প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেতাজী সুভাষ চন্দ্ৰ বসুলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
23 JAN 2025 8:53AM by PIB Guwahati
পৰক্ৰম দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদান অতুলনীয় আছিল আৰু তেওঁ সাহস তথা ধৈৰ্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈছিল।
এক্সত আন এটা পোষ্টত তেওঁ কয়,
‘আজি পৰক্ৰম দিৱসত নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ অৱদান অতুলনীয়। তেওঁ আছিল সাহস আৰু ধৈৰ্যৰ প্ৰতিমূৰ্তি। তেওঁ কল্পনা কৰা ভাৰত গঢ়ি তোলাৰ দিশত আমি অব্যাহত ৰখা কৰ্মত তেওঁৰ দৃষ্টিভংগীয়ে আমাক অনুপ্ৰেৰণা যোগাই আহিছে।”
‘আজি পুৱা প্ৰায় ১১:২৫ বজাত মই পৰক্ৰম দিৱসৰ কাৰ্যসূচীত মোৰ মন্তব্য প্ৰকাশ কৰিম। এই দিনটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সাহসক গোটাবলৈ অনুপ্ৰাণিত কৰক, যিদৰে সুভাষ বাবুৱে কৰিছিল।”
***
MJPS/SR/KD
(ৰিলিজ আই ডি : 2095352)
অতিথি কক্ষ : 73
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam