প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল প্ৰদেশৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ জনসাধাৰণক শুভেচ্ছা
Posted On:
20 FEB 2025 4:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে অৰুণাচল প্ৰদেশ ইয়াৰ সমৃদ্ধ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে জনাজাত। শ্ৰী মোদীয়ে লগতে অৰুণাচল প্ৰদেশৰ বিকাশ অব্যাহত থকাৰ কামনা কৰি আগন্তুক বছৰবোৰত ৰাজ্যখনৰ প্ৰগতি আৰু সম্প্ৰীতিৰ যাত্ৰা অব্যাহত থকাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰে;
"অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনালো! এই ৰাজ্যখন ইয়াৰ সমৃদ্ধ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে গভীৰ সম্পৰ্কৰ বাবে জনাজাত। অৰুণাচল প্ৰদেশৰ কঠোৰ পৰিশ্ৰমী আৰু সম্প্ৰতিভ লোকসকলে ভাৰতৰ বিকাশত অপৰিসীম অৱদান আগবঢ়াই থকাৰ লগতে তেওঁলোকৰ প্ৰাণময় জনজাতীয় ঐতিহ্য আৰু অতুলনীয় জৈৱ বৈচিত্ৰ্যই ৰাজ্যখনক সঁচাকৈয়ে বিশেষ কৰি তুলিছে। অৰুণাচল প্ৰদেশৰ বিকাশ অব্যাহত থাকক, আৰু আগন্তুক বছৰবোৰত ইয়াৰ প্ৰগতি আৰু সম্প্ৰীতিৰ যাত্ৰা অব্যাহত থাকক "।
***
MJPS/ST/DD
(Release ID: 2105022)
Visitor Counter : 24
Read this release in:
Odia
,
Tamil
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam