প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
03 APR 2025 5:43PM by PIB Guwahati
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত ‘তিপিতকা’ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"এয়া হৈছে অতিকে বিশেষ উপহাৰ!
পালি ভাষাত যুগুতোৱা ‘তিপিতকা’ৰ এটা প্ৰতিলিপি মোক দিয়াৰ বাবে মই প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাৰ ওচৰত কৃতজ্ঞ। পালি সঁচাকৈয়ে এক সুন্দৰ ভাষা, এই ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে। আপোনালোক সকলোৱে জানে, আমাৰ চৰকাৰে যোৱা বছৰ পালি ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল। সমগ্ৰ বিশ্বৰ লোকে এই সিদ্ধান্তক প্ৰশংসা কৰিছে আৰু ই গৱেষণাৰ লগতে এই ভাষা সন্দৰ্ভত কৰা অধ্যয়নক উৎসাহিত কৰিছে।
@ingshin"
*****
MJPS/SR/KB
(ৰিলিজ আই ডি : 2118544)
অতিথি কক্ষ : 52
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam