প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাভিমান এপাৰ্টমেণ্টৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
Posted On:
03 JAN 2025 8:24PM by PIB Guwahati
‘সকলোৰে বাবে গৃহ’ প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ অশোক বিহাৰৰ স্বাভিমান এপাৰ্টমেণ্টত বস্তি অঞ্চলৰ লোকসকলৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অন্তৰ্গত ঝুগী ঝোপৰি (জে জে) ক্লাষ্টাৰৰ বাসিন্দাসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ফ্লেট পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে স্বাভিমান এপাৰ্টমেণ্টৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।
স্বাভিমান এপাৰ্টমেণ্টলৈ স্থানান্তৰিত হোৱা হিতাধিকাৰীসকলৰ সৈতে হোৱা হৃদয়স্পৰ্শী বাৰ্তালাপত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ গৃহ নিৰ্মাণৰ পদক্ষেপে কঢ়িয়াই অনা পৰিৱৰ্তনক লৈ আনন্দ প্ৰকাশ কৰে। বাৰ্তালাপত পূৰ্বে বস্তিত বসবাস কৰা আৰু এতিয়া স্থায়ী ঘৰ থকা পৰিয়ালসমূহৰ জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰা হয়।
মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক সোধে, "আপোনালোকে ঘৰ পাইছেনে?, যাৰ উত্তৰত এজন হিতাধিকাৰীয়ে উত্তৰ দিলে," হয় ছাৰ, আমি পাইছো। আমি আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ, আপুনি আমাক এটা জুপুৰীৰ পৰা এটা ৰাজপ্ৰসাদলৈ স্থানান্তৰিত কৰিলে”। প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁৰ ঘৰ নাই, কিন্তু আপোনালোক সকলোৱে এটা ঘৰ পাইছে।
এই মত বিনিময়ৰ সময়ত এজন হিতাধিকাৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি কয়, "হয় ছাৰ, আপোনাৰ ধ্বজা সদায় শীৰ্ষত উৰি থাকক আৰু আপুনি বিজয়ী হওক।" ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমাৰ পতাকাখন শীৰ্ষত থাকিব লাগিব আৰু ইয়াক তাত ৰখাটো আপোনালোক সকলোৰে ওপৰত নিৰ্ভৰশীল।” কষ্টৰ জীৱনৰ পৰা ঘৰ থকালৈ স্থানান্তৰিত হোৱাৰ আনন্দৰ অংশীদাৰ হৈ এগৰাকী হিতাধিকাৰীয়ে লগতে কয়, "ইমান বছৰ ধৰি আমি ভগৱান ৰামৰ বাবে অপেক্ষা কৰি আহিছো। একেদৰে আমিও আপোনাৰ বাবে অপেক্ষা কৰি আহিছো আৰু আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা আমিও বস্তিৰ পৰা এই অট্টালিকালৈ আহিলো। আমি ইয়াতকৈ আৰু কি সুখ বিচাৰিব পাৰিম?
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ঐক্য আৰু প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় "বাকীসকলে এই বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত হোৱা উচিত যে একেলগে আমি এই দেশত ইমানখিনি সাধন কৰিব পাৰো।"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনে দৰিদ্ৰ পৰিয়ালৰ শিশুৱে নম্ৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰিও কেনেদৰে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ক্ৰীড়াক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দেশক গৌৰৱান্বিত কৰিছে সেই বিষয়েও আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক নিজৰ সপোনক আগুৱাই নিবলৈ উৎসাহিত কৰে। এজন হিতাধিকাৰীয়ে শ্বেয়াৰ কৰিছিল যে তেওঁ সৈনিক হোৱাৰ আকাংক্ষা কৰে, যাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে ইতিবাচক সঁহাৰি জনায়।
তদুপৰি, প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক তেওঁলোকৰ নতুন ঘৰত তেওঁলোকৰ আকাংক্ষাক লৈ প্ৰশ্ন কৰে। এগৰাকী কণমানি ছোৱালীয়ে পঢ়া-শুনাত মনোনিৱেশ কৰাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰিছিল। কি হ'ব বিচাৰে বুলি সোধাত তেওঁ আত্মবিশ্বাসেৰে উত্তৰ দিলে, "এগৰাকী শিক্ষয়িত্ৰী"।
বাৰ্তালাপত বস্তিত বসবাস কৰা লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহো স্পৰ্শ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ্ৰমিক বা অট’ৰিক্সা চালক হিচাপে কাম কৰা পৰিয়ালসমূহে এতিয়া নিজৰ বাবে উন্নত ভৱিষ্যত সৃষ্টি কৰাৰ সুযোগ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আগন্তুক উৎসৱসমূহ নতুন ঘৰত কেনেদৰে উদযাপন কৰাৰ পৰিকল্পনা কৰিছে বুলিও প্ৰশ্ন কৰে। হিতাধিকাৰীসকলে শ্বেয়াৰ কৰে যে তেওঁলোকে সামূহিকভাৱে উদযাপন কৰিব, যাৰ ফলত সমাজত ঐক্য আৰু আনন্দৰ অনুভূতি নিশ্চিত হ’ব।
মত বিনিময়ৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰী আৰু দেশবাসীক আশ্বস্ত কৰি কয় যে যিসকলে এতিয়াও স্থায়ী ঘৰ লাভ কৰিব পৰা নাই তেওঁলোকেও নিশ্চিতভাৱে ঘৰ পাব, সেয়া তেওঁৰ নিশ্চয়তা। আৰু চৰকাৰে নিশ্চিত কৰিছে যে এই দেশৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ মূৰৰ ওপৰত স্থায়ী ছাদ থাকিব।
***
MJPS/VJ/DB
(Release ID: 2095054)
Visitor Counter : 6
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam