প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজৰ
পোষ্ট কৰা হৈছে:
13 FEB 2025 11:39PM by PIB Guwahati
আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল ৱাল্টজে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
সাক্ষাতৰ সময়ত দুয়ো ভাৰত-আমেৰিকাৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। আলোচনাত কৌশলগত প্ৰযুক্তিৰ লগতে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অসামৰিক পাৰমাণৱিক শক্তিৰ লগতে সৰু মডিউলাৰ ৰিয়েক্টৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
উভয়ে পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰে।
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2104986)
অতিথি কক্ষ : 50
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam