প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বিকশিত ভাৰত যুৱ নেতাৰ আলাপ’-য়ে আমাৰ যুৱ শক্তি, তেওঁলোকৰ সপোন, দক্ষতা আৰু আকাংক্ষাক উদযাপন কৰে: প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 10 JAN 2025 7:24PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘বিকশিত ভাৰত যুৱ নেতাৰ আলাপ’-য়ে আমাৰ যুৱ শক্তি, তেওঁলোকৰ সপোন, দক্ষতা আৰু আকাংক্ষাক উদযাপন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে ২০২৫ চনৰ ১২ জানুৱাৰীত যুৱ প্ৰতিভাধৰসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ তেওঁ অপেক্ষা কৰি আছে।

কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ ‘বিকশিত ভাৰত যুৱ নেতাৰ আলাপ’ সন্দৰ্ভত ‘এক্স’-ত দিয়া ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে;

"বিকশিত ভাৰত যুৱ নেতাৰ আলাপ’-য়ে আমাৰ যুৱ শক্তি, তেওঁলোকৰ সপোন, দক্ষতা আৰু আকাংক্ষাক উদযাপন কৰে। মই ১২ তাৰিখে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ বাট চাই আছোঁ!"

“আমাৰ অধিকৰো অধিক সংখ্যক যুৱ সতীৰ্থই দেশৰ পুনৰ্নিৰ্মাণক নেতৃত্ব দিয়াতো নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। 'বিকশিত ভাৰত যুৱ নেতা আলাপ' ইয়াৰ সৈতে সম্পৰ্কিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, আৰু ইয়াক লৈ যুৱসকলৰ উৎসাহ লক্ষণীয়। মই আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ বাৰুকৈয়ে আগ্ৰহী!”

 

 

***

MJPS/ST/KB


(ৰিলিজ আই ডি : 2094480) অতিথি কক্ষ : 53