প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেলজিয়ামৰ ৰজা ফিলিপৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
27 MAR 2025 8:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ মহামহিম ৰজা ফিলিপৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ ৰাজকুমাৰী এষ্ট্ৰিডৰ নেতৃত্বত ভাৰতলৈ বেলজিয়ামৰ অৰ্থনৈতিক অভিযানৰ শলাগ লয়। দুয়োগৰাকী নেতাই শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰা, বাণিজ্য আৰু বিনিয়োগক উন্নীত কৰা, উদ্ভাৱন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কয় যে-
'বেলজিয়ামৰ মহামহিম ৰজা ফিলিপৰ সৈতে কথা পাতিবলৈ পাই আনন্দিত হ’লো। শেহতীয়াকৈ ৰাজকুমাৰী এষ্ট্ৰিডৰ নেতৃত্বত ভাৰতলৈ বেলজিয়ামৰ অৰ্থনৈতিক অভিযানৰ শলাগ লৈছো। আমি শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰা, বাণিজ্য আৰু বিনিয়োগক উন্নীত কৰা, উদ্ভাৱন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ বিষয়ে আলোচনা কৰোঁ।@MonarchieBe”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2116054)
অতিথি কক্ষ : 48
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam