তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম, ১৯৯৪’-ত গুৰুত্বপূৰ্ণ সংশোধনী প্ৰৱৰ্তন কৰিছে
স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ দিহা: সংশোধিত নিয়মৰ অধীনত ‘ব্ৰডকাষ্ট সেৱা পৰ্টেল’ত ‘স্থানীয় কেবল অপাৰেটৰ’ৰ পঞ্জীয়ন সম্পূৰ্ণৰূপে অনলাইন হ’ব
এলচিঅ'-ৰ বাবে কৰ্তৃত্ব পঞ্জীয়ন কৰিব ‘এমআইবি’-য়ে; এলচিঅ' পঞ্জীয়নৰ বৈধতা ৫ বছৰলৈ আৰু সমগ্ৰ ভাৰত জুৰি সম্প্ৰসাৰিত কৰা হৈছে
Posted On:
17 JAN 2025 4:21PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি ‘স্থানীয় কেবল অপাৰেটৰ’ (এলচিঅ')ৰ পঞ্জীয়ন প্ৰক্ৰিয়াক সুশৃংখল কৰাৰ বাবে ‘কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম, ১৯৯৪’ (অধিনিয়ম) সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছে। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই অধিসূচনা অনুসৰি ‘এলচিঅ' পঞ্জীয়ন’ সম্পূৰ্ণৰূপে অনলাইনত পৰিচালনা কৰা হ'ব আৰু মন্ত্ৰালয়ে স্বয়ং কৰ্তৃপক্ষ হিচাপে নিজেই তেওঁলোকৰ পঞ্জীয়ন কৰিব।
‘আধাৰ’, ‘পেন’, ‘চিআইএন’, ‘ডিআইএন’ আদিকে ধৰি আবেদনকাৰীৰ বিৱৰণ সফলভাৱে প্ৰমাণিত কৰাৰ পিছত বাস্তৱ-সময়ত ‘এলচিঅ' পঞ্জীয়ন প্ৰমাণপত্ৰ’ জাৰী কৰা হ'ব। লগতে, এলচিঅ' পঞ্জীয়নৰ বাবে পঞ্জীয়ন বা নৱীকৰণ অস্বীকাৰ কৰাৰ বিৰুদ্ধে পুনৰীক্ষণৰ দিহা অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ আগতে এলচিঅ' পঞ্জীয়ন প্ৰক্ৰিয়া সংশ্লিষ্ট অঞ্চলসমূহৰ স্থানীয় মুখ্য ডাকঘৰত সম্পন্ন কৰা হৈছিল, য'ত এলচিঅ'ৰ কাৰ্যালয়টো ‘অফলাইন মোড’ত অৱস্থিত আৰু ‘হেড পোষ্টমাষ্টাৰ’গৰাকী তেওঁলোকৰ পঞ্জীয়ন কৰ্তৃপক্ষ হিচাপে থাকিছিল। পূৰ্বৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো কঠিন আৰু সময় সাপেক্ষ আছিল। সেইদৰে, পঞ্জীয়ন প্ৰাপ্ত কৰাৰ পিছত কাৰ্যকলাপৰ ক্ষেত্ৰটো নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ আছিল।
‘এলচিঅ' পঞ্জীয়ন’ৰ ক্ষেত্ৰত সংশোধিত নিয়মসমূহৰ মুখ্য বিশেষত্বসমূহ হৈছে:-
ক. এলচিঅ'সকলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘ব্ৰডকাষ্ট সেৱা পৰ্টেল’ত www.new.broadcastseva.gov.in অনলাইন পঞ্জীয়নৰ নতুন পঞ্জীয়ন বা নৱীকৰণৰ বাবে আবেদন কৰিব লাগিব আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ অনলাইনত জাৰী কৰা হ'ব।
খ. পাঁচ বছৰৰ বাবে এলচিঅ' পঞ্জীয়ন মঞ্জুৰ বা নৱীকৰণ কৰা হ'ব;
গ. পঞ্জীয়ন বা নৱীকৰণৰ বাবে প্ৰক্ৰিয়াকৰণ মাচুল কেৱল পাঁচ হাজাৰ টকা হ'ব;
ঘ. ভাৰতৰ সমগ্ৰ অঞ্চলত কাৰ্যকলাপৰ বাবে এলচিঅ' পঞ্জীয়ন বৈধ হ'ব;
ঙ. পঞ্জীয়নৰ নৱীকৰণৰ বাবে আবেদন পঞ্জীয়নৰ ম্যাদ উকলি যোৱাৰ কমেও ৯০ দিন আগতে কৰা হ'ব।
চ. এলচিঅ'সকলে পঞ্জীয়ন কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰুদ্ধে, অৰ্থাৎ এনে অস্বীকাৰৰ ৩০ দিনৰ ভিতৰত পঞ্জীয়ন বা নৱীকৰণ অস্বীকাৰ কৰা মনোনীত শাখা বিষয়াৰ বিৰুদ্ধে আপীল কৰ্তৃপক্ষৰ সন্মুখত পুনৰীক্ষণ আৱেদন কৰিব পাৰিব।
পঞ্জীয়ন প্ৰমাণপত্ৰত উল্লেখ কৰা সময়ৰ বাবে বৰ্তমানে থকা এলচিঅ' পঞ্জীয়ন বৈধ থাকিব। যদি এলচিঅ'ৰ বিদ্যমান পঞ্জীয়ন ৯০ দিনতকৈ কম সময়ৰ বাবে বৈধ হয়, নৱীকৰণৰ বাবে আৱেদন, যদি কৰা হয় তেন্তে পৰ্টেলত তৎক্ষণাৎ কৰা হ'ব।
পঞ্জীয়নৰ অনুদান/নৱীকৰণৰ বাবে ডাকঘৰসমূহত কৰা আৱেদনসমূহ, যিবোৰৰ প্ৰক্ৰিয়া এই পৰ্যন্ত স্থগিত হৈ আছে সেয়া প্ৰত্যাহাৰ কৰিব লাগিব আৰু পৰ্টেলত আবেদন কৰিব লাগিব।
যদি কোনো সহায়ৰ প্ৰয়োজন হয়, পৰ্টেলত উপলব্ধ হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব, বা lco.das[at]gov[dot]in লৈ ইমেইল প্ৰেৰণ কৰিব পাৰিব।
পঞ্জীয়ন আৰু নৱীকৰণ প্ৰক্ৰিয়াটো স্বাচ্ছন্দৰে ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ সৈতে সামঞ্জস্যপূৰ্ণ, কিয়নো অনলাইনত আবেদনকাৰীসকলৰ বিৱৰণ সফলভাৱে প্ৰমাণিত কৰাৰ পিছত পঞ্জীয়ন/নৱীকৰণ প্ৰমাণপত্ৰ বাস্তৱ-সময়ৰ আধাৰত সৃষ্টি কৰা হ'ব।
*****
Dharmendra Tewari/Kshitij Singha/KB
(Release ID: 2093796)
Visitor Counter : 29
Read this release in:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada