বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৪ বিত্তীয় বৰ্ষত খুচুৰা মুদ্ৰাস্ফীতি ৫.৪%ৰ পৰা ২০২৫ বিত্তীয় বৰ্ষত ৪.৯ %লৈ হ্ৰাস

২০২৪ আৰু ২০২৫ বিত্তীয় বৰ্ষৰ মাজত মূল মুদ্ৰাস্ফীতি ০.৯ শতাংশ পইণ্ট হ্ৰাস পাইছে
বেয়া বতৰ আৰু যোগানৰ দিশত দেখা দিয়া বাধাই ভাৰতত খাদ্যৰ মুদ্ৰাস্ফীতিত প্ৰভাৱ পেলাইছে
ভাৰতৰ গ্ৰাহকৰ মূল্যৰ মুদ্ৰাস্ফীতি ২০২৬বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ ৪% কৰাৰ লক্ষ্য
কৃষি আৰু কৃষক প্ৰশিক্ষণৰ গৱেষণা উৎপাদন বৃদ্ধিৰ বাবে অপৰিহাৰ্য

Posted On: 31 JAN 2025 1:55PM by PIB Guwahati

বিভিন্ন চৰকাৰী পদক্ষেপ আৰু মুদ্ৰানীতিৰ ব্যৱস্থাৰ সহায়ত ভাৰতত খুচুৰা মুদ্ৰাস্ফীতি ২০২৪ বিত্তীয় বৰ্ষত ৫.৪ শতাংশৰ পৰা ২০২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-ডিচেম্বৰ) ৪.৯ শতাংশলৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই কথা আজি সংসদত উত্থাপন কৰা ২০২৪-২৫ৰ অৰ্থনৈতিক জৰীপত উল্লেখ কৰিছে।

খুচুৰা মুদ্ৰাস্ফীতিৰ হ্ৰাসৰ মূল কাৰণ হৈছে ২০২৪ বিত্তীয় বৰ্ষ আৰু ২০২৫ বিত্তীয় বৰ্ষ (এপ্ৰিল-ডিচেম্বৰ)ৰ ভিতৰত মূল মুদ্ৰাস্ফীতি ০.৯ শতাংশ পইণ্ট হ্ৰাস পোৱা, যিটো মূলতঃ মূল সেৱাৰ মুদ্ৰাস্ফীতি আৰু ইন্ধনৰ মূল্যৰ মুদ্ৰাস্ফীতি হ্ৰাসৰ ফলত হোৱা বুলি জৰীপত প্ৰকাশ।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0015D92.jpg

অৰ্থনৈতিক জৰীপে এই কথা উল্লেখ কৰিছে যে চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থা যেনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাফাৰ মজুত শক্তিশালী কৰা, মুক্ত বজাৰত মুকলি কৰা আৰু যোগানৰ নাটনিৰ সময়ত আমদানি লাঘৱ কৰাৰ প্ৰচেষ্টা মুদ্ৰাস্ফীতি সুস্থিৰ কৰাত গুৰুত্বপূৰ্ণ।

খাদ্যৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ প্ৰশাসনিক ব্যৱস্থা

https://static.pib.gov.in/WriteReadData/userfiles/image/image002I2SV.jpg

জৰীপত কোৱা হৈছে যে ভাৰতৰ খাদ্যৰ মুদ্ৰাস্ফীতিৰ হাৰ দৃঢ় হৈয়েই আছে, যাৰ ফলত শাক-পাচলি আৰু দাইলৰ দৰে কেইটামান খাদ্য সামগ্ৰীয়ে পৰিচালিত হৈছে। সামগ্ৰিক মুদ্ৰাস্ফীতিত শাক-পাচলি আৰু দাইলৰ অৱদান ২০২৫ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ) ৩২.৩ শতাংশ। এই সামগ্ৰীসমূহ বাদ দিলে ২০২৫ বিত্তীয় বৰ্ষৰ (এপ্ৰিল-ডিচেম্বৰ) গড় খাদ্য মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.৩ শতাংশ, যিটো সামগ্ৰিক খাদ্য মুদ্ৰাস্ফীতিতকৈ ৪.১ শতাংশ কম বুলি জৰীপত উল্লেখ কৰিছে।

জৰীপে আঙুলিয়াই দিয়ে যে ঘূৰ্ণীবতাহ, প্ৰচণ্ড বৰষুণ, বানপানী, বজ্ৰপাত, শিলাবৃষ্টি, খৰাং আদিৰ দৰে বেয়া বতৰৰ পৰিস্থিতিয়ে শাক-পাচলিৰ উৎপাদন আৰু দামত প্ৰভাৱ পেলায়। এই বিৰূপ বতৰৰ পৰিস্থিতিয়ে সংৰক্ষণ আৰু পৰিবহণৰ ক্ষেত্ৰতো যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰে, যাৰ ফলত যোগান শৃংখলত সাময়িকভাৱে ব্যাঘাত জন্মে আৰু শাক-পাচলিৰ দাম বৃদ্ধি পায়।

জৰীপত কোৱা হৈছে যে উৎপাদন হ্ৰাস পোৱাৰ ফলত যোগানৰ বাধাৰ বাবে চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো ২০২৪ বিত্তীয় বৰ্ষ আৰু চলিত বৰ্ষতো পিঁয়াজৰ মুদ্ৰাস্ফীতিৰ চাপ দৃঢ় হৈয়েই আছে। জৰীপত কোৱা হৈছে যে ২০২২-২৩ আৰু ২০২৩-২৪ চনত উৎপাদন কম হোৱাৰ বাবে ফলস্বৰূপে ২০২৪ আৰু ২০২৫ বিত্তীয় বৰ্ষ (এপ্ৰিল-ডিচেম্বৰ)ৰ বাবে পিঁয়াজৰ মুদ্ৰাস্ফীতিৰ চাপ পৰিছে। বিলাহীৰ যোগানত বাধাৰ বাবে বিলাহীৰ মূল্যৰ চাপ ২০২৩ বিত্তীয় বৰ্ষৰ পৰা মাজে মাজে উচ্চ হৈয়েই আছে। চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও বিলাহীৰ অতি নষ্ট স্বভাৱ আৰু উৎপাদন কম ৰাজ্যতে কেন্দ্ৰীভূত হোৱাৰ বাবে ইয়াৰ দাম উচ্চ হৈয়েই আছিল বুলি জৰীপত উল্লেখ কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image003P2NO.jpg

দাইল, তৈলবীজ, বিলাহী আৰু পিঁয়াজৰ উৎপাদন বৃদ্ধি কৰিবলৈ জলবায়ুৰ প্ৰতি সুস্থিৰতা শস্যৰ জাত বিকশিত কৰাৰ বাবে কেন্দ্ৰীভূত গৱেষণা, উৎপাদন বৃদ্ধি কৰা আৰু শস্যৰ ক্ষতি হ্ৰাস কৰা প্ৰয়োজন বুলি জৰীপত প্ৰকাশ কৰিছে। কৃষকসকলক উত্তম পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ দিয়া আৰু মূল্য নিৰীক্ষণ কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে উচ্চ কম্পাঙ্ক মূল্য নিৰীক্ষণৰ তথ্য দিয়াটো অন্যান্য ব্যৱস্থা যিবোৰ জৰীপে পৰামৰ্শ আগবঢ়ায়।

জৰীপত কোৱা হৈছে যে ২০২২-২৩ আৰু ২০২৩-২৪ চনত তুৰৰ উৎপাদনৰ অভাৱৰ বাবে সঁচাকৈয়ে ২০২৪ আৰু ২০২৫ বিত্তীয় বৰ্ষ (এপ্ৰিল-ডিচেম্বৰ)ত ৰহৰ দাইলৰ উচ্চ মূল্যৰ চাপৰ সৃষ্টি হৈছে। পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰে সময়ে সময়ে ৰহৰৰ বাবে মজুতৰ সীমা আৰোপ কৰে আৰু মজুত প্ৰকাশ পৰ্টেলৰ জৰিয়তে সক্ৰিয়ভাৱে নিৰীক্ষণ কৰে বুলি জৰীপত প্ৰকাশ। ইয়াৰ উপৰিও ভাৰতে ২০২৪ বিত্তীয় বৰ্ষত ৭.৭ লাখ টন ৰহৰ দাইল আমদানি কৰিছিল বুলি জৰীপত উল্লেখ কৰিছে।

প্ৰত্যাহ্বানৰ মাজতো আৰ বি আই আৰু আই এম এফে পূৰ্বানুমান কৰিছে যে ভাৰতৰ গ্ৰাহক মূল্যৰ মুদ্ৰাস্ফীতি ২০২৬ বিত্তীয় বৰ্ষত প্ৰায় ৪ শতাংশ মুদ্ৰাস্ফীতিৰ লক্ষ্যৰ দিশত গতি কৰিব। আৰবিআইয়ে ২০২৬ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতি ৪.২ শতাংশ হ’ব বুলি আশা কৰিছে। আই এম এফে ভাৰতৰ বাবে ২০২৫ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৪.৪ শতাংশ আৰু ২০২৬ বিত্তীয় বৰ্ষত ৪.১ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image004308F.jpg

জৰীপত উল্লেখ কৰা হৈছে যে বিশ্ব বেংকৰ পণ্য বজাৰৰ দৃষ্টিভংগী ২০২৪ চনৰ অক্টোবৰ অনুসৰি ২০২৫ চনত সামগ্ৰীৰ মূল্য ৫.১ শতাংশ আৰু ২০২৬ চনত ১.৭ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ভাৰতে আমদানি কৰা সামগ্ৰীৰ মূল্যৰ নিম্নগামী ধাৰাটো ঘৰুৱা মুদ্ৰাস্ফীতিৰ দৃষ্টিভংগীৰ বাবে ইতিবাচক বুলি জৰীপত আলোকপাত কৰিছে।

 

*******

NB/DS/NS/DB


(Release ID: 2099468) Visitor Counter : 38