বিত্ত মন্ত্ৰালয়
আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে বাণিজ্যৰ নথিপত্ৰ আৰু বিত্তীয় সমাধানৰ বাবে এক উমৈহতীয়া মঞ্চ হিচাপে স্থাপন কৰা হ’ব ‘BHARATTRADENET’: কেন্দ্ৰীয় বাজেট ২০২৫-২৬
ভাৰতীয় অৰ্থনীতিক বিশ্বব্যাপী যোগান শৃংখলৰ সৈতে একত্ৰিত কৰাৰ বাবে ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ'ব
উদ্যোগ ৪.০-এ উপস্থাপন কৰা সুযোগসমূহৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰে ঘৰুৱা ইলেক্ট্ৰনিকছ উদ্যোগক সহায় কৰিব
উদীয়মান টায়াৰ ২ চহৰসমূহত বিশ্বব্যাপী সামৰ্থ্য কেন্দ্ৰ স্থাপনক উৎসাহিত কৰিবলৈ প্ৰস্তুত কৰা হ’ব এক ৰাষ্ট্ৰীয় কাঠামো
Posted On:
01 FEB 2025 1:15PM by PIB Guwahati
সুষম আঞ্চলিক বিকাশৰ জৰিয়তে ‘সবকা বিকাশ’ লাভৰ আমাৰ ঐকান্তিক যাত্ৰাত ৰপ্তানিয়ে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ মূল চালিকা শক্তি হিচাপে স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ লক্ষ্য হৈছে ঘৰুৱা উৎপাদনত পৰিৱৰ্তনশীল সংস্কাৰ ৰূপায়ণ কৰা আৰু ভাৰতৰ অৰ্থনীতিক বিশ্ব যোগান শৃংখলৰ সৈতে আৰু অধিক একত্ৰিত কৰা।
BharatTradeNet (ভাৰত ট্ৰেড নেট)
বাণিজ্যিক নথিপত্ৰ আৰু বিত্তীয় সমাধানৰ বাবে এক উমৈহতীয়া মঞ্চ হিচাপে এটা ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ‘ভাৰতট্ৰেডনেট’ (চমুকৈ বিটিএন) স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বাজেট ভাষণত শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, “বিটিএনে ইউনিফাইড লজিষ্টিক ইন্টাৰফেচ প্লেটফৰ্মৰ পৰিপূৰক বিবেচিত হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় পদ্ধতিৰ সৈতে মিলি যাব।

ভাৰতৰ অৰ্থনীতিক বিশ্বব্যাপী যোগান শৃংখলৰ সৈতে একত্ৰিতকৰণ
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ভাৰতীয় অৰ্থনীতিক বিশ্বৰ যোগান শৃংখলৰ সৈতে একত্ৰিত কৰিবলৈ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে সহায় আগবঢ়োৱা হ’ব। এই পদক্ষেপক আগুৱাই নিবলৈ বস্তুনিষ্ঠ মাপকাঠীৰ ভিত্তিত খণ্ডসমূহ চিনাক্ত কৰা হ’ব।
ইয়াৰ উপৰিও নিৰ্বাচিত সামগ্ৰী আৰু যোগান শৃংখলৰ বাবে জ্যেষ্ঠ বিষয়া আৰু উদ্যোগ প্ৰতিনিধিৰে গঠিত সুবিধা প্ৰদানকাৰী গোট গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
শ্ৰীমতী নিৰ্মলা সীতাৰমণে গুৰুত্বসহকাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ হাতত উদ্যোগ ৪.০-এ উপস্থাপন কৰা সুযোগসমূহক মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ যাৱতীয় উচ্চ পৰ্যায়ৰ দক্ষতা আৰু প্ৰতিভা আছে। তেওঁ আৰু কয়, “আমাৰ চৰকাৰে ঘৰুৱা ইলেক্ট্ৰনিকছ উদ্যোগক এই সুযোগবোৰক যুৱক-যুৱতীসকলৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবলৈ সহায় কৰিব।”
জিচিচিৰ বাবে ৰাষ্ট্ৰীয় কাঠামো
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত উদীয়মান টায়াৰ ২ চহৰসমূহত গ্ল’বেল কেপেবিলিটি চেণ্টাৰসমূহক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক পথ প্ৰদৰ্শন কৰিবলৈ ৰাষ্ট্ৰীয় কাঠামো প্ৰণয়নৰ প্ৰস্তাৱ দিয়া হৈছে। এই কাঠামোত প্ৰতিভা আৰু আন্তঃগাঁথনিৰ উপলব্ধতা বৃদ্ধি, আইন অনুসৰি সংস্কাৰ ৰূপায়ণ, আৰু উদ্যোগৰ সৈতে সহযোগিতাৰ বাবে ব্যৱস্থা সৃষ্টিৰ লক্ষ্যৰে ১৬টা ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰা হ’ব।
ৰপ্তানিৰ সম্পৰ্কীয় তথ্যৰ বাবে, ইয়াত ক্লিক কৰক -https://pib.gov.in/PressReleasePage.aspx?PRID=2098447
*****
NB/KS
(Release ID: 2099626)
Visitor Counter : 52