বিত্ত মন্ত্ৰালয়
‘প্ৰধানমন্ত্ৰী ধন-ধান্যা কৃষি যোজনা’ ১০০ খন নিম্ন শস্য উৎপাদনশীল জিলাত আৰম্ভ কৰা হ'ব, কাৰ্যসূচীয়ে ১.৭ কোটি কৃষকক কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা, জলসিঞ্চনৰ সুবিধা উন্নত কৰা আৰু দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী ঋণ প্ৰদানত সহায় কৰিব: কেন্দ্ৰীয় বাজেট ২০২৫-২৬
দক্ষতা বৰ্দ্ধন, বিনিয়োগ, প্ৰযুক্তি আৰু গ্ৰাম্য অৰ্থনীতিক উদ্দীপিত কৰি কৃষিত নিম্ন-নিযুক্তিৰ সমস্যাৰে মোকাবিলা কৰাৰ বাবে ‘গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা কাৰ্যসূচী’ ঘোষণা কৰা হৈছে
৬ বছৰীয়া "মাহজাতীয় শস্যৰৰ ক্ষেত্ৰত আত্মনিৰ্ভশীলতাৰ বাবে অভিযান"; জলবায়ু স্থিতিস্থাপক বীজৰ বিকাশ, শস্য চপোৱাৰ পিছত সঞ্চয় উন্নত কৰা, কৃষকসকলক লাভজনক মূল্য নিশ্চিত কৰাত গুৰুত্ব দিয়া
কেন্দ্ৰীয় বাজেটত কৃষকসকলৰ বাবে উৎপাদন, দক্ষ যোগান, সংসাধন আৰু লাভজনক মূল্য বৃদ্ধিৰ বাবে পাচলি আৰু ফলৰ বাবে বিস্তৃত কাৰ্যসূচীৰ প্ৰস্তাৱ দিয়া হৈছে
‘ৰাজহুৱা খণ্ডৰ বেঙ্ক’সমূহে ‘এছএইচজি’সমূহৰ সদস্য আৰু গ্ৰাম্য জনসংখ্যাৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে 'গ্ৰামীণ ক্ৰেডিট স্ক'ৰ ফ্ৰেমৱৰ্ক’ বিকশিত কৰিব
Posted On:
01 FEB 2025 1:23PM by PIB Guwahati
২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰস্তাৱিত উন্নয়নমূলক পদক্ষেপসমূহৰ ভিতৰত কৃষিৰ বিকাশ আৰু উৎপাদনশীলতা বৃদ্ধি কৰাটো অন্যতম। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত কয় যে এমএছএমই, বিনিয়োগ আৰু ৰপ্তানিৰ মাজত কৃষি হৈছে চাৰিটা শক্তিশালী ইঞ্জিনৰ অন্যতম।
কৃষিক্ষেত্ৰত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় বাজেটত প্ৰস্তাৱিত নিৰ্দিষ্ট প্ৰস্তাৱসমূহ নিম্নলিখিত ধৰণৰ:
প্ৰধানমন্ত্ৰী ধন-ধান্যা কৃষি যোজনা-উন্নয়নশীল কৃষি জিলা কাৰ্যসূচী:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ সফলতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ চৰকাৰে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে 'প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা' হাতত ল'ব। বিদ্যমান আঁচনি আৰু বিশেষ ব্যৱস্থাসমূহৰ একত্ৰীকৰণৰ জৰিয়তে কাৰ্যসূচীটোৱে নিম্ন উৎপাদনশীল, মজলীয়া শস্যৰ তীব্ৰতা আৰু গড়ৰ তলৰ ঋণৰ সূচকাংকত থকা ১০০ খন জিলাক সামৰি ল'ব। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা; শস্যৰ বিবিধতা আৰু বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰা; পঞ্চায়ত আৰু উন্নয়ণ খণ্ড স্তৰত শস্য চপোৱাৰ পিছত সঞ্চয় বৃদ্ধি কৰা; জলসিঞ্চনৰ সুবিধা উন্নত কৰা আৰু দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী ঋণ উপলব্ধ কৰাত সহায় কৰা। এই কাৰ্যসূচীয়ে ১.৭ কোটি কৃষকক সহায় কৰাৰ সম্ভাৱনা আছে।

গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা গঢ়ি তোলা:
ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে এক ব্যাপক বহুখণ্ডীয় 'গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা' কাৰ্যসূচী আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে লগতে কয়। ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিক দক্ষতা, বিনিয়োগ, প্ৰযুক্তি আৰু উদ্দীপনাৰ জৰিয়তে কৃষিক্ষেত্ৰত নিম্ন-নিযুক্তিৰ সমস্যাৰে মোকাবিলা কৰা হ'ব। লক্ষ্য হৈছে গ্ৰাম্য এলেকাসমূহত পৰ্যাপ্ত সুযোগ সৃষ্টি কৰা, যাতে প্ৰব্ৰজন এক বিকল্পহে হয়, প্ৰয়োজনীয়তা নহয়। তেওঁ লগতে কয় যে এই কাৰ্যসূচীত গ্ৰামীণ মহিলা, যুৱ কৃষক, গ্ৰাম্য যুৱ, প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালসমূহক গুৰুত্ব দিয়া হ'ব। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে গ্ৰাম্য মহিলাসকলৰ বাবে উদ্যোগ বিকাশ, নিযুক্তি আৰু বিত্তীয় স্বতন্ত্ৰতা অনুপ্ৰেৰিত কৰা; যুৱ কৃষক আৰু গ্ৰাম্য যুৱসকলৰ বাবে নতুন নিযুক্তি আৰু ব্যৱসায় সৃষ্টি ত্বৰান্বিত কৰা; উৎপাদনশীলতা উন্নত কৰা আৰু পণ্যাগাৰসমূহৰ বাবে কৃষিৰ প্ৰতিপালন আৰু আধুনিকীকৰণ, বিশেষকৈ প্ৰান্তীয় আৰু ক্ষুদ্ৰ কৃষকসকলৰ বাবে আৰু ভূমিহীন পৰিয়ালৰ বাবে সুযোগৰ বৈচিত্ৰতা সৃষ্টি কৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে গোলকীয় আৰু ঘৰুৱা সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰা হ'ব আৰু বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ পৰা উপযুক্ত কাৰিকৰী আৰু বিত্তীয় সাহায্য বিচৰা হ'ব। প্ৰথম পৰ্যায়ত, ১০০ খন উন্নয়নশীল কৃষি-জিলা সামৰি লোৱা হ'ব।
মাহজাতীয় শস্যত আত্মনিৰ্ভৰশীলতা:
শ্ৰীমতী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে চৰকাৰে খোৱা তেলত আত্মনিৰ্ভৰতা প্ৰাপ্ত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্যত তেলবীজ অভিযান ৰূপায়ণ কৰি থকা হৈছে। চৰকাৰে সমন্বিত প্ৰচেষ্টা চলাইছিল আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত প্ৰায় আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাত সফল হৈছিল। কৃষকসকলে খেতি কৰা এলেকা ৫০ শতাংশ বৃদ্ধি কৰি প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাইছিল আৰু চৰকাৰে ক্ৰয় আৰু লাভজনক মূল্যৰ ব্যৱস্থা কৰিছিল। তেতিয়াৰ পৰা বৰ্ধিত উপাৰ্জন আৰু উন্নত সামৰ্থ্যৰ সৈতে মাহজাতীয় শস্যৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে চৰকাৰে মাটিমাহ, ৰহৰ আৰু মাচুৰমাহৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি ৬ বছৰীয়া "মাহজাতীয় শস্যত আত্মনিৰ্ভৰতাৰ বাবে অভিযান" আৰম্ভ কৰিব। এই অভিযানত জলবায়ু স্থিতিস্থাপক বীজৰ বিকাশ আৰু বাণিজ্যিক উপলব্ধতাত গুৰুত্ব আৰোপ কৰা হ'ব; প্ৰ'টিনৰ পৰিমাণ বৃদ্ধি কৰা; উৎপাদনশীলতা বৃদ্ধি; শস্য চপোৱাৰ পিছত সঞ্চয় আৰু ব্যৱস্থাপনা উন্নত কৰা আৰু কৃষকসকলক লাভজনক মূল্য নিশ্চিত কৰা। পৰৱৰ্তী ৪ বছৰত এই সংস্থাবোৰত পঞ্জীয়ন কৰা আৰু চুক্তি কৰা কৃষকসকলে আগবঢ়োৱা এই ৩বিধ মাহজাতীয় শস্য ক্ৰয় কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহ (নাফেড আৰু এনচিচিএফ) সাজু থাকিব।

পাচলি আৰু ফলৰ বাবে বিস্তৃত কাৰ্যসূচী:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এইটো উৎসাহজনক যে মানুহে তেওঁলোকৰ পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক্ৰমাত্ সজাগ হৈ উঠিছে। এইটো এখন সমাজ স্বাস্থ্যৱান হোৱাৰ লক্ষণ। উপাৰ্জনৰ স্তৰ বৃদ্ধি হোৱাৰ সৈতে, পাচলি, ফল আৰু শ্ৰী-আন্নাৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বত কৃষকসকলৰ বাবে উৎপাদন, দক্ষ যোগান, প্ৰক্ৰিয়াকৰণ আৰু লাভজনক মূল্যবৃদ্ধিৰ বাবে এক বিস্তৃত কাৰ্যসূচী আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে কৃষক উৎপাদক সংগঠন আৰু সমবায়সমূহৰ ৰূপায়ণ আৰু অংশগ্ৰহণৰ বাবে উপযুক্ত প্ৰতিষ্ঠানগত প্ৰণালী স্থাপন কৰা হ'ব।
গ্ৰামীণ ক্ৰেডিট স্কোৰ:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজহুৱা খণ্ডৰ বেংকসমূহে এছএইচজি সদস্য আৰু গ্ৰাম্য অঞ্চলৰ লোকসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে 'গ্ৰামীণ ক্ৰেডিট স্ক'ৰ' ফ্ৰেমৱৰ্ক বিকশিত কৰিব।
******
NB/SK/BK/KB
(Release ID: 2098589)
Visitor Counter : 105