প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ প্ৰবীণ সৈনিকসকল হৈছে নায়ক আৰু দেশপ্ৰেমৰ স্থায়ী প্ৰতীক: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
14 JAN 2025 1:21PM by PIB Guwahati
আমাৰ দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বীৰ আৰু বীৰাংগণাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আজি ‘সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সদস্য দিৱস’ উপলক্ষে মন্তব্য কৰে যে আমাৰ প্ৰবীণ সৈনিকসকল হৈছে নায়ক আৰু দেশপ্ৰেমৰ স্থায়ী প্ৰতীক।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সদস্য দিৱস’ত আমি সেই বীৰ আৰু বীৰাংগণাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকলে আমাৰ দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁলোকৰ ত্যাগ, সাহস আৰু কৰ্তব্যৰ প্ৰতি অটল প্ৰতিশ্ৰুতি অনুকৰণীয়। আমাৰ প্ৰবীণ সৈনিকসকল হৈছে নায়ক আৰু দেশপ্ৰেমৰ স্থায়ী প্ৰতীক। আমাৰ এখন চৰকাৰ যি সদায় প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে কাম কৰি আহিছে আৰু আমি আগন্তুক সময়তো এয়া কৰি যাম।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2093454)
आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam