প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ ৰাজকুমাৰী এষ্ট্ৰিডক সাক্ষাৎ কৰে
৩০০ জনীয়া প্ৰতিনিধি দলৰ নেতৃত্ব দি ভাৰতলৈ অহা ৰাজকুমাৰী এষ্ট্ৰিডৰ পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে শলাগ লয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সৈতে বেলজিয়ামৰ ৰয়েল ফেমিলিৰ ইতিবাচক সম্পৰ্কৰ কথা স্মৰণ কৰে
বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, কৃষি, জীৱন বিজ্ঞান, মহাকাশ, দক্ষতা আদিৰ ক্ষেত্ৰকে ধৰি বেলজিয়ামৰ সৈতে নতুন পাৰস্পৰিকভাৱে উপকাৰী অংশীদাৰিত্বৰ বাবে দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতি দিয়ে
পোষ্ট কৰা হৈছে:
04 MAR 2025 9:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ ৰয়েল হাইনেছ প্ৰিন্সেছ এষ্ট্ৰিডক সাক্ষাৎ কৰে, যিয়ে ২০২৫ চনৰ ১-৮ মাৰ্চৰ পৰা ভাৰতত উচ্চ পৰ্যায়ৰ বেলজিয়ামৰ অৰ্থনৈতিক অভিযানৰ নেতৃত্ব দি আছে। প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰী এষ্ট্ৰিডক ভাৰতলৈ আদৰণি জনায় আৰু বিশিষ্ট ব্যৱসায়িক নেতা, চৰকাৰী বিষয়া, আৰু বিভিন্ন খণ্ডৰ প্ৰতিনিধিকে ধৰি ৩০০ৰো অধিক সদস্যৰ এটা বৃহৎ প্ৰতিনিধি দলক লৈ অহাৰ বাবে শলাগ লয়।
ৰাজকুমাৰী এষ্ট্ৰিডে দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ অৰ্থনৈতিক অভিযানৰ নেতৃত্ব দিছে, যিয়ে উৰ্ধমুখী গতিপথত থকা দুয়োখন ৰাষ্ট্ৰৰ শক্তিশালী অৰ্থনৈতিক সম্পৰ্কৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী আৰু ৰাজকুমাৰী এষ্ট্ৰিডৰ মাজত হোৱা আলোচনাত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা, উদ্ভাৱন, স্বচ্ছ শক্তি, আন্তঃগাঁথনি, কৃষি, দক্ষতা, শৈক্ষিক বিনিময়, আৰু সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বহুতো ক্ষেত্ৰ সামৰি লোৱা হৈছিল।
উদীয়মান আৰু উচ্চ প্ৰভাৱৰ খণ্ডসমূহৰ মাজত সহযোগিতাৰ নতুন পথ আৱিষ্কাৰৰ বাবে দুয়োপক্ষই ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়, যিয়ে অৰ্থনৈতিক সুস্থিৰতা শক্তিশালী কৰিব, উদ্ভাৱন-নেতৃত্বাধীন বৃদ্ধিৰ পোষকতা কৰিব, আৰু দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰিব।
***
MJPS/SR/MS
(ৰিলিজ আই ডি : 2108701)
অতিথি কক্ষ : 49
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam