গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ নীতিৰে আগবাঢ়িছে

ছট্টিশগড়ত দুটা পৃথক অভিযানত ২২ টা নক্সালবাদীক ধৰাশায়ী নিৰাপত্তা বাহিনীৰ

আজি আমাৰ জোৱানসকলে ‘নক্সালমুক্ত ভাৰত অভিযান’ৰ দিশত আন এক বৃহৎ সফলতা লাভ কৰিছে

আত্মসমৰ্পণৰ পৰা আৰম্ভ কৰি অন্তৰ্ভুক্তিলৈকে সকলো সা-সুবিধা আগবঢ়োৱাৰ পিছতো যিসকল নক্সালপন্থীয়ে আত্মসমৰ্পণ কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে মোডী চৰকাৰে গ্ৰহণ কৰিছে শূন্য সহনশীলতা নীতি

অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালমুক্ত হ’ব দেশ

Posted On: 20 MAR 2025 5:39PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে নক্সালবাদীৰ বিৰুদ্ধে দৃঢ় আৰু অদম্য স্থিতি গ্ৰহণ কৰিছে।

নিৰাপত্তা বাহিনীয়ে দুটা পৃথক অভিযানত ২২ টা নক্সালবাদীক ধৰাশায়ী কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে আজি আমাৰ জোৱানসকলে 'নক্সালমুক্ত ভাৰত অভিযান'ত আন এক বৃহৎ সফলতা লাভ কৰিছে। তেওঁ লগতে লিখিছে যে আমাৰ নিৰাপত্তা বাহিনীৰ দুটা পৃথক পৃথক অভিযানত ছট্টিশগড়ৰ বিজাপুৰ আৰু কাংকেৰত ২২ টা নক্সালবাদী নিহত হৈছে। তেওঁ লগতে কয়, মোডী চৰকাৰে নক্সালসকলৰ বিৰুদ্ধে কঠোৰ পন্থাৰে আগবাঢ়িছে আৰু যিসকল নক্সালবাদীয়ে তেওঁলোকক আত্মসমৰ্পণৰ পৰা আৰম্ভ কৰি মূলসুঁতিত অন্তৰ্ভুক্তিলৈকে সকলো সুবিধা আগবঢ়োৱাৰ পিছতো আত্মসমৰ্পণ নকৰাসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। শ্ৰী শ্বাহে কয় পোষ্টটোতেই উল্লেখ কৰে যে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশখন নক্সালমুক্ত হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ নিৰ্দেশনাত নক্সালবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অংশ হিচাপে ২০২৫ বৰ্ষত এতিয়ালৈকে ৯০ টা নক্সালবাদীক হত্যা কৰা হৈছে, ১০৪ টা নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে, আৰু ১৬৪ টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইফালে ২০২৪ চনত ২৯০ টা নক্সালবাদীক হত্যা কৰাৰ বিপৰীতে ১০৯০ টাক গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু ৮৮১ টা নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছিল। এই পৰ্যন্ত মুঠ ১৫ টা নক্সালৰ শীৰ্ষ নেতাক হত্যা কৰা হৈছে।

উল্লেখ্য যে ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত মুঠ ১৬,৪৬৩ টা নক্সাল হিংসাৰ ঘটনা সংঘটিত হৈছিল। কিন্তু ২০১৪ চনৰ পৰা ২০২৪ চনলৈ মোডী চৰকাৰৰ কাৰ্যকালত ৫৩ শতাংশ হিংসাত্মক ঘটনাৰ সংখ্যা হ্ৰাস পাইছে আৰু এই সময়ছোৱাত সংঘটিত হোৱা ঘটনাৰ সংখ্যা ৭,৭৪৪ টালৈ হ্ৰাস পাইছে। একেদৰে নিৰাপত্তা বাহিনীৰলোকৰ হতাহতৰ পৰিমাণ ৭৩ শতাংশলৈ হ্ৰাস পাইছে। এই সময়ছোৱাত হতাহতৰ সংখ্যা ১৮৫১ চনৰ পৰা ৫০৯লৈ হ্ৰাস পাইছে, আনহাতে সৰ্বসাধাৰণ লোকৰ হতাহতৰ সংখ্যা ৭০ শতাংশ হ্ৰাস পাইছে। এই সময়ছোৱাত হতাহতৰ সংখ্যা ৪৭৬৬ৰ পৰা ১৪৯৫লৈ হ্ৰাস পাইছে।

২০১৪ চনলৈকে দেশত ৬৬ খন দুৰ্গম এলেকাৰ থানা আছিল। কিন্তু বিগত দশকত মোডী চৰকাৰৰ নেতৃত্বত এই সংখ্যা ৬১২ লৈ বৃদ্ধি পাইছে। একেদৰে ২০১৪ চন পৰ্যন্ত ১২৬ খন জিলা নক্সালবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল যদিও ২০২৪ চনলৈকে এনে জিলাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে আৰু বৰ্তমান মাত্ৰ ১২ খন জিলাহে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্থ হৈছে। আনফালে এনেবোৰ এলেকাত বিগত পাঁচ বছৰত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবলৈ ৩০২ টা নতুন নিৰাপত্তা শিবিৰ আৰু ৬৮ টা নৈশ অৱতৰণ হেলিপেডো স্থাপন কৰা হৈছে।

***

RK/VV/ASH/PR/PS


(Release ID: 2113626) Visitor Counter : 23