উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰগতিৰ প্ৰচণ্ড জোৱাৰ আনি ভাৰতৰ 'লুক ইষ্ট' নীতি 'এক্ট ইষ্ট'লৈ ৰূপান্তৰিত হৈছে, অভিমত ব্যক্ত কৰে উপ-ৰাষ্ট্ৰপতিয়ে

বিমানবন্দৰ, ৰে’ল আৰু পথ সংযোগ, আৰু ৪জি নেটৱৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে – অৰুণাচল প্ৰদেশত সম্পাদিত হৈছে অভূতপূৰ্ব উন্নয়ন, উপ-ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে

অৰুণাচল প্ৰদেশত ৫০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে, ৫ লাখ কোটি টকা মূল্যৰ বিনিয়োগৰ সুযোগ মুকলি কৰিব, উপ-ৰাষ্ট্ৰপতিয়ে কয়

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৌদ্ধ সম্প্ৰদায়ক সংখ্যালঘুৰ মৰ্যাদা আৰু কেবিনেট মন্ত্ৰীৰ পদ প্ৰদান কৰা হৈছে, উপ ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰে

ভাৰত এখন শক্তিৱন্ত ৰাষ্ট্ৰ হৈ উঠিছে; কোনেও ইয়াৰ ওপৰত কু-দৃষ্টি নিক্ষেপ কৰিব নোৱাৰে, উপ ৰাষ্ট্ৰপতিয়ে কয়

কামলে জিলাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা ‘যুটীয়া মেগা নিয়োকুম য়ুলো অনুষ্ঠান’ত অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতিয়ে

Posted On: 26 FEB 2025 4:12PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজি কয়, "দশক চেৰেকৰ আগতে ভাৰত চৰকাৰে 'লুক ইষ্ট' নীতি প্ৰৱৰ্তন কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক 'এক্ট ইষ্ট'লৈ ৰূপান্তৰিত কৰিছিল, কিয়নো কেৱল চোৱাটোৱেই যথেষ্ট নহয়; কাৰ্য সম্পাদন প্ৰয়োজনীয়। আৰু যেতিয়া পদক্ষেপ লোৱা হয়, আমি উল্লেখনীয় পৰিৱৰ্তন দেখিবলৈ পাওঁ। বিমান ভ্ৰমণেই হওক, বিমানবন্দৰ, ৰে'ল সংযোগ, পথ সংযোগ, বা আনকি ৪জি নেটৱৰ্কৰ উপলব্ধতাই হওক- এই সকলোবোৰেই অৰুণাচল প্ৰদেশৰ প্ৰগতিৰ সূচক।"


অৰুণাচল প্ৰদেশৰ কামলে জিলাৰ ‘কাম্পোৰিজো ৰাজহচক্ৰ’ত প্ৰথমবাৰৰ বাবে উদযাপন কৰা ‘যুটীয়া মেগা নিয়োকুম য়ুলো’ উদযাপনত মুখ্য অতিথি হিচাপে সমবেত সকলক সম্বোধন কৰি শ্ৰী ধনখৰে কয়, "অৰুণাচল প্ৰদেশত ৫০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে। এক মেগাৱাট বিদ্যুত উৎপাদনৰ বাবে ১০ কোটি টকা বিনিয়োগৰ প্ৰয়োজন, যাৰ অৰ্থ হৈছে অৰুণাচল প্ৰদেশত ৫ লাখ কোটি টকা বিনিয়োগৰ সম্ভাৱনা আছে। নিশ্চিতভাৱে কিৰেন জীৰ কিবা যাদু আছে। তেওঁ এই প্ৰসংগত প্ৰধানমন্ত্ৰীক সৈমান কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোক সকলোকে এই সুযোগ গ্ৰহণ কৰিবলৈ, সহযোগিতা কৰিবলৈ আৰু আমাৰ সংস্কৃতি সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে। এনে এক প্ৰেক্ষাপটত, মই ইয়াত উপস্থিত হৈ সঁচাকৈয়ে আনন্দিত অনুভৱ কৰিছো।"


উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰম চিহ্নিত কৰি কয়, "ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৌদ্ধ সম্প্ৰদায়ক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰা হৈছে, আৰু বৌদ্ধ ধৰ্মাৱলম্বী এগৰাকী নেতাক কেবিনেট মন্ত্ৰীৰ পদো প্ৰদান কৰা হৈছে। এই ঐতিহাসিক উন্নয়নে সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।


তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰগতিয়ে ভাৰত যে এখন অতুলনীয় ৰাষ্ট্ৰ আৰু আমি যে জাতীয়তাবাদৰ সৈতে সংযোজিত হৈ থাকিব লাগিব সেই কথাকে প্ৰতীয়মান কৰিছে। তেওঁ দৃঢ়তাৰে কয়, "কোনো পৰিস্থিতিতে আমি ৰাষ্ট্ৰীয় স্বাৰ্থ, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ বা দেশৰ সেৱা কৰাৰ আমাৰ সংকল্পৰ সৈতে আপোচ কৰিব নোৱাৰো।"

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সাংস্কৃতিক ঐক্যৰ প্ৰসংগত আলোকপাত কৰি কয়, "ভাৰতৰ দৰে আন কোনো দেশ নাই। আজি আপোনালোকে ‘নিয়োকুম য়ুলো’ উদযাপন কৰাৰ সময়ত সমগ্ৰ দেশতে ‘হোলী’, ‘বৈশাখী’, ‘লোহৰি’, ‘বিহু’, ‘পোংগল’ আৰু ‘নৱান্ন’ৰ দৰে উৎসৱো উদযাপন কৰা হ'ব। আমি ভাৰতত য'তেই নাথাকো কিয়, আমাৰ চিন্তাধাৰা আৰু পৰম্পৰা ঐক্যবদ্ধ হৈ থাকে।"


তেওঁ লগতে কয়, "আজি ভাৰত এখন শক্তিৱন্ত ৰাষ্ট্ৰ। কোনেও আমাৰ ওপৰত বেয়া দৃষ্টি দিব নোৱাৰে। আমাৰ প্ৰধানমন্ত্ৰী বিশ্বৰ আটাইতকৈ বিশিষ্ট নেতাসকলৰ অন্যতম, আৰু আপোনালোক সকলো সৌভাগ্যৱান যে আপোনালোকে যি গৰাকী ব্যক্তিৰ প্ৰতি আপোনালোকৰ বিশ্বাস ৰাখিছে তেঁৱো প্ৰধানমন্ত্ৰীৰ বিশ্বাস অৰ্জন কৰিছে। ১৪০ কোটি লোকৰ দেশত মাত্ৰ দুই ডজনতকৈয়ো অধিক মন্ত্ৰীৰে গঠিত কেন্দ্ৰীয় কেবিনেটত কিৰেন জীৰ বাৰে বাৰে অন্তৰ্ভুক্তি হৈছে সকলো পৰিস্থিতি আৰু অৱস্থাতে অৰুণাচল প্ৰদেশৰ নিৰন্তৰ প্ৰগতিৰ প্ৰতি দেখুওৱা আন্তৰিকতাৰ প্ৰমাণ।"

তেওঁ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ অৱদানক প্ৰশংসা কৰি কয়, "কিৰেন ৰিজিজু জী কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ আৰু শক্তিশালী মন্ত্ৰী। তেওঁ চাৰিবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। আৰু সেয়েহে মই কওঁ, কিৰেন জী, আপুনি সীমান্ত ঘাইপথৰ কল্পনা কৰিছিল। আপোনাৰ সপোন সঁচা হ'ব। অৰুণাচল প্ৰদেশৰ প্ৰতি আপোনাৰ কেনে ধৰণৰ দৃষ্টিভংগী আছে আৰু আপুনি অনা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰ মই জানো।"


উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পূৰ্বৰ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ কথা স্মৰণ কৰি কয়, "যেতিয়া মই প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিলো, তেতিয়া ৰাজ্যৰ মৰ্যাদা উদযাপনৰ সময় আছিল। আপোনালোকৰ জনগোষ্ঠী দ্বাৰা মই সন্মোহিত হৈছিলোঁ আৰু আপোনালোক হৈছে ভাৰতৰ গৌৰৱ।"

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, ২৫-ৰাগা, বিধায়ক শ্ৰী ৰোটম টেবিন,  ‘নিছি এলিট ছ'চাইটী’ৰ সভাপতি শ্ৰী তানা শ্বৰেন, ‘টানি সুপুন দুকুন’ৰ সভাপতি শ্ৰী এইচ কে ছাল্লা,  ‘প্ৰথম যুটীয়া নিয়োকুম যুলু উদযাপন সমিতি’ৰ অধ্যক্ষ শ্ৰী গুচি সঞ্জয়, ‘কেন্দ্ৰীয় নিয়োকুম সমিতি’ৰ সহকাৰী সম্পাদক শ্ৰী ৰাব কৰা দনী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল অনুষ্ঠানত উপস্থিত আছিল।

 

*****

JK/RC/SM/KB


(Release ID: 2106501)