তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰত: বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি
বিশ্ব বেংকে ভাৰতৰ অৰ্থনীতিৰ ৬.৭% বৃদ্ধিৰ পূৰ্বাভাস দাঙি ধৰিছে , যি বৃদ্ধিয়ে বিশ্বৰ ২.৭% বৃদ্ধিৰ হাৰক অতিক্ৰম কৰিছে
Posted On:
18 JAN 2025 4:11PM by PIB Guwahati
পাতনি
ভাৰতে আগন্তুক দুটা বিত্তীয় বৰ্ষৰ বাবে সৰ্বাধিক দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতিৰ মৰ্যাদা বজাই ৰাখি বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰ খনত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সাজু হৈছে। বিশ্ব বেংকৰ গ্ল’বেল ইকনমিক প্ৰস্পেক্টছ (জিইপি) প্ৰতিবেদনৰ ২০২৫ চনৰ জানুৱাৰী মাহৰ সংস্কৰণত ভাৰতৰ অৰ্থনীতি ২৬ আৰু ২৭ উভয় বিত্তীয় বৰ্ষতে ৬.৭% ৰ স্থিৰ হাৰত বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। যিয়ে বিশ্ব আৰু আঞ্চলিক শক্তিসমূহৰ চকুত বিশেষভাবে ধৰা দিব। ২০২৫-২৬ চনত বিশ্বৰ অৰ্থনৈতিক বিকাশৰ সামগ্ৰীক হাৰ ২.৭ শতাংশত থাকিব বুলি আশা কৰা হৈছে। সেই একে সময়তে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰ ভাৰতৰ উন্নত প্ৰদৰ্শনে দেশ খনৰ স্থিতিস্থাপকতাৰ দিশটোক আলোকিত কৰাৰ লগতে বিশ্বৰ অৰ্থনৈতিক কাঠামো সুদৃঢ় কৰাত দেশ খনৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ বিষয়ক আলোকপাত কৰিছে। বিশ্ব বেংকৰ জিইপি প্ৰতিবেদনে ভাৰতৰ এনে অসাধাৰণ গতিশীলতাৰ কৃতিত্ব হিচাবে এক সমৃদ্ধিশালী সেৱা খণ্ড আৰু পৰিৱৰ্তনৰ পক্ষত গ্ৰহণ কৰা চৰকাৰী পদক্ষেপৰ দ্বাৰা পৰিচালিত পুনৰুজ্জীৱিত হৈ উঠা উৎপাদন খণ্ডৰ কথাই উল্লেখ কৰিছে। আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি সৰলীকৃত কৰ ব্যৱস্থাই দেশৰ অৰ্থনীতিৰ ঘৰুৱা বিকাশৰ ক্ষেত্ৰত ইন্ধন যোগাইছে বুলিও প্ৰতিবেদন খনত কোৱা হৈছে। ভাৰতক বিশ্ব অৰ্থনৈতিক স্থিতিশীলতাৰ মূল শিলাস্তম্ভ হিচাপেও প্ৰতিবেদন খনে উল্লেখ কৰিছে। লক্ষ্যণীয় কথাটো হ'ল আগন্তুক বৰ্ষত ভাৰতৰ নিকটতম প্ৰতিযোগী চীনৰ অৰ্থনৈতিক বৃদ্ধি ৪ শতাংশলৈ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ উত্থান কেৱল পৰিসংখ্যাতেই আবদ্ধ হৈ থকা নাই, এয়া পৰিসংখ্যাতকৈয়ো অধিক হিচাবে বিবেচিত হৈছে৷ । এনেদৰেই ভাৰতে ৰচনা কৰিছে উচ্চাকাংক্ষা, উদ্ভাৱনআৰু অতুলনীয় সম্ভাৱনাৰ এক শক্তিশালী কাহিনী।
