প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

পোষ্ট কৰা হৈছে: 11 MAR 2025 4:01PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ষ্টেট হাউছ’ত মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ধৰমবীৰ গোখুলক সাক্ষা কৰে।


দুয়োগৰাকী নেতাই ভাৰত আৰু মৰিচাছৰ মাজত বিশেষ আৰু ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ প্ৰসংগত মত বিনিময় কৰে। এই সন্দৰ্ভত তেওঁলোকে দুয়োখন দেশৰ মাজত অংশীদাৰী ইতিহাস আৰু জনসাধাৰণৰ মাজত বৰ্তী অহা শক্তিশালী সম্পৰ্কৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দ্বিতীয়বাৰৰ বাবে মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থকাটো তেওঁৰ বাবে এক সন্মানৰ বিষয়। এক বিশেষ ভঙ্গীত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি গোখুল আৰু ‘প্ৰথম মহিলা’ বৃন্দা গোখুলক ‘অ'চিআই পত্ৰ’ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ সহযোগত স্থাপিত ‘ষ্টেট হাউছৰ আয়ুৰ্বেদ বাগিচা’ও পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আয়ুৰ্বেদকে ধৰি পৰম্পৰাগত ঔষধৰ লাভালাভ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৰিচাছ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ।


আলোচনাৰ পিছত ৰাষ্ট্ৰপতি গোখুলে প্ৰধানমন্ত্ৰীৰ সন্মানত আনুষ্ঠানিক মধ্যাহ্নভোজৰ আয়োজন কৰে।

 

***

MJPS/ST/KB


(ৰিলিজ আই ডি : 2110338) অতিথি কক্ষ : 47