গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে অসমৰ কোকৰাঝাৰত ‘নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলন’ত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে

‘এবছু’ অবিহনে বড়ো চুক্তি সম্ভৱ নহ'লহেঁতেন, ‘এবছু’-য়ে বড়োলেণ্ডত শান্তি আৰু উন্নয়নৰ পৰিৱেশ গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

দিল্লীৰ এটা বিশিষ্ট পথৰ নাম ‘বডোফা’ উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামেৰে ৰখা হ'ব

মোদী চৰকাৰে অহা দুবছৰত ‘বিটিআৰ শান্তি চুক্তি’ৰ ১০০ শতাংশ কাৰ্যকৰীকৰণ সম্পূৰ্ণ কৰিব

মোদী চৰকাৰ আৰু অসম চৰকাৰে ‘বডোফা’ উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াৰ সপোন পূৰণ কৰিব

অতীতত বড়োলেণ্ডত অস্থিৰতা, বিশৃংখলতা আৰু বিচ্ছিন্নতাবাদ প্ৰসংগত আলোচনা হৈছিল; এতিয়া, শিক্ষা, বিকাশ আৰু উদ্যোগ সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে

অতীতত য'ত এসময়ত বড়োলেণ্ড অঞ্চলত গুলীৰ বৰ্ষণ হৈছিল, আজি বড়ো যুৱক-যুৱতীসকলে ত্ৰিৰংগাৰ লহৰ তুলিছে

এতিয়া দিল্লীত "বড়োলেণ্ডৰ কাঠফুলা" উপলব্ধ হয়, বড়োলেণ্ডৰ এক ডজনৰো অধিক সামগ্ৰীয়ে ‘জিআই টেগ’ লাভ কৰিছে

Posted On: 16 MAR 2025 5:24PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ কোকৰাঝাৰত ‘নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলন’ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা, বিধান সভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰো (আইবি)ৰ সঞ্চালক সমন্বিতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 IMG_6287.JPG

সন্মিলনত প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অঞ্চলটোত শান্তি, উন্নয়ন আৰু উৎসাহজনক পৰিৱেশ এটা গঢ়ি তোলাত ‘নিখিল বড়ো ছাত্ৰ সন্থা’ (এবছু)ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ‘এবছু’-ৰ ভূমিকা অবিহনে বড়ো চুক্তি সম্ভৱ নহ'লহেঁতেন, আৰু বড়োলেণ্ডত শান্তি স্থাপন কৰাটো সম্ভৱ নহ'লহেঁতেন। এই উপলক্ষে শ্ৰী শ্বাহে বড়োলেণ্ডৰ শান্তিৰ বাবে যুঁজ দিয়া পাঁচ হাজাৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী অমিত শ্বাহে কয় যে আজি যেতিয়া সমগ্ৰ বড়োলেণ্ডে ইয়াৰ নেতা উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াই দেখুওৱা পথ অনুসৰণ কৰি আছে, চৰকাৰে দিল্লীৰ এটা বিশিষ্ট পথৰ নাম ‘বডোফা’ উপেন্দ্ৰ নাথ ব্ৰহ্ম মাৰ্গ’ ৰখাৰ সিদ্ধান্ত লৈছে। তেওঁ লগতে উল্লেখ কৰে যে এপ্ৰিলৰ প্ৰথম সপ্তাহত দিল্লীত এক কাৰ্যসূচী অনুষ্ঠিত হ'ব য'ত উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰা হ'ব। তেওঁ কয়, মোদী চৰকাৰ আৰু অসম চৰকাৰে ‘বডোফা’ উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিটো সপোনকে বাস্তৱায়িত কৰিব।

IMG_6254.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘এবছু’ৱে শিক্ষা, সবলীকৰণ আৰু উন্নয়নক আগবঢ়াই আছে। ‘এবছু’-ৰ প্ৰচেষ্টাৰ বাবেই আজি শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰীক্ষাবোৰ দ্বাদশ শ্ৰেণীলৈকে বড়ো ভাষাত দিব পৰা হৈছে। ফলস্বৰূপে, আমাৰ বড়ো ভাষাই স্বীকৃতি লাভ কৰিছে আৰু অনাগত বহু যুগলৈ জীৱন্ত হৈ থাকিব। তেওঁ আৰু কয় যে আজিৰ অনুষ্ঠানটোৱে বড়োলেণ্ডত স্থাপিত শান্তিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া ২০২০ চনৰ ২৭ জানুৱাৰীত ‘বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅন’ (বিটিআৰ) শান্তি চুক্তি স্বাক্ষৰিত হৈছিল, বিৰোধীয়ে ইয়াক উপহাস কৰিছিল। অৱশ্যে আজি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এই চুক্তিৰ ৮২ শতাংশ চৰ্তাৱলী পূৰণ কৰিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে অহা দুবছৰত এই চুক্তিৰ ১০০ শতাংশ কাৰ্যকৰী কৰিব। তাৰ পিছত ‘বিটিআৰ’ত স্থায়ী শান্তিয়ে বিৰাজ কৰিব।

CR3_5350.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘বিটিআৰ শান্তি চুক্তি’ৰ অধীনত চৰকাৰে ১ এপ্ৰিল, ২০২২ তাৰিখে সমগ্ৰ ‘বিটিআৰ’ অঞ্চলৰ পৰাই ‘সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন’ (এএফএছপিএ) বাতিল কৰিছিল। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰৰ 'এক জিলা, এক সামগ্ৰী' (অ'ডিঅ'পি) কাৰ্যসূচীৰ অধীনত আজি কোকৰাঝাৰৰ কাঠফুলা, যাক "বড়োলেণ্ডৰ কাঠফুলা" বুলি জনা যায়, দিল্লীৰ হোটেলসমূহৰ ‘মেনু’ত অন্তৰ্ভুক্ত কৰা হৈছে। বড়োলেণ্ডত স্থাপিত শান্তিৰ বাবেই এয়া সম্ভৱ হৈছে। তেওঁ লগতে কয় যে শান্তিৰ বাবেই বড়োলেণ্ডে 'ডুৰাণ্ড কাপ' প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সক্ষম হৈছিল। তেওঁ বড়োলেণ্ডৰ খেলুৱৈসকলক ২০৩৬ চনত ভাৰতত অনুষ্ঠিত হব বুলি আশা কৰা সম্ভাৱ্য অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায়।

শ্ৰী অমিত শ্বাহে কয় যে বড়োলেণ্ডৰ পৰা এক ডজনৰো অধিক সামগ্ৰীয়ে ‘জিআই টেগ’ (জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন) লাভ কৰিছে। ফলস্বৰূপে, সমগ্ৰ ‘বিটিআৰ’ এলেকাত ক্ৰমাগতভাৱে এক ঔদ্যোগিক পৰিৱেশ সৃষ্টি হৈছে। তেওঁ উল্লেখ কৰে যে এটা সময় আছিল যেতিয়া অস্থিৰতা, বিশৃংখলতা আৰু বিচ্ছিন্নতাবাদৰ প্ৰসংগ আলোচনা হৈছিল, কিন্তু এতিয়া শিক্ষা, বিকাশ আৰু উদ্যোগ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে।

9B7A9801.JPG

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ জনসংখ্যা মাত্ৰ ৩.৫ নিযুতহে যদিও প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বড়োলেণ্ডৰ উন্নয়নৰ বাবে ১,৫০০ কোটি টকাৰ আৱণ্টন দিছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ‘সংবিধানৰ অষ্টম অনুসূচী’ত বড়ো ভাষা অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাক অন্তৰ্ভুক্ত কৰি ‘বিটিআৰ’ অঞ্চলটো সম্প্ৰসাৰিত কৰা হৈছিল।

শ্ৰী অমিত শ্বাহে কয় যে শ শ যুৱক-যুৱতীক সমাজৰ মূলসুঁতিলৈ অনা হৈছে। বহুতো অস্ত্ৰ-শস্ত্ৰ সমৰ্পিত কৰা হৈছে, আৰু যোৱা তিনি বছৰত অসমত ‘নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড’ (এনডিএফবি)ৰ ৪,৮৮১ গৰাকী সদস্যৰ পুনৰ্সংস্থাপনৰ বাবে ২৮৭ কোটি টকা ব্যয় কৰা হৈছে, যাৰ ৯০ শতাংশ মোদী চৰকাৰে প্ৰদান কৰিছে। শ্ৰী শ্বাহে লগতে উল্লেখ কৰে যে নিযুক্তি আৰু দক্ষতা বিকাশৰ বাবে যথেষ্ট কাম কৰা হৈছে। স্থানীয় লোকসকলৰ সৈতে কাম কৰিবলৈ আৰু তেওঁলোকক উন্নত কৰাত সহায় কৰিবলৈ ‘এছআইপি এণ্ড আৰডি’, ‘কেভিকে’, ‘কেভিআইচি’, ‘পশুপালন’, ‘মীন পালন’ আৰু ‘উদ্যানশস্য’কে ধৰি সকলো খণ্ডতে বেচৰকাৰী সংগঠনসমূহ জড়িত হৈ আছে।

9B7A9738.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘অসম কমাণ্ডো বেটেলিয়ন’ত ৪০০ গৰাকী বড়ো যুৱকক নিয়োজিত কৰি এক নতুন আৰম্ভণি কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে অসমৰ মুঠ ৯টা বিদ্ৰোহী গোটৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে, যাৰ ফলত ১০,০০০ তকৈয়ো অধিক যুৱক-যুৱতী সমাজৰ মূলসুঁতিলৈ আহিছে।

শ্ৰী অমিত শ্বাহে কয় যে য'ত এবাৰ গুলীৰ বৰ্ষণ হৈছিল আজি বড়ো যুৱক-যুৱতীসকলে তেওঁলোকৰ হাতে হাতে ত্ৰিৰংগাৰ লহৰ তুলিবলৈ লৈছে। এই দৃশ্যই সমগ্ৰ দেশলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ লগতে কয় যে যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হৈছিল কেৱল বড়োলেণ্ড আৰু অসমেই নহয়, সমগ্ৰ দেশেই সুখী হৈছিল। যিদৰে বড়োলেণ্ডৰ মানুহে দেশখনক ভাল পায়, সমগ্ৰ দেশেও বড়োলেণ্ড আৰু ইয়াৰ লোকসকলক ভাল পায় আৰু ইয়াৰ যুৱপ্ৰজন্মৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বড়োলেণ্ডৰ লোকসকলে অনুসৰণ কৰা ‘বাথৌ ধৰ্ম’ই যথেষ্ট গুৰুত্ব বহণ কৰে। তেওঁ বৰ্ণনা কৰে যে বাথৌ দুটা উপাদানেৰে গঠিত আৰু ইয়াৰ অৰ্থ হৈছে "পাঁচোটা উপাদানৰ সৃষ্টিকৰ্তাৰ গভীৰ ৰহস্য।" পাঁচটা উপাদান বা ‘পঞ্চতত্ব’ৰ ভিতৰত আছে অগ্নি, বায়ু, পৃথিৱী, আকাশ আৰু পানী, যি আপোনালোকৰ মহান ধৰ্মৰ ভেটি গঠন কৰে। প্ৰসংগক্ৰমে তেওঁ বাথৌ ধৰ্মৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিব বুলি উল্লেখ কৰে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূবক বিদ্ৰোহ, আন্দোলন, অৱৰোধ, ধৰ্মঘট আৰু হিংসাৰ দৰে বিষয়ৰ পৰা মুক্ত কৰা হৈছে আৰু উন্নয়নৰ পথত আগবঢ়াই নিয়া হৈছে। তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল, যিয়ে অসমলৈ ৫ লাখ কোটি টকাৰ বিনিয়োগ আনিছে। তেওঁ বড়ো যুৱক-যুৱতীসকলক তেওঁলোকৰ শিক্ষাত গুৰুত্ব দিবলৈ আৰু শান্তি প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে বড়োলেণ্ডত এনে আন্তঃগাঁথনি নিৰ্মাণ কৰাটোৱেই লক্ষ্য হৈছে যাতে বড়ো যুৱক-যুৱতীসকলে সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হব পাৰে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বড়োলেণ্ডৰ উন্নয়নৰ বাবে কৰ্তব্যত কোনো ত্ৰুতি নাৰাখিব বুলি তেওঁ নিশ্চিতি প্ৰদান কৰে।

****

RK/VV/PR/PS/KB


(Release ID: 2111654) Visitor Counter : 48