তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ফিট আৰু সুস্থ ভাৰতৰ দিশত: সামূহিক পদক্ষেপৰ জৰিয়তে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ

Posted On: 01 MAR 2025 10:41AM by PIB Guwahati

“আমাৰ খাদ্যাভ্যাসত সৰু সৰু পৰিৱৰ্তনেৰে আমি ভৱিষ্যতৰ বাবে শক্তিশালী, ফিট আৰু ৰোগমুক্ত হৈ থাকিব পাৰো।”

 

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদী

 

 

পাতনি

 

মেদবহুলতা এতিয়া ভাৰতত জনস্বাস্থ্যৰ প্ৰতি  ডাঙৰ প্ৰত্যাহ্বানত পৰিণত হৈছে, যিয়ে সকলো বয়সৰ লোকক প্ৰভাৱান্বিত কৰিছে। মেদবহুলতাই ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপৰ দৰে অসংক্ৰামক ৰোগ (এন চি ডি)ৰো আশংকা বৃদ্ধি কৰিছে। অস্বাস্থ্যকৰ খাদ্য, শাৰীৰিক শ্ৰমহীন বহি থকা জীৱনশৈলী আৰু পৰিৱেশৰ কাৰকৰ বাবে  মেদবহুলতাৰ সমস্যা  ভয়ংকৰ হাৰত বৃদ্ধি পাইছে।   চহৰ আৰু গ্ৰাম্য জনসংখ্যা উভয়তে অয়াৰ ব্যাপক  প্ৰভাৱ পৰিছে। প্ৰচেছড খাদ্যৰ দিশত হোৱা পৰিৱৰ্তন, শাৰীৰিক কাৰ্যকলাপ হ্ৰাস পোৱা  আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে এই ক্ৰমাৎ বৃদ্ধি পোৱা সংকটত অধিক অৰিহণা যোগাইছে।

 

এই বিষয়টোৰ ভয়াৱহতাক  স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ তেওঁৰ  মন কি বাত অনুষ্ঠানৰ  ভাষণত বিশেষকৈ খোৱাতেলৰ ব্যৱহাৰ কম কৰাৰ জৰিয়তে মেদবহুলতা হ্ৰাস কৰাৰ বাবে দেশজুৰি সজাগতা তথা সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। তেওঁ সমগ্ৰ ভাৰতৰ বিশিষ্ট ব্যক্তিসকলক এক সজাগতা আন্দোলনৰ নেতৃত্ব দিবলৈ আহ্বান জনায় । সামূহিক পদক্ষেপৰ এই আহ্বানে ব্যক্তিগত আৰু সমাজ উভয় পৰ্যায়ত মেদবহুলতাৰ সৈতে মোকাবিলা কৰাত প্ৰভাৱ পেলাব বুলি তেওঁ  আলোকপাত কৰে।  যিয়ে এখন ফিট আৰু সুস্থ ভাৰতৰ প্ৰয়োজনীয়তাক আৰু অধিক শক্তিশালী কৰি তুলিব। ভাৰত চৰকাৰে সুস্থ জীৱনশৈলী, উন্নত পুষ্টি আৰু শাৰীৰিক কাৰ্যকলাপৰ প্ৰসাৰৰ বাবে ফিট ইণ্ডিয়া মুভমেণ্ট, এন পি-এনচিডি, পোষণ অভিযান, ইট ৰাইট ইণ্ডিয়া, খেলো ইণ্ডিয়াকে ধৰি কেইবাটাও পদক্ষেপ আৰম্ভ কৰিছে। এই কাৰ্যসূচীসমূহৰ লক্ষ্য হৈছে দীৰ্ঘম্যাদী সুস্থতা বিষয়ক আচৰণ পৰিৱৰ্তনক উৎসাহিত কৰা, সকলোৰে বাবে সুস্থ ভৱিষ্যত নিশ্চিত কৰা আদি। ভাৰতে অমৃত কালৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে নীতি সংস্কাৰ, সম্প্ৰদায়ৰ সংযোগ আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ জৰিয়তে মেদবহুলতাৰ সৈতে মোকাবিলা কৰিবলৈ  চৰকাৰ আৰু  সমাজৰ বাবে উপযুক্ত পদ্ধতি গ্ৰহণ কৰা হৈছে। জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা, বহনক্ষম খাদ্য অভ্যাসক উৎসাহিত কৰা  আৰু সজাগতা বৃদ্ধিৰে  ভৱিষ্যত প্ৰজন্মক মেদবহুলতাৰ সৈতে জড়িত স্বাস্থ্যজনিত বিপদৰ পৰা ৰক্ষা কৰাৰ মূল চাবিকাঠি হ'ব পাৰে।

 

মেদবহুলতাক বুজি উঠা: সংজ্ঞা আৰু কাৰণসমূহ

 

মেদবহুলতা কি?

 

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মেদবহুলতাক স্বাস্থ্যৰ বাবে বিপদৰ সৃষ্টি কৰা অস্বাভাৱিক বা অত্যধিক চৰ্বি জমা হোৱা অৱস্থা বুলি সংজ্ঞায়িত কৰা হৈছে। মেদবহুলতাৰ শ্ৰেণীবিভাজনৰ বাবে সাধাৰণতে ব্যৱহৃত মেট্ৰিক হ’ল বডি মাছ ইনডেক্স (BMI), য’ত ২৫ বা তাতকৈ অধিক বিএমআইক অতিৰিক্ত ওজন বুলি গণ্য কৰা হয়, আৰু ৩০ বা তাতোকৈ অধিক বিএমআইক মেদবহুল বুলি শ্ৰেণীভুক্ত কৰা হয়। ভাৰতত এজন ব্যক্তিৰ বডি মাছ ইনডেক্স (BMI) ২৩.০ৰ পৰা ২৪.৯ কিলোগ্ৰাম/মিটাৰ বৰ্গফুটৰ ভিতৰত হ’লে অতিৰিক্ত ওজন থকা বুলি গণ্য কৰা হয়  আৰু বিএমআই ২৫ কিলোগ্ৰাম/মিটাৰ বৰ্গফুট বা তাতোকৈ বেছি হ’লে মেদবহুল বুলি গণ্য কৰা হয়। ব্যক্তিৰ বিএমআই ৩৫ বা তাতকৈ অধিক হ’লে ৰোগজনিত মেদবহুলতা বুলি ধৰা হয়।

 

বি এম আই কি?

 

পূৰ্বে কুৱেটেলেট সূচকাংক বুলি জনাজাত বডি মাছ ইনডেক্স (BMI) হৈছে এজন প্ৰাপ্তবয়স্ক লোকৰ ওজন সঠিক অৱস্থাত আছে নে নাই সেয়া  পৰীক্ষা কৰাৰ এক সহজ উপায়। ব্যক্তিৰ ওজন কিলোগ্ৰামত আৰু উচ্চতা মিটাৰ বৰ্গ (kg/m2)ত ভাগ কৰি গণনা কৰা হয়। বিএমআই নিৰ্ধাৰণ কৰিবলৈ এজন ব্যক্তিৰ ওজন (কিলোগ্ৰাম) লৈ তেওঁলোকৰ উচ্চতা (মিটাৰ) বৰ্গৰে ভাগ কৰা হয়।

 

স্বাস্থ্যকৰ বিএমআইৰ সীমা

বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) নিৰ্দেশনাৰ ভিত্তিত স্বাভাৱিক বিএমআই ১৮.৫ৰ পৰা ২৪.৯ৰ ভিতৰত থাকিব লাগে।

 

বিশ্বৰ পৰিসংখ্যা

 

সমগ্ৰ বিশ্বতে প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে মাজত অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ প্ৰাদুৰ্ভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ১৯৯০ চনৰ পৰা ২০২২ চনৰ ভিতৰত মেদবহুল  শিশু আৰু কিশোৰ-কিশোৰী (৫–১৯ বছৰ বয়সৰ)ৰ শতকৰা হাৰ চাৰিগুণ বৃদ্ধি পাই ২%ৰ পৰা ৮%লৈ হৈছে। একে সময়ছোৱাতে মেদবহুলতা থকা প্ৰাপ্তবয়স্ক লোক(১৮ বছৰ আৰু তাতকৈ অধিক বয়সৰ)ৰ অনুপাত দুগুণতকৈও অধিক বৃদ্ধি পাই ৭%ৰ পৰা ১৬%লৈ বৃদ্ধি পাইছে।

 

ভাৰতৰ মেদবহুলতাৰ পৰিসংখ্যা

 

• ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (NFHS)-৫ (২০১৯-২১) অনুসৰি সামগ্ৰিকভাৱে ভাৰতীয় মহিলাৰ ২৪% আৰু ভাৰতীয় পুৰুষৰ ২৩%ৰ  অতিৰিক্ত ওজন বা মেদবহুলতা আছে।

•ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫  (২০১৯-২১ ) অনুসৰি ১৫-৪৯ বছৰ বয়সৰ শ্ৰেণীত ৬.৪ % মহিলা আৰু ৪.০ % পুৰুষ, মেদবহুল।

•ইয়াৰ উপৰি ৫ বছৰৰ তলৰ শিশুৰ অতিৰিক্ত ওজন (ওজন-উচ্চতা) এন এফ এইচ এছ-৪ (২০১৫-১৬)ত ২.১ শতাংশৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত এন এফ এইচ এছ-৫ (২০১৯-২১)ত ৩.৪ শতাংশলৈ বৃদ্ধি পাইছে।

 

ভাৰতত মেদবহুলতাৰ বৃদ্ধিৰ মূল কাৰকসমূহ

 

 

 

মেদবহুলতা প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰৰ কৌশলগত কাঠামো

 

নীতি উদ্ভাৱন আৰু জুখিব পৰা ফলাফল

 

 

 

মেদবহুলতাক জনস্বাস্থ্যৰ এক জটিল চিন্তাৰ বিষয়  হিচাপে স্বীকৃতি দি ভাৰত চৰকাৰে সকলো স্তৰতে মেদবহুলতা প্ৰতিৰোধ, পৰিচালনা আৰু হ্ৰাসৰ বাবে ব্যাপক, বহুমুখী পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য, পুষ্টি, শাৰীৰিক কাৰ্যকলাপ, খাদ্য সুৰক্ষা আৰু জীৱনশৈলীৰ পৰিৱৰ্তনক একত্ৰিত কৰা এক সামগ্ৰিক পদ্ধতিক প্ৰসাৰিত কৰিবলৈ একাধিক মন্ত্ৰালয়ে  বিভিন্ন পদক্ষেপ কৌশলগতভাৱে প্ৰস্তুত কৰিছে। এই প্ৰচেষ্টাসমূহক তলত দিয়া মূল পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰসমূহৰ অধীনত শ্ৰেণীভুক্ত কৰিব পাৰি:

 

১/ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW) - জনস্বাস্থ্যৰ প্ৰতি সঁহাৰি শক্তিশালী কৰা

 

১.১ অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপি-এনচিডি)

 

ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ ২০২৮ - এনচিডি ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি বহু লোকৰ  মৃত্যুৰ ৬৩% অসংক্ৰামক ৰোগ (NCD)ৰ বাবে হয়। ইয়াৰ মূল কাৰণ হ’ল হৃদযন্ত্ৰৰ ৰোগ (২৭%), তাৰ পিছতে দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগ (১১%), কেন্সাৰ (৯%), ডায়েবেটিছ (৩%), আৰু মেদবহুলতাকে ধৰি অন্যান্য অৱস্থা (১৩%)।

 

হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ, ডায়েবেটিছ, আৰু দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ দৰে অসংক্ৰামক ৰোগ (NCD)সমূহ ধঁপাত সেৱন, অস্বাস্থ্যকৰ খাদ্য, শাৰীৰিক নিষ্ক্ৰিয়তা, মদ্যপান আদি পৰিৱৰ্তনযোগ্য জীৱনশৈলীৰ কাৰকৰ দ্বাৰা প্ৰধানকৈ পৰিচালিত হয়। বায়ু প্ৰদূষণে ইয়াৰ আশংকা আৰু অধিক বৃদ্ধি কৰে। এই কাৰকসমূহে মেদবহুলতা, উচ্চ ৰক্তচাপ, তেজত শৰ্কৰাৰ  পৰিমাণ বৃদ্ধি, কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিত অৰিহণা যোগায়।  এই সকলোবোৰে এনচিডি হোৱাৰ আশংকা  যথেষ্ট বৃদ্ধি কৰে। যিহেতু এই বিপজ্জনক কাৰকসমূহৰ বহুতো প্ৰতিৰোধযোগ্য, গতিকে মেদবহুলতা আৰু অস্বাস্থ্যকৰ অভ্যাসৰ সৈতে মোকাবিলা কৰাটোৱে এনচিডিৰ বোজা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ জৰিয়তে অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনচিডি) (এনপি-এনচিডি)ৰ অধীনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সমাজ, নাগৰিক সমাজ, সংবাদ মাধ্যম আৰু উন্নয়নৰ অংশীদাৰসকলক জড়িত কৰি আচৰণ পৰিৱৰ্তনৰ জৰিয়তে স্বাস্থ্যক প্ৰসাৰিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ই নিৰন্তৰ যত্ন নিশ্চিত কৰিবলৈ  স্বাস্থ্যসেৱাৰ সকলো স্তৰতে পৰীক্ষা, আগতীয়া নিদান, পৰিচালনা, ৰেফাৰেল আৰু অনুসৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।এই কাৰ্যসূচীয়ে স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ প্ৰতিৰোধ, চিকিৎসা, পুনৰ্বাসন, সজাগতা (আইইচি/বিচিচি), নিৰীক্ষণ আৰু গৱেষণাৰ ক্ষমতাও শক্তিশালী কৰিছে। ইয়াৰ উপৰি ই অত্যাৱশ্যকীয় ঔষধ, সঁজুলি আৰু লজিষ্টিকছৰ বাবে যোগান শৃংখল ব্যৱস্থাপনা উন্নত  কৰাৰ লগতে একেধৰণৰ আইচিটি ব্যৱস্থাৰ জৰিয়তে ফলপ্ৰসূ তত্বাৱধান, মূল্যায়ন আৰু সেইবোৰৰ দেশজোৰা ৰূপায়ণ নিশ্চিত কৰিছে।

 

 

ভাৰতত অসংক্ৰামক ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ

 

মূল উপাদানসমূহ

 

•এন পি চি ডি চি এছৰ অধীনত স্থাপন কৰা সুবিধাসমূহ – ৬৮২ খন  জিলা এন চি ডি ক্লিনিক, ১৯১ টা জিলা কাৰ্ডিয়াক কেয়াৰ ইউনিট, ৫,৪০৮ খন  চি এইচ চি এন চি ডি ক্লিনিক।

•প্ৰতিৰোধমূলক যত্ন আৰু সজাগতা – আয়ুষ্মান ভাৰত এইচ ডব্লিউ চিৰ জৰিয়তে সুস্থতা সম্পৰ্কীয়  কাৰ্য্যকলাপ আৰু সমাজত সজাগতা সৃষ্টিৰ কৰা হয়।

২) আয়ুষ মন্ত্ৰালয়: পৰম্পৰাগত আৰু সামগ্ৰিক সুস্থতা পদ্ধতিক প্ৰসাৰিত কৰা

 

আয়ুষ মন্ত্ৰালয়ে মেদবহুলতাৰ মোকাবিলা আৰু আয়ুৰ্বেদৰ জৰিয়তে ফলপ্ৰসূ ওজন ব্যৱস্থাপনাক প্ৰসাৰিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে:

 

 

বিশেষ আয়ুৰ্বেদিক যত্নঃ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA)-এ মেদবহুলতা আৰু আনুষংগিক জীৱনশৈলীৰ বিকাৰৰ বিশেষ চিকিৎসা প্ৰদান কৰে। এই চিকিৎসাসমূহত পঞ্চকৰ্ম চিকিৎসা, আয়ুৰ্বেদিক ঔষধ, ব্যক্তিগতকৃত খাদ্য নিৰ্দেশনা আৰু যোগ চিকিৎসাৰ সংমিশ্ৰণ ঘটোৱা হৈছে। আজিলৈকে প্ৰায় ৪৫,০০০ ডায়েবেটিছ আৰু বিপাকীয় বিকাৰগ্ৰস্ত ৰোগীয়ে এই সেৱাসমূহৰ দ্বাৰা উপকৃত হৈছে।

গৱেষণা আৰু প্ৰমাণিকৰণ: আয়ুৰ্বেদিক বিজ্ঞানৰ গৱেষণা কেন্দ্ৰীয় পৰিষদে (CCRAS) মেদবহুলতাকে ধৰি জীৱনশৈলীৰ বিকাৰৰ বাবে আয়ুৰ্বেদিক পদ্ধতিৰে  সুৰক্ষা আৰু কাৰ্যকাৰিতাৰ বৈধতা প্ৰদানৰ বাবে গৱেষণা কৰি আহিছে। অধ্যয়নত দেখা গৈছে যে দিনচাৰ্য্য (দৈনিক নিদান), ঋতুচাৰ্য (ঋতুভিত্তিক নিদান), অহৰ (খাদ্য সম্পৰ্কীয় নিৰ্দেশনা) আৰু যোগৰ দৰে পদ্ধতিসমূহ সামগ্ৰিক স্বাস্থ্য বজাই ৰখা আৰু মেদবহুলতাৰ দৰে অৱস্থা প্ৰতিৰোধ কৰাত ফলপ্ৰসূ হিচাবে প্ৰমাণিত হৈছে।

আয়ুৰস্বাস্থ্য যোজনা: ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যক্ষম হোৱা  এই কেন্দ্ৰীয় খণ্ডৰ আঁচনিখনত সমাজৰ  স্বাস্থ্যসেৱাত আয়ুষৰ হস্তক্ষেপক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ‘আয়ুষ আৰু জনস্বাস্থ্য’ৰ উপাদান অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিখনে জীৱনশৈলীৰ বিকাৰ আৰু অসংক্ৰামক ৰোগ (এনচিডি) পৰিচালনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা প্ৰকল্পসমূহক সমৰ্থন কৰে। বৰ্তমান ১১টা প্ৰকল্পই মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আৰু অষ্টিঅ’পৰ’ছিছৰ দৰে বিষয়সমূহ সন্দৰ্ভত  গুৰুত্ব আৰোপ কৰিছে।

সহযোগিতামূলক গৱেষণা প্ৰচেষ্টাঃ আয়ুৰ্বেদৰ বৈজ্ঞানিক গৱেষণা বৃদ্ধিৰ বাবে মন্ত্ৰালয়ে বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই সহযোগিতাই আধুনিক বিজ্ঞানৰ সৈতে পৰম্পৰাগত আয়ুৰ্বেদিক জ্ঞানক একত্ৰিত কৰা গৱেষণা কাৰ্যসূচী বিকশিত আৰু ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ মেদবহুলতাৰ দৰে জীৱনশৈলীৰ বিকাৰসমূহ পৰিচালনা কৰাত সহায় কৰে।

এই ব্যাপক ব্যৱস্থাসমূহৰ জৰিয়তে আয়ুষ  মন্ত্ৰালয়ে মেদবহুলতা প্ৰতিৰোধ আৰু ব্যৱস্থাপনাত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে। লগতে ই  স্বাস্থ্য আৰু মানুহৰ মংগলৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীক প্ৰসাৰিত কৰিছে।

 

 

৩/ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ঃ

 

পোষণ অভিযান : শিশুৰ মেদবহুলতাৰ প্ৰতিৰোধ

 

 

 

২০১৮ চনৰ ৮ মাৰ্চত আৰম্ভ হোৱা পোষণ অভিযান হৈছে সামগ্ৰিক পুষ্টিৰ বাবে ভাৰত চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে শিশু, কিশোৰী , গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে পুষ্টিৰ মান উন্নত কৰা। যাৰ দ্বাৰা পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰিবলৈ পুষ্টিৰ পৰিমাণ, প্ৰসৱ আৰু সজাগতা বৃদ্ধি কৰা এক অভিসৰণশীল পৰিৱেশ তন্ত্ৰক উৎসাহিত  কৰা হৈছে।

পোষণ অভিযান আৰু পোষণ ২.০ ৰ মূল উপাদানসমূহ

পোষণ অভিযানে জন  আন্দোলনৰ অধীনত প্ৰযুক্তি-চালিত নিৰীক্ষণ, বহুকেইটা মন্ত্ৰালয়ৰ সহযোগিতা  আৰু সমাজৰ  সংযোগৰ জৰিয়তে অপুষ্টিৰ সৈতে মোকাবিলা কৰিবলৈ এক সামগ্ৰিক পদ্ধতি গ্ৰহণ কৰিছে। ই ঘৰতে উৎপাদিত পুষ্টিৰ বাবে পোষণ ভাটিকা (নিউট্ৰি-গাৰ্ডেন)ক উৎসাহিত কৰিছে। মিছন সক্ষম অংগনবাদী আৰু পোষণ ২.০ (২০২১)ৰ অধীনত অংগনবাড়ী সেৱা আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য শক্তিশালী কৰিছে, আৰু আয়ুষ ভিত্তিক সুস্থতা পদ্ধতিসমূহ একত্ৰিত কৰিছে। এই কাৰ্যসূচীত মাতৃ আৰু শিশুৰ পুষ্টি, খাদ্য বৈচিত্ৰ্য আৰু খাদ্য শক্তিশালীকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে।  ৰক্তহীনতা আৰু পুষ্টিৰ অভাৱৰ বিৰুদ্ধে যুঁজিবলৈ বাজৰাক খাদ্য হিচাবে গ্ৰহণ কৰা আৰু পুষ্টিকৰ খাদ্যক উৎসাহিত কৰা হৈছে।

 

 

৪/ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়: শাৰীৰিক সুস্থতাৰ সংস্কৃতি গঢ়ি তোলা

 

৪.১ ফিট ইণ্ডিয়া আন্দোলন: গণ সুস্থতাৰ এক বিপ্লৱ

 

• ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ফিট ইণ্ডিয়া আন্দোলনে সক্ৰিয় জীৱনশৈলীক প্ৰসাৰিত কৰাৰ লগতে ব্যক্তিসকলক দৈনন্দিন জীৱনত ফিটনেছক অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰিছে।

•মূল উপাদানসমূহ:

• পাঠ্যক্ৰমত শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা বিদ্যালয়ৰ বাবে ফিট ইণ্ডিয়া স্কুল প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰা।

•চহৰীয়া স্থানত চাইকেল চলোৱা আৰু খোজকঢ়াৰ অভ্যাসৰ প্ৰচাৰৰ বাবে ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল পদক্ষেপ গ্ৰহণ।

 

 

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই ‘ফিট ইণ্ডিয়া চাইক্লিং ড্ৰাইভ’ উদ্বোধন কৰে।

 

সম্প্ৰদায়ৰ নেতৃত্বত ফিটনেছ কাৰ্যসূচী যেনে গণ যোগাসনৰ অনুষ্ঠান, দৌৰৰ বাবে ক্লাব আৰু কৰ্মক্ষেত্ৰৰ ফিটনেছ প্ৰত্যাহ্বান আদি গ্ৰহণ কৰা হৈছে।

৪.২ খেলো ইণ্ডিয়া কাৰ্যসূচী: সক্ৰিয় প্ৰজন্ম গঢ়ি তোলা

সমগ্ৰ দেশতে এথলেটিক উৎকৰ্ষতাৰ সংস্কৃতি গঢ়ি তুলি বিদ্যালয় স্তৰৰ পৰা অভিজাত প্ৰতিযোগিতালৈকে সকলো স্তৰতে ক্ৰীড়াত অংশগ্ৰহণক প্ৰসাৰিত কৰাৰ অৰ্থে  খেলো ইণ্ডিয়া – ক্ৰীড়াৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ই যুৱ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ আৰু বিশ্বমানৰ আন্তঃগাঁথনি প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছে, যাতে তেওঁলোকে নিজৰ  ক্ৰীড়াত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় সম্পদ লাভ কৰে। এই আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰাম্য আৰু চহৰত সকলোৰে বাবে ক্ৰীড়াৰ সমান সুযোগ সুনিশ্চিত কৰা হৈছে।

 

 

 

 

 

মুখ্য সাফল্যসমূহ :

 

 

৫) ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষ (FSSAI): জনস্বাস্থ্যৰ বাবে খাদ্যৰ মান নিয়ন্ত্ৰণ কৰা

 

৫.১ সঠিক খাওক ভাৰত আন্দোলন (FSSAI): সুস্থ ভৱিষ্যতৰ বাবে খাদ্যৰ পছন্দৰ ক্ষেত্ৰত সংস্কাৰ

 

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষই (এফ এছ এছ এ আই) আৰম্ভ কৰা ইট ৰাইট ইণ্ডিয়া আন্দোলনে সকলোৰে বাবে সুৰক্ষিত, স্বাস্থ্যকৰ  আৰু বহনক্ষম খাদ্য নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও মূল পদক্ষেপ সামৰি লৈছে। তলত প্ৰাথমিক পদক্ষেপসমূহ উল্লেখ কৰা হ’ল:

 

 

ইট ৰাইট ইণ্ডিয়াৰ মূল পদক্ষেপ

 

 

যোগান সম্পৰ্কীয় পদক্ষেপসমূহ:

 

•খাদ্য সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ (FoSTaC): খাদ্য সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ (FoSTaC) প্ৰমাণপত্ৰ এফ এছ এছ এ আইৰ দ্বাৰা প্ৰদান কৰা হয়, যিয়ে প্ৰতিটো খাদ্য ব্যৱসায়ৰ খাদ্য সুৰক্ষা তত্বাৱধায়কক প্ৰমাণীকৰণ কৰে।

•প্ৰমাণীকৰণ কাৰ্যসূচী: ৰাজপথৰ খাদ্যৰ হাব, বজাৰ, ষ্টেচন আৰু উপাসনা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা।

•পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰেটিং: ৰেষ্টুৰেণ্ট, কেটাৰিং সেৱা, মিঠাইৰ দোকান আৰু মাংস বিক্ৰেতাসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানৰ ভিত্তিত  ৰেটিং প্ৰদানৰ ব্যৱস্থা।

 

 

•চাহিদা সম্পৰ্কীয় পদক্ষেপ:

 

•গ্ৰাহক সজাগতা: ইট ৰাইট কেম্পাছ আৰু ইট ​​ৰাইট স্কুল কাৰ্যসূচীৰ জৰিয়তে খাদ্য সুৰক্ষাক প্ৰসাৰিত কৰা।

•ভেজালকৰণ ধৰা পেলোৱা: ঘৰ আৰু স্কুলৰ খাদ্য পৰীক্ষাৰ বাবে ডাৰ্ট বুক আৰু মেজিক বক্স প্ৰদান কৰা হৈছে।

 

 

খাদ্য সুৰক্ষা ডাৰ্ট বুক - ৰেপিড টেষ্টৰ সৈতে ভেজালকৰণ ধৰা পেলাব পৰা (DART) পুস্তিকাখনে সহজ সমাধান ব্যৱহাৰ কৰি খাদ্যৰ ভেজাল ধৰা পেলাবলৈ ৫০টাতকৈও অধিক সহজ ঘৰুৱা পৰীক্ষাৰ সুবিধা প্ৰদান কৰিছে। ইয়াক জনসচেতনতাৰ বাবে বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰা যায়। ইয়াক বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰি বা এফ এছ এছ এ আইৰ বিষয়ত প্ৰয়োগ কৰিব নোৱাৰি।

 

 

 

খাদ্য সুৰক্ষা যাদু বাকচ - এফ এছ এছ এ আইৰ খাদ্য সুৰক্ষা যাদু বাকচ-সঙ্গী বুক স্কুল, শিক্ষক, আৰু  অভিভাবকসকলৰ বাবে  এটি  শিক্ষণ সৰঞ্জাম। ইয়াত  খাদ্যৰ ভেজাল  ধৰা পেলাবলৈ ১০২ সহজ পৰীক্ষা এখন  গাইডবুকৰ সৈতে সন্নিবিষ্ট কৰা হৈছে।

 

 

 

 

 

 খাদ্য সুৰক্ষা-মেজিক বক্স খাদ্য সুৰক্ষা - ডাৰ্ট বুক

 

 

 

মোবাইল পৰীক্ষণ: দূৰৱৰ্তী-এলেকাৰ পৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে ফুড ছেফটি অন হুইলৰ সুৰক্ষা নিশ্চিত কৰিছে।

খাদ্য শক্তিশালীকৰণ: অপুষ্টিৰ  অভাৱ মোকাবিলা কৰিবলৈ শক্তিশালী মূল খাদ্যক প্ৰসাৰিত কৰা।

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষই মেদবহুলতা আৰু জীৱনশৈলী সম্পৰ্কীয় ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সমাজক খাদ্য সম্পৰ্কীয়  পছন্দৰ ক্ষেত্ৰত  পথ প্ৰদৰ্শন আৰু খাদ্য সুৰক্ষাৰ মান নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

 

৫.২ দেশজোৰা সজাগতা অভিযান – ‘আজ ছে থোড়া কাম’।

স্বাস্থ্যসন্মত খাদ্যাভ্যাসক উৎসাহিত কৰিবলৈ এফ এছ এছ এ আইয়ে ‘আজ ছে থোড়া কাম’ শীৰ্ষক  অভিযান আৰম্ভ কৰিছিল, গ্ৰাহকসকলক ক্ৰমান্বয়ে চৰ্বি, শৰ্কৰা  আৰু নিমখৰ পৰিমাণ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। এই মাল্টিমিডিয়া অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে:

 

বিভিন্ন লোকৰ  মাজলৈ যাবলৈ ১২টা ভাষাত উপ-শিৰোনামাৰে চুটি শিক্ষামূলক ভিডিঅ' প্ৰস্তুত।

স্বাস্থসন্মত খাদ্যাভ্যাসৰ বাৰ্তাক শক্তিশালী কৰা ফ্লাইয়াৰ, বেনাৰ, আৰু অডিঅ' ক্লিপ।

এটা নিবেদিত ‘ইট ৰাইট ইণ্ডিয়া’ ৱেবছাইট, যিয়ে জ্ঞাত খাদ্য পৰিৱৰ্তনৰ বাবে মূল্যৱান  তথ্য আগবঢ়ায়।

 

৫.৩ উচ্চ চৰ্বি, নিমখ আৰু শৰ্কৰা (HFSS)যুক্ত খাদ্য নিয়ন্ত্ৰণ কৰা

আইচিএমআৰ-নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ সহযোগত এফএছএছএআইয়ে হাই ফেট, ছল্ট, এণ্ড চুগাৰ (এইচএফএছএছ) খাদ্যৰ বিষয়ত বাধ্যতামূলক লেবেল লগোৱাৰ পৰামৰ্শ দিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে:

 

ৰেডি টু ইট খাদ্যত পেকেটৰ সন্মুখত স্পষ্ট লেবেলিং নিশ্চিত কৰা।

গ্ৰাহকক স্বাস্থ্যসন্মত খাদ্য বাছনি কৰাত সহায় কৰা আৰু অস্বাস্থ্যকৰ খাদ্যৰ পৰিমাণ হ্ৰাস কৰা।

৫.৪ বহু-মঞ্চৰ জনসচেতনতা পদক্ষেপ

চৰকাৰে এফ এছ এছ এ আইৰ নেতৃত্বত সক্ৰিয়ভাৱে সজাগতা বিয়পাই আহিছে:

 

ক. স্বাস্থ্যসন্মত খাদ্যৰ পছন্দৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ অৰ্থে প্ৰিন্ট, ইলেক্ট্ৰনিক, আৰু ছ’চিয়েল মিডিয়া অভিযান।

 

খ. মেদবহুলতা প্ৰতিৰোধ আৰু সুস্থ জীৱন-যাপনৰ বিষয়ত  ৰাজ্যিক পৰ্যায়ৰ সজাগতামূলক কাৰ্য্যকলাপক সমৰ্থন কৰাৰ লগতে  কেন্সাৰ, ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰোক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচী (এনপিচিডিচিএছ)ৰ সৈতে সেইবোৰ একত্ৰীকৰণ।

 

৫.৫ ৰুকো (RUCO) পদক্ষেপ

 

 

এফ এছ এছ এ আইৰ RUCO (Repurpose Used Cooking Oil) পদক্ষেপে নিশ্চিত কৰে যে এবাৰ ব্যৱহৃত ৰন্ধন তেল যাতে  খাদ্য শৃংখলত পুনৰ প্ৰৱেশ কৰোৱা নহয়। যেতিয়া তেল বাৰে বাৰে খাদ্য ৰান্ধিবলৈ  ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াত দেহৰ বাবে ক্ষতিকাৰক টোটেল প’লাৰ কম্পাউণ্ড (TPC) গঠন হয়।  যাৰ ফলত উচ্চ ৰক্তচাপ, এথেৰ’স্কলেৰ’ছিছ, যকৃতৰ বিকাৰ আদি ৰোগৰ আশংকা বৃদ্ধি পায়। জনস্বাস্থ্য সুৰক্ষিত কৰিবলৈ এফ এছ এছ এ আইয়ে ২৫% টি পি চি সীমা নিৰ্ধাৰণ কৰিছে,  যাৰ ভিতৰত এবাৰ ব্যৱহাৰ কৰা  তেল পুনৰ ব্যৱহাৰ কৰিব নালাগে বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । ইইই কৌশল (শিক্ষা, বলৱৎকৰণ, পৰিৱেশতন্ত্ৰ)ৰ অধীনত ব্যৱহৃত ৰন্ধন তেল খাদ্য ব্যৱসায়ৰ পৰা সংগ্ৰহকাৰীয়ে সংগ্ৰহ কৰে আৰু বায়’ডিজেল বা চাবোন উৎপাদনৰ বাবে সেইবোৰ পুনৰ নিৰ্দেশিত কৰে। এনে পদক্ষেপৰ জড়িয়তে  স্বাস্থ্য, শক্তি সুৰক্ষা আৰু পৰিৱেশৰ বহনক্ষমতাক প্ৰসাৰিত কৰা হৈছে।

 

উপসংহাৰ

মেদবহুলতা ভাৰতত জনস্বাস্থ্যৰ এক জৰুৰী প্ৰত্যাহ্বান হিচাবে থিয় দিছে। কিন্তু দেশ খনে ইয়াক এক ব্যাপক, বহুখণ্ডীয় পদ্ধতিৰ জৰিয়তে সক্ৰিয়ভাৱে মোকাবিলা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে স্বাস্থ্য, পুষ্টি, ফিটনেছ, আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থাসমূহ একত্ৰিত কৰি কৌশলগত হস্তক্ষেপ আৰম্ভ কৰিছে। ফিট ইণ্ডিয়া মুভমেণ্ট, এন পি-এনচিডি, পোষণ অভিযান, ইট ৰাইট ইণ্ডিয়া, আৰু খেলো ইণ্ডিয়াৰ দৰে পদক্ষেপে স্বাস্থ্য সচেতনতা, প্ৰতিৰোধমূলক যত্ন আৰু সক্ৰিয় জীৱন-যাপনৰ সংস্কৃতি গঢ়ি তুলিছে। ভাৰত অমৃত কালৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ফিট এণ্ড হেল্থী ইণ্ডিয়াৰ দৃষ্টিভংগী বাস্তৱত পৰিণত হৈছে। স্থায়ী প্ৰতিশ্ৰুতি, বিভিন্ন খণ্ডৰ সহযোগিতা আৰু  নাগৰিকৰ সক্ৰিয়  অংশগ্ৰহণৰ দ্বাৰা দেশখনে মেদবহুলতাক  প্ৰতিহত কৰিব পাৰে  আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ এক স্বাস্থ্যকৰ পৰিবেশ ৰচনা কৰিব পাৰে।  সজাগতা, জীৱনশৈলীৰ পৰিৱৰ্তন আৰু নীতি-চালিত কাৰ্য্যক অগ্ৰাধিকাৰ দি ভাৰতে মেদবহুলতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত এক বিশ্বব্যাপী আদৰ্শ দাঙি ধৰিব পাৰে— সুস্থতা, সজীৱতা আৰু সামগ্ৰিক মংগলক নিশ্চিত কৰি ভাৰতক এখন স্বাস্থ্যকৰ দেশ হিচাবে গঢ়ি তুলিব পাৰে।

 

তথ্যসূত্ৰসমূহ


(Release ID: 2107652)