বিশ্ব বেংকৰ প্ৰতিবেদনৰ পৰিপূৰক হিচাপে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আই এম এফ) বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী (ডব্লিউ ই অ’)ৰ শেহতীয়া প্ৰতিবেদনেও ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশৰ কাহিনীক সুন্দৰভাবে চিত্ৰিত কৰিছে৷ অক্টোবৰৰ পৰা পূৰ্বৰ প্ৰক্ষেপণৰ সৈতে সংগতি ৰাখি ২০২৫ আৰু ২০২৬ দুয়োটা বৰ্ষৰ বাবে ভাৰতৰ বৃদ্ধি ৬.৫% ৰে শক্তিশালী হৈ থাকিব বুলি আই এম এফে পূৰ্বানুমান কৰিছে। এই ধাৰাবাহিক বৃদ্ধিৰ গতিধাৰাই ভাৰতৰ সুস্থিৰ অৰ্থনীতি আৰু বিশ্বত দেখা দিয়া অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো গতি বজাই ৰখাৰ ক্ষমতাকে প্ৰতিফলিত কৰিছে। বিশ্ব বেংক আৰু আই এম এফ দুয়োটা সংস্থাই প্ৰক্ষেপ কৰা ভাৰতৰ অৰ্থনৈতিক প্ৰদৰ্শনৰ অবিৰত শক্তিয়ে দেশখনৰ স্থিতিস্থাপকতাৰ বিষয়টোক আলোকপাত কৰিছে আৰু দেশ খনৰ অৰ্থনীতিৰ মৌলিক দিশসমূহৰ আঁৰৰ স্থায়ী শক্তিক উজ্জ্বল কৰি তুলিছে৷ ফলত ভাৰত বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰ খনত এক গুৰুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে।
বিশ্ব বেংকৰ জিইপি প্ৰতিবেদনৰ আভাস
গ্ল’বেল ইকনমিক প্ৰস্পেক্টছ (জিইপি) প্ৰতিবেদন বিশ্ব বেংক গোটৰ এক ফ্লেগশ্বিপ প্ৰকাশন৷ যিয়ে বিশ্ব অৰ্থনীতিৰ ধাৰা আৰু প্ৰক্ষেপণৰ দিশসমূহ আলোকপাত কৰে৷ এই প্ৰতিবেদনে উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিসমূহৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷ তেনে অৰ্থনীতিৰ বিকাশৰ গতিধাৰা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে এই প্ৰতিবেদনত আলোকপাত কৰা হয় । বিশ্ব বেংকৰ এই প্ৰতিবেদন খন বছৰত দুবাৰকৈ, ক্ৰমে জানুৱাৰী আৰু জুন মাহত প্ৰকাশ কৰা হয়৷ এই প্ৰতিবেদন খন নীতি নিৰ্ধাৰক, অৰ্থনীতিবিদ আৰু গৱেষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে বিবেচিত হৈ আহিছে। জানুৱাৰী মাহত প্ৰকাশিত সংস্কৰণে জৰুৰী নীতিগত বিষয়সমূহৰ বিশদ বিশ্লেষণ আগবঢ়াইছে৷ আনহাতে জুন মাহত প্ৰকাশিত প্ৰতিবেদন খনৰ সংস্কৰণে হ্ৰস্বম্যাদী তথা অৰ্থনীতিৰ কেন্দ্ৰীভূত বিষয়সমূহ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে উপস্থাপন কৰিছিল৷
বিশ্ব বেংকৰ শেহতীয়া জিইপি প্ৰতিবেদনে একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা উন্নয়নশীল অৰ্থনীতিসমূহৰ কৰ্মক্ষমতাৰ বিষয়টোক বিস্তৃতভাবে পৰ্যালোচনা কৰিছে৷ প্ৰতিবেদন খন এনে অৰ্থনীতিৰ বাবে সেয়ে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে চিহ্নিত হৈছে । প্ৰতিবেদন খনত ২০২৫ চনত প্ৰথম ত্ৰৈমাসিকৰ শেষৰ সময়ছোৱাৰ অৰ্থনৈতিক বিকাশৰ সংকেত দিয়াৰ লগতে ইয়াত ২০০০ চনৰ পৰা তেনে অৰ্থনীতিসমূহে লাভ কৰা অগ্ৰগতিৰ মূল্যায়ন কৰা হৈছে৷ প্ৰতিবেদন খনত অহা ২৫ বছৰত তেনে অৰ্থনীতিসমূহৰ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়েও মূল্যায়ন কৰা হৈছে। এই সংস্কৰণত দুটা বিশ্লেষণাত্মক অধ্যায় সন্নিবিষ্ট কৰা হৈছে । এটাই মধ্যম আয়ৰ উদীয়মান আৰু উন্নয়নশীল অৰ্থনীতিসমূহে সন্মুখীন হোৱা সুযোগ তথা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোকপাত কৰিছে৷ , আনহাতে আনটো অধ্যায়ে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ অগ্ৰগতি আৰু বাধাসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।
২০২৫ চনৰ জানুৱাৰী মাহৰ প্ৰতিবেদনখনৰ মূল তথ্যসমূহ এনেধৰণৰ
বিশ্ব অৰ্থনৈতিক পৰিৱেশত ভাৰতৰ আধিপত্য পুনৰ দৃঢ় কৰি ২৬ আৰু ২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতে দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হৈ থাকিব বুলি পূৰ্বানুমান কৰা হৈছে।
২৬ আৰু ২৭ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ভাৰতৰ অৰ্থনীতি বছৰি ৬.৭ শতাংশ সুস্থিৰ হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
ভাৰতৰ সেৱা খণ্ডৰ বৃদ্ধি শক্তিশালী হৈ থাকিব বুলি আশা কৰা হৈছে, আনহাতে উৎপাদন সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী হ’ব৷ এয়া লজিষ্টিক আন্তঃগাঁথনি উন্নত আৰু কৰ ব্যৱস্থা সুশৃংখলিত কৰাৰ চৰকাৰী প্ৰচেষ্টাৰ বাবে সম্ভৱ হ’ব।
ভাৰতত ব্যক্তিগত ভোগৰ মাত্ৰাই গতি লাভ কৰাৰ সম্ভাৱনা আছে, ইয়াৰ মূলতে হৈছে শক্তিশালী শ্ৰম বজাৰ, ঋণৰ সুবিধা বৃদ্ধি আৰু মুদ্ৰাস্ফীতি হ্ৰাস।
ভাৰতৰ বিনিয়োগ বৃদ্ধি স্থিৰ হৈ থাকিব বুলি আশা কৰা হৈছে, ইয়াৰ মূলতে আছে ব্যক্তিগত বিনিয়োগ, উন্নত কৰ্পৰেট বেলেন্স শ্বীট আৰু অনুকূল বিত্তীয় অৱস্থা।
২০২৫-২৬ চনত বিশ্বৰ অৰ্থনৈতিক বিকাশ ২.৭ শতাংশত অবিৰতভাৱে অব্যাহত থাকিব বুলি অনুমান কৰা হৈছে। একেদৰে ভাৰতৰ প্ৰদৰ্শন হৈ থাকিব লক্ষ্যণীয় ভাবে উজ্জ্বল ৷
২০০০ চনৰ পৰা উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতি (ই এম ডি ই)সমূহে যথেষ্ট পৰিৱৰ্তনৰ সাক্ষী হৈছে এনে অৰ্থনীতিসমূহে , এতিয়া বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৪৫ শতাংশ অৰিহণা যোগাইছে৷ শতিকাৰ আৰম্ভণিতে ইয়াৰ অৰিহণা আছিল ২৫ শতাংশ।
ভাৰত, চীন আৰু ব্ৰাজিল এই তিনিটা বৃহত্তম ইএমডিইয়ে শতিকাৰ আৰম্ভণিৰে পৰাই সামূহিকভাৱে বাৰ্ষিকভিত্তিত বিশ্বৰ প্ৰায় ৬০ শতাংশ বিকাশত অৰিহণা যোগাইছে৷
বৃদ্ধিৰ সূচনা কৰা চৰকাৰী আঁচনি আৰু পদক্ষেপসমূহ
ভাৰত চৰকাৰে দেশ খনক বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু বিশ্ব নেতৃত্বৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে দূৰদৰ্শী আঁচনি আৰু পদক্ষেপসমূহ ৰূপায়ণ কৰি আহিছে। পি এম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপ ইণ্ডিয়া আৰু প্ৰডাকচন লিংকড ইনচেণ্টিভ আঁচনিৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে উদ্ভাৱনকনউদগনি যোগোৱা আহিছে৷ ইয়াৰ উপৰি এই সংস্কাৰসমূহে উৎপাদন, ডিজিটেল অৰ্থনীতি আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ দৰে খণ্ডসমূহক লক্ষ্যণীয়ভাবে ৰূপান্তৰৰ সাক্ষী কৰি তুলিছে। সামূহিকভাৱে এনে পদক্ষেপসমূহে ভাৰতৰ স্থিতিস্থাপক, আত্ননিৰ্ভৰশীল আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক অৰ্থনীতি হিচাবে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।
উপসংহাৰ
ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক কাহিনীয়ে দেশ খনৰ সৰ্বাংগীন বৃদ্ধি আৰু উদ্ভাৱন-চালিত উন্নয়নৰ দৃষ্টিভংগীৰ প্ৰমাণ দাঙি ধৰিছে। আগন্তুক চিন্তাধাৰাৰ নীতি ৰূপায়ণেৰে এক শক্তিশালী আন্তঃগাঁথনি গঢ়ি তুলি আৰু ডিজিটেল ৰূপান্তৰক আঁকোৱালি লৈ দেশ খনে নিজৰ বিশ্বব্যাপী স্থান পুনৰ সংজ্ঞায়িত কৰিছে। দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে, অহা দুটা বিত্তীয় বৰ্ষত ৬.৭% স্থিৰ বৃদ্ধিৰ প্ৰকল্পৰে ভাৰতে বিশ্বৰ একেশাৰীৰ দেশসমূহক অতিক্ৰম কৰিবলৈ ওলাইছে৷ অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু প্ৰগতিৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে নিজৰ স্থান দৃঢ় কৰি তুলিছে। বজাৰক একত্ৰিত কৰা সামগ্ৰী আৰু সেৱা কৰৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ঔদ্যোগীকৰণ তথা উৎপাদনক শক্তিশালী কৰা প্ৰডাকচন লিংকড ইনচেন্টিভ আঁচনিৰ দৰে পদক্ষেপলৈকে দেশ খনে এক গতিশীল আৰু শক্তিশালী অৰ্থনীতি গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই গতিবেগেৰে ভাৰতে অতুলনীয় অগ্ৰগতি লাভৰ ক্ষেত্ৰত উচ্চাকাংক্ষা, স্থিতিস্থাপকতা, কৌশলগত শাসনৰ শক্তিৰ উদাহৰণ দাঙি ধৰি বিশ্ব অৰ্থনীতিৰ ভৱিষ্যত গঢ়ি তুলিবলৈ সাজু হৈছে।
তথ্যসূত্ৰ:
https://openknowledge.worldbank.org/server/api/core/bitstreams/2f23708f-a06a-4dd5-872f-09b10e362ab4/content
https://openknowledge.worldbank.org/collections/09c5e8fc-187f-5c2f-a077-3e03044c7b62?spc.sf=dc.date.issued&spc.sd=DESC
https://www.imf.org/en/Publications/WEO/Issues/2025/01/17/world-economic-outlook-update-january-2025
(Release ID: 2094140)
Visitor Counter : 17