পোষ্ট কৰা হৈছে:
08 APR 2025 4:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ডুবাইৰ ৰাজকুমাৰ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমk সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে ভাৰত-ইউ এ ই সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁ লগতে কয় যে ডুবাইয়ে ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছিল;
"ডুবাইৰ ৰাজকুমাৰ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকটুমক সাক্ষাৎ কৰি আনন্দিত হৈছো। ডুবাইয়ে ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বিশেষ ভ্ৰমণে আমাৰ গভীৰ বন্ধুত্বক পুনৰ নিশ্চিত কৰিছে আৰু ভৱিষ্যতে অধিক শক্তিশালী সহযোগিতাৰ পথ প্ৰশস্ত কৰিছে।
@HamdanMohammed”
***
MJPS/ST/NB