গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত এনএফএছইউ-ৰ উদ্যোগত আয়োজিত সৰ্বভাৰতীয় ফৰেনছিক বিজ্ঞান সন্মিলন, ২০২৫-ত ভাষণ প্ৰদান কৰে

প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিয়ে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সমগ্ৰ পৰিবেশ সলনি কৰিলে

সীমাহীন অপৰাধ ৰোধ কৰিবলৈ ফৰেনছিক বিজ্ঞানৰ ব্যৱহাৰ অতিশয় প্ৰয়োজনীয়

আগন্তুক দশকত ভাৰতত দোষী সাব্যস্তৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব

ফৰেনছিক বিজ্ঞানক ফৌজদাৰী ন্যায় ব্যৱস্থাৰ অংশ কৰি তোলাটো গুৰুত্বপূৰ্ণ যাতে অভিযুক্ত আৰু অভিযোগকাৰী উভয়ৰে ক্ষেত্ৰত কোনো অন্যায় নহয়

দেশজুৰি ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৭ টা কেম্পাছ স্থাপন কৰা হৈছে, আগন্তুক ৬ মাহত আৰু ৯ টা চৌহদ স্থাপন কৰা হ’ব

চৰকাৰে ফৰেনছিক বিজ্ঞানৰ ব্যৱহাৰেৰে সকলো প্ৰত্যাহ্বানৰ সমাধান বিচাৰি সমাজখনক অপৰাধমুক্তকৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে

Posted On: 14 APR 2025 6:00PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে (NFSU) আয়োজন কৰা সৰ্বভাৰতীয় ফৰেনছিক বিজ্ঞান সন্মিলন, ২০২৫ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে সমবেতসকলক সম্বোধন কৰে। এই সন্মিলনৰ বিষয়বস্তু আছিল ‘নতুন ফৌজদাৰী আইনৰ ফলপ্ৰসূ ৰূপায়ণ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ফৰেনছিক বিজ্ঞানৰ ভূমিকা’। এই সন্মিলনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NHRC) অধ্যক্ষ ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ান, এটৰ্নী জেনেৰেল শ্ৰী আৰ ভেংকটাৰমণি, ৰাজ্যসভাৰ সাংসদ আৰু ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰী মনন কুমাৰ মিশ্ৰ, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন আৰু এনএফএছইউ-ৰ উপাচাৰ্য্য ড° জে. এম. ব্যাসকে প্ৰমুখ্য কৰি একাধিক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ভাৰতৰত্ন বাবাচাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বাবাচাহেবে ভাৰতৰ সংবিধানক চূড়ান্তকৰণৰ প্ৰয়াস কৰিছিল। প্ৰতিটো বিষয়ত বহু ঘন্টা জোৰা গভীৰ আলোচনাৰ অন্তত সংবিধানৰ চূড়ান্তকৰণ এক প্ৰত্যাহ্বানপূৰ্ণ কাম আছিল যদিও বাবাচাহেবে দেশৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আৰু বহু বছৰ ধৰি সংবিধানৰ প্ৰাসংগিকতা অক্ষুণ্ণ ৰখাৰ ধাৰণাৰে সকলো দিশ সন্নিৱিষ্টকৰণৰে সংবিধানখন প্ৰণয়ন কৰিছিল। শ্ৰী শ্বাহে কয় যে আমাৰ সংবিধানখন কেৱল এখনি গ্ৰন্থ নহয়। বৰঞ্চ ইয়াত প্ৰতিগৰাকী নাগৰিকৰ শৰীৰ, সম্পত্তি আৰু সন্মানক সুৰক্ষাৰ ব্যৱস্থা আছে আৰু এই তিনি কথাৰ সুৰক্ষাৰ সৈতে জড়িত ফৌজদাৰী ন্যায় ব্যৱস্থাক সুদৃঢ়কৰণৰ ক্ষেত্ৰত ফৰেনছিক বিজ্ঞানে এতিয়া অতিশয় উপযোগী ভূমিকা পালন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি ন্যায় ব্যৱস্থাক জনকেন্দ্ৰিক আৰু বিজ্ঞানসন্মত কৰি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। ন্যায় প্ৰত্যাশীসকলে সময়মতে ন্যায় লাভৰ লগতে ন্যায় লাভৰ সন্তুষ্টিও লাভ কৰিবলৈয়ো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে এখনি নিৰাপদ, সামৰ্থ্যৱান আৰু দক্ষ ভাৰত গঢ়ি তোলা। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ফৌজদাৰী ন্যায় ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে ভাৰত চৰকাৰে ভাৰতীয় ন্যায় সংহিতা (BNS), ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ (BSA) ৰূপত তিনি নতুন ফৌজদাৰী আইন ৰূপায়ণ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমাৰ দেশত ফৰেনছিক নতুন ধাৰণা নহয়। ইয়াৰ বিশদ বিৱৰণ চৰক সংহিতা, সুশ্ৰুত সংহিতা আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰত পোৱা যায়। আচাৰ্য্য কৌটিল্যই বিষবিজ্ঞান, বিষৰ চিনাক্তকৰণ, সন্দেহজনক লোকৰ শাৰীৰিক অভিব্যক্তি, ভাষ্যৰ ভিত্তিত অভিযুক্তক চিনাক্তকৰণ আদি বিষয়ত বিতংভাৱে বিশ্বক পথ প্ৰদৰ্শন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ফৰেনছিক বিজ্ঞান অবিহনে সময়মতে ন্যায় প্ৰদান কৰা আৰু দোষী সাব্যস্তৰ হাৰ বৃদ্ধি কৰাটো সম্ভৱপৰ নহয়। তেওঁ কয় যে আজি অপৰাধৰ সমগ্ৰ দৃশ্যপট সলনি হৈছে। এতিয়া অপৰাধীয়ে প্ৰযুক্তি, তথ্য আৰু যোগাযোগৰ ভিন্ন মাধ্যম ব্যৱহাৰ কৰে, যাৰ বাবে অপৰাধ এতিয়া সীমাহীন হৈ পৰিছে। পূৰ্বে কোনো জিলা, ৰাজ্য বা দেশৰ সৰু অংশত অপৰাধ সংঘটিত হৈছিল যদিও এতিয়া অপৰাধ সীমাহীন হৈ পৰিছে। আধুনিক অপৰাধে এতিয়া চহৰ, ৰাজ্য, ৰাষ্ট্ৰীয় আনকি আন্তঃৰাষ্ট্ৰীয় সীমাও অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত ফৰেনছিক বিজ্ঞানৰ গুৰুত্ব বহু পৰিমাণে বাঢ়িছে। শ্ৰী শ্বাহে কয় যে এতিয়াৰ প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তথা গৃহমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহৰ সময়তে ২০০৯ত শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোপণ কৰা গুজৰাট ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ বীজ এতিয়া ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৰূপত এজোপা বটবৃক্ষ হৈ উঠিছে — যি বিশ্বৰ ভিতৰতে এই ধৰণৰ প্ৰথমখন বিশ্ববিদ্যালয়। তেওঁ কয় যে ২০২০ৰ ১ অক্টোবৰত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হওঁতে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ দেশৰ গৃহমন্ত্ৰী আছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বই দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। তেখেতে কয় যে এতিয়া এনে এক ব্যৱস্থা স্থাপন কৰা হৈছে য’ত অভিযুক্ত বা অভিযোগকাৰীৰ কোনোৱেই অন্যায়ৰ সন্মুখীন হ’বলগীয়া নহয়। এই ভাৰসাম্য নিশ্চিত কৰিবলৈ ফৰেনছিক বিজ্ঞানক ফৌজদাৰী ন্যায় প্ৰক্ৰিয়াত সংহতকৰণ অতিশয় প্ৰয়োজনীয়। শ্ৰী শ্বাহে কয় যে ২০০৯ আৰু ২০২০ত ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপসমূহে কেৱল দক্ষ পেছাদাৰী সৃষ্টি কৰাই নহয়, বৰঞ্চ ভিন্ন ক্ষেত্ৰত গৱেষণাৰ পথো প্ৰশস্ত কৰিছে। তেওঁ উল্লেখ কৰে যে বিশ্ববিদ্যালয়খন জটিল গোচৰত ফৰেনছিক বিশ্লেষণৰ বাবে এক বিশ্বাসযোগ্য প্ৰতিষ্ঠানত পৰিণত হৈছে আৰু দেশৰ ফৰেনছিক পৰীক্ষাগাৰসমূহ আধুনিক প্ৰযুক্তিৰে সজ্জিত কেন্দ্ৰলৈয়ো ৰূপান্তৰিত হৈছে। তেওঁ আৰু কয় যে বিশ্ববিদ্যালয়খনে ডিগ্ৰী, ডিপ্লমা, পিএইচডি, গৱেষণা পাঠ্যক্ৰমকে প্ৰমুখ্য কৰি একাধিক পাঠ্যক্ৰম আগবঢ়ায়। ইয়াৰ উপৰিও ই অসংখ্য থলুৱা প্ৰযুক্তি বিকশিত আৰু অভিযোজিত কৰিছে তথা সমগ্ৰ দেশৰ আৰক্ষী বাহিনীক এই উদ্ভাৱনসমূহ যোগান ধৰিবলৈ টুলকিট প্ৰস্তুত কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক ঔপনিৱেশিক যুগৰ আইনৰ পৰা মুক্ত কৰিবলৈ প্ৰদান কৰা নিৰ্দেশনাৰ পিছতে ২০১৯ৰ পৰা ২০২৪ৰ ভিতৰত নতুন ফৌজদাৰী আইনসমূহক চূড়ান্তকৰণৰ কাম কৰা হৈছিল। তেওঁ কয় যে পৰিৱৰ্তিত সময় অনুসৰি যদি আইনসমূহক উন্নীত কৰা নহয়, তেন্তে সেইসমূহ অচল আৰু অপ্রাসংগিক হৈ পৰে। তেওঁ লগতে কয় যে পুৰণি অপৰাধ আইনসমূহৰ মূল উদ্দেশ্য ভাৰতীয় নাগৰিকক ন্যায় প্ৰদানৰ বাবে নাছিল, বৰঞ্চ ব্ৰিটিছ শাসন অক্ষুণ্ণ ৰখাহে মূল কথা আছিল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰৱৰ্তন কৰা তিনি নতুন ফৌজদাৰী আইন ভাৰতীয়ই, ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু ন্যায়ৰ বাবে যুগুত কৰিছে। শ্ৰী শ্বাহে কয় যে এই কাৰ্য্যই একবিংশ শতিকাৰ আটাইতকৈ উল্লেখযোগ্য আইনী সংস্কাৰক প্ৰতিনিধিত্ব কৰে। তেওঁ আৰু কয় যে নতুন আইনসমূহে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে আইনী ভেটি প্ৰশস্ত কৰিছে আৰু ইয়াক আগন্তুক দৃষ্টিভংগীৰে ডিজাইন কৰা হৈছে — কেৱল বৰ্তমানৰ প্ৰযুক্তিসমূহকে অন্তৰ্ভুক্তকৰণেই নহয়, বৰঞ্চ অহা ১০০ বছৰৰ বাবে প্ৰযুক্তিগত বিকাশৰ আশাও কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে নতুন আইনে ই-ডকুমেন্ট আৰু ই-চমনক আনুষ্ঠানিকভাৱে সংজ্ঞায়িত কৰিছে। তেওঁ কয় যে ফৌজদাৰী ন্যায় প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্য্যায়তে প্ৰযুক্তিক সংহত কৰা হৈছে — অপৰাধস্থলীৰ পৰা তদন্তলৈকে তথা বিচাৰলৈকে। সাত বছৰৰো অধিক সময়ৰ শাস্তিৰ সম্ভাৱনাপূৰ্ণ সকলো অপৰাধৰ বাবে ফৰেনছিক তদন্ত বাধ্যতামূলক কৰা হৈছে। এই পৰিৱৰ্তনৰ ফলশ্ৰুতিত ভাৰতে অনাগত দশকত বিশ্বৰ ভিতৰতে সৰ্বাধিক দোষী সাব্যস্তৰ হাৰ প্ৰদৰ্শন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

শ্ৰী অমিত শ্বাহে কয় যে বৰ্তমান দেশত দোষী সাব্যস্তৰ হাৰ ৫৪ শতাংশ। তেওঁ কয় যে নতুন আইনত সন্ত্ৰাসবাদৰ সংজ্ঞা প্ৰদান কৰা হৈছে। ভইচ লগ আৰু ডিজিটেল ভইচ মেইলকো স্থান প্ৰদান কৰা হৈছে। বিএনএছএছ-ত অডিঅ’, ভিডিঅ’ ৰেকৰ্ডিং, ফৰেনছিক প্ৰমাণৰ ভিডিঅ’গ্ৰাফী আৰু জেৰাৰ সময়ত ডিজিটেল ৰেকৰ্ডক আইনী ভিত্তি প্ৰদানৰ ব্যৱস্থাও কৰা হৈছে। আৰক্ষী, বিচাৰ আৰু ন্যায়িক ব্যৱস্থাৰ বাবে সময়সীমা নিৰ্ধাৰণেৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ন্যায় সুনিশ্চিতকৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলাফলো লাভ কৰা হৈছে বুলিও তেওঁ কয়। কিছুমান গোচৰত ২৩ দিনৰ ভিতৰত ধৰ্ষণকাৰীক দোষী সাব্যস্ত, ১০০ দিনৰ ভিতৰত ত্ৰিপল মাৰ্ডাৰৰ গোচৰৰ নিষ্পত্তিৰে দোষীক শাস্তি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বিচাৰ প্ৰক্ৰিয়াত কাৰিকৰী প্ৰমাণে স্বীকৃতি লাভৰ বাবেই এয়া সম্ভৱ হৈছে। তেওঁ কয় যে সমগ্ৰ দেশৰ ডিজিটেল ব্যৱস্থাটোক ডিজিটাইজকৰণৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে আজি দেশৰ ১০০ শতাংশ থানাক ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেমৰ (CCTNS) জৰিয়তে কম্পিউটাৰাইজ কৰা হৈছে। প্ৰায় ১৪ কোটি ১৯ লাখ এফআইআৰ আৰু ইয়াৰে জড়িত নথি-পত্ৰসমূহ লিগেচি তথ্যৰ লগতে অনলাইনযোগে উপলব্ধ হৈছে। ২২ হাজাৰ আদালতক ই-ক’ৰ্টৰ সুবিধাৰে সজ্জিত কৰা হৈছে। ই-কাৰাগাৰৰ জৰিয়তে ২ কোটি ১৯ লাখ তথ্য উপলব্ধ। ই-প্ৰচিকিউচনৰ জৰিয়তে ১ কোটি ৯৩ লাখ গোচৰৰ বিচাৰৰ তথ্য উপলব্ধ। ই-ফৰেনছিকৰ জৰিয়তে অনলাইনযোগে ৩৯ লাখ ফৰেনছিক প্ৰমাণ উপলব্ধ। ইয়াৰ পৰা ১৬ লাখ এলাৰ্ট সৃষ্টি কৰা হৈছে বুলিও তেওঁ কয়। ৰাষ্ট্ৰীয় অট’মেটেড ফিংগাৰপ্ৰিন্ট আইডেন্টিফিকেচন ব্যৱস্থাত (NAFIS) ১ কোটি ৫৩ লাখ অভিযুক্তৰ আঙুলিৰ চাপ উপলব্ধ। এই আঙুলিৰ চাপ প্ৰতিখন থানাকে প্ৰদান কৰা হৈছে। মানৱ সৰবৰাহৰে জড়িত অপৰাধীৰ ৰাষ্ট্ৰীয় তথ্যকোষো উপলব্ধ হৈছে। শ্ৰী শ্বাহে লগতে কয় যে এই তথ্য বৰ্তমান পৃথক, কিন্তু অহা কেইবছৰমানৰ ভিতৰত গৃহ মন্ত্ৰালয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে তদন্তকাৰী দলসমূহৰ হাতত এই তথ্য গতাই দিব। তেওঁ কয় যে তেতিয়া অপৰাধ প্ৰতিৰোধৰ কৌশল প্ৰণয়ন কৰাটো অতি সহজ হৈ পৰিব আৰু অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো এয়া অতিশয় উপকাৰী হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শিতাৰ বাবে আমি ২০২০তেই ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ, একেদৰে ২০২৪ত তিনি নতুন ফৌজদাৰী আইন বলবৎ কৰা হৈছিল। অহা ৬ মাহত আৰু ৯ টা কেম্পাছ স্থাপন কৰা হ’ব। ইয়াৰ ওপৰিও আৰু ১০ টা কেম্পাছ স্থাপনৰ প্ৰস্তাৱ জনোৱা হৈছে। শ্ৰী শ্বাহে কয় যে দেশৰ এনে কোনো ৰাজ্য নাথাকিব য’ত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ কেম্পাছ নাথাকিব। আমি প্ৰতিটো কেম্পাছক এটা বিষয় প্ৰদানেৰে বিশ্বৰ শ্ৰেষ্ঠ ইউনিট হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিম। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক গৱেষণা আৰু উন্নয়নত সহায় কৰা হ’ব যাতে তেওঁলোকে গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু আবন্টিত বিষয়ত কেম্পাছটোক শ্ৰেষ্ঠ কৰি তুলিব পাৰে। গৃহমন্ত্ৰীয়ে কয় যে এইসমূহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি বছৰে ৩৬ হাজাৰ ডিপ্লমা আৰু ডিগ্ৰীধাৰী যুৱক-যুৱতী এই কেম্পাছসমূহৰপৰা উত্তীৰ্ণ হ’ব আৰু তেওঁলোকে আমাৰ ফৌজদাৰী ন্যায় ব্যৱস্থাক সুদৃঢ় কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে সাত বছৰৰো অধিক সময়ৰ শাস্তিৰ সম্ভাৱনাপূৰ্ণ প্ৰতিটো অপৰাধৰ অপৰাধস্থলীসমূহ পৰিদৰ্শন কৰিবলৈ ৩০ হাজাৰ প্ৰশিক্ষিত পেছাদাৰীৰ প্ৰয়োজন আছে। তেওঁ উল্লেখ কৰে যে প্ৰতি বছৰে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় ৩৬ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰিব, ইয়াৰে বহুতেই ব্যক্তিগত ফৰেনছিক পৰীক্ষাগাৰতো কাম কৰিবলৈ যাব। তেওঁ আৰু উল্লেখ কৰে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) ব্যক্তিগত আৰু চৰকাৰী ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (FSL)ৰ মাজত চুক্তি স্বাক্ষৰৰ দিশত কাম কৰি আছে, যাৰ ফলত চৰকাৰী এফএছএলসমূহে লাভ কৰা কেতবোৰ নমুনা ব্যক্তিগত লেবৰ দ্বাৰাও বিশ্লেষণ কৰিব পৰা যাব। তেওঁ লগতে কয় যে এনএফএছইউ-এ ড্ৰোন ফৰেনছিক, স্মাৰ্ট চিটি ফৰেনছিক, মেৰিন ফৰেনছিক, কৰ্পৰেট ফৰেনছিককে প্ৰমুখ্য কৰি কেইবাটাও উদীয়মান ক্ষেত্ৰত আগবাঢ়িছে। শ্ৰী শ্বাহে এনএফএছইউ-ৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় উপস্থিতিতো আলোকপাতেৰে কয় যে বৰ্তমান প্ৰায় ২৪০ জন বিদেশী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে আৰু অনাগত বছৰসমূহত বিশ্ববিদ্যালয়খনৰ বিশ্বজুৰি সম্প্ৰসাৰণ অব্যাহত থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অপৰাধীক স্বভাৱগত অপৰাধী, পৰিস্থিতিৰ দ্বাৰা অপৰাধৰ প্ৰতি ধাৱমান হোৱা আৰু প্ৰয়োজনীয়তাৰ বাবে অপৰাধ সংঘটিত কৰা অপৰাধী হিচাপে শ্ৰেণীভুক্তকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কাৰাগাৰৰ ভিতৰত এনে ব্যক্তিক মানসিক পৰামৰ্শ প্ৰদানৰ গুৰুত্বত আলোকপাত কৰে, যাৰ লক্ষ্য হৈছে তেওঁলোকক দায়িত্বশীল নাগৰিক হ’বলৈ উৎসাহিত কৰা। তেওঁ আস্থা প্ৰকাশেৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে অহা দুবছৰৰ ভিতৰত কয়দীৰ পুনৰ্বাসনৰ বাবে এক শক্তিশালী ফৰেনছিক বিজ্ঞান ভিত্তিক ব্যৱস্থা গঢ়ি তুলিব পাৰিব। শ্ৰী শ্বাহে লগতে কয় যে এটা মডাছ অপাৰেণ্ডি ব্যুৰ’ স্থাপন কৰা হৈছে, যিয়ে অপৰাধমূলক আচৰণৰ ধৰণ বিশ্লেষণেৰে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

শ্ৰী অমিত শ্বাহে স্বীকাৰ কৰে যে দেশখন অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ইয়াৰে বহুকেইটা প্ৰত্যাহ্বানেৰে ফৰেনছিক বিজ্ঞানৰ ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে মোকাবিলা কৰিব পাৰি। বৈজ্ঞানিক সমাধানৰ জৰিয়তে এখনি অপৰাধমুক্ত সমাজ গঢ়াৰ দিশত কাম কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে এই সন্মিলনৰ সময়ত যুৱ সমাজক হেকাথনত অসাধাৰণ প্ৰদৰ্শন আৰু হিন্দী ভাষাৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতি জনোৱা হৈছে।

*******

RK/VV/PR/PS/SB


(Release ID: 2121774) Visitor Counter : 6