ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

পোন-প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগৰ আইআইআইডিইএম-ত বেটচত ১ লাখৰো অধিক বুথ লেভেল অফিচাৰ (BLO)ৰ প্ৰশিক্ষণ আৰম্ভ

বিহাৰ, পশ্চিম বংগ আৰু অসমৰ প্ৰথম বেটচৰ বিএলঅ’সকলে আইআইআইডিইএম-ত অনুষ্ঠিত দু-দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে

তৃণমূল পৰ্য্যায়ৰ নিৰ্বাচনী কৰ্মীসকলৰ বাবে নিৰন্তৰ, ব্যৱহাৰিক, পৰিস্থিতি-ভিত্তিক প্ৰশিক্ষণ

ৰাষ্ট্ৰজোৰা বিএলঅ’ নেটৱৰ্ক সুদৃঢ় কৰিবলৈ সু-প্ৰশিক্ষিত বিএলঅ’সকল বিধানসভা পৰ্য্যায়ৰ মাষ্টাৰ প্ৰশিক্ষক হৈ উঠিব

Posted On: 26 MAR 2025 11:51AM by PIB Guwahati

আজি ইণ্ডিয়া ইন্টাৰনেচনেল ইনষ্টিটিউট অৱ ডেম’ক্ৰেচি এণ্ড ইলেকচন মেনেজমেন্ট (IIIDEM), নতুন দিল্লীত ইচি ডঃ বিবেক যোশীৰ সৈতে চিইচি শ্ৰী জ্ঞানেশ কুমাৰে পোন-প্ৰথমবাৰৰ বাবে আয়োজিত বিএলঅ’ৰ প্ৰশিক্ষণ কাৰ্য্যসূচী উদ্বোধন কৰে। ইয়াত প্ৰতি ১০ টা ভোটকেন্দ্ৰৰ বিপৰীতে গড়ে এগৰাকী বিএলঅ’ৰে ১ লাখৰো অধিক বিএলঅ’ক আগন্তুক কেইবছৰমানৰ ভিতৰত এনে প্ৰশিক্ষণ কাৰ্য্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াত সু-প্ৰশিক্ষিত বিএলঅ’সকলে সমগ্ৰ ৰাষ্ট্ৰজোৰা বিএলঅ’ নেটৱৰ্ক সুদৃঢ় কৰিবলৈ বিধানসভা পৰ্য্যায়ৰ মাষ্টাৰ প্ৰশিক্ষক (ALMT)ৰ এটা কৰ্প গঠন কৰিব, যিসকল হৈছে ১০০ কোটি ভোটাৰ আৰু আয়োগৰ মাজৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ মধ্যস্থতাকাৰী।

এই অনন্য সামৰ্থ্য বিকাশ কাৰ্য্যসূচী প্ৰথমে নিৰ্বাচন অনুষ্ঠিতব্য ৰাজ্যসমূহত গুৰুত্ব আৰোপেৰে পৰ্য্যায়ক্ৰমে অব্যাহত থাকিব। সম্প্ৰতি বিহাৰ, পশ্চিম বংগ আৰু অসমৰ ১০৯ গৰাকী বিএলঅ’য়ে দু-দিনীয়া আৱাসিক প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে। তেওঁলোকে বিহাৰ, পশ্চিম বংগ, অসম, কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰ ২৪ গৰাকী ইআৰঅ’ আৰু ১৩ গৰাকী ডিইঅ’ৰ সৈতে অংশগ্ৰহণ কৰিছে।

আৰপি আইন-১৯৫০, ভোটাৰ পঞ্জীয়ন অধিনিয়ম-১৯৬০ আৰু আয়োগৰ নিৰ্দেশ অনুসৰি, বিএলঅ’সকলক তেওঁলোকৰ ভূমিকা আৰু দায়িত্বৰ সৈতে পৰিচিতকৰণৰ লগতে ভোটাৰ তালিকাৰ ক্ৰুটিমুক্ত উন্নীতকৰণৰ বাবে প্ৰাসংগিক প্ৰ-পত্ৰ পূৰণৰ প্ৰয়োজনীয়তাৰে সমৃদ্ধকৰণৰ পৰিকল্পনা কৰা হৈছে। তেওঁলোকৰ কামক সহায় কৰিবলৈ ডিজাইন কৰা আইটি এপ্লিকেচনৰ সৈতে তেওঁলোক পৰিচিত হ’ব।

বিএলঅ’সকল ৰাজ্য চৰকাৰৰ বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়া (DEO) ৰ অনুমোদনৰ পিছত নিৰ্বাচন পঞ্জীয়ন বিষয়া (ERO) ই তেওঁলোকক নিযুক্তি প্ৰদান কৰে। ভোটাৰ তালিকাৰ ক্ৰুটিমুক্ত উন্নীতকৰণত ইআৰঅ’ আৰু বিএলঅ’ৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰেৰে চিইচি শ্ৰী জ্ঞানেশ কুমাৰে কয় যে ৰাজ্য চৰকাৰসমূহে এছডিএম পৰ্য্যায়ৰ বা সমতুল্য বিষয়াক ইআৰঅ’ হিচাপে মনোনীত কৰিব লাগে, যিসকলে তাৰ পিছত জ্যেষ্ঠতাক যথাযথভাৱে বিবেচনা কৰি বিএলঅ’সকলক নিযুক্তি প্ৰদান কৰিব লাগে আৰু যিসকল তেওঁলোকৰ দায়িত্বত থকা ভোটগ্ৰহণ কেন্দ্ৰৰ সাধাৰণ বাসিন্দা হয়।

চিইচিয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু আৰপি আইন-১৯৫০ৰ ২০ নং ধাৰা অনুসৰি ভাৰতৰ ১৮ বছৰৰ উৰ্ধ আৰু সাধাৰণতে সমষ্টিটোত বসবাস কৰা নাগৰিকেহে ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰিব পাৰিব। তেওঁ সকলো চিইঅ’, ডিইঅ’, ইআৰঅ’ক নিজ-নিজ পৰ্য্যায়ত সৰ্বদলীয় বৈঠক অনুষ্ঠিতকৰণৰ লগতে নিৰ্বাচনী তালিকাৰ সঠিক উন্নীতকৰণকে প্ৰমুখ্য কৰি নিজৰ অধিকাৰক্ষেত্ৰৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ বাবে দিয়া নিৰ্দেশনাৰ কথা উল্লেখ কৰে। ইআৰঅ’ বা বিএলঅ’সকলৰ বিৰুদ্ধে যিকোনো অভিযোগৰ সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকীয়নি প্ৰদান কৰে। তেওঁ কয় যে ভোটাৰ তালিকা উন্নীতকৰণৰ বাবে ঘৰে-ঘৰে গৈ পৰীক্ষণৰ সময়ত সকলো বিএলঅ’য়ে সৌজন্যতাৰ মনোভাৱ প্ৰদৰ্শন কৰিব লাগে। প্ৰায় ১০০ কোটি ভোটাৰৰ সৈতে আয়োগ থিয় হৈ আছিল, আছে আৰু থাকিব বুলিও তেওঁ কয়।

******

PK/GDH/RP/SB


(Release ID: 2115412) Visitor Counter : 22