গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অসমৰ দেৰগাঁৱত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে

আজি লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ৰূপত সিঁচা বীজ এদিন এজোপা বটবৃক্ষত পৰিণত হ’ব আৰু সমগ্ৰ দেশতে পুলিচিঙৰ কামত সেৱা আগবঢ়াব

মহাযোদ্ধা লাচিত বৰফুকনৰ গাথা এসময়ত অসমতে সীমাবদ্ধ আছিল যদিও মোদী চৰকাৰৰ দিনত তেওঁৰ জীৱনী এতিয়া সমগ্ৰ দেশৰ পুথিভঁৰালসমূহত ২৩ টা ভাষাত উপলব্ধ হৈছে

এসময়ত আন্দোলন, বিদ্ৰোহ, বন্দুকৰ যুঁজৰ বাবে পৰিচিত অসমত এতিয়া ২৭,০০০ কোটি টকা মূল্যৰ অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত আছে

ডাবল-ইঞ্জিন চৰকাৰে অসমত দণ্ডাদেশৰ হাৰ ৫ শতাংশৰপৰা ২৫ শতাংশলৈ বৃদ্ধি কৰিছে

অসমত এসময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াতে সীমাবদ্ধ হৈ থকা আৰক্ষীয়ে এতিয়া নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি আছে

পূৰ্বে অসমত গোলমালে বিৰাজ কৰিছিল, অঞ্চলটোক অশান্তময় কৰি ৰাখিছিল যদিও মোদী চৰকাৰৰ অধীনত ইয়াত শান্তি প্ৰতিষ্ঠা হৈছে আৰু এতিয়া বিশ্ব-মানৰ আন্তঃগাঁথনিৰে বৃহৎ উদ্যোগ প্ৰতিষ্ঠা হৈছে

Posted On: 15 MAR 2025 5:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমৰ দেৰগাঁৱত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰে। এই কাৰ্য্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

HWP_7517.JPG

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আগন্তুক ৫ বছৰত সমগ্ৰ দেশৰ সকলো আৰক্ষী একাডেমীৰ ভিতৰত লাচিত বৰফুকন আৰক্ষী একাডেমীয়ে প্ৰথম স্থান লাভ কৰিব। তেওঁ উল্লেখ কৰে যে অসমৰ বীৰ যোদ্ধা আৰু কিংবদন্তি লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে অসমক জয়ৰ দিশে আগুৱাই নিছিল। তেওঁ আৰু কয় যে এসময়ত লাচিত বৰফুকনৰ বীৰত্বৰ গাথা অসমতে সীমাবদ্ধ আছিল যদিও মোদী চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি তেওঁৰ জীৱনী ২৩ টা ভাষালৈ অনুবাদ হৈ সমগ্ৰ দেশৰ পুথিভঁৰালসমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ হৈছে। শ্ৰী শ্বাহে সমগ্ৰ ৰাষ্ট্ৰই অসমৰ এইগৰাকী মহান পুত্ৰৰ বিষয়ে জ্ঞাত হোৱা আৰু প্ৰেৰণা লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে আজি লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ৰূপত সিঁচা বীজ এদিন এজোপা বটবৃক্ষত পৰিণত হ’ব আৰু সমগ্ৰ দেশতে পুলিচিঙৰ কামত সেৱা আগবঢ়াব। কেৱল অসমৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও এয়া হ’ব এপেক্স পুলিচ একাডেমী, তীৰ্থস্থানসমূহৰ মাজত কাশীৰ দৰেই ই উজলি উঠিব; এই প্ৰতিষ্ঠান অঞ্চলটোৰ শান্তিৰ বাবে এক নতুন আৰম্ভণি হৈ পৰিব।

IMG_8280 (1).JPG

শ্ৰী অমিত শ্বাহে কয় যে ১৬৭ কোটি টকা ব্যয় সাপেক্ষে লাচিত বৰফুকন একাডেমীৰ প্ৰথম পৰ্য্যায়ৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু তিনিওটা পৰ্য্যায়ত মুঠ ১০৫০ কোটি টকা ব্যয় কৰা হ’ব। তেওঁ উল্লেখ কৰে যে এই একাডেমী একাধিক অত্যাধুনিক সা-সুবিধাৰে সজ্জিত আৰু সমগ্ৰ দেশৰ ভিতৰতে শ্ৰেষ্ঠ আৰক্ষী একাডেমী হিচাপে পৰিগণিত হ’ব। তেওঁ আৰু কয় যে পূৰ্বে অসমৰ আৰক্ষীসকলে প্ৰশিক্ষণৰ বাবে আন ৰাজ্যলৈ যাবলগীয়া হৈছিল, কিন্তু যোৱা ৮ বছৰত ৰাজ্য প্ৰশাসনৰ অধীনত এনে এক ৰূপান্তৰ ঘটিছে যে এতিয়া গোৱা আৰু মণিপুৰৰ ২,০০০ আৰক্ষী জোৱানে এই আৰক্ষী একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে যথাঃ ২০২০ত অসম-বড়োলেণ্ড চুক্তি, ২০২১ত কাৰ্বি আংলং চুক্তি, ২০২২ত জনজাতীয় শান্তি চুক্তি আৰু ২০২৩ত আলফা, অসম-মেঘালয় আৰু অসম-অৰুণাচল চুক্তি স্বাক্ষৰিত হৈছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে মোদী চৰকাৰে কৰা এই শান্তি চুক্তিসমূহৰ ফলশ্ৰুতিত ১০,০০০ ৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ সম্বৰণেৰে মূলসুঁতিলৈ আহিছে। তেওঁ লগতে কয় যে এসময়ত আন্দোলন, বিদ্ৰোহ, বন্দুকৰ যুঁজৰ বাবে পৰিচিত অসমত এতিয়া ২৭,০০০ কোটি টকা মূল্যৰ অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত আছে।

HWP_7578.JPG

শ্ৰী অমিত শ্বাহে কয় যে শেহতীয়াকৈ অসমত এডভান্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াত ৫.১৮ লাখ কোটি টকা মূল্যৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু এই বুজাবুজিৰ চুক্তিসমূহৰ অধিকাংশই তৃণমূল পৰ্য্যায়ত কাৰ্য্যকৰী কৰা হ’ব। তেওঁ আৰু উল্লেখ কৰে যে মোদী চৰকাৰে অসমৰ উন্নয়নৰ বাবে ৩ লাখ কোটি টকা মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প আনিছে। তেওঁ কয় যে মুঠ ৮ লাখ কোটি টকাৰ এই প্ৰকল্পসমূহে অসমৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ বিশাল সুযোগ সৃষ্টি কৰিব।

F23A0528.JPG

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ ১০ বছৰীয়া আমোলত অসমে ১.২৭ লাখ কোটি টকাৰ ‘ডিভলুচন গ্ৰান্ট’ আৰু অনুদান লাভ কৰিছিল, যি পৰিমাণ প্ৰধানমন্ত্ৰী মোদীৰ আমোলৰ ১০ বছৰত চাৰিগুণ বৃদ্ধিৰে ৪.৯৫ লাখ কোটি টকা হৈছে। তেওঁ আৰু কয় যে পূৰ্বৰ চৰকাৰসমূহে বহু বছৰ ধৰি অসমক গোলমালৰ মাজলৈ ঠেলি দিছিল, অনুদান আগবঢ়োৱা নাছিল, উপযুক্ত শিক্ষা ব্যৱস্থা স্থাপনত ব্যৰ্থ হৈছিল, আন্তঃগাঁথনি নিৰ্মাণ কৰা নাছিল আৰু শান্তি বিৰাজ কৰিবলৈ নিদিছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ১০-বছৰীয়া কাৰ্য্যকালত আন্তঃগাঁথনিৰ বিকাশ সাধন হৈছে, শান্তিয়ে বিৰাজ কৰিছে আৰু ভিন্ন উদ্যোগ স্থাপন হৈছে। তেওঁ মোদী চৰকাৰে ৰাজ্যখনত ৰূপায়ণ কৰা কেইবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰে। ইয়াৰ মাজত আছে ২০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্য আৰু ১০,০০০ কোটি টকা মূল্যৰ ভাৰত মালা প্ৰকল্প, ৩,০০০ কোটি টকা মূল্যৰ ধুবুৰী-ফুলবাৰী দলং, ৩,৪০০ কোটি টকা ব্যয় সাপেক্ষে ৩,৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামীণ পথ আৰু ফ’ৰ-লেনিঙৰ শিলচৰ-চৰাইবাৰী কৰিডৰ। ইয়াৰ উপৰিও তেওঁ মাজুলী দ্বীপত ১,০০০ কোটি টকা মূল্যৰ নতুন মথাউৰি আৰু পথ নিৰ্মাণৰ কাম অব্যাহত থকাৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয় যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন ছয়-লেনযুক্ত দলং নিৰ্মাণৰ কাম অব্যাহত আছে আৰু ৩৮২ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫-কেয়ে মাজুলী আৰু যোৰহাটক সংযোগ কৰিব। লগতে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ১,১০০ কোটি টকা ব্যয় সাপেক্ষে সম্প্ৰসাৰণ, ৯,০০০ কোটি টকা মূল্যৰ ৰেল প্ৰকল্পৰাজিৰ উদ্বোধন, ১,০০০ কোটি টকাৰ এইমছ প্ৰকল্প, তামুলপুৰ, কোকৰাঝাৰ, নলবাৰী আৰু ধুবুৰীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে আন একাধিক আন্তঃগাঁথনি প্ৰকল্প স্থাপনৰ কথাও উল্লেখ কৰে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ আৰু অসম চৰকাৰে ইয়াৰ দৰিদ্ৰ লোকসকলৰ বাবে একাধিক কল্যাণমূলক কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। তেওঁ উল্লেখ কৰে যে পোন-প্ৰথমবাৰৰ বাবে ৫৮ লাখ গৃহস্থীলৈ টেপৰ পানীৰ সংযোগ আগবঢ়োৱা হৈছে, ১.৮ কোটি লোকলৈ ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হৈছে, ৪৩ লাখ ঘৰত শৌচাগাৰ স্থাপন কৰা হৈছে, ২.৩২ কোটি দৰিদ্ৰ লোকক প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল যোগান ধৰা হৈছে। লগতে মোদী চৰকাৰ আৰু অসম চৰকাৰে ৫১ লাখ গেছৰ চিলিণ্ডাৰ আৰু ২১ লাখ ঘৰো প্ৰদান কৰিছে।

HWP_7447.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে অসমত কেৱল শান্তি আনিবলৈ প্ৰচেষ্টা গ্ৰহণেই নহয়, বৰঞ্চ সফলতাৰে ইয়াক প্ৰতিষ্ঠাও কৰিছে। তেওঁ উল্লেখ কৰে যে মোদী চৰকাৰে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে আৰু এতিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনলৈ ৫ লাখ কোটি টকাৰ বিনিয়োগৰ আগমন ঘটিছে, যিয়ে অসমৰ যুৱক-যুৱতীসকলৰ এটি সোণালী ভৱিষ্যতৰ ভেটি স্থাপন কৰিব। তেওঁ আৰু কয় যে অসমত দণ্ডাদেশৰ অনুপাত ৫ শতাংশৰপৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে পূৰ্বে জনতাই এফআইআৰ দাখিল কৰিব নুখুজিছিল, কিয়নো আৰক্ষীক কেৱল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ প্ৰদানত ব্যস্ত থকা দেখিছিল। কিন্তু আজি আৰক্ষীয়ে নাগৰিকৰ অধিকাৰ সুৰক্ষিতকৰণ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা তিনি নতুন ফৌজদাৰী আইনৰ ফলপ্ৰসূ ৰূপায়ণত মনোনিৱেশ কৰিছে।

****

RK/VV/ASH/PS/SB


(Release ID: 2111522) Visitor Counter : 21