কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত মুঠ ১৩৩২ কোটি টকা ব্যয়সাপেক্ষে তিৰুপতি-পাকলা-কাটপাড়ী একক ৰেলপথ শাখা(১০৪ কিলোমিটাৰ)ৰ দ্বৈতকৰণত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

এই পদক্ষেপে বহনক্ষম আৰু কাৰ্যক্ষম ৰেল পৰিচালনাত সমৰ্থন আগবঢ়াই ভ্ৰমণৰ সুবিধা উন্নত কৰিব, সামগ্ৰী পৰিবহণ ব্যয়, তেল আমদানি তথা কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন হ্ৰাসত অৰিহণা যোগাব

মাল্টি ট্ৰেকিং প্ৰকল্পই প্ৰায় ৪০০ গাঁও আৰু ১৪ লক্ষাধিক জনসংখ্যালৈ সংযোগ সম্প্ৰসাৰিত কৰিব
এই প্ৰকল্পৰ লক্ষ্য হৈছে নমস্য তিৰুমালা ভেংকটেশ্বৰ মন্দিৰ বিদ্যমান তিৰুপতিৰ সৈতে সংযোগ বৃদ্ধি কৰা। এই মন্দিৰলৈ দৈনিক প্ৰায় ৭৫ হাজাৰ তীৰ্থযাত্ৰী আৰু শুভ অনুষ্ঠানৰ সময়ত প্ৰতিদিনে ১.৫ লাখ ভক্ত-দৰ্শনাৰ্থীৰ আগমন হয়

এই প্ৰকল্পটোৱে নিৰ্মাণৰ সময়ত প্ৰায় ৩৫ লাখ মানৱ-দিনৰ বাবেও প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব

Posted On: 09 APR 2025 3:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে মুঠ ১৩৩২ কোটি টকা (প্ৰায়) ব্যয়সাপেক্ষে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ তিৰুপতি–পাকলা–কাটপড়ী একক ৰেলপথৰ শাখা (১০৪ কিলোমিটাৰ)ৰ দ্বৈতকৰণত অনুমোদন জনাইছে।

এই সম্প্ৰসাৰিত ৰেলপথ সক্ষমতাই ভাৰতীয় ৰে’লৱেৰ বাবে বৰ্ধিত দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা আগবঢ়াই গতিশীলতা উন্নত কৰিব। এই মাল্টি ট্ৰেকিং প্ৰস্তাৱে ৰেল পৰিচালনা সহজ কৰি তুলিব আৰু যান-জঁট হ্ৰাস কৰাৰ লগতে সমগ্ৰ ভাৰতীয় ৰে’লৱেৰ ব্যস্ততম অংশত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত উন্নয়ন প্ৰদান কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিয়ে অঞ্চলটোৰ জনসাধাৰণক সৰ্বাংগীণ উন্নয়নৰ মাধ্যমেৰে “আত্মনিৰ্ভৰ” কৰি তুলিব আৰু তেওঁলোকৰ কৰ্মসংস্থাপন/আত্মনিয়োগৰ সুযোগ বৃদ্ধি কৰিব।

এই প্ৰকল্পটো সংহত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈ উঠা বহুপাক্ষিক সংযোগৰ বাবে পি এম-গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ ফল আৰু ই মানুহ, সামগ্ৰী আৰু সেৱাৰ সঞ্চালনৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

দুখন ৰাজ্য অৰ্থাৎ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ তিনিখন জিলা সামৰি লোৱা প্ৰকল্পটোৱে ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১১৩ কিলোমিটাৰ বৃদ্ধি কৰিব।

তিৰুমালা ভেংকটেশ্বৰ মন্দিৰৰ সৈতে সংযোগৰ সমান্তৰালকৈ এই প্ৰকল্প খণ্ডই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী আৰু পৰ্যটকক আকৰ্ষণ কৰি শ্ৰী কলাহস্তী শিৱ মন্দিৰ, কণিপাকম বিনায়ক মন্দিৰ, চন্দ্ৰগিৰি দুৰ্গ আদি অন্যান্য প্ৰখ্যাত গন্তব্যস্থানলৈও ৰেল সংযোগ প্ৰদান কৰিব।

মাল্টি ট্ৰেকিং প্ৰকল্পই প্ৰায় ৪০০ গাঁও আৰু ১৪ লক্ষাধিক জনসংখ্যালৈ সংযোগ সম্প্ৰসাৰণ কৰিব।

কয়লা, কৃষিজাত সামগ্ৰী, চিমেণ্ট আৰু অন্যান্য খনিজ পদাৰ্থ আদি সামগ্ৰী পৰিবহণৰ বাবে এইটো এটা অপৰিহাৰ্য পথ। ইয়াৰ সামৰ্থ্য বৃদ্ধিৰ ফলত বছৰি ৪ মিলিয়ন টন (এমটিপিএ) পৰিমাণৰ অতিৰিক্ত সামগ্ৰী সৰবৰাহ সম্ভৱ হব। ৰেলৱে পৰিৱেশ অনুকূল আৰু শক্তি-দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ ফলত জলবায়ুৰ লক্ষ্যত উপনীত হোৱা তথা দেশৰ সামগ্ৰী পৰিবহণৰ খৰচ হ্ৰাস কৰা দুয়োটাতে সহায় কৰিব। তদুপৰি  তেলৰ আমদানি হ্ৰাস (৪ কোটি লিটাৰ) আৰু কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন কম হোৱাটো (২০ কোটি কিলোগ্ৰাম) এক কোটি গছপুলি ৰোপণৰ সমতুল্য হব।

***

MJPS/SKS/KD


(Release ID: 2120421) Visitor Counter : 25