আয়ুষ
মহাকুম্ভত আয়ুষঃ
১.২১ লক্ষাধিক লোকে লাভ কৰিছে বিনামূলীয়া পৰামৰ্শ, ঔষধৰ সুবিধা
আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীৰ বাবে মূল আকৰ্ষণৰ ভিতৰত আয়ুষৰ বিপনী অন্যতম
Posted On:
23 JAN 2025 4:56PM by PIB Guwahati
আয়ুষ অ’পিডি, ক্লিনিক, বিপনী আৰু শিবিৰসমূহে ভক্ত, তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে প্ৰয়াগৰাজৰ মহাকুম্ভত মূল আকৰ্ষণ হিচাপে আত্মপ্ৰকাশ কৰিছে। আয়ুষ মন্ত্ৰালয়ে উত্তৰপ্ৰদেশৰ ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ সহযোগত আয়ুষৰ একাধিক সুবিধাৰ ব্যৱস্থা কৰি বিশাল ধৰ্মীয় অনুষ্ঠানটোত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ভক্তসকলক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিছে। ইতিমধ্যে ১.২১ লক্ষাধিক ভক্তই আয়ুষ সেৱা গ্ৰহণ কৰিছে।
মহাকুম্ভত ২৪x৭ চিকিৎসা সেৱা আগবঢ়োৱা আয়ুষ দলটোত ২০টা অ’পিডিৰ বাবে ৮০জন চিকিৎসক নিয়োজিত কৰা হৈছে। এই অ’পিডিসমূহ সাধাৰণ আৰু জটিল ৰোগৰ বিস্তৃত পৰিসৰত মোকাবিলা কৰিবপৰাকৈ সজ্জিত। বিদেশী ভক্তসকলেও অ’পিডিৰ পৰামৰ্শকে ধৰি আয়ুষ সেৱা ব্যৱহাৰ কৰি আহিছে। লগতে দৈনিক পুৱা ৮ বজাৰ পৰা পুৱা ৯ বজালৈ সংগম অঞ্চল আৰু ছেক্টৰ-৮ৰ নিৰ্দিষ্ট শিবিৰত চিকিৎসামূলক যোগাসনৰ অধিবেশন আয়ুষ মন্ত্ৰালয়ৰ অধীনস্ত নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান (এমডিএনআইৱাই)ৰ প্ৰশিক্ষকৰ নেতৃত্বত চলি আছে। এই পৰ্বসমূহত আন্তঃৰাষ্ট্ৰীয় ভক্তসকলৰ অংশগ্ৰহণে স্থানীয় আৰু বিশ্বজনীন জনসাধাৰণৰ মাজত আয়ুষ সেৱাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহ আৰু বিশ্বাসক উজ্জ্বল কৰি তুলিছে।
এই পদক্ষেপসমূহে চিকিৎসা, ঔষধি উদ্ভিদ আদিৰ আয়ুষ ব্যৱস্থাৰ উন্নতিৰ জ্ঞানেৰে ভক্তসকলক সবলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।(এনএমপিবি) ৰাষ্ট্ৰীয় ঔষধি উদ্ভিদ ব’ৰ্ডে ঔষধি উদ্ভিদৰ সৃষ্টিশীল প্ৰদৰ্শনী স্থাপন কৰে আৰু লগতে এই উদ্ভিদসমূহৰ বিষয়ে তথ্য বিনিময় কৰিবলৈ বিশেষজ্ঞসকলকো নিয়োগ কৰে। তেওঁলোকে এই গছৰ খেতি কৰিলে সম্ভাৱ্য আৰ্থিক সুবিধাৰ বিষয়েও ভক্তসকলক অৱগত কৰাৰ লগতে বিনামূলীয়া গছপুলি বিতৰণ কৰিছে।
মহাকুম্ভৰ আয়ুষ ন’ডেল বিষয়া ডাঃ অখিলেশ সিঙে কয়, “আমাৰ দলটোৱে কেৱল ৰোগীৰ চিকিৎসা কৰাই নহয়, ঔষধি উদ্ভিদৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়েও সজাগতা সৃষ্টি কৰে। তেওঁলোকৰ খেতিক প্ৰসাৰিত কৰি আমি মানুহৰ স্বাস্থ্য উন্নত কৰাৰ সমান্তৰালকৈ জীৱিকাৰ উৎস সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছো।”
বৃদ্ধ লোকসকলৰ যত্ন আৰু বিনামূলীয়া ঔষধ বিতৰণ
মহাকুম্ভত আয়ুষৰ দলটোৱে ইমিউনিটি বুষ্টাৰ আৰু কেলচিয়াম টেবলেটকে ধৰি ঔষধ বিনামূলীয়াকৈ বিতৰণৰো ব্যৱস্থা কৰিছে। বৃদ্ধ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ নিশ্চিত কৰাৰ বাবে আয়ুস মন্ত্ৰালয়ৰ অব্যাহত থকা প্ৰচেষ্টাৰ লগত সংগতি ৰাখি মহাকুম্ভৰ আয়ুষ দলটোৱে বৃদ্ধ লোকসকলৰ সুবিধা প্ৰদান আৰু তেওঁলোকৰ মাজত আয়ুস সেৱা সম্প্ৰসাৰণ কৰিছে। এতিয়ালৈকে ৪৫% হিতাধিকাৰী বৃদ্ধ লোক। সাধাৰণ ৰোগ আৰু ইয়াৰ আয়ুষ প্ৰতিকাৰৰ ওপৰত তথ্যসমৃদ্ধ পমফ্লেটো বিতৰণ কৰা হৈছে।
নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ছৰ্ম ৰোগত আক্ৰান্ত চুলতানপুৰৰ ভক্ত ৰঘুনন্দন প্ৰসাদে কয়, “আয়ুষ শিবিৰৰ পৰা ঔষধ খোৱাৰ পিছত মোৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈছে। চৰকাৰ আৰু আয়ুষৰ এই প্ৰচেষ্টাৰ বাবে মই কৃতজ্ঞ।”
****
MV/AKS/DB
(Release ID: 2095657)
Visitor Counter : 10