গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫ৰ বাজেটক প্ৰতিটো ক্ষেত্ৰতে এখন উন্নত আৰু শ্ৰেষ্ঠ ভাৰত গঢ়াৰ দিশত মোদী চৰকাৰৰ দৃষ্টিভংগীৰ ব্লুপ্ৰিণ্ট বুলি অভিহিত কৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

দেশৰ মধ্যবিত্ত শ্ৰেণী সদায় প্ৰধানমন্ত্ৰী মোদীৰ হৃদয়ত
এতিয়া ১২ লাখ টকালৈকে আয়ৰ ওপৰত কোনো কৰ নাথাকিব
এই বাজেটত কৃষক, দৰিদ্ৰ, মধ্যবিত্ত, মহিলা আৰু শিশুৰ শিক্ষা, পুষ্টি আৰু স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট-আপ, উদ্ভাৱন আৰু বিনিয়োগলৈকে প্ৰতিটো খণ্ড সামৰি লোৱা হৈছে, ই মোদীজীৰ স্বাৱলম্বী ভাৰতৰ বাবে ৰোডমেপ;
এই বাজেটত কৃষক কল্যাণৰ প্ৰতি মোদী চৰকাৰৰ সংকল্পৰ প্ৰতিফলন ঘটিছে
২০২৫ৰ বাজেটে যুৱ প্ৰজন্মৰ সপোন আৰু আকাংক্ষাক নতুন ডেউকা দিয়াৰ কাম কৰিছে

Posted On: 01 FEB 2025 7:20PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৫ৰ বাজেটক প্ৰতিটো ক্ষেত্ৰতে এখন উন্নত আৰু শ্ৰেষ্ঠ ভাৰত গঢ়াৰ দিশত মোদী চৰকাৰৰ দৃষ্টিভংগীৰ ব্লুপ্ৰিণ্ট বুলি অভিহিত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সৰ্বাংগীন আৰু দূৰদৰ্শী বাজেটৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণক অভিনন্দন জ্ঞাপন কৰে।

এক্স প্লেটফৰ্মত এলানি পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ৰ বাজেট হৈছে মোদী চৰকাৰৰ উন্নত আৰু সৰ্বাংগীন ভাৰত গঢ়ি তোলাৰ দৃষ্টিভংগীৰ ব্লুপ্ৰিণ্ট। কৃষক, দৰিদ্ৰ, মধ্যবিত্ত, মহিলা আৰু শিশুৰ শিক্ষা, পুষ্টি আৰু স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট আপ, উদ্ভাৱন আৰু বিনিয়োগলৈকে প্ৰতিটো খণ্ড সামৰি লোৱা এই বাজেটখনেই হৈছে মোদী জীৰ স্বাৱলম্বী ভাৰতৰ বাবে ৰোডমেপ। এই ব্যাপক আৰু দূৰদৰ্শী বাজেটৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী মোদী জী আৰু বিত্তমন্ত্ৰী শ্ৰীমতী জীক অভিনন্দন জনাইছো।

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মধ্যবিত্ত শ্ৰেণীটো সদায় প্ৰধানমন্ত্ৰী মোদীৰ হৃদয়ত থাকে। তেওঁ কয় যে ১২ লাখ টকা পৰ্যন্ত আয়ৰ লোকসকলক আয়কৰ ৰেহাই দিয়াটোৱে মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক কল্যাণৰ ক্ষেত্ৰত অত্যন্ত সহায়ক বুলি প্ৰমাণিত হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ৰ বাজেট কৃষক কল্যাণৰ প্ৰতি মোদী চৰকাৰৰ সংকল্পৰ প্ৰতিফলন। সৰ্বনিম্ন শস্য উৎপাদনশীল ১০০খন জিলাৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে বাজেটত ‘প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা’ ঘোষণা কৰি প্ৰায় ১.৭ কোটি কৃষক উপকৃত হ’ব। তদুপৰি ‘পালছ আত্মনিৰ্ভৰশীল অভিযান’ আৰু ‘কঁপাহ উৎপাদনশীলতা অভিযানে’ কৃষকৰ সমৃদ্ধি আৰু পুষ্টিৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে বাজেটৰ পৰা কেবিনেটলৈকে মোদী চৰকাৰৰ আঁচনি আৰু নীতিৰ কেন্দ্ৰবিন্দু কৃষক। ইউৰিয়া উৎপাদনত স্বাৱলম্বীতা অৰ্জন কৰিবলৈ ২০২৫ৰ বাজেটত অসমত ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া প্লাণ্ট মুকলি কৰাৰ সিদ্ধান্ত লৈছে। লগতে কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণৰ পৰিমাণ ৩ লাখৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই কৃষকসকলক যথেষ্ট সকাহ দিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০২৫ চনৰ বাজেটত অতিৰিক্ত ১.৫ লাখ কোটি টকা যোগ কৰি দেশৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ঋণ নিশ্চয়তাৰ কভাৰ দুগুণ কৰাৰ বাবে এম এছ এম ই খণ্ডক অভিনন্দন জনায়। ইয়াৰ দ্বাৰা ষ্টাৰ্ট-আপ বৃদ্ধি পাব আৰু মেনুফেকচাৰিং হাবসমূহ উজলি উঠিব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীৰ উন্নত ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ উদ্দেশ্যে এই বাজেটত জোতা, চামৰা আৰু খেলনা নিৰ্মাণ উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যিয়ে তৃণমূল পৰ্যায়ত চাকৰিৰ সৃষ্টি কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে নতুন চহৰলৈ বিমান সংযোগ প্ৰদান কৰি সুলভ পৰিবহণৰ দিশত উড়ান আঁচনি উপযোগী বুলি প্ৰমাণিত হৈছে। ২০২৫ চনৰ বাজেটত উড়ান আঁচনি সম্প্ৰসাৰণ কৰি ইয়াৰ অধীনত সমগ্ৰ দেশতে ১২০টা নতুন বিমানবন্দৰ গঢ়ি তোলা হ’ব। ইয়াৰ ফলত ৪ কোটি অতিৰিক্ত বিমান যাত্ৰীৰ বাবে ক্ষমতা সৃষ্টি হ’ব আৰু দুৰ্গম অঞ্চললৈ যাতায়ত আৰু অধিক উন্নীত হ’ব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ৰ বাজেটত দেশৰ যুৱক-যুৱতীসকলৰ সপোন আৰু আকাংক্ষাক নতুন ডেউকা দিয়াৰ কাম কৰিছে। ৫ বছৰত ৭৫,০০০খন চিকিৎসা শাস্ত্ৰৰ আসন সংযোজন, ৫খন আই আই টিত অতিৰিক্ত ৬,৫০০ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ব্যৱস্থা কৰা আৰু আই আই টি আৰু আই আই এছ চিৰ জৰিয়তে ১০,০০০ ৰিচাৰ্চ ফেল’শ্বিপ প্ৰদান কৰিলে আমাৰ যুৱ প্ৰজন্মৰ কাৰিকৰী জ্ঞানক শক্তি প্ৰদান কৰা হ’ব আৰু দেশৰ বৃদ্ধিৰ ইঞ্জিনক নতুন শক্তি প্ৰদান কৰা হ’ব।

 

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ যুৱক-যুৱতীসকলৰ মাজত গৱেষণাৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু আকাংক্ষা আৰু অধিক সমৃদ্ধ কৰিবলৈ ২০২৫ৰ বাজেট অতি গুৰুত্বপূৰ্ণ। আগন্তুক ৫ বছৰত চৰকাৰী বিদ্যালয়ত ৫০ হাজাৰ অটল টিংকাৰিং লেব স্থাপনৰ সিদ্ধান্তই নতুন প্ৰজন্মত উদ্ভাৱনক প্ৰসাৰিত কৰিব। লগতে যুৱক-যুৱতীসকলৰ দক্ষতা উন্নীতকৰণৰ বাবে ৫টা ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ ঘোষণা প্ৰশংসনীয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫ৰ বাজেটত মোদী চৰকাৰে বিহাৰৰ জনসাধাৰণক গুৰুত্বপূৰ্ণ উপহাৰ দিছে। বিহাৰত মাখানা ব’ৰ্ড স্থাপন, মিথিলাঞ্চলত পশ্চিম কোশী খাল প্ৰকল্প, আই আই টি পাটনা, ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি, উদ্যোগীকৰণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ আৰু গ্ৰীণফিল্ড বিমানবন্দৰৰ সৈতে জড়িত সিদ্ধান্তই বিহাৰক শিক্ষা, বাণিজ্য, সংযোগ, কৃষকৰ কল্যাণ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অনাগত দিনত সহায় কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ চনৰ বাজেটত ‘ভাৰতীয় ভাষা পুস্তক যোজনা’ৰ জৰিয়তে ভাৰতীয় ভাষাৰ গ্ৰন্থ ডিজিটেল ৰূপত প্ৰদান কৰাৰ ঘোষণাই ভাৰতীয় ভাষাক নতুন জীৱন প্ৰদান কৰিব। এই সিদ্ধান্তই নতুন প্ৰজন্মক ভাৰতীয় ভাষাৰ সৈতে সংযোগ স্থাপন আৰু শিক্ষাক অধিক সৰ্বাংগীন কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫ৰ বাজেট য়ে এক লাখ কোটি টকাৰ নগৰীয়া প্ৰত্যাহ্বান পুঁজিৰ জৰিয়তে চহৰৰ জীৱন আৰু উন্নয়নত নতুন জীৱনৰ প্ৰৱেশ ঘটাব। এই পুঁজিয়ে আমাৰ চহৰসমূহক বৃদ্ধি আৰু জীৱনৰ মানদণ্ডৰ কেন্দ্ৰ হিচাপে পুনৰুজ্জীৱিত কৰিব যদিও ৰাজ্যসমূহক ৫০ বছৰৰ বাবে ১.৫ লাখ কোটি টকাৰ সুদমুক্ত ঋণ আৰু ১০ লাখ কোটি টকাৰ মূলধন ঘূৰাই দিয়াৰ ঘোষণাই এই উদ্দেশ্যক আৰু অধিক শক্তিশালী কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ চনৰ বাজেটত ২০ হাজাৰ কোটি টকাৰ বিশাল পাৰমাণৱিক শক্তি অভিযানৰ কথা ঘোষণা কৰি শক্তি খণ্ডত ভাৰতৰ অপৰিসীম শক্তিৰ ওপৰত আলোকপাত কৰা হৈছে। এই অভিযানে ২০৪৭ চনৰ ভিতৰত ভাৰতক ১০০ গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদন কৰিবলৈ আগুৱাই নিব, লগতে ৫টা থলুৱা সৰু মডিউলাৰ ৰিয়েক্টৰ নিৰ্মাণ কৰিব। তদুপৰি পাৰমাণৱিক শক্তি আইন আৰু পাৰমাণৱিক ক্ষতিৰ বাবে নাগৰিক দায়বদ্ধতা আইন সংশোধনে ব্যক্তিগত খণ্ডৰ বিনিয়োগেৰে উদ্যোগটোক পুনৰ সজীৱ কৰি তুলিব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫ৰ বাজেটে আমাৰ সামুদ্ৰিক আৰু জাহাজ উদ্যোগসমূহক আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছে। ২৫ হাজাৰ কোটি টকাৰ সামুদ্ৰিক উন্নয়ন পুঁজি আৰু আগন্তুক দহ বছৰলৈ বৃদ্ধি কৰা জাহাজ নিৰ্মাণৰ বাবে কেঁচামাল, উপাদান, উপভোগ্য সামগ্ৰী বা অংশৰ ওপৰত মৌলিক সীমা শুল্ক ৰেহাই দিয়াৰ ফলত ভাৰতৰ সামুদ্ৰিক খণ্ডই বিশ্ব বজাৰত প্ৰতিযোগিতাত আগবাঢ়িবলৈ সাজু হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে ২০২৫ চনৰ বাজেটত ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধক মৌলিক সীমা শুল্কৰ পৰা সম্পূৰ্ণ ৰেহাই প্ৰদান কৰি ৰোগীৰ জীৱনত সকাহ দিছে। ইয়াৰ লগতে অহা তিনি বছৰত সকলো জিলা চিকিৎসালয়তে ডে-কেয়াৰ কেন্সাৰ চেণ্টাৰ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ অধীনত ২০২৫-২৬ বৰ্ষতেই ২০০টা কেন্দ্ৰ মুকলি কৰা হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫ৰ বাজেট এক নতুন সুযোগ আৰু গিগ কৰ্মীৰ সমৃদ্ধিৰ এক নতুন মাধ্যম। এতিয়া গিগ কৰ্মীসকলে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি পৰিচয় পত্ৰ লাভ কৰাই নহয় স্বাস্থ্য সুবিধাৰ পৰাও লাভৱান হ’ব। লগতে পিএম স্বনিধি যোজনাৰ সম্প্ৰসাৰণৰ লগে লগে ষ্ট্ৰীট ভেণ্ডৰসকলে ইউপিআইৰ সৈতে সংযোগ কৰি বেংকৰ পৰা ৩০,০০০ টকা পৰ্যন্ত ক্ৰেডিট কাৰ্ড আৰু ততোধিক ঋণ লাভ কৰিব।

****

Raj Kumar/Vivek/ Ashutosh/Priyabhanshu/ Pankaj/DB


(Release ID: 2099500) Visitor Counter : 7