প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে
प्रविष्टि तिथि:
02 MAR 2025 8:32PM by PIB Guwahati
প্ৰয়াগৰাজত মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে। তেওঁ মন্তব্য কৰে যে মন্দিৰে আমাৰ সংস্কৃতিৰ কালজয়ী ঐতিহ্য আৰু প্ৰতাপ প্ৰকাশিত কৰে।
‘এক্স’-ৰ এলানি পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:
"মই সিদ্ধান্ত লৈছিলো যে প্ৰয়াগৰাজত মহাকুম্ভৰ পিছত মই সোমনাথলৈ যাম, ১২ টা জ্যোতিৰ্লিংগৰ প্ৰথমটো আছে এই সোমনাথত।
আজি সোমনাথ মন্দিৰত প্ৰাৰ্থনা কৰি মই ধন্য অনুভৱ কৰিছোঁ। মই প্ৰতিগৰাকী ভাৰতীয়ৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এই মন্দিৰে আমাৰ সংস্কৃতিৰ কালজয়ী ঐতিহ্য আৰু প্ৰতাপ প্ৰকাশিত কৰি আহিছে।"
"প্ৰয়াগৰাজত একতাৰ মহাকুম্ভ কোটি কোটি দেশবাসীৰ প্ৰচেষ্টাৰে সামৰণি পৰিল। এজন সেৱকৰ হিচাপে মই মোৰ হৃদয়ত এটা শপত লৈছিলোঁ যে মহাকুম্ভৰ পিছত মই বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথমটো জ্যোতিৰ্লিঙ্গ শ্ৰী সোমনাথৰ উপাসনা কৰিম।
আজি সোমনাথ দাদাৰ কৃপাত সেই সংকল্প পূৰণ হৈছে। সকলো দেশবাসীৰ হৈ মই ঐক্যৰ মহাকুম্ভৰ সফল সিদ্ধি শ্ৰী সোমনাথ ভগৱানৰ চৰণত উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত মই প্ৰতিগৰাকী দেশবাসীৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনাইছিলো। ”
***
MJPS/SR/KB
(रिलीज़ आईडी: 2107991)
आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam