বিত্ত মন্ত্ৰালয়
২০১৭-১৮ চনৰ নিবনুৱাৰ হাৰ ৬ শতাংশৰ পৰা ২০২৩-২৪ চনত ৩.২ শতাংশলৈ হ্ৰাস পাইছে
মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ২০১৭-১৮ চনত ২৩.৩ শতাংশৰ পৰা ২০২৩-২৪ চনত ৪১.৭ শতাংশলৈ বৃদ্ধি পাইছে
ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত ৩০.৫১ কোটিতকৈ অধিক অসংগঠিত শ্ৰমিক; ই-শ্ৰমৰ সৈতে সংহতৰূপত নক্সা প্ৰস্তুত কৰা হৈছে ১২খন আঁচনি
অৰ্থনৈতিক জৰীপে ব্যৱসায় বৃদ্ধি, নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে শ্ৰম নিয়ম পৰিৱেশ সক্ষম কৰাৰ পোষকতা কৰে
মহিলা উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে আৰ্থিক সহায়, প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপৰ ব্যৱস্থা
ডিজিটেল অৰ্থনীতি আৰু নবীকৰণযোগ্য শক্তি খণ্ডই বৰ্ধিত চাকৰি সৃষ্টিৰ সুযোগ প্ৰদান কৰিবলৈ
চৰকাৰে এটা স্থিতিস্থাপক আৰু পৰিৱেশ দক্ষ ব্যৱস্থাপনা স্থাপন কৰিছে
Posted On:
31 JAN 2025 2:00PM by PIB Guwahati
মহামাৰীৰ পিছৰ পৰ্যায়ত দায়বদ্ধ পদক্ষেপেৰে ভাৰতৰ শ্ৰম বজাৰৰ সূচকসমূহ যোৱা কেইবছৰমানৰ পৰা যথেষ্ট উন্নত হৈছে। সময়ে সময়ে প্ৰকাশিত শ্ৰমিক শক্তি সমীক্ষা (PLFS) অনুসৰি ভাৰতত নিবনুৱাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে আৰু শ্ৰমিক শক্তিৰ অংশগ্ৰহণ তথা শ্ৰমিক জনসংখ্যাৰ অনুপাতত যথেষ্ট উন্নতি ঘটিছে। ইয়াৰ উপৰি ডিজিটেল অৰ্থনীতি আৰু নবীকৰণযোগ্য শক্তিৰ দৰে খণ্ডই বৃহৎ সংখ্য ক চাকৰিৰ সৃষ্টিৰ বিপুল সম্ভাৱনা কঢ়িয়াই আনিছে। যিটো বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমএ দাখিল কৰা অৰ্থনৈতিক জৰীপ ২০২৪-২৫ ত এনেহবোৰ কথাৰেই আলোকপাত কৰা হৈছে। আজি সংসদত নিৰ্মলা সীতাৰমণে অৰ্থনৈতিক জৰীপ ২০২৪-২৫ দাখিল কৰে ।
শ্ৰম বজাৰৰ মূল সূচকসমূহ এনেধৰণৰ -
১৫ বছৰ আৰু তাৰ ওপৰৰ ব্যক্তিৰ নিবনুৱাৰ হাৰ (ইউ আৰ) ২০১৭-১৮ চনত ৬ শতাংশৰ পৰা ২০২৩-২৪ চনত ৩.২ শতাংশলৈ ক্ৰমাগতভাৱে হ্ৰাস পাইছে।
ইপিএফঅ’ চাবস্ক্ৰিপছনত সংযোজন দুগুণতকৈও অধিক হৈছে, ২০১৯ বিত্তীয় বৰ্ষত ৬১ লাখৰ পৰা ২৪ বিত্তীয় বৰ্ষত ১৩১ লাখলৈ বৃদ্ধি পাইছে, যিয়ে চাকৰিৰ বজাৰখনৰ বৃদ্ধিৰ দিশটোকে প্ৰতীয়মান কৰিছে।
লক্ষ্যণীয়ভাবে প্ৰায় ৬১ শতাংশ নেট পে-ৰোল সংযোজন ২৯ বছৰৰ তলৰ পৰা আহিছে, যিয়ে ইংগিত দিয়ে যে সংগঠিত খণ্ডত বহুলাংশ নতুন চাকৰি যুৱক-যুৱতীসকলৰ হাতলৈ গৈছে।
কৰ্মশক্তিত স্বনিয়োজিত শ্ৰমিকৰ অনুপাত ২০১৭-১৮ চনত ৫২.২ শতাংশৰ পৰা ২০২৩-২৪ চনত ৫৮.৪ শতাংশলৈ বৃদ্ধি পাইছে , যিয়ে ঔদ্যোগীকৰণৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপ আৰু কৰ্ম ব্যৱস্থাৰ প্ৰতি অগ্ৰাধিকাৰৰ ছবিখন প্ৰতিফলিত কৰিছে।
আকস্মিকভাবে কৰ্মত নিয়োজিত শ্ৰমিকৰ সংখ্যা ২৪.৯ শতাংশৰ পৰা ১৯.৮ শতাংশলৈ হ্ৰাস পোৱাটোৱেও আত্মনিয়োগৰ অধিক গাঁথনিগত পৰিৱৰ্তনৰ দিশটোকে উদ্ভাসিত কৰিছে।
২০২৩ বিত্তীয় বৰ্ষৰ বাৰ্ষিক উদ্যোগ জৰীপৰ ফলাফলত দেখা গৈছে যে বিগত বছৰৰ তুলনাত নিয়োগ ৭ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হ’ল ১৯ বিত্তীয় বৰ্ষৰ তুলনাত ২৩ বিত্তীয় বৰ্ষত ২২ লাখৰো অধিক চাকৰি চাকৰিৰ বজাৰ খনত সংযোজন হৈছে।
২০১৭-১৮ চনত মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এফ এল এফ পি আৰ) ২৩.৩ শতাংশৰ পৰা ২০২৩-২৪ চনত ৪১.৭ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা গ্ৰাম্য আৰু চহৰকে ধৰি বিভিন্ন শ্ৰেণীৰ অৰ্থনৈতিক কাৰ্যকলাপত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ কথা প্ৰমাণ হৈছে।
মুদ্ৰা যোজনা, স্কিল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু ষ্টেণ্ড-আপ ইণ্ডিয়াৰ দৰে পদক্ষেপে ঔদ্যোগীকৰণক প্ৰতিপালন কৰা, দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু ব্যক্তিসকলক আত্মনিৰ্ভৰশীল তথা বহনক্ষম জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
অৰ্থনৈতিক বৃদ্ধিৰ বাবে মহিলা উদ্যোগীসকলক উৎসাহিত কৰা:
অৰ্থনৈতিক জৰীপে উল্লেখ কৰিছে যে ঔদ্যোগীকৰণত মহিলাসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে অৰ্থনৈতিক কাৰ্যকলাপত অৰিহণা যোগাবলৈ তেওঁলোকৰ সুপ্ত সম্ভাৱনাক বিকশিত কৰি দেশখনক লক্ষ্যণীয় উন্নয়নৰ দিশত আগুৱাই নিব পাৰে। ঔদ্যোগীকৰণত মহিলাৰ অংশগ্ৰহণক সমৰ্থন যোগাবলৈ চৰকাৰে ঋণৰ সহজ সুবিধা, বিপণনত সহায় কৰা, দক্ষতা বিকাশ, মহিলা ষ্টাৰ্ট-আপক সহায় কৰা ইত্যাদি পদক্ষেপ গ্ৰহণ কৰিছে।
পি এম নিয়োগ নিশ্চয়তা কাৰ্যসূচী, সংকল্প, পি এম ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ আঁচনি, আদিবাসী মহিলা সবলীকৰণ যোজনা, স্বয়ং শক্তি সহকৰ যোজনা, ডেই-এন আৰ এল এম আদি আঁচনি আৰু পদক্ষেপে মহিলা উদ্যোগীসকলক আৰ্থিকভাবে সহায় কৰি আহিছে। এনেবোৰ পদক্ষেপৰ উদ্দেশ্য হৈছে মহিলা উদ্যোগীসকলক ব্যৱসায় আৰম্ভ আৰু সেয়া বৃদ্ধি কৰিবলৈ তেওঁলোকক শক্তিশালী কৰি তোলা।
মজুৰি বৃদ্ধিৰ ভাৰসাম্যতা ৰক্ষা কৰা:
অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে বিত্তীয় বৰ্ষ ২৪ত কৰ্পৰেট লাভৰ বিষয়টো ১৫ বছৰৰ শীৰ্ষত উপনীত হ’লেও মজুৰি পিছে এতিয়াও কমিয়েই আছে।
কৰ্পৰেট লাভৰ অসমতাপূৰ্ণ বৃদ্ধিয়ে—প্ৰধানকৈ বৃহৎ প্ৰতিষ্ঠানসমূহৰ মাজত—আয়ৰ বৈষম্যৰ বিষয়ে উদ্বেগৰ সৃষ্টি কৰাৰ কথা অৰ্থনৈতিক জৰীপত স্বীকাৰ কৰা হৈছে। স্থায়ী অৰ্থনৈতিক বৃদ্ধিৰ বাবে নিয়োগ আৰু আয়ক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। যিয়ে প্ৰত্যক্ষভাৱে গ্ৰাহকৰ ব্যয়ৰ ইচ্ছাত ইন্ধন যোগায়, উৎপাদন ক্ষমতাত বিনিয়োগক প্ৰেৰণা যোগায় বুলি জৰীপত কোৱা হৈছে।
জৰীপত লগতে কোৱা হৈছে যে দীৰ্ঘম্যাদী স্থিতিশীলতা নিশ্চিত কৰিবলৈ পুঁজি আৰু শ্ৰমৰ মাজত আয়ৰ ন্যায্য আৰু যুক্তিসংগত বিতৰণ অতি প্ৰয়োজনীয় কথা। চাহিদা অব্যাহত ৰখা আৰু মধ্যমীয়াৰ পৰা দীৰ্ঘম্যাদী কৰ্পৰেট ৰাজহ তথা লাভ বৃদ্ধিত সহায় কৰাৰ বাবে ই অতি প্ৰয়োজনীয় বুলি জৰীপত উল্লেখ কৰা হৈছে।
অসংগঠিত শ্ৰমিকৰ কল্যাণ:
ই-শ্ৰম পৰ্টেল, ২০২১ চনৰ ২৬ আগষ্টত অসংগঠিত শ্ৰমিকসকলক ইউনিভাৰ্চেল একাউণ্ট নম্বৰ (ইউএএন) প্ৰদান কৰি পঞ্জীয়ন আৰু সহায় কৰাৰ বাবে আৰু অসংগঠিত শ্ৰমিকৰ এক বিস্তৃত ৰাষ্ট্ৰীয় তথ্যকোষ (এনডিইউডব্লিউ) সৃষ্টিৰ বাবে আৰম্ভ কৰা হৈছিল। ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ইতিমধ্যে ই-শ্ৰম পৰ্টেলত ৩০.৫১ কোটিৰো অধিক অসংগঠিত শ্ৰমিকে নিজৰ নাম পঞ্জীয়ন কৰিছে।
ই-শ্ৰম– “এক একক স্তৰৰ সমাধান” , ইয়াক ২০২৪ চনৰ ২১ অক্টোবৰত আৰম্ভ কৰা হৈছিল। য’ত বিভিন্ন সামাজিক সুৰক্ষা/ কল্যাণমূলক আঁচনিৰ একক পৰ্টেল অৰ্থাৎ ই-শ্ৰমত একত্ৰীকৰণ কৰাৰ বিষয়টো জড়িত হৈ আছে। ইয়াৰ দ্বাৰা ই-শ্ৰমত পঞ্জীয়নভুক্ত অসংগঠিত শ্ৰমিকসকলে সামাজিক সুৰক্ষা আঁচনিসমূহত প্ৰৱেশ কৰিব পাৰে আৰু ই-শ্ৰমৰ জৰিয়তে তেওঁলোকে এতিয়ালৈকে লাভ কৰা সুবিধাসমূহৰ বিষয়ে চাব পাৰে। এতিয়ালৈকে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগৰ ১২ খন আঁচনি ই-শ্ৰমৰ সৈতে একত্ৰিত কৰা হৈছে।
নিয়োগ বৃদ্ধিৰ বাবে নমনীয় শ্ৰম সম্পৰ্কীয় বিধি:
অৰ্থনৈতিক জৰীপে ব্যৱসায়িক বৃদ্ধিত সহায় কৰা, নিয়োগ সৃষ্টি কৰা আৰু অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰা এক সক্ষমকাৰী শ্ৰম নিয়ন্ত্ৰণ পৰিৱেশ গঢ়ি তোলাৰ পোষকতা কৰিছে। ইয়াত কোৱা হৈছে যে নমনীয় কৰ্ম সময়ৰ প্ৰসাৰ আৰু শ্ৰমিকসকলে অতিৰিক্ত সময়ৰ কামৰ ঘণ্টাৰ সংখ্যা আৰু তেওঁলোকে উপাৰ্জন কৰিব পৰা অতিৰিক্ত সময়ৰ মজুৰিৰ ওপৰত থকা বাধা আঁতৰালে ই প্ৰতিষ্ঠানসমূহে বিকাশৰ বাটেৰে অগ্ৰসৰ হ'ব পাৰিব। যাৰ ফলত অধিক নিয়োগৰ সুযোগ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰি শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত হোৱাৰ লগতে শ্ৰমিকসকলে উপাৰ্জনো বৃদ্ধি কৰিব পাৰিব।
চাকৰিৰ সুবিধা সৃষ্টিৰ সম্ভাৱ্য খণ্ডসমূহ:
অৰ্থনৈতিক সমীক্ষাত লক্ষ্য কৰা হৈছে যে ক্ৰমবৰ্ধমান ডিজিটেল অৰ্থনীতি আৰু নবীকৰণযোগ্য শক্তি খণ্ডই চাকৰি সৃষ্টিৰ বাবে বৰ্ধিত সুযোগ প্ৰদান কৰিছে। এই দুয়োটা খণ্ডই নিয়োগ বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা কঢ়িয়াই আনিছে৷ বিশেষকৈ মহিলাসকলৰ বাবে এনেবোৰ খণ্ডই নিয়োগৰ সুবিধা মুকলি কৰিছে আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক স্বাধীনতা তথা সৱলীকৰণৰ সম্ভৱ হৈ উঠিছে৷
দক্ষতা বিকাশ: দক্ষতাৰ উন্নীতকৰণ , দক্ষতাৰ পুনৰ বিকাশ আৰু নতুন দক্ষতা
অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে চৰকাৰে স্বয়ংক্ৰিয়কৰণ, উৎপাদনশীল এআই, ডিজিটেলাইজেচন, জলবায়ু পৰিৱৰ্তনৰ দৰে উদীয়মান বিশ্বব্যাপী ধাৰাসমূহৰ সৈতে খোজত খোজ মিলাবলৈ এক স্থিতিস্থাপক আৰু উপযুক্ত দক্ষ পৰিৱেশতন্ত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছে।
জৰীপৰ তথ্য অনুসৰি শৈক্ষিক অৰ্হতা, বৃত্তিগত ভূমিকা, আৰু আয়ৰ স্তৰৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে। চৰকাৰৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে গ্ৰহণ কৰা অবিৰত প্ৰচেষ্টাৰ বাবে সকলো আৰ্থ-সামাজিক শ্ৰেণীত ২০১৮-১৯ চনৰ পৰা ২০২৩-২৪ চনলৈ দক্ষ লোকৰ অনুপাতত যথেষ্ট উন্নতি ঘটিছে। এইক্ষেত্ৰত কেতবোৰ বিশেষ পদক্ষেপৰ ভিতৰত আছে:
প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পিএমকেভিৱাই)ৰ অধীনত ১.৫৭ কোটিৰো অধিক ব্যক্তিক প্ৰশিক্ষণ দিয়া আৰু ১.২১ কোটিৰো অধিক ব্যক্তিক প্ৰমাণীকৰণৰ সুবিধা প্ৰদান কৰা হৈছে৷
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ত শিল্পী প্ৰশিক্ষণ আঁচনিৰ অধীনত ১.২৪ কোটিৰো অধিক ব্যক্তিয়ে নামভৰ্তি কৰে।
২৭ লাখৰো অধিক লোকক প্ৰশিক্ষণ দিয়া হৈছে, আৰু ২৬ লাখৰো অধিক লোকক জন শিক্ষা সংস্থা (জে এছ এছ)ৰ অধীনত প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
পি এম বিশ্বকৰ্মাৰ অধীনত ৫৫৯খন জিলাক সামৰি লোৱা ৩১৪৫টা দক্ষতা কেন্দ্ৰত ১১.৭৯ লাখ শিল্পীক মৌলিক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
২০১৬- ১৭ চনৰ পৰা ২০২৪-২৫ চনলৈকে (২০২৪ চনৰ ৩১ অক্টোবৰলৈকে) মুঠ ৩৭.৯৪ লাখ এপ্ৰেণ্টিছ নিয়োগ কৰা হৈছে।
কেন্দ্ৰীয় বাজেট ২০২৪ত ঘোষণা কৰা নতুন আই টি আই উন্নীতকৰণ আঁচনিৰ অধীনত পাঁচ বছৰৰ ভিতৰত ২০ লাখ যুৱকক দক্ষ কৰি তুলিবলৈ ১০০০ আই টি আই উন্নীতকৰণ কৰা হ’ব৷
দক্ষতা বিকাশৰ কৌশলে বিভিন্ন উদ্যোগৰ চাহিদা আৰু কৰ্মশক্তিৰ প্ৰয়োজনীয়তা ফলপ্ৰসূভাৱে পূৰণ কৰিবলৈ পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজন। এই নতুন পদ্ধতিত নিৰ্দিষ্ট কাম বা চাকৰিৰ ভূমিকাৰ বাবে প্ৰস্তুত কৰা দক্ষ, নিৰ্বাচিত শ্ৰমিকৰ গোটক লক্ষ্য কৰি, আৰু সকলোকে সকলো খণ্ডতে সাৰ্বজনীনভাৱে প্ৰদান কৰিব পৰা মৌলিক এআই দক্ষতা অন্তৰ্ভুক্ত হ’ব পাৰে। এই দক্ষতা স্তৰসমূহক শ্ৰমিকৰ আকাংক্ষা আৰু প্ৰয়োজনীয়তাৰ সৈতে মিলাই নিৰ্ধাৰণ কৰা হৈছে৷ যাতে পৰিৱৰ্তিত চাহিদাৰ সৈতে গতিশীল চাকৰিৰ পৰিৱেশৰ সৈতে কৰ্মশক্তিক ভালদৰে প্ৰস্তুত কৰিব পাৰে।
অৰ্থনৈতিক জৰীপে উল্লেখ কৰিছে যে উদ্যোগৰ বাবে প্ৰয়োজনীয় কৰ্মশক্তি সৃষ্টিৰ বাবে কোম্পানীসমূহত ইন্টাৰশ্বিপ (পি এম ইন্টাৰশ্বিপ আঁচনি) আৰু দক্ষতা বিকাশ তথা বৃত্তিমূলক প্ৰশিক্ষণৰ অৰ্থে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ দৰে পদক্ষেপে বহুখিনি সুফল দিব পাৰে । ইয়াৰ উপৰি উচ্চমানৰ, বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰ্মশক্তিৰ সৈতে দক্ষতাসম্পন্ন পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি ভাৰতে বিশ্বৰ চাকৰিৰ বজাৰখনত যুৱক-যুৱতীসকলৰ বাবে নিয়োগযোগ্যতা বৃদ্ধি কৰিব পাৰে।
(Release ID: 2098295)
Visitor Counter : 10