গৃহ মন্ত্ৰালয়
২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে আমি দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰিম
নিৰাপত্তা বাহিনীয়ে ৩১ জন নক্সালবাদীক নিৰ্মূল কৰাটো ভাৰতক নক্সালমুক্ত কৰাৰ দিশত এক বৃহৎ সফলতা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে অভিহিত কৰিছে
অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হয়
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে নক্সালবাদ নিৰ্মূল কৰাৰ প্ৰয়াসত আমি আজি দুজন সাহসী জোৱান হেৰুৱাইছো, এই বীৰসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব
प्रविष्टि तिथि:
09 FEB 2025 4:40PM by PIB Guwahati
ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে ৩১ জন নক্সালবাদীক নিঃশেষ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ভাৰতক নক্সালমুক্ত কৰাৰ দিশত নিৰাপত্তা বাহিনীৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি অভিহিত কৰিছে। এক্সত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নিৰাপত্তা বাহিনীয়ে ভাৰতক নক্সালমুক্ত কৰাৰ প্ৰচেষ্টাত এক বৃহৎ সফলতা লাভ কৰিছে, এই অভিযানত ৩১ জন নক্সালবাদী নিহত হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীয়ে কয় যে আজি মানৱ বিৰোধী নক্সালবাদ নিৰ্মূল কৰাৰ সমান্তৰালকৈ আমি দুজন সাহসী সৈনিকক হেৰুৱাইছো। এই বীৰসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব। শ্বহীদ জোৱানসকলৰ পৰিয়াললৈ শ্ৰী অমিত শ্বাহে আন্তৰিক সমবেদনা জ্ঞাপন কৰে। লগতে তেওঁ দৃঢ়তাৰে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত আমি নক্সালবাদক দেশৰ পৰা নিৰ্মূল কৰিম, যাতে কোনো নাগৰিকে ইয়াৰ বাবে নিজৰ প্ৰাণ হেৰুৱাব লগা নহয়।
***
Raj Kumar/Vivek/Priyabhanshu/Pankaj/MS
(रिलीज़ आईडी: 2101254)
आगंतुक पटल : 48
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Tamil
,
Malayalam
,
Bengali
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
English
,
Urdu
,
Telugu