প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভূমিকম্পৰ শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 MAR 2025 1:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানমূলক সময়ত ম্যানমাৰৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে। এই দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তাৎক্ষণিক সাহায্য আৰু সাহায্য প্ৰদানৰ বাবে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে।
এক্সৰ এটা পোষ্টত তেওঁ লিখে- "ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ কৰিলোঁ।বিধ্বংসী ভূমিকম্পত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিলোঁ।এজন ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতে এই জটিল মূহূৰ্তত ম্যানমাৰৰ জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিছে।#OperationBrahmaৰ অংশ হিচাপে অঞ্চলসমূহলৈ দুৰ্যোগ সাহায্য সামগ্ৰী, মানৱীয় সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ দলসমূহ দ্ৰুতগতিত প্ৰেৰণ কৰা হৈছে।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2116594)
आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam