তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতাৰ মাধ্যমেৰে সৃষ্টিশীলতা মুকলি কৰণ; নেটফ্লিক্সৰ বিশাল বিষয়বস্তুৰ ভঁৰালৰ পৰা আকৰ্ষণীয় ট্ৰেইলাৰ তৈয়াৰ কৰাৰ সুযোগ পাব সৃষ্টিকাৰীসকলে
এতিয়ালৈকে ৩২০০ৰো অধিক পঞ্জীয়নৰে উৎসাহৰ ঢৌ; আগ্ৰহী সৃষ্টিকাৰী আৰু পেছাদাৰীসকলৰ বাবে সুযোগৰ সদব্যৱহাৰ বাবে শেষ তাৰিখ ৩১ মাৰ্চ
ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতাৰ দিল্লী ৰোডশ্ব’ই জিটিবি4চিইচি-ত সৃষ্টিশীলতাৰ অগ্নি প্ৰজ্বলিত কৰিছে; উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ আশা-আকাংক্ষাক উজ্জীৱিত কৰিছে
Posted On:
03 FEB 2025 5:46PM by PIB Guwahati
যোৱা সপ্তাহত গুৰুটেগ বাহাদুৰ চতুৰ্থ শতিকা অভিযান্ত্ৰিক মহাবিদ্যালয়ত (জিটিবি4চিইচি) ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতাৰ দিল্লী ৰোডশ্ব’ই মূল আকৰ্ষণ লাভ কৰিছিল, যি দেশজোৰা ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালেৰ পূৰ্বে ধাৰাবাহিক ৰোডশ্ব’ৰ এক গুৰুত্বপূৰ্ণ ষ্টপ হিচাপে চিহ্নিত হয়।
ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী আৰু ৰিস্কিলৰ উদ্যোগত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আৰু নেটফ্লিক্সক সৃষ্টিশীল অংশীদাৰত, জিটিবি4চিইচিক একাডেমিক অংশীদাৰ হিচাপে লৈ এই পদক্ষেপে অংশগ্ৰহণকাৰীসকলক গল্প কোৱা আৰু ভিডিঅ' সম্পাদনাৰ কলা অন্বেষণ কৰিবলৈ এক অতুলনীয় মঞ্চ প্ৰদান কৰিছিল।
সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ বাবে এক মঞ্চ
আনলকিং ক্ৰিয়েটিভিটি: ৱেভছ ২০২৫ৰ অংশ হিচাপে নেটফ্লিক্স ফাণ্ড ফৰ ক্ৰিয়েটিভ ইকুইটিৰ দ্বাৰা পৰিচালিত ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতা হৈছে উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতাসকলক অনুপ্ৰাণিত আৰু সজ্জিত কৰিবলৈ ডিজাইন কৰা এক প্ৰতিযোগিতা। এই অনন্য পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক নেটফ্লিক্সৰ বিস্তৃত কন্টেন্ট বিষয়বস্তুৰ ভঁৰালৰ পৰা আকৰ্ষণীয় ট্ৰেইলাৰ তৈয়াৰ কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলক ভিডিঅ' সম্পাদনা, গল্প কোৱা, আৰু ট্ৰেইলাৰ প্ৰডাকচনৰ গভীৰ দক্ষতাৰে সজ্জিত কৰিবলৈ ৩ মাহৰ এক কহৰ্ট আছিল।
ট্ৰেইলাৰ মেকিং প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বিভিন্ন সন্মান আৰু পুৰস্কাৰ পাব। যিকোনো অংশগ্ৰহণকাৰীয়ে বৈধ ট্ৰেইলাৰ জমা দিলে তেওঁক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। শীৰ্ষ ৫০জন প্ৰতিযোগীয়ে উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI) আৰু নেটফ্লিক্সৰ দ্বাৰা বিশেষ সন্মান পাব।
তাৰোপৰি, শীৰ্ষ ২০জন প্ৰতিযোগীক এটা ট্ৰফী, বিশেষ মাৰ্চেণ্ডাইজ আৰু ৱেভছত অংশগ্ৰহণ কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰা হ’ব, য’ত তেওঁলোকে তেওঁলোকৰ সাফল্য প্ৰদৰ্শন কৰিব আৰু উদ্যোগৰ নেতাসকলৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব।
পঞ্জীয়ন চলি আছে আৰু ২০২৫ চনৰ ৩১ মাৰ্চত বন্ধ হ’ব। এতিয়ালৈকে সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ৩২০০ পঞ্জীয়ন কৰা হৈছে। অংশগ্ৰহণকাৰীসকলৰ সাধাৰণ প্ৰফাইল কলেজীয়া ছাত্ৰ-ছাত্ৰী অৰ্থাৎ উচ্চাকাংক্ষী বিষয়বস্তু সৃষ্টিকৰ্তা আৰু ভিডিঅ' সম্পাদকৰ পৰা আৰম্ভ কৰি নিজৰ হবি পূৰণ কৰিব বিচৰা কৰ্মৰত পেছাদাৰী বা সম্পাদক আৰু সৃষ্টিকৰ্তা হিচাপে নিজৰ উদ্যোগ ব্যৱহাৰ কৰি আবেদন কৰা সকললৈকে।
পঞ্জীয়নৰ লিংক: https://reskilll.com/hack/wavesficci/signup
জিটিবি4চিইচিত দিল্লী ৰোডশ্ব'
জিটিবি4চিইচিত দিল্লী ৰোডশ্ব’কে ধৰি সমগ্ৰ দেশতে ৰোডশ্ব’ই সৃষ্টিশীল প্ৰতিভাক অনুপ্ৰাণিত আৰু প্ৰতিপালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
দিল্লী ৰোডশ্ব'ৰ মূল আলোকপাত
অংশগ্ৰহণকাৰীসকলে সেউজীয়া পৰ্দা সম্পাদনা, ৰং সংশোধন, আৰু উন্নত ভিডিঅ’ সম্পাদনা কৌশলৰ ব্যৱহাৰিক প্ৰশিক্ষণ লাভ কৰে।
উপস্থিতসকলে প্ৰদান কৰা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি আকৰ্ষণীয় ট্ৰেইলাৰ তৈয়াৰ কৰিছিল, তেওঁলোকৰ গল্প কোৱা আৰু কাৰিকৰী ক্ষমতা প্ৰদৰ্শন কৰিছিল।
বিশেষজ্ঞৰ এটা পেনেলে ট্ৰেইলাৰসমূহৰ মূল্যায়ন কৰে আৰু অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ কলাক পৰিশোধন কৰাত সহায় কৰিবলৈ মূল্যৱান মতামত ভাগ-বতৰা কৰে।
ৰোডশ্ব’টোৱে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা আৰু সম্পাদকৰ সৃষ্টিশীলতাক উদযাপন কৰে, গ্ৰেণ্ড ফিনালেৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত গতিবেগ গঢ়ি তুলিছিল।
এই অনুষ্ঠানত ৰিস্কিলৰ জ্যেষ্ঠ ভিডিঅ’ সম্পাদক ধ্ৰুৱ মাথুৰক মূল বক্তা হিচাপে অংশগ্ৰহণ কৰি ভিডিঅ’ সম্পাদনাৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতা ভাগ-বতৰা কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক গল্প কোৱাৰ কৌশল আয়ত্ত কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে।
সন্মূখৰ পথ
ট্ৰেইলাৰ নিৰ্মাণ প্ৰতিযোগিতা আৰু ইয়াৰ ৰোডশ্ব’ৰ লক্ষ্য হৈছে পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু গল্পকাৰক চিনাক্ত আৰু প্ৰতিপালন কৰা। কোহৰ্টটো সম্পূৰ্ণ হোৱাৰ লগে লগে এতিয়া অংশগ্ৰহণকাৰীসকলে ৱেভছ ছামিটৰ সময়ত গ্ৰেণ্ড ফিনালেত সন্মানীয় বঁটা আৰু উদ্যোগৰ স্বীকৃতিৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।
গল্প কোৱা আৰু ভিডিঅ’ সম্পাদনাৰ পৰিৱৰ্তনশীল শক্তিৰ প্ৰমাণ দিল্লী ৰোডশ্ব’ই এই দেশজোৰা প্ৰতিযোগিতাখনৰ এক ৰোমাঞ্চকৰ সামৰণিৰ মঞ্চ তৈয়াৰ কৰিছিল।
*****
Dharmendra Tewari/Kshitij Singha/AA
(Release ID: 2099335)
Visitor Counter : 10