ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বৈশাখী, বিষু, ব'হাগ বিহু, পইলা বৈশাখ, মেষাদি, বৈশাখাদী আৰু পুথাণ্ডু পিৰাপুৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন

Posted On: 12 APR 2025 6:33PM by PIB Guwahati

 

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে ১৩, ১৪ আৰু ১৫ এপ্ৰিল, ২০২৫-ত উদযাপন কৰিবলগীয়া বৈশাখী, বিষু, ব'হাগ বিহু, পইলা বৈশাখ, মেষাদি, বৈশাখাদী আৰু পুথাণ্ডু পিৰাপুৰ প্ৰাকক্ষণত এক বাৰ্তাত কৈছেঃ-

“মই বৈশাখী, বিষু, ব'হাগ বিহু, পইলা বৈশাখ, মেষাদি, বৈশাখাদী আৰু পুথাণ্ডু পিৰাপুৰ শুভ উপলক্ষত ভাৰত আৰু বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ভাৰতৰ ভিন্ন প্ৰান্তত শস্য চপোৱাৰ সময়ত উদযাপন কৰা এই উৎসৱসমূহ আমাৰ সামাজিক পৰম্পৰা আৰু বৈচিত্ৰ্যৰ মাজত ঐক্যৰ প্ৰতীক। এই উৎসৱসমূহৰ জৰিয়তে আমি আমাৰ ‘অন্নদাতা’ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰোঁ। এই উৎসৱসমূহে প্ৰকৃতি সংৰক্ষণ আৰু আমাৰ সাংস্কৃতিক উত্তৰাধিকাৰক সুৰক্ষাৰ বাৰ্তাও প্ৰদান কৰে।

এই স্পন্দনশীল উৎসৱসমূহে আমাক যেন আমাৰ ৰাষ্ট্ৰখনৰ উন্নয়নৰ বাবে দায়বদ্ধতা আৰু নিষ্ঠা সহকাৰে কাম কৰিবলৈ প্ৰেৰণা যোগাই, মই তাৰেই কামনা কৰিলোঁ।”

ৰাষ্ট্ৰপতিগৰাকীৰ বাৰ্তাৰ বাবে ইয়াত ক্লিক কৰক-

***

MJPS/SR/SB
 


(Release ID: 2121305) Visitor Counter : 31