মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
পৰীক্ষা পে চৰ্চা
শিক্ষাৰ্থীৰ সবলীকৰণ , জীৱনৰ ৰূপান্তৰ
Posted On:
09 FEB 2025 12:21PM by PIB Guwahati
পৰীক্ষাসমূহ প্ৰায়ে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে মানসিক চাপৰ উৎস হৈ পৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "পৰীক্ষা পে চৰ্চা" (PPC) পদক্ষেপে এই ধাৰণাক এতিয়া সলনি কৰিবলৈ সক্ষম হৈছে। ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ"পৰীক্ষা পে চৰ্চা"ই পুনৰবাৰ এক ইন্টাৰেক্টিভ প্লেটফৰ্ম হিচাপে কাম কৰিব , য’ত প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক, আৰু অভিভাৱকৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব। পিপিচিৰ প্ৰতিটো সংস্কৰণে পৰীক্ষা সম্পৰ্কীয় উদ্বেগ মোকাবিলা কৰাৰ বাবে উদ্ভাৱনীমূলক পদ্ধতিসমূহৰ বিষয়ত আলোকপাত কৰি শিক্ষণ আৰু জীৱনৰ প্ৰতি এক ইতিবাচক মনোভাৱ গঢ়ি তুলিছে।
অভিলেখ ভংগকাৰী পিপিচি ২০২৫
২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া "পৰীক্ষা পে চৰ্চা"ৰ অষ্টম সংস্কৰণে ইতিমধ্যে নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। ৫ কোটিতকৈ অধিক লোকৰ অংশগ্ৰহণেৰে এইবাৰৰ কাৰ্যসূচীয়ে জন আন্দোলন হিচাপে নিজৰ মৰ্যাদাক অধিক উন্নত কৰাৰ উদাহৰণ দাঙি ধৰিছে। শিক্ষণৰ সামূহিক উদযাপনৰ প্ৰেৰণাদায়ক এই অনুষ্ঠানলৈ এইবাৰ ৰাজ্যিক / কেন্দ্ৰীয় শাসিত অঞ্চলৰ ব’ৰ্ড, চৰকাৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, সৈনিক বিদ্যালয়, একলব্য আৰ্হি আৱাসিক বিদ্যালয়, চিবিএছই আৰু নৱোদয় বিদ্যালয়ৰ পৰা ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰা হৈছে। "পৰীক্ষা পে চৰ্চা" ২০২৫ত সাতটা অন্তৰ্দৃষ্টিসম্পন্ন খণ্ড থাকিব, য’ত বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত ব্যক্তিত্বক একত্ৰিত কৰি ছাত্ৰ-ছাত্ৰীসকলক জীৱন আৰু শিক্ষণৰ অত্যাৱশ্যকীয় দিশসমূহৰ বিষয়ত পথ প্ৰদৰ্শন কৰা হ’ব। প্ৰতিটো খণ্ডই কেতবোৰ মূল বিষয়বস্তুৰ বিষয়ত আলোচনা কৰিব:
ক্ৰীড়া আৰু অনুশাসন – এম.চি. মেৰী কম, অৱনী লেখাৰা, আৰু চুহাছ যথিৰাজে অনুশাসনৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ, স্থিতিস্থাপকতা, আৰু মানসিক চাপ ব্যৱস্থাপনাৰ বিষয়ে ইয়াত আলোচনা কৰিব।
মানসিক স্বাস্থ্য – আৱেগিক সুস্থতা আৰু আত্ম প্ৰকাশৰ গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব দীপিকা পাডুকনে।
পুষ্টি – বিশেষজ্ঞ শোনালি সভাৰৱাল, ৰুজুতা দিৱেকাৰ, আৰু ৰেভাণ্ট হিমৎসিংকা (খাদ্য বিশেষজ্ঞ)-ই স্বাস্থ্যসন্মত খাদ্যাভ্যাস, টোপনি আৰু সামগ্ৰিক সুস্থতাৰ বিষয়ত আলোকপাত কৰিব।
প্ৰযুক্তি আৰু বিত্ত – গৌৰৱ চৌধুৰী (কাৰিকৰী গুৰুজী) আৰু ৰাধিকা গুপ্তাই প্ৰযুক্তিক শিক্ষাৰ আহিলা হিচাপে আৰু বিত্তীয় সাক্ষৰতাৰ পথৰ বিষয়ে আলোকপাত কৰিব।
সৃষ্টিশীলতা আৰু ইতিবাচক দৃষ্টিভংগী – বিক্ৰান্ত মেছি আৰু ভূমি পেডনেকাৰে ছাত্ৰ-ছাত্ৰীসকলক ইতিবাচ ক দৃষ্টিভংগীৰ বিকাশ সাধন কৰিবলৈ আৰু নেতিবাচক চিন্তাধাৰাৰ মোকাবিলা কৰিবলৈ অনুপ্ৰাণিত কৰিব।
মনৰ স্থিৰতা আৰু মানসিক শান্তি – সাধগুৰুৱে মানসিক স্পষ্টতা আৰু মনোনিৱেশৰ বাবে ব্যৱহাৰিক মানসিক স্থিৰতা আৰু মানসিক শান্তিৰ কৌশলৰ বিষয়ে আলচ কৰিব।
সফলতাৰ কাহিনী – ইউপিএছচি, আইআইটি-জেইই, চিএলএটি, চিবিএছই, এনডিএ, আইচিএছই, আৰু অতীতৰ পিপিচি অংশগ্ৰহণকাৰীসকলৰ মাজৰে টপাৰসকলে পিপিচিত তেওঁলোকৰ প্ৰস্তুতি আৰু পৰীক্ষাৰ বাবে তৈয়াৰ কৰা মানসিকতাৰ বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিব।
বছৰবোৰৰ মাজেৰে এটা যাত্ৰা
২০২৪: দেশজুৰি অংশগ্ৰহণ
২০২৪ চনৰ ২৯ জানুৱাৰীত অনুষ্ঠিত হোৱা "পৰীক্ষা পে চৰ্চা"ৰ সপ্তম সংস্কৰণটো মাইগভ পৰ্টেলত ২.২৬ কোটি পঞ্জীয়নৰ দ্বাৰা বিস্তৃতহৈ পৰিছিল। এই কথাই উক্ত কাৰ্যসূচীৰ অপৰিসীম জনপ্ৰিয়তা আৰু প্ৰাসংগিকতাকে প্ৰতিফলিত কৰিছিল। প্ৰথমবাৰৰ বাবে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ই এম আৰ এছ)ৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি এই পদক্ষেপক সৰ্বাংগীনতাৰ প্ৰতীক হিচাবে চিহ্নিত কৰিছিল। নতুন দিল্লীৰ প্ৰগতি ময়দানৰ আই টি পি অ’ৰ ভাৰত মণ্ডপমত টাউন হল ফৰ্মেটত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক, কলা উৎসৱৰ বিজয়ীকে ধৰি প্ৰায় ৩ হাজাৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল।
"পৰীক্ষা পে চৰ্চা" ২০২৪
২০২৩: অংশগ্ৰহণ বহল কৰা
২০২৩ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হয় পিপিচিৰ ৬ষ্ঠ সংস্কৰণ। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰি সকলো অংশীদাৰক তেওঁৰ বহুমূলীয়া পৰামৰ্শ/ অভিজ্ঞতাৰ তথ্য প্ৰদান কৰে। অনুষ্ঠানটো বহু টিভি চেনেল আৰু ইউটিউব চেনেলৰ দ্বাৰা লাইভ টেলিকাষ্ট কৰা হয়। ৭১৮১১০ গৰাকী ছাত্ৰ-ছাত্ৰী, ৪২৩৩৭ গৰাকী কৰ্মচাৰী আৰু ৮৮৫৪৪ গৰাকী অভিভাৱকে পিপিচি-২০২৩ৰ লাইভ কাৰ্যসূচী উপভোগ কৰে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সৈতে হোৱা কথা তথা চিন্তাৰ আদান-প্ৰদান সকলোৰে বাবে প্ৰেৰণাদায়ক, চিন্তা-উদ্দীপক আছিল।
"পৰীক্ষা পে চৰ্চা" ২০২৩
২০২২: শাৰীৰিক পাৰস্পৰিক ক্ৰিয়াৰ পুনৰুজ্জীৱিতকৰণ
২০২২ চনৰ ১ এপ্ৰিলত নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত পিপিচিৰ ৫ম সংস্কৰণ অনুষ্ঠিত হয়। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শ/ অভিজ্ঞতাৰ তথ্য দিছে। ৯,৬৯,৮৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী, ৪৭,২০০ গৰাকী কৰ্মচাৰী আৰু ১,৮৬,৫১৭ গৰাকী অভিভাৱকে "পৰীক্ষা পে চৰ্চা"-২০২২ৰ লাইভ কাৰ্যসূচী উফভোগ কৰে। অনুষ্ঠানটো বহু টিভি চেনেল আৰু ইউটিউব চেনেল আদিৰ দ্বাৰা লাইভ টেলিকাষ্ট কৰা হয়।
"পৰীক্ষা পে চৰ্চা" ২০২২
২০২১: ভাৰ্চুৱেল সংযোগ
ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০২১ চনৰ ৭ এপ্ৰিলত পিপিচিৰ চতুৰ্থ সংস্কৰণ অনলাইনযোগে অনুষ্ঠিত কৰা হয়।ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মাজতো এই পাৰস্পৰিক ক্ৰিয়া-কলাপে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক অনুপ্ৰাণিত কৰে। ছাত্ৰ-ছাত্ৰীসকলক অনিশ্চিত সময়ত মনোবল যোগোৱাত সহায় কৰিবলৈ জীৱন সম্পৰ্কীয় দক্ষতাৰ শিক্ষণ , স্থিতিস্থাপকতা আৰু অভিযোজন ক্ষমতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।
"পৰীক্ষা পে চৰ্চা" ২০২১
২০২০: অংশগ্ৰহণৰ সম্প্ৰসাৰণ
এই অনুষ্ঠানত অনন্য টাউন হল ফৰ্মেটত মাননীয় প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিছিল।এই অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন প্ৰতিযোগিতাৰে পৰিসৰ বিস্তৃত কৰিছিল, যত ২.৬৩ লাখ লোকে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ২৫খন দেশৰ পৰা বিদেশত বাস কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰত্যাহ্বানক সফলতাৰ স্তম্ভ হিচাপে আঁকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰা হয়।
"পৰীক্ষা পে চৰ্চা" ২০২০
২০১৯: বিস্তৃত প্ৰসাৰ
২০১৯ চনৰ ২৯ জানুৱাৰীত একেটা স্থানতে পিপিচিৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হয়, য’ত অধিক মাত্ৰাত অংশগ্ৰহণকাৰীয়ে অনুষ্ঠানটোক জীপাল কৰি তুলিছিল। নব্বৈ মিনিটতকৈও অধিক সময় ধৰি চলি থকা এই পাৰস্পৰিক ক্ৰিয়া-কলাপত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলে প্ৰাণখুলি হাঁহিছিল আৰু প্ৰধানমন্ত্ৰীৰ পৰ্যবেক্ষণক বাৰে বাৰে হাত চাপৰি বজাই আদৰণি জনাইছিল , য’ত হাস্যৰস আৰু বুদ্ধিমত্তাৰ মহামিলন ঘটিছিল।
"পৰীক্ষা পে চৰ্চা" ২০১৯
২০১৮: পাৰস্পৰিক কথোপকথন
২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত, নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে "পৰীক্ষা পে চৰ্চা" অনুষ্ঠিত হয়। ১৬ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখে বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ২৫০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে এই মন বিনিময়ৰ অনুষ্ঠানত উপস্থিত আছিল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৮.৫ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ডিডি/টিভি চেনেল/ ৰেডিঅ' চেনেলত অনুষ্ঠানটো উপভোগ কৰিছিল বা শুনিছিল। প্ৰধানমন্ত্ৰীয়ে সামগ্ৰিক বিকাশ, স্থিতিস্থাপকতা, পৰীক্ষাৰ সময়ত সৰ্বদিশৰ ভাৰসাম্য ৰক্ষাৰ গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। অনুষ্ঠানটোৰ সফলতাই ভৱিষ্যত সংস্কৰণৰ বাবে এক নতুন পথ মোকলাই দিছিল।
"পৰীক্ষা পে চৰ্চা" ২০১৮
"পৰীক্ষা পে চৰ্চা" ৰ প্ৰভাৱ
বছৰ বছৰ ধৰি পিপিচিয়ে পৰীক্ষা সম্পৰ্কীয় চাপক ইতিবাচক শক্তিলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক সুযোগলৈ বিকশিত কৰিছে। প্ৰশ্নৰ উত্তৰ দি আৰু কাৰ্য্যকৰী সমাধান আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে নীতি তথা ব্যৱহাৰৰ মাজৰ ব্যৱধান দূৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক হেঁচাৰ মাজতে লাভাৱন্বিত হ’ব পৰাকৈ শক্তিশালী কৰি তুলিছে। কাৰ্যসূচীৰ অন্তৰ্ভুক্তি, ডিজিটেল প্ৰসাৰ আৰু উদ্ভাৱনীমূলক পদ্ধতিয়ে ভাৰতত ছাত্ৰ-ছাত্ৰীৰ সংযোগৰ মূল স্তম্ভ হিচাপে ইয়াৰ অবিৰত সফলতা নিশ্চিত কৰিছে। বছৰ বাগৰাৰ লগে লগে পিপিচিয়ে এই বাৰ্তাক শক্তিশালী কৰি তুলিছে যে পৰীক্ষাৰ শেষ নহয়, এয়া কেৱল আৰম্ভণিহে!
তথ্যসূত্ৰসমূহ
২০২৩-২৪ চনৰ পৰা ২০১৮-১৯ চনলৈকে বাৰ্ষিক প্ৰতিবেদন।
(Release ID: 2101155)
Visitor Counter : 34