প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 13 FEB 2025 9:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে সকলোকে ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই মাহৰ মন কী বাতৰ বাবে সকলোকে নিজৰ নিজৰ ধাৰণা আৰু পৰামৰ্শবোৰ শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখে :

"বিশ্ব ৰেডিঅ' দিৱসৰ শুভেচ্ছা জনালো!

মানুহক অৱগত কৰা, অনুপ্ৰেৰণা দিয়া আৰু সংযোগ কৰা ৰেডিঅ' হৈছে বহুসংখ্যক লোকৰ বাবে এক কালজয়ী জীৱনৰেখা। বাতৰি আৰু সংস্কৃতিৰ পৰা সংগীত আৰু কাহিনী কথনলৈকে ই সৃষ্টিশীলতাক উদযাপন কৰা এক শক্তিশালী মাধ্যম ।

ৰেডিঅ’ৰ জগতখনৰ সৈতে জড়িত সকলোকে মই প্ৰশংসা কৰো। মই লগতে ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই মাহৰ #MannKiBaat ৰ বাবে আপোনালোকৰ ধাৰণা আৰু পৰামৰ্শবোৰ শ্বেয়াৰ কৰিবলৈও আপোনালোক সকলোকে আহ্বান জনাইছো।

https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-23rd-february-2025

***

MJPS/SR/KD


(ৰিলিজ আই ডি : 2102619) অতিথি কক্ষ : 57