৰ তেনে কোনো সম্পত্তি নাই৷ তাৰ পিছত ২০১৫–১৬ চনত আমি মুদ্ৰা যোজনাৰ বিষয়ে জানিবলৈ পালোঁ। যেতিয়া মই বেংকক এই বিষয়ে ক’লোঁ, তেতিয়া তেওঁলোকে নিজেই আমাক জনাইছিল যে নতুন আঁচনি এখন আৰম্ভ হৈছে আৰু সুধিলে যে আমি আবেদন কৰিব বিচাৰো নেকি? মই লগে লগে হয় বুলি ক’লোঁ৷ আৰু আমাক আচৰিত কৰি তেওঁলোকে কোনো জামিন নিবিচৰাকৈয়ে প্ৰথমটো ঋণ ২.৫ লাখ টকা প্ৰদান কৰিছিল, যিটো আমি ডেৰ-দুবছৰৰ ভিতৰতে পৰিশোধ কৰিছিলোঁ। ইয়াৰ পিছত বেংকে আৰু ৫ লাখ টকাৰ ঋণ প্ৰদান কৰে। তেনেকৈয়ে আমি ৰেচনৰ দোকান এখন খুলিলোঁ। অলপ সময়ৰ ভিতৰতেই দুয়োখন দোকানেই ডাঙৰ হৈ পৰাত ব্যৱসায়টোৰ বাবে অতি সৰু যেন লাগিবলৈ ধৰিলে। আমাৰ দোকানখন ডাঙৰ হৈ গৈ থাকিল আৰু এতিয়া বছৰি আমি ২.৫ লাখ টকা উপাৰ্জনৰ পৰা আজি আমি বছৰি ১০ৰ পৰা ১৫ লাখ টকা উপাৰ্জন কৰিছো।
প্ৰধানমন্ত্ৰী - বঢ়িয়া
হিতাধিকাৰী - ছাৰ, মই প্ৰথমে ৫ লাখ টকা ঘূৰাই দিছিলোঁ, তাৰ পিছত তেওঁলোকে মোক ১০ লাখ টকা দিছিল। মই সেই ১০ লাখ টকাও ঘূৰাই দিলোঁ। এইদৰে যোৱা ডেৰ-দুবছৰত কথাবোৰ আগবাঢ়িছে। তাৰ পিছত ২০২৪ চনৰ নৱেম্বৰ মাহত ১৫ লাখ টকা দিলে। ছাৰ, মোৰ কাম বহু পৰিমাণে বৃদ্ধি পাইছে, আৰু মই সঁচাকৈয়ে সুখী আৰু অনুপ্ৰাণিত অনুভৱ কৰিছো। আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ক সমৰ্থন কৰা প্ৰধানমন্ত্ৰীৰ সৈতে আমিও দায়িত্ববোধৰ প্ৰবল অনুভৱ কৰোঁ—আমি এনেকুৱা কাম নকৰো যিয়ে আমাৰ কেৰিয়াৰ বা আমাৰ বিশ্বাসযোগ্যতাৰ ক্ষতি কৰিব পাৰে। প্ৰতিটো টকা সঠিকভাৱে পৰিশোধ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। শেহতীয়াকৈ বেংকে মোক ২০ লাখ টকাও আগবঢ়াইছিল, কিন্তু মই তেওঁলোকক ক’লোঁ যে এই মুহূৰ্তত মোৰ ইমান প্ৰয়োজন নাই। তথাপিও তেওঁলোকে জোৰ দিলে যে মই ১৫ লাখ টকা উপলব্ধ কৰি ৰাখোঁ; তেওঁলোকে কৈছিল যে মই প্ৰকৃততে টকাখিনি উলিয়াই ল’লেহে সুত লোৱা হ’ব। সেই নমনীয়তাক মই সঁচাকৈয়ে শলাগ লৈছিলো। ছাৰ, ক’বই লাগিব যে এই আঁচনিখনে আমাৰ বাবে ডাঙৰ সহায় হৈ আহিছে৷
হিতাধিকাৰী - মই অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছো। হিন্দী নাজানো, মই তেলেগু ভাষাতে ক’ম৷
প্ৰধানমন্ত্ৰী - কোনো সমস্যা নাই, কওক, তেলুগু ভাষাতে কওক।
হিতাধিকাৰী - হ’ব ছাৰ!! ২০০৯ চনত মোৰ বিয়া হৈছিল ছাৰ। ২০১৯ চনলৈকে মই গৃহিণী হিচাপে থাকিলোঁ। কানাড়া বেংকৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰৰ সৈতে তেৰ দিন ধৰি পাটৰ বেগ নিৰ্মাণৰ বাবে প্ৰশিক্ষণ লৈছিলো। বেংকৰ জৰিয়তে মুদ্ৰা যোজনাৰ অধীনত ২ লাখ টকাৰ ঋণ পাইছিলোঁ। ২০১৯ চনৰ নৱেম্বৰ মাহত মোৰ ব্যৱসায় আৰম্ভ কৰিছো। কানাড়া বেংকৰ মানুহে মোক বিশ্বাস কৰি ২ লাখ টকা অনুমোদন জনাইছিল। কোনো ধৰণৰ ছিকিউৰিটি বিচৰা নাছিল, ঋণ ল’বলৈ কোনো সহায়ৰ প্ৰয়োজন নাছিল। কোনো ছিকিউৰিটি নোহোৱাকৈয়ে ঋণ অনুমোদন কৰিলে তেওঁলোকে। মোৰ ঋণ পৰিশোধৰ ভাল হিষ্টৰিৰ বাবে ২০২২ চনত কানাড়া বেংকে অতিৰিক্ত ৯.৫ লাখ টকাৰো অনুমোদন জনাইছে। এতিয়া মোৰ অধীনত পোন্ধৰজন মানুহে কাম কৰি আছে।
প্ৰধানমন্ত্ৰী - তাৰমানে আপুনি ২ লাখ টকাৰ পৰা কাম আৰম্ভ কৰি এতিয়া ৯.৫ লাখ টকা পৰ্যন্ত উত্তৰণ লাভ কৰিছে।
হিতাধিকাৰী - হয় ছাৰ।
প্ৰধানমন্ত্ৰী - আপোনাৰ লগত কিমান মানুহে কাম কৰি আছে?
হিতাধিকাৰী - ১৫ গৰাকী ছাৰ।
প্ৰধানমন্ত্ৰী - ১৫ গৰাকী?
হিতাধিকাৰী - সকলো গৃহিণী আৰু সকলোৱে আৰ চি টি (গ্ৰাম্য স্বনিয়োগ কেন্দ্ৰ)ৰ প্ৰশিক্ষাৰ্থী। আগতে মইয়ো সেই প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত এজন আছিলো, এতিয়া মই তাৰেই প্ৰশিক্ষকৰ এজন। এই সুযোগৰ বাবে মই অতিশয় কৃতজ্ঞ। ধন্যবাদ, ধন্যবাদ, বহুত বহুত ধন্যবাদ ছাৰ।
প্ৰধানমন্ত্ৰী - ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।
হিতাধিকাৰী - ছাৰ মোৰ নাম পুনম কুমাৰী। ছাৰ মই এটা অতি দুখীয়া পৰিয়ালৰ, আমাৰ পৰিয়ালটো আছিল বহুত দুখীয়া, ইমান দুখীয়া যে...
প্ৰধানমন্ত্ৰী - আপুনি প্ৰথমবাৰৰ বাবে দিল্লীলৈ আহিছে নেকি?
হিতাধিকাৰী - হয় ছাৰ।
প্ৰধানমন্ত্ৰী - বঢ়িয়া.
হিতাধিকাৰী - আৰু এইবাৰ প্ৰথমবাৰৰ বাবে বিমানেৰে যাত্ৰা কৰিলোঁ ছাৰ।
প্ৰধানমন্ত্ৰী - হমম।
হিতাধিকাৰী - মোৰ পৰিয়ালটোত ইমানেই দৰিদ্ৰতা আছিল যে এবাৰ খালে পিছৰবাৰৰ কথা ভাবিব লাগিছিল, কিন্তু ছাৰ, মই বহুত সাহস গোটাইছো, মই এজন খেতিয়কৰ পৰিয়ালৰ।
প্ৰধানমন্ত্ৰী - আপোনাৰ ভাল হ’ব নিশ্চয়।
হিতাধিকাৰী - ছাৰ, মই যিহেতু কৃষক পৰিয়ালৰ, গতিকে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল। স্বামীৰ লগত ঋণ লৈ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ ধাৰণাটো আলোচনা কৰিলোঁ। তেওঁ মান্তি হ’ল আৰু ক’লে যে এইটো এটা অতি ভাল পৰামৰ্শ, আৰু সেয়া আমি নিশ্চিতভাৱে চেষ্টা কৰা উচিত। তাৰ পিছত, মোৰ স্বামীয়ে কিছুমান বন্ধু-বান্ধৱী আৰু আন মানুহৰ লগতো কথা পাতিলে, আৰু তেওঁলোকে আমাৰ বাবে ভাল হ’ব বুলি কৈ মুদ্ৰা ঋণ আঁচনিখনৰ পৰামৰ্শ দিলে। তেওঁলোকৰ পৰামৰ্শ লৈ মই স্থানীয় এছ বি আইলৈ গ’লোঁ (শাখাৰ নামটো স্পষ্ট নহয়), আৰু বেংকৰ কৰ্মচাৰীসকলে মোক ক’লে যে মই বেছি কাগজ-পত্ৰ দাখিল নকৰাকৈয়ে ঋণ ল’ব পাৰিম। ছাৰ, মুদ্ৰা আঁচনিৰ জৰিয়তে মোক ৮ লাখ টকাৰ ঋণৰ বাবে অনুমোদন জনোৱা হৈছিল, আৰু ২০২৪ চনত এনেকৈয়ে মোৰ ব্যৱসায় আৰম্ভ হৈছিল।
প্ৰধানমন্ত্ৰী - আপুনি কি কাম কৰে?
হিতাধিকাৰী - ছাৰ, বীজ….মোৰ স্বামীয়ে যথেষ্ট সহায় কৰে, তেওঁ বিশেষকৈ বজাৰৰ কামখিনি কৰে, মই এগৰাকী কৰ্মচাৰীও নিয়োগ কৰিছো, ছাৰ।
প্ৰধানমন্ত্ৰী - সুন্দৰ।
হিতাধিকাৰী - হয় ছাৰ। আৰু মই বহুত ভালকৈ আগবাঢ়িছো ছাৰ, মই নিশ্চিত যে মই বহুত সোনকালে ঋণ পৰিশোধ কৰিব পাৰিম, মোৰ বহুত আত্মবিশ্বাস আছে।
প্ৰধানমন্ত্ৰী - গতিকে, এতিয়া এমাহত কিমান উপাৰ্জন কৰিব পাৰিছে?
হিতাধিকাৰী - ছাৰ, ৬০০০০ পৰ্যন্ত উপাৰ্জন কৰিব পাৰিছো।
প্ৰধানমন্ত্ৰী - আচ্ছা ৬০০০০ টকা। আপোনাৰ পৰিয়াল ইয়াক লৈ সুখী নে?
হিতাধিকাৰী - একেবাৰে ছাৰ, একেবাৰে। আজি আপোনাৰ এই আঁচনিৰ বাবেই মই স্বাৱলম্বী হৈ পৰিছো।
প্ৰধানমন্ত্ৰী - বঢ়িয়া, ধুনীয়া কাম কৰি আছে আপুনি।
হিতাধিকাৰী - বহুত ধন্যবাদ, ছাৰ। সঁচাকৈয়ে আপোনাৰ লগত কথা পাতিবলৈ মন আছিল ছাৰ, মইও যে মোডী জীক লগ কৰিবলৈ ওলাইছো, বিশ্বাসেই কৰিব পৰা নাছিলো, একেবাৰেই বিশ্বাস হোৱা নাছিল। দিল্লীলৈ আহোঁতে ভাবিছিলোঁ, অ’ সঁচাই, যাবলৈকে ওলাইছোঁ৷ ধন্যবাদ ছাৰ, মোৰ স্বামীও আহিবলৈ ওলাইছিল আৰু মোক কৈছিল যে তুমি যোৱা, শুভকামনা থাকিল।
প্ৰধানমন্ত্ৰী - মোৰ উদ্দেশ্য আমাৰ দেশৰ প্ৰতিজন সাধাৰণ নাগৰিকক আত্মবিশ্বাসেৰে ভৰা দেখা। হয়, জীৱনে নিজৰ অংশৰ প্ৰত্যাহ্বান আনে, আৰু সকলোৱে অসুবিধাৰ সন্মুখীন হয়। কিন্তু কাৰোবাক যেতিয়া সঠিক সুযোগ দিয়া হয়, তেতিয়া তেওঁ সেই প্ৰত্যাহ্বানবোৰৰ ওপৰেৰে উঠি জীৱনত আগবাঢ়িব লাগে। মুদ্ৰা যোজনাই ঠিক সেইটোৱেই সক্ষম কৰি তুলিছে— সুযোগক প্ৰগতিৰ ৰূপত ৰূপান্তৰিত কৰা আৰু মানুহক উন্নত ভৱিষ্যত গঢ়ি তোলাৰ বাবে শক্তিশালী কৰা।
হিতাধিকাৰী - হয়, ছাৰ।
প্ৰধানমন্ত্ৰী - আমাৰ দেশত বিপ্লৱ কেনেকৈ নীৰৱে হৈ আছে সেই কথা বুজি পোৱা মানুহ খুব কম। এয়া এক অতি ডাঙৰ নীৰৱ বিপ্লৱ।
হিতাধিকাৰী - ছাৰ, মই আন মানুহকো মুদ্ৰা আঁচনিৰ কথা ক’বলৈ চেষ্টা কৰো।
প্ৰধানমন্ত্ৰী - হয়, আনকো বুজাব লাগে।
হিতাধিকাৰী - নিশ্চয় ছাৰ!
প্ৰধানমন্ত্ৰী - আমি সৰুতে প্ৰায়ে শুনিছিলো যে খেতি কৰাটোক সৰ্বোত্তম বুলি গণ্য কৰা হয়, ব্যৱসায়ক গড় হিচাপে গণ্য কৰা হয় আৰু চাকৰিটোৱেই আটাইতকৈ কম পছন্দৰ বিকল্প। তেতিয়া চাকৰি পোৱাটো শেষ উপায় বুলি গণ্য কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে সমাজৰ চিন্তাধাৰা ইমানেই সলনি হ’ল যে চাকৰি এটা থকাটোৱেই শীৰ্ষ অগ্ৰাধিকাৰ হৈ পৰিল। প্ৰথম লক্ষ্য হৈ পৰিল এটা সুস্থিৰ চাকৰি পাই থিতাপি লোৱা, কাৰণ এটা চাকৰিক জীৱনত নিশ্চয়তা প্ৰদান কৰা বুলি দেখা গৈছিল। ব্যৱসায় মাজতে থাকিল আৰু এসময়ত সৰ্বোচ্চ সন্মান পোৱা খেতি-বাতিক তললৈ ঠেলি দিয়া হ’ল। আচলতে আজি কোনো এজন খেতিয়কৰ যদি তিনিজন ল’ৰা হয়, তেন্তে তেওঁ হয়তো এজনক খেতি চোৱাচিতা কৰিবলৈ ক’ব আৰু বাকীকেইজনক আন ঠাইলৈ জীৱিকা নিৰ্বাহৰ বাবে বাহিৰলৈ পঠিয়াই দিব। সেইটোৱে স্পষ্টকৈ দেখুৱাইছে যে কেনেকৈ খেতিৰ পূৰ্বৰ সন্মান হেৰুৱাই পেলাইছে, আৰু ব্যৱসায়ক “মধ্যমীয়া” পথ হিচাপে দেখা গৈছে—অতি নিৰাপদ বা অতি বিপদজনক নহয়, মাত্ৰ মাজৰ ক’ৰবাত। আজি ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত উদ্যমী মনোভাৱ উল্লেখযোগ্য। যদি তেওঁলোকে মাত্ৰ অলপ নিৰ্দেশনা আৰু সমৰ্থন লাভ কৰে তেন্তে তেওঁলোকে অবিশ্বাস্য ফলাফল লাভ কৰিব পাৰে। মুদ্ৰা যোজনা যিকোনো চৰকাৰৰ বাবেই নিদ্ৰাৰ পৰা জগোৱাৰ লেখীয়া এক পদক্ষেপ। ইয়াতকৈও প্ৰেৰণাদায়ক কথাটো হ’ল যে মহিলাসকলৰ পৰাই সৰ্বাধিক অংশগ্ৰহণ হৈছে—তেওঁলোকে সৰ্বাধিক আবেদন কৰিছে, সৰ্বাধিক ঋণ লাভ কৰিছে, আনকি ঋণো দ্ৰুতভাৱে পৰিশোধ কৰিছে। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে সৱলীকৰণৰ এক নতুন ঢৌ উঠিছে, আৰু উন্নত ভাৰতৰ সম্ভাৱনা এই শক্তিতে নিহিত হৈ আছে। সেইবাবেই মই বিশ্বাস কৰোঁ যে উদ্যোগীকৰণক উৎসাহিত আৰু সমৰ্থন কৰা পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সফলতা লাভ কৰা আপোনাৰ দৰে মানুহ এতিয়া আদৰ্শ হিচাপে থিয় দিছে। আপুনি এনে এটা পৰ্যায় পাইছেগৈ য’ত আপুনি আৰু ৰাজনীতিবিদৰ পৰামৰ্শ পত্ৰ বা সমৰ্থনৰ প্ৰয়োজন নাই—আপুনি নিজৰ পথ নিজেই গঢ়ি তুলিছে। কোনো বিধায়ক বা সাংসদৰ ঘৰলৈ যাব লগা হোৱা নাছিল৷ মোৰ বিশ্বাস টেবুলৰ তলৰ কাকো এটকাও দিব নালাগিছিল৷ কোনো জামিন অবিহনে, নিকাভাৱে আৰ্থিক সহায় পোৱাটো এটা ডাঙৰ পদক্ষেপ। আৰু সেই ধন এবাৰ লাভ কৰিলে বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনলৈ এক স্বাভাৱিক অনুশাসনৰ ভাৱ আহি পৰে। নহ’লে মানুহে ভাবিব পাৰে, “আমাৰ হাতত টকা আছে—আহক আন এখন চহৰলৈ গুচি যাওঁ, বেংকাৰজনে আমাক বিচাৰি থাকক।” কিন্তু এই আঁচনিখনে আপোনাক মৰ্যাদা আৰু উদ্দেশ্যৰে জীৱন গঢ়াৰ এক বাস্তৱিক সুযোগ দিয়ে। সেইবাবেই মই বিচাৰো যে আমাৰ দেশৰ অধিক সংখ্যক যুৱকে উদ্যোগীকৰণৰ দিশত ভৰি দিয়ক৷ মাত্ৰ ইয়াৰ প্ৰভাৱ চাওক—এই আঁচনিৰ অধীনত কোনো নিশ্চয়তা নোহোৱাকৈ ইতিমধ্যে ৩৩ লাখ কোটি টকা নাগৰিকক প্ৰদান কৰা হৈছে। সেইটো কেৱল এটা সংখ্যা নহয়; ই বিশ্বাস, সবলীকৰণ আৰু সম্ভাৱনাৰ প্ৰতিফলন। আপুনি নিশ্চয় বাতৰি কাকতত প্ৰায়ে পঢ়িছে যে "এইখন ধনী মানুহৰ চৰকাৰ।" কিন্তু বাস্তৱলৈ চাওঁ আহক, সকলো ধনী মানুহৰ মুঠ ধন-সম্পত্তি যোগ কৰিলেও ৩৩ লাখ কোটি টকা নহ’ব৷ সেইখিনি ৩৩ লাখ কোটি টকা অভিজাত শ্ৰেণীক নহয়, এই দেশৰ সাধাৰণ জনতাক দিয়া হৈছে, আপোনালোকৰ দৰে আশাবাদী যুৱক-যুৱতীক। আৰু ইয়াৰে তেওঁলোকে কি কৰিছে? সৰু-বৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু তেওঁলোকৰ প্ৰত্যেকেই কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে, কেৱল নিজৰ বাবেই নহয়, এজন, দুজন, দহ, আনকি পঞ্চাশজনৰ বাবেও। উদ্যোগীকৰণৰ এই বৃহৎ ঢৌৱে কেৱল জীৱিকাৰ সৃষ্টি কৰাই নহয়, ই অৰ্থনীতিক আগুৱাই লৈ গৈছে। কাৰণ সাধাৰণ মানুহে যেতিয়া উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকেও খৰচ কৰিবলৈ আৰম্ভ কৰে। এসময়ত বছৰত এটা চাৰ্ট কিনা কোনোবাই এতিয়া দুটা কিনিছে। সেয়া কেৱল এজন ব্যক্তিৰ বিকাশ নহয়, সেয়া সমগ্ৰ দেশৰ বাবে বিকাশ৷ আগতে বহুতে সন্তানক পঢ়াবলৈও দ্বিধাবোধ কৰিছিল। কিন্তু এতিয়া, মানসিকতাৰ পৰিৱৰ্তন হৈছে, “আহকক তেওঁলোকক শিক্ষিত কৰোঁ, আহক আমি এটা উন্নত ভৱিষ্যত গঢ়ি তোলোঁ।” সেই পৰিৱৰ্তনে প্ৰচণ্ড সামাজিক লাভ কঢ়িয়াই আনিছে। আৰু এতিয়া, মুদ্ৰা যোজনা আৰম্ভ হোৱাৰ ১০ বছৰ হ’ল৷ সাধাৰণতে আমি চৰকাৰত কি দেখিবলৈ পাওঁ? এটা সিদ্ধান্ত লোৱা হয়, সংবাদমেল অনুষ্ঠিত হয়, দুই-এটা ডাঙৰ ডাঙৰ ঘোষণা কৰা হয়, তাৰ পিছত কিছু দিয়া জ্বলাই দিয়ে, কিছুমান মানুহক হাত চাপৰি বজাবলৈ মাতি দিয়ে, বাতৰি কাকতত এটা শিৰোনাম ছপা কৰায়, আৰু শেষ হ’ল৷ কোনেও ফ’ল’ আপ নকৰে, প্ৰকৃততে কি হৈছিল কোনেও পৰীক্ষা নকৰে। কিন্তু এই চৰকাৰ বেলেগ। ১০ বছৰৰ পাছতো তেওঁলোকে আঁচনিখন পৰ্যালোচনা কৰি আছে, ৰাইজৰ সৈতে পোনপটীয়াকৈ কথা পাতিছে, আৰু সুধিছে, “আপোনাৰ বাবে কাম কৰিছেনে? আমি সফল বুলি কৈছো, কিন্তু আপুনি আমাক কওক যে আচলতে কি হৈছিল।” এই ধৰণৰ জবাবদিহিতা, জনসাধাৰণৰ কথা শুনি প্ৰকৃত প্ৰভাৱ জুখিবলৈ এই ইচ্ছা, প্ৰকৃত শাসন ব্যৱস্থা এনেকুৱাই দেখা যায়। আৰু আজি আপোনালোকৰ সৈতে যিদৰে কথা পাতিছো, অনাগত দিনত সমগ্ৰ দেশৰ মোৰ সকলো সহকৰ্মীয়েও আপোনাৰ দৰে গোটক লগ পাব—আপোনালোকৰ অভিজ্ঞতা শুনিব, মতামত সংগ্ৰহ কৰিব, আৰু আপোনাৰ পৰা শিকিব। আৰু যদি আঁচনিখনত কিবা পৰিৱৰ্তন বা উন্নতি কৰাৰ প্ৰয়োজন হয়, তেন্তে আমি সেই দিশতো আগবাঢ়িবলৈ সাজু। কিন্তু আমাৰ প্ৰতিশ্ৰুতি চাওকচোন, আমি ঋণৰ সীমা ৫০ হাজাৰ টকাৰ পৰা ৫ লাখ টকালৈ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছো। সেইটোৱে চৰকাৰৰ আস্থা প্রতিফলিত কৰিছে৷ আগতে আমিও সতৰ্ক আছিলোঁ। চিন্তা হ’ল, “৫ লাখ টকাতকৈ বেছি নিদিব। কথাবোৰ বেয়া হ’লে কি হ’ব? বিফল হ’লে সকলোৱে আহি মোডীৰ চুলি ছিঙিব!” কিন্তু মোৰ দেশৰ মানুহে মোৰ আস্থা ভংগ কৰা নাছিল৷ আপোনালোক কঠোৰ পৰিশ্ৰমী, সৎ নাগৰিকসকলে মোৰ সহভাৰতীয়সকলৰ শক্তি আৰু সম্ভাৱনাৰ প্ৰতি মোৰ বিশ্বাস দৃঢ় কৰি তুলিছে। আৰু সেই আস্থাৰ বাবেই মই সাহস গোটাই লোন সীমা ৫০,০০০ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰিলোঁ। এইটো কোনো সৰু সিদ্ধান্ত নহয়; আঁচনিখনৰ সফলতা আৰু জনসাধাৰণৰ আস্থা দেখাৰ পৰাই লোৱা সিদ্ধান্ত৷ এই দুয়োটা কাৰকে এইটো সম্ভৱ কৰি তুলিছে। আপোনালোক সকলোলৈ শুভেচ্ছা, আৰু আপোনালোকৰ পৰা মোৰ আশা এই যে আপোনালোকে যেনেকৈ ৫-১০ জন লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আছে, তেনেকৈয়ে মুদ্ৰা যোজনা গ্ৰহণ কৰি আন ৫-১০ জনকো নিজৰ কিবা এটা আৰম্ভ কৰিবলৈ প্ৰেৰণা দিব লাগে। তেওঁলোকক উৎসাহিত কৰক, তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় আত্মবিশ্বাস দিয়ক আৰু তেওঁলোকৰ সম্ভাৱনাক বিশ্বাস কৰক। মুঠতে সমগ্ৰ দেশতে ৫২ কোটি ঋণ প্ৰদান কৰা হৈছে। এতিয়া হয়তো ঠিক ৫২ কোটি মানুহ নাথাকিবও পাৰে, সুৰেশে উল্লেখ কৰা মতে, তেওঁ ২.৫ লাখ টকাৰ ঋণ লৈছিল, তাৰ পিছত ৯ লাখ টকা, গতিকে দুটা ঋণ আছিল, ৫২ কোটি ঋণ নিজৰ মাজতে এক বৃহৎ সংখ্যা। ইয়াৰ দ্বাৰা এই পদক্ষেপৰ পৰিসৰ আৰু ই লাখ লাখ লোকৰ বাবে সৃষ্টি কৰা সুযোগ দেখুৱাইছে। এইটো এনেকুৱা কথা যিটো পৃথিৱীৰ আন কোনো দেশেই ভাবিবও নোৱাৰিলে, আৰু সেইবাবেই মোৰ দৃঢ় বিশ্বাস যে আমি আমাৰ নৱ প্ৰজন্মক নিজাববীয়াকৈ কিবা এটা আৰম্ভ কৰিবলৈ প্ৰস্তুত কৰিব লাগিব। যদি আমি কৰোঁ তেন্তে তেওঁলোকৰ বাবে আৰু সামগ্ৰিক দেশৰ বাবে অপৰিসীম লাভ হ’ব। মনত আছে গুজৰাটত থাকোঁতে গৰীব কল্যাণ মেলা নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সেই অনুষ্ঠানত ল’ৰা-ছোৱালীয়ে “মই দুখীয়া হৈ থাকিব নিবিচাৰো” আদি বিষয়বস্তুৰে ৰাজপথৰ নাটক প্ৰদৰ্শন কৰিছিল। মানুহক অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগাব পৰাকৈ নাটক সমূহ ৰচনা কৰা হৈছিল। কেৱল মনোৰঞ্জনৰ কথাই নাছিল; আশা আৰু সম্ভাৱনাৰ ভাৱ জগাই তোলাৰ কথা আছিল। সেই অনুষ্ঠানটোত কিছুমান অসাধাৰণ মুহূৰ্তও আছিল। মানুহে মঞ্চলৈ উঠি আহি চৰকাৰৰ ওচৰত ৰেচন কাৰ্ড জমা দি কয়, “আমি দৰিদ্ৰতাৰ পৰা ওলাই আহিছো, আৰু এতিয়া আমাক এই সুবিধাসমূহৰ প্ৰয়োজন নাই।” তাৰ পিছত তেওঁলোকে নিজৰ জীৱন কেনেকৈ সলনি কৰিলে, কেনেকৈ প্ৰতিকূলতাক জয় কৰিলে সেই কাহিনীবোৰ শ্বেয়াৰ কৰিব। আজিও মনত আছে এবাৰ ভালছাদ জিলাত ৮-১০ জনীয়া এটা দলে আগবাঢ়ি আহি নিজৰ সকলো দৰিদ্ৰতাৰ সুবিধা চৰকাৰৰ ওচৰত সমৰ্পণ কৰিছিল। সেইটো আছিল এক শক্তিশালী মুহূৰ্ত, সৱলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিৱৰ্তনশীল শক্তিৰ সাক্ষ্য। তাৰ পিছত তেওঁলোকে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে, আৰু সেয়া সঁচাকৈয়ে উল্লেখযোগ্য আছিল। এইসকল জনজাতীয় লোক আছিল, পৰম্পৰাগতভাৱে তেওঁলোকৰ সমাজত ভগতৰ ভূমিকা আছিল সন্ধিয়া ভজন বজোৱা আৰু গান গোৱা। সেই সময়ত মুদ্ৰা যোজনা নাছিল। বৰঞ্চ মোৰ চৰকাৰৰ এখন আঁচনি আছিল যাৰ জৰিয়তে তেওঁলোকে এক বা দুলাখ টকাৰ ঋণ লাভ কৰিছিল। কিছুমানে সেই ধন বাদ্যযন্ত্ৰ কিনি প্ৰশিক্ষণ ল’বলৈ ব্যৱহাৰ কৰিছিল। ইয়াৰ লগে লগে তেওঁলোকে ১০-১২ জনীয়া এটা বেণ্ড কোম্পানী গঠন কৰিলে। বিয়াত খেলিবলৈ ধৰিলে, সময়ৰ লগে লগে তেওঁলোকে আনকি নিজৰ ইউনিফৰ্মও বনাইছিল। সময়ৰ লগে লগে তেওঁলোক ইমানেই জনপ্ৰিয় হৈ পৰিল যে মাহে ৫০-৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ ধৰিলে। এই কাহিনীয়ে প্ৰমাণ কৰে যে এটা সৰু সুযোগেও এক বৃহৎ পৰিৱৰ্তনৰ সৃষ্টি কৰিব পাৰে। এনে বহু কাহিনী মই প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ কৰিছো, ৰূপান্তৰ, বিকাশ, আৰু সৱলীকৰণৰ কাহিনী। আৰু এইখিনিতে মই মোৰ প্ৰেৰণা লওঁ, আপোনালোক সকলোৰে পৰা। আপোনালোকে মোক দেখুৱাইছে যে এখন দেশৰ প্ৰকৃত ক্ষমতা এজন ব্যক্তিৰ মাজত নহয়, বহুতে একত্ৰিত হৈ পৰিৱৰ্তন আনিবলৈ নিহিত হৈ থাকে। ই মোক ভাবিবলৈ প্ৰেৰণা দিয়ে, “হয়, এনেধৰণৰ কিবা এটা কৰোঁ আহক।” আমাৰ লগত জনসাধাৰণক লৈ দেশ গঢ়িব পাৰি। তেওঁলোকৰ আশা, সপোন, পৰিস্থিতি বুজি আমি এই কামটো কৰিলোঁ আৰু তাৰ এটা উদাহৰণ মাথোঁ মুদ্ৰা যোজনা। মোৰ বিশ্বাস আপোনালোক সকলোৱে এই সফলতাক নতুন উচ্চতালৈ লৈ যাব। মানুহ যিমানেই বেছি উপকৃত হয়, সিমানেই সামগ্ৰিকভাৱে সমাজখনৰ ওপৰত প্ৰভাৱ পৰিব। আৰু মনত ৰাখিব, সমাজে আপোনাক সুযোগ দিছে, এতিয়া আপোনাৰ পাল উভতাই দিয়াৰ৷ কেৱল সফলতা উপভোগ কৰাটোৱেই হ’ব নালাগে; আমি সমাজলৈ কেনেকৈ অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাব পাৰো সেই বিষয়েও চিন্তা কৰা উচিত। যেতিয়া আপুনি উভতাই দিব, তেতিয়া আপোনাৰ হৃদয়ে প্ৰকৃত পৰিৱৰ্তন আনি দিয়াৰ সন্তুষ্টি অনুভৱ কৰিব।
সকলোকে বহু বহু ধন্যবাদ।
টোকা - প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰ সৈতে হোৱা এক বাৰ্তালাপৰ এজন হিতাধিকাৰীয়ে তেওঁৰ অভিজ্ঞতাসমূহ তেলেগু ভাষাত অৱগত কৰিছে, যিটো ইয়াত ইংৰাজী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।
***
MJPS/VJ/SS
(Release ID: 2121784)
Visitor Counter : 9