তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ২০২৫: “মেক দ্য ৱৰ্ল্ড ৱেৰ খাদী” চেলেঞ্জৰ বাবে ফাইনেলিষ্টৰ নাম ঘোষণা
৭৫০ৰ পৰা শ্ৰেষ্ঠজনলৈ : খাদীৰ পুনৰ ৰূপত উপস্থাপনৰ মাজেৰে বিজয়ৰ অভিযানক সন্মান জনোৱাৰ প্ৰয়াস
Posted On:
09 APR 2025 5:00PM by PIB Guwahati
এডভাৰ্টাইজিং এজেন্সিএছ'চিয়েচন অফ ইণ্ডিয়া (এএএআই)ৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুম্বাইত ১ মে’ৰ পৰা ৪ মে’লৈ অনুষ্ঠিত কৰিবলগীয়া ৱেভছ শীৰ্ষ সন্মিলন ২০২৫ৰ অংশ হিচাপে অনুষ্ঠিত হ’বলগীয়া ৩২ টা ক্ৰিয়েটিভ ইন ইণ্ডিয়া চেলেঞ্জৰ ভিতৰত মেক দ্য ৱৰ্ল্ড ৱেৰ খাদীৰ বাবে ফাইনেলিষ্টৰ নাম ঘোষণা কৰিছে।

তালিকাভুক্ত কৰা প্ৰাৰ্থীসকল হৈছে:
- ইমন সেনগুপ্ত আৰু সোহাম ঘোষ – হাভাছ ৱৰ্ল্ডৱাইড ইণ্ডিয়া
- কাৰ্তিক শংকৰ আৰু মধুমিতা বসু – ২২ফিট ট্ৰাবেল
- কাজল তিৰলটকাৰ – ইন্টাৰেক্টিভ এভিনিউ
- তন্ময় ৰাউল আৰু মন্দৰ মহাদিক – ডিডিবি মুদ্ৰা গ্ৰুপ
- আকাশ মেজাৰী আৰু কাজল জেছৱানী – ডি ডি বি মুদ্ৰা গ্ৰুপ
এইসকল প্ৰতিযোগীয়ে তেওঁলোকৰ কামৰ আঁৰৰ উদ্দেশ্য বাখ্যা কৰি খাদীৰ বিকশিত পৰিচয়ৰ বিষয়ত অৱলোকন কৰিছে—তেওঁলোকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতীকৰ পৰা বহনক্ষম ফেশ্বনৰ সমাধানলৈকে সকলো সামৰি হৈছে ।
কাজল তিৰলটকাৰে খাদীক “সময়ৰ প্ৰমাণ... মন্থৰ গতিৰে আত্মাস্পৰ্শী আৰু সযতনে আগবাঢ়ি থকা” বুলি বৰ্ণনা কৰাৰ বিপৰীতে তন্ময় ৰাউল আৰু মন্দৰ মহাদিকে খাদীক “ভৱিষ্যতৰ বস্ত্ৰ” হিচাপে স্থান দিছে৷ তেওঁলোকে খাদীৰ জড়িয়তে ফেশ্বনৰ জগত খনত হোৱা দ্ৰুত পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে। আকাশ মেজাৰী আৰু কাজল জেছৱানীয়ে পৰিৱেশৰ ক্ষতি “অৱলুপ্ত” কৰাৰ উপায় হিচাপে খাদীৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে৷ তেওঁলোকে এই অভিযানৰ জৰিয়তে জলবায়ু সচেতনতা বৃদ্ধিৰ কাৰ্য্যক উৎসাহিত কৰিছে। ইফালে, ইমান সেনগুপ্ত আৰু সোহাম ঘোষে খাদীৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক মূল্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে, ইয়াক বিশ্বব্যাপী ফেশ্বনৰ অগ্ৰণী তথা উদ্দেশ্য-চালিত পছন্দ হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে৷

খাদীক বহনক্ষমতা আৰু স্বকীয় পৰিচয়ৰ বিশ্বব্যাপী আইকন হিচাপে পুনৰ কল্পনা কৰিবলৈ ডিজাইন কৰা এই প্ৰতিযোগিতাৰ বাবে সমগ্ৰ দেশৰ সৃষ্টিশীল পেছাদাৰী আৰু সংস্থাসমূহৰ পৰা ৭৫০ৰো অধিক লোকে পঞ্জীয়ন কৰিছিল। অংশগ্ৰহণকাৰীসকলক এনে বিজ্ঞাপন ভিত্তিক কৰ্ম সৃষ্টি কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছিল যিয়ে খাদীক কেৱল কাপোৰ হিচাপেই নহয়, বিশ্ব মঞ্চত উদ্ভাৱন আৰু সচেতন জীৱনৰ এক শক্তিশালী প্ৰতীক হিচাপে স্থান দিয়ে।
বিজ্ঞাপন উদ্যোগৰ নেতাসকলৰ এক বিশিষ্ট জুৰীয়ে মৌলিকতা, সাংস্কৃতিক গভীৰতা, বিশ্বব্যাপী আবেদন আৰু প্ৰতিযোগিতাখনৰ মূল বাৰ্তাৰ সৈতে সংগতি থকাৰ ভিত্তিত উক্ত কৰ্মসমূহৰ মূল্যায়ন কৰিছিল। তালিকাভুক্ত কৰা কৰ্মসমূহৰ কৌশলগত চিন্তাধাৰা, সুন্দৰ আখ্যান আৰু খাদীক কেন্দ্ৰ কৰি বিশ্বব্যাপী আন্দোলন জগাই তোলাৰ সম্ভাৱনাৰ বাবে প্ৰশংসা কৰা হয়।
ৱেভছ শীৰ্ষ সন্মিলন ২০২৫ৰ সময়ত চূড়ান্ত বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হ’ব, য’ত তেওঁলোকৰ অভিযানসমূহ নীতি নিৰ্ধাৰক, বিশ্বৰ বিভিন্ন প্ৰতিনিধি, সংবাদ মাধ্যমৰ শীৰ্ষ ব্যক্তি আৰু উদ্যোগৰ অংশীদাৰসকলৰ লগতে অভিজাত দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হ’ব।
.
ৱেভছৰ বিষয়ে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান (WAVES)।আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন প্ৰদান কৰিছে।ৱেভছে ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ),ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।
কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক
আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (অতিশীঘ্ৰে আহি আছে!)।
পিআইবি টীম ৱেভছৰ শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক
আহক, আমাৰ যাত্ৰাৰ সংগী হওঁক!ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক
* * *
PIB TEAM WAVES 2025 | Dhanlakshmi/ Darshana/DM
(Release ID: 2120863)
Visitor Counter : 9
Read this release in:
Odia
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam