গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি মিজোৰামৰ আইজলত অসম ৰাইফলছ বেটেলিয়নৰ ভূমি মিজোৰাম চৰকাৰলৈ হস্তান্তৰ আৰু আনুষ্ঠানিকভাৱে মানচিত্ৰ আদান-প্ৰদান প্ৰক্ৰিয়া সম্পন্ন
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আজি মিজোৰামৰ জনসাধাৰণৰ প্ৰায় তিনি দশক পুৰণি দাবী পূৰণ হৈছে
মোদী জীৰ দূৰদৰ্শী সিদ্ধান্তৰ বাবে মিজোৰামৰ প্ৰধান অঞ্চলসমূহত বিস্তীৰ্ণ ভূমি উপলব্ধ হ’বলৈ গৈ আছে, যিয়ে ৰাজ্যখনৰ উন্নয়নত এক নতুন দিশ প্ৰদান কৰিব
এই সিদ্ধান্তই মিজোৰামৰ জনসাধাৰণৰ প্ৰতি মোদী চৰকাৰৰ দায়িত্ব আৰু ৰাজ্যৰ উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক
এখন উন্নত, শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সুন্দৰ মিজোৰামৰ প্ৰতি মোদী চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ
১৮৯০ চনত আইজলত প্ৰথমটো সেনা শিবিৰ নিৰ্মাণৰ পিছত এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত
পৰ্যটনৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি, ক্ৰীড়াৰ পৰা মহাকাশ, কৃষিৰ পৰা ঔদ্যোগীকৰণলৈকে উত্তৰ-পূবৰ প্ৰতিটো খণ্ডতে উন্নয়নৰ নতুন মাত্ৰা সৃষ্টি কৰি আছে মোদী চৰকাৰে
Posted On:
15 MAR 2025 6:10PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি মিজোৰামৰ আইজলত অসম ৰাইফলছ বেটেলিয়নৰ ভূমি মিজোৰাম চৰকাৰলৈ হস্তান্তৰ আৰু আনুষ্ঠানিকভাৱে মানচিত্ৰ আদান-প্ৰদান প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এই উপলক্ষে অনুষ্ঠানত মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক আৰু অসম ৰাইফলছৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ এই কাৰ্যসূচী মিজোৰামৰ উন্নয়নৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত। তেওঁ কয় যে অনন্য ভূ-প্ৰকৃতি আৰু স্থানৰ অভাৱৰ বাবে প্ৰায় ৩৫ বছৰে আইজলকে ধৰি সমগ্ৰ মিজোৰামৰ উন্নয়নৰ বাবে অসম ৰাইফলছ আভ্যন্তৰীণ অঞ্চললৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন হৈছিল। তেওঁ কয় যে মোদী জীৰ দূৰদৰ্শী সিদ্ধান্তৰ বাবে মিজোৰামৰ বৃহৎ অঞ্চলত বিস্তীৰ্ণ এলেকাৰ ভূমি উপলব্ধ হ’বলৈ গৈ আছে, যিয়ে ৰাজ্যখনৰ উন্নয়নত এক নতুন দিশ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আজি ৩০-৩৫ বছৰ পুৰণি এই দাবী পূৰণ হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে এইটো কেৱল প্ৰশাসনিক সিদ্ধান্ত নহয়, বৰঞ্চ মিজোৰামৰ জনসাধাৰণৰ প্ৰতি মোদী চৰকাৰৰ দায়িত্বৰ প্ৰতীক। লগতে তেওঁ কয় যে এই সিদ্ধান্তই মিজোৰামৰ উন্নয়নৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। মন্ত্ৰী শ্বাহে ১৮৯০ চনত আইজলত প্ৰথমটো সেনা শিবিৰ স্থাপনৰ পিছত আজিৰ এই সিদ্ধান্তক ইতিহাসৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত হিচাপে আখ্যা দিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে বিগত ১০ বছৰ ধৰি সমগ্ৰ উত্তৰ-পূবক শক্তিশালী আৰু একত্ৰিত কৰাৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৈ আহিছে। তেওঁ কয় যে মোদী চৰকাৰে পৰ্যটনৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি, ক্ৰীড়াৰ পৰা মহাকাশ, কৃষিৰ পৰা ঔদ্যোগীকৰণলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো খণ্ডতে উন্নয়নৰ নতুন মাত্ৰা সৃষ্টি কৰিছে। শ্বাহে কয় যে স্বাধীনতা লাভৰ পৰা ২০১৪ চনলৈকে দেশৰ সকলো প্ৰধানমন্ত্ৰীয়ে মুঠ ২১বাৰৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা আজিলৈকে ৭৮বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে। একেদৰে, উত্তৰ-পূর্বাঞ্চলৰ মন্ত্রীসকলৰ উপৰি ২০১৪ চনৰ পূর্বে উত্তৰ-পূর্বাঞ্চললৈ আন মন্ত্রীসকলে মুঠ ৭১বাৰ ভ্রমণ কৰাৰ বিপৰীতে বিগত ১০ বছৰত বৰ্তমানৰ কেন্দ্রীয় মন্ত্রীসকলে ৭০০ৰো অধিক বাৰ এই অঞ্চল ভ্রমণ কৰা বুলিও তেওঁ সদৰি কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ সমান্তৰালকৈ নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলত অভূতপূৰ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ কামো কৰি আহিছে। তেওঁ কয় যে মিজোৰামৰ ৫০২-এ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৫০০ কোটি টকাৰে পেকেজ-১ আৰু পেকেজ-৩, আইজল আৰু কোলাচিব জিলাত ১,৭৪২ কোটি টকা ব্যয়সাপেক্ষে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, আইজল-টুইপাঙত ১৬০০ কোটি টকা ব্যয়েৰে ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু মিজোৰামৰ বিভিন্ন স্থানত ১০০ কোটি টকা ব্যয় সাপেক্ষে বেম্বো লিংক ৰোডৰ কাম আৰম্ভ কৰা হৈছে। তেওঁ কয় যে ২ কোটি টকা ব্যয়ৰে ৰাজ্যখনত ১০টা হেলিপেড নিৰ্মাণ কৰা হৈছে। ৫ হাজাৰ কোটি টকা ব্যয়েৰে বৈৰৱী-ছৈইৰাং ৰে’লপথৰ কাম আৰম্ভ হৈছে। বৰ্তমান মিজোৰামত ৬০০ কোটি টকা ব্যয় সাপেক্ষে ১৬৪খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি ৰিচাৰ্চ চেণ্টাৰৰো নিৰ্মাণ চলি আছে। ১৩০০ কোটি টকা ব্যয় সাপেক্ষে টুইৰিয়াল জল শক্তি প্ৰকল্প কামো আৰম্ভ কৰা হৈছে। তদুপৰি, ২১৪টা মোবাইল টাৱাৰ স্থাপন কৰি মোবাইল সংযোগ সুনিশ্চিত কৰাৰ কাম কৰা হৈছে। তেওঁ কয় যে এখন উন্নত, শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সুন্দৰ মিজোৰামৰ প্ৰতি ভাৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ।
*****
RK/VV/PR/PS/DB
(Release ID: 2111532)
Visitor Counter : 